পদ্মনাথ গোঁহাই বৰুৱাৰ স্মৃতিদিৱস পালন


Image Description

জাতীয় ভাষা দিৱস
উদ্‌যাপনৰ সিদ্ধান্ত

১৯৬০ চনত ২১ এপ্ৰিলৰ দিনা শ্বিলঙত ‘অসমীয়া ভাষা গাধৰ ভাষা’ বুলি বেনাৰ লিখি সমদল উলিওৱা হৈছিল৷ সেইয়া আছিল অসমীয়া ভাষাক অৱমাননা কৰাৰ এটা অতি নিকৃষ্ট ষড়যন্ত্ৰ৷

এনে ষড়যন্ত্ৰ আজিও চলি আছে৷ বিদ্যালয়ত অসমীয়া ভাষাৰ গুৰুত্ব বিজেপি চৰকাৰে হ্ৰাস কৰিব বিচাৰিছে৷ হিন্দী জাঁপি দিব খুজিছে৷ লগতে চৰকাৰে ইংৰাজী মাধ্যমতহে বিদ্যালয় স্থাপন কৰিব খুজিছে৷ অসমীয়া মাধ্যমৰ বিদ্যালয়বোৰ উন্নত কৰাৰ কোনো পৰিকল্পনা চৰকাৰৰ নাই৷

উল্লেখযোগ্য যে ২১ এপ্ৰিলৰ দিনটোতে ৭৫ বছৰ আগতে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি, বৰেণ্য উপন্যাসিক পদ্মনাথ গোঁহাই বৰুৱাৰ মৃত্যু হৈছিল৷ অসম জাতীয় পৰিষদে দলৰ কেন্দ্ৰীয় কাৰ্য্যালয়ত স্বনামধন্য সাহিত্যিকগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজিত কৰে৷ অনুষ্ঠানটোত সভাপতিত্ব কৰি দলৰ সভাপতি শ্ৰীলুৰীণজ্যোতি গগৈয়ে ২১ এপ্ৰিল দিনটো ‘জাতীয় ভাষা দিৱস’ হিচাবে প্ৰতিবছৰে পালন কৰিবলৈ সিদ্ধান্ত প্ৰকাশ কৰে৷

অতি উপযুক্ত দিন এটাত অসমৰ ভাষাসমূহৰ ঐতিহ্যৰ আধাৰতে জাতীয় ভাষা দিৱস পালন কৰা হ’ব বুলি গগৈয়ে প্ৰকাশ কৰে৷ সভাত আগবঢ়োৱা চমু ভাষণত সভাপতিয়ে বৰেণ্য সাহিত্যিকগৰাকীৰ অৱদান সোঁৱৰে৷ আৰু জাতিটোৰ প্ৰতি আগবঢ়োৱা অতুলনীয় অৱদানৰ বাবে পদ্মনাথ গোঁহাই বৰুৱা সদায়ে অসমীয়াৰ প্ৰাণত জীৱন্ত হৈ থাকিব বুলি কয়৷

স্বাভিমানী সাহিত্যিকগৰাকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত দলৰ সাধাৰণ সম্পাদক শ্ৰীজগদীশ ভূঞায়ো দুআষাৰ কয়৷

জাতীয় ভাষা দিৱস প্ৰতিবছৰে অতি অৰ্থপূৰ্ণভাৱে পালন কৰা হ’ব বুলি গগৈ আৰু ভূঞাই এই উদ্দেশ্যে আয়োজন কৰা সংবাদমেলত সদৰি কৰে৷৷