থলুৱা বাওধান অনবদ্য পুষ্টিগুণ আৰু স্বাস্থ্যবদ্ধৰ্ক গুণৰ আধাৰ


Image Description

ক’ৰ’না মহামাৰীয়ে সমগ্ৰ বিশ্বতে হাহাকাৰ পৰিস্থিতি সৃষ্টি কৰা সময়ত সমান্তৰালকৈ যি দুই-এটা ইতিবাচক দিশ পৰিলক্ষিত হৈছে তাৰে এটা হৈছে পূৰ্বে এলাগী হৈ থকা থলুৱা আৰু পৰম্পৰাগত খাদ্যৰ প্ৰতি সকলোৰে সজাগতা আৰু বদ্ধিৰ্ত আকৰ্ষণ৷ খাদ্য কেৱল পেটৰ ভোক গুচাবলৈ নহয়, সমান্তৰালকৈ স্বাস্থ্যবদ্ধৰ্কো হ’ব লাগে এই কথাত সকলো পতিয়ন গৈছে৷ এনে প্ৰেক্ষাপটত উল্লেখনীয় হ’ল বহুতৰে অপৰিচিত আমাৰ থলুৱা বাওধান৷ উজনি আৰু মধ্য অসমৰ নৈপৰীয়া বানপানীপ্ৰৱণ অঞ্চলসমূহত আমাৰ কৃষকে যুগ যুগ ধৰি ইয়াৰ খেতি কৰি আহিছে৷ সচৰাচৰ মাৰ্চমাহত ইয়াৰ বীজ সিচা হয়৷ [শালিধানৰ দৰে কঠিয়া ৰোৱা নহয়] আৰু সুদীৰ্ঘ ৯ মাহৰ অন্তত অক্ট’বৰ-নবেম্বৰ মাহৰ ধান চপোৱা হয়৷ বাওধান কৃষিজগতৰ বিস্ময়– পুলি অৱস্থাত [মাৰ্চত] প্ৰচণ্ড শুকান পৰিৱেশত ই জীয়াই থাকে আৰু প্ৰায় তিনিমাহৰ পাছত ৫-৮ ফুট দ বানপানীত স্বচ্ছন্দে বৰ্দ্ধিত হয়। এজোপা গছৰ দৈৰ্ঘ্য ১৫-১৮ ফুট পৰ্য্যন্ত হয়৷

বাওধানৰ চাউলৰ পুষ্টিগুণ

ধান, ঘেঁহু আদি প্ৰধান খাদ্যৰ পুষ্টি উপাদান দুভাগত ভগোৱা হয়৷ প্ৰধান উপাদান– প্ৰ’টিন, শৰ্কৰা, তেলজাতীয় দ্ৰব্য, আঁহজাতীয় দ্ৰব্য আৰু খনিজ লোণ৷ গৌনবোৰ হ’ল ভিটামিন আৰু অন্য স্বাস্থ্যবদ্ধৰ্ক উপাদান৷ প্ৰথমবিধৰ ভিত্তিত সামগ্ৰিক গুণ নিৰ্দ্ধাৰণ কৰা হয়৷ গৱেষণালব্ধ তথ্যৰ ভিত্তিত কেতবোৰ বাও চাউলৰ প্ৰধান উপাদান নিম্নোক্ত তালিকাত লিপিবদ্ধ কৰা হৈছে৷ এয়া শুকান ভৰৰ [dry weight basis] ভিত্তিত নিৰ্ণয় কৰা হয়৷ অৰ্থাৎ পানীভাগ আঁতৰাই সম্পূৰ্ণ শুকান ভৰৰ প্ৰতি ১০০ গ্ৰামত [উদাহৰণ স্বৰূপে] প্ৰ’টিন কিমান থাকে উলিওৱা হয়।

বাওধানৰ সচ প্ৰ’টিন শৰ্কৰা তৈল-পদাৰ্থ আঁহজাতীয় পদাৰ্থ খনিজ লোণ কেল’ৰি
নেঘেৰি বাও ১২.০৮ ৭১.৩৭ ৩.৮০ ০.৭৫ ১.৬৭ ৩৬৮.০
বাম ককুৱা ১২.৩৫ ৭৬.০৩ ৩.৪৭ ০.৭৫ ১.৬৭ ৩৮৪.৭৫
দ ককুৱা ১৩.২২ ৭৪.৫৮ ৩.৩৭ ০.৬৬ ১.৫৩ ৩৮১.৫৩
ৰঙা বাও ১১.৫১ ৮৩.১৭ ২.৩৩ ০.৫৫ ১.৬৭ ৩৯৯.৬৯
গ’ঠা বাও ১১.১২ ৮২.৬৮ ৩.২৩ ০.৭০ ১.৫৬ ৩৯৬.১৭

এই তথ্যসমূহৰ পৰা এয়া প্ৰতীয়মান যে থলুৱা বাওধানসমূহ পুষ্টিগুণত চমৎকাৰ আৰু এই ক্ষেত্ৰত বাওধান বিশ্বৰ শ্ৰেষ্ঠ ধানসমূহৰ সমতুল্য। সীমিত পৰিসৰত খেতি কৰা বাবে আৰু সজাগতাৰ অভাৱত বজাৰত কমেই উপলব্ধ হয়।

কেল’ৰি কি? ইয়াৰ গুৰুত্ব কি?

কল-কাৰখানা চলাবলৈ, গাড়ী চলাবলৈ যিদৰে কয়লা, পেট্ৰ’ল আদি ইন্ধনৰ প্ৰয়োজন, আমাৰ শৰীৰৰ জৈৱিক কাম-কাজ চলি থাকিবলৈ যি ইন্ধন লাগে সেয়া কেল’ৰিৰ হিচাপত প্ৰকাশ কৰা হয়৷ এক মিলিলিটাৰ পানীৰ উষ্ণতা ১ ডিগ্ৰী ছেণ্ডিগ্ৰেড বঢ়াবলৈ যি তাপ শক্তি লাগে, সেয়াই এক কেল'ৰি৷ খৰি জ্বলালে দহন প্ৰক্ৰিয়াত তাপ আৰু পোহৰ শক্তি নিৰ্গত হয়৷ অনুৰূপে আমাৰ শৰীৰত খাদ্যৰ শৰ্কৰা, প্ৰ’টিন আৰু তৈলপদাৰ্থৰ অক্সিজেনৰ সহায়ত দহন হৈ কেল’ৰি উৎপন্ন হয়৷ মানুহৰ পেশী আৰু শাৰীৰিক কাম-কাজভেদে কেল’ৰিৰ পৰিমাণ ভিন্ন, যেনে, গোটেই দিন শ্ৰম কৰা ব্যক্তিৰ দৈনিক কেল'ৰিৰ পৰিমাণ ৩৮৪০ কেল’ৰি। অধিক কেল'ৰি তেওঁলোকৰ বাবে ক্ষতিকৰ৷

স্বাস্থ্যৰক্ষক, স্বাস্থ্যবদ্ধৰ্ক খাদ্য উপাদান: প্ৰতিবিজাৰক [antioxidant]

এণ্টিঅক্সিডেণ্ট কি আৰু ইয়াৰ গুৰুত্ব কি?

আপোনাৰ ঘৰৰ ভিতৰত প্ৰতিদিনে জাবৰ আৰু বিভিন্ন বৰ্জিত পদাৰ্থ জমা হয় আৰু প্ৰতিদিনে ঝাড়ু মাৰি ঘৰৰ মজিয়া পৰিষ্কাৰ কৰা হয়৷ কিন্তু বহুদিন ঝাড়ু নামাৰিলে কেনে পৰিস্থিতি হ’ব বাৰু? আমাৰ শৰীৰত বিভিন্ন জৈৱিক ক্ৰিয়াকলাপৰ ফলত বহু বৰ্জিত পদাৰ্থ উৎপন্ন হয়৷ প্ৰসাৱ তেনে এবিধ পদাৰ্থ৷ তেনে আন এবিধক কোৱা হয় অণু-ভগ্নাংশ বা মুক্তমূলক [free radical] আৰু এয়া শৰীৰৰ বাবে অশেষ ক্ষতিকৰ৷ আমাৰ শৰীৰত কেতবোৰ পদাৰ্থ আছে (যিবোৰক কোৱা হয় এনজাইম) আৰু ইবিলাকে ক্ষতিকৰ মুক্তমূলকবোৰ নিষ্ক্ৰিয় কৰি স্বাস্থ্যৰক্ষাৰ সহায় কৰে৷

এতিয়া ঘৰৰ জাবৰ, বৰ্জিত পদাৰ্থবোৰ মুক্তমূলক আৰু সংশ্লিষ্ট এনজাইমবোৰ ঝাড়ু বুলি ধৰি ল’লে কথাটো সহজ হ’ব৷ বহু সময়ত এনজাইমবোৰ পৰ্য্যাপ্ত নহয় আৰু এয়া বিপদজনক৷ সাম্প্ৰতিক গৱেষণাই দেখুৱাইছে যে কেতবোৰ জৈৱৰাসায়নিক যৌগ, যেনে, ফিন’লিকছ্, এন্থ’ছায়ানিন, ভিটামিন চি আদি শক্তিশালী প্ৰতিবিজাৰক৷ অধিকাংশ বাওধানৰ চাউলৰ ৰং ৰঙচুৱা আৰু আমাৰ গৱেষণাই দেখুৱাইছে যে এই ৰঙচুৱা বৰণ প্ৰচুৰ এন্থ’ছায়ানিনৰ বাবে হয়৷ লগতে আছে পৰ্য্যাপ্ত ফিন’লিকছ৷ বাওধানৰ উপৰিও অন্য বহু থলুৱা সঁচতো এন্থ’ছায়ানিন, ফিন’লিকছ পৰ্য্যাপ্ত থাকে৷ অৰ্থাৎ বাওধানত উৎপাদনৰ পুষ্টিগুণৰ উপৰিও প্ৰচুৰ স্বাস্থ্যবদ্ধৰ্ক, স্বাস্থ্যৰক্ষক এণ্টিঅক্সিডেণ্ট আছে৷

বৈজ্ঞানিক তথ্যৰ অভাৱ থাকিলেও প্ৰচাৰৰ অভাৱত প্ৰায়ে ভাল কথাও পাতৰ তলৰ লাউৰ দৰে আগোচৰ হৈ থাকে৷ থলুৱা ধানৰ ভাত খাই অসমীয়াই শৰাইঘাটত ইতিহাস সৃষ্টি কৰা নাছিলেনে?