অসমৰ কৃষকৰ জ্বলন্ত সমস্যাসমূহ সমাধানৰ দাবীত ৰাজ্যজুৰি অসম জাতীয় পৰিষদৰ গণ সত্যাগ্ৰহ পালন


Image Description

১৯ আগষ্ট বৃহস্পতিবাৰে দিনৰ ১১বজাৰ পৰা ১বজালৈ অসমৰ কৃষকৰ জলন্ত সমস্যাসমূহ সমাধানৰ দাবীত অসম জাতীয় পৰিষদে ৰাজ্যজুৰি গণ সত্যাগ্ৰহ কাৰ্যসূচী পালন কৰে। ৰাজ্যখনৰ প্ৰতিখন জিলা সদৰ স্থানত অজাপ সদস্যসকলে এই প্ৰতিবাদ সাব্যস্ত কৰি জিলা প্ৰশাসনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ কৃষকৰ সমস্যা সমাধানৰ দাবীসম্বলিত এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে।

উক্ত স্মাৰকপত্ৰত কোৱা হয় যে অসমৰ কৃষক ৰাইজ বিভিন্ন সমস্যাৰে ভাৰাক্ৰান্ত হৈ আছে৷ অসমৰ কৃষকে নিজৰ উৎপাদিত ফচল উপযুক্ত মূল্যত বিক্ৰী কৰিবলৈ সক্ষম হোৱা নাই৷ ফল স্বৰূপে অসমৰ কৃষকসকলে দুবেলা দুমুঠি খাই জীয়াই থাকিবলৈ কঠোৰ সংগ্ৰাম কৰিবলগীয়া হৈছে৷

পথাৰত পানী নাই, সাৰ নাই, বীজ নাই, মাটি চহোৱাৰ সঁজুলি নাই ইত্যাদি ইত্যাদি এশ এবুৰি সমস্যাত আজি কৃষক ৰাইজ জৰ্জৰিত। অসমৰ কৃষকৰ ধান চৰকাৰী মূল্যত খাদ্য নিগমৰ দ্বাৰা ক্ৰয় কৰাৰ দাবী জনায় স্মাৰকপত্ৰখনত আৰু কেইবাটাও দাবী জনোৱা হয়। ইয়াৰ ভিতৰত
(১) অসমৰ প্ৰতিখন গাঁও পঞ্চায়তত ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰা,
(২) অসমৰ ১০০% খেতিপথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰা,
(৩) বান-খহনীয়া আৰু ক'ভিডৰ ক্ষতিগ্ৰস্ত সকলো কৃষকক বিনামূলীয়া বীজ আৰু সাৰ যোগান ধৰা,
(৪) মাটি চহাবলৈ ব্যৱস্থা নথকা কৃষকৰ মাটি চৰকাৰীভাৱে চহাই দিয়াৰ দাবী অন্যতম।

উল্লেখযোগ্য যে গুৱাহাটী, আমিনগাঁও, নলবাৰী, পাঠশালা, বৰপেটা, বঙাইগাঁও, ধুবুৰী, গোৱালপাৰা, নগাঁও, গোলাঘাট, যোৰহাট,মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, সোণাৰি, তিনিচুকীয়া,ধেমাজি, লখিমপুৰ, তেজপুৰ, মঙ্গলদৈ, হাইলাকান্দি আদি প্রায়বোৰ জিলা সদৰতে যথেষ্টসংখ্যক সদস্যই ব্যাপকভাৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।