লোকশিল্পক আধাৰ ৰূপে লৈ শোভা ব্ৰহ্মৰ আধুনিক চিত্ৰ
- মধুসূদন দাস
- /
- October 19, 2021

অসমৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰৰ বাবে হোৱা আন্দোলনে তীব্র ৰূপ লোৱা পৰতে কোকৰাঝাৰত চৰকাৰী সেনাৰ হাতত বহু বড়ো মহিলা নির্য্যাতিত হৈছিল । ভূমকাৰ সেই কাণ্ড নিশ্চয় বহুতৰে মনত আছে। কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও জিলাত জন্ম গ্ৰহণ কৰা অসমৰ বিশিষ্ট চিত্র-ভাষ্কৰ্য্য শিল্পী শোভা ব্রহ্ম এই কাণ্ডত ব্যথিত হৈছিল আৰু নিজৰ সেই মনৰ কষ্টখিনিক ধৰি ৰাখিছিল কেনভাছ আৰু ভাস্কৰ্য্যৰ মাজত। সামাজিক আৰু ৰাজনৈতিকভাৱে সচেতন এই গৰাকী সংবেদনশীল মনৰ শিল্পীৰ সৃষ্টিয়ে সমাজৰ বহু বেয়া দিনৰ কথা সোঁৱৰাই দিয়ে।
১৯৫২ চনৰ পৰা ১৯৫৭ চনলৈ শান্তি নিকেতনৰ কলাভৱন, বিশ্ব ভাৰতীত বিখ্যাত শিল্পী নন্দলাল বসু, ধীৰেন্দ্র কৃষ্ণ দেৱ বর্মন, ৰামকিংকৰ বেইজ আদি গুৰুৰ ওচৰত শিক্ষা গ্রহণ কৰিছিল শিল্পী শোভা ব্ৰহ্মই। ভাৰতীয় চিত্রশৈলীৰে, বংগীয় আৰ্হিৰে 'টেম্পেৰা' পদ্ধতিৰে বহু চিত্র অংকনৰ মাজেৰে বিদ্যায়তনিক সৃষ্টিত ব্ৰতী হৈছিল এই গৰাকী শিল্পী । ৰূপা-ৰূপিতভাৱে, ৰেখাৰ প্ৰাধান্যৰে সেই সময়ত তেওঁ ছবি আঁকিছিল। পানী ৰঙৰে বিভিন্ন মাধ্যমত অঁকা ছবিৰে গঢ়ি উঠিছিল সৃষ্টিশীল শোভা ব্ৰহ্ম।
বিশ্বভাৰতীৰ শিক্ষাৰ অন্তত অসমলৈ উভতি আহি সময়ত শিল্পী জীবেশ্বৰ বৰুৱাই জন্ম দিয়া চাৰু-কাৰু কলা নিকেতনৰ শিক্ষক হ'ল, পিছলৈ অধ্যক্ষৰূপেও কার্য্যনির্বাহ কৰিলে। শিল্পনুষ্ঠানখনক মহাবিদ্যালয়লৈ উন্নীতকৰণত তেখেতৰ অৰিহণা স্বীকাৰ্য্য। চাকৰিৰ ব্যস্ত জীৱনৰ মাজতো তেওঁৰ সৃষ্টি কিন্তু থমকি ৰোৱা নাছিল।



কেনভাচত ৰংতুলিকাৰে ছবিৰ জগতণখনত ব্ৰহ্মই বিচৰণ কৰোঁতে ধৰা দিছিল লোকশিল্প আৰু আধুনিক শৈলীয়ে। একেদৰে ভাস্কৰ্য্যৰ ক্ষেত্রখনতো তেওঁৰ বিচৰণ আছিল বিৰামহীন। বৈদ্যায়তনিক ধাৰাৰ পৰা তেওঁ লাহে লাহে আঁতৰি আহিছিল। পানী ৰঙৰ 'টেম্পেৰা' পদ্ধতিৰ সেই ছবিৰ পৰা তেওঁ ফালৰি কাটি আহি, ৰূপা-ৰূপিতভাৱে ছবি নাকি তেওঁ অৱয়ববোৰক ভাঙিবলৈ লৈছিল । বড়ো টেক্সটাইলৰ ডিজাইনকে ধৰি বিভিন্ন লোককলাৰ সমলসমূহক লৈ তেওঁ ছবি আঁকিছিল।
বাগুৰুমবা, খেৰাই, চিফুং, মাডল, খ্ৰাম আদিয়ে ধৰা দিছিল তেখেতৰ সৃষ্টিত। ছবিৰ ভাষাত জটিলতা নাছিল, আছিল কলাসন্মত ব্যঞ্জনা। জনজাতি পৰিয়ালত জন্মগ্ৰহণ কৰা বাবেই হয়তো শোভা ব্ৰহ্মৰ তৈলচিত্ৰত ৰঙা, হালধীয়া, সেউজীয়া আদি প্রাথমিক ৰংসমূহে প্রাধন্য পাইছিল। বৃহৎ আকাৰৰ তৈলচিত্র অংকনৰ মাজতে সুযোগ বুজি কাঠৰ ভাস্কৰ্য্য গঢ়াত ব্যস্ত হৈ পৰিছিল এই গৰাকী শিল্পীয়ে।
ৰাভা, বড়ো, ডিমাছা কছাৰী আদিৰ ৰঙীন বস্ত্ৰসমূহৰ নক্সা অধ্যয়ন কৰিছিল বাবেই হয়তো শোভা ব্ৰহ্মৰ ছবিত এই সমূহে কলাসন্মতভাৱে, নান্দনিক ৰূপেৰে স্থান পাইছিল।
শোভা ব্ৰহ্মৰ অংকনত মহিলাই প্ৰাধান্য লাভ কৰিছিল। মহিলাৰ সৌন্দৰ্য্য,বিভিন্ন অভিব্যক্তি, শক্তি, প্ৰেৰণাক শিল্পীয়ে অনুধাৱন কৰিছিল আৰু ছবিৰ বিষয়ৰূপে ধৰা দিছিল। মহিলা আছিল শোভা ব্ৰহ্মৰ ছবিৰ অৱয়বৰ মূল আকৰ। প্ৰকৃতিক ভালপোৱা এই গৰাকী শিল্পীয়ে নাৰীৰ ৰূপক প্ৰকৃতিৰ মাজত যেন বিচাৰি পাইছিল। এক যোগাত্মক শক্তিক উপস্থাপন কৰিবলৈ যেন নাৰীক তেওঁৰ ছবি আৰু ভাস্কৰ্য্যৰ মাজলৈ আনিছিল।
সময় আৰু জীৱনক তেওঁৰ শিল্পকৰ্মত, তথ্য আৰু ইতিহাসৰূপে আনিবলৈ মহিলা আৰু পুৰুষৰ অৱয়বক ভঙা -গঢ়াৰ মাজেৰে নিজৰ ধৰণে ছবিৰ মাজলৈ আনিছিল। তেওঁৰ অৱয়বত গতি থাকে। তৰপে তৰপে ৰঙৰ প্ৰলেপ দিয়া ব্ৰহ্মৰ ছবিসমূহৰ ৰঙ উজ্জ্বল, ৰঙৰ সমতা আকৰ্ষণীয় আৰু মনত আনন্দ দিব পৰা ক্ষমতা সম্পন্ন।
ভাৰতীয় চিত্ৰ-ভাস্কৰ্য্যশৈলীৰ পৰা আঁতৰি আহি লোকশিল্প, জীৱনধাৰাৰ সমল লৈ সৃষ্টি কৰা ছবিসমূহৰ ভিতৰত ৰাজনৈতিক, সামাজিক, সাংস্কৃতিকবিষয়ক অঁকা ছবিসমূহে শ্ৰেষ্ঠ ছবিৰূপে কলা ৰসিকৰ মন জয় কৰিছে।