ডিব্ৰুগড়ত ছাত্ৰ নিৰ্য্যাতনৰ ঘটনাক জাতীয় পৰিষদৰ গৰিহণা


Image Description

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ ওপৰত আৰক্ষীৰ আক্ৰমণ আৰু গ্ৰেপ্তাৰৰ ঘটনাক অসম জাতীয় পৰিষদে তীব্ৰ গৰিহণা দিয়ে৷

এক প্ৰেছ বিবৃতিত দলৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে যি কোনো সংঘাতৰ অশুভ পৰিস্থিতি নিৰাময়ৰ বাবে প্ৰশাসনৰ ভূমিকা নিৰপেক্ষ হোৱাটো অতি জৰুৰী। এই ক্ষেত্ৰত প্ৰশাসন যন্ত্ৰ সদায় ৰাজনৈতিক পক্ষপাত মুক্ত হোৱা উচিত।

কিন্তু অতি পৰিতাপৰ বিষয় ডিব্ৰুগড়ৰ ঘটনাত আৰক্ষীয়ে জিলাখনৰ দায়িত্বত থকা মন্ত্ৰী অতুল বৰাৰ নিৰ্দেশত দেখদেখকৈ ৰাজনৈতিক উদ্দেশ্যত পৰিচালিত হৈ সদৌ অসম ছাত্র সন্থাৰ কৰ্মীৰ ওপৰত জঁপিয়াই পৰিছে। এইয়া তীব্র গৰিহণাৰ যোগ্য। সদৌ অসম ছাত্র সন্থাৰ বিৰুদ্ধে শাসক পক্ষৰ দুটা ছাত্ৰ সংগঠনক ব্যৱহাৰ কৰি হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নিজৰ ৰাজনৈতিক উদ্দেশ্যে উদঙাই দিছে।

গৃহ বিভাগৰ দায়িত্বত থকা খোদ মুখ্য মন্ত্ৰীগৰাকীয়ে এনে কামৰ বাবে আৰক্ষীক জড়িত কৰি গণতান্ত্ৰিক বিধি–ব্যৱস্থা নিঃশেষ কৰিব বিচাৰিছে। অসম জাতীয় পৰিষদে এনে দুষ্কাৰ্য্যৰ সদায় বিৰোধিতা কৰি যাব। ইয়াৰ বিৰুদ্ধে আহ্বান জনোৱা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বন্ধলৈ দলে পূৰ্ণ সমৰ্থন জনাইছে।

নিবনুৱাক প্ৰতাৰণা-অপমাণ কৰা মন্ত্ৰী পাটোৱাৰীয়ে পদত্যাগ কৰক, মুখ্যমন্ত্ৰীয়ে ক্ষমা খোজক : অজাপ

'অসমৰ ১০০ শতাংশ চাকৰি স্থানীয় লোকৰ বাবে সংৰক্ষণ কৰক।'

'নিয়োগ মেলা পতা 'ইভেন্ট মেনেজমেন্ট ক'ম্পেনী'ৰ তথ্য ৰাজহুৱা কৰক।'

নিবনুৱাক চাকৰি দিবলৈ মাতি আনি অপমান কৰা অসম চৰকাৰৰ মুৰব্বী হিচাপে মুখ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাকৈ ক্ষমা খোজাৰ দাবী তুলিছে অসম জাতীয় পৰিষদে৷

২৪ ডিচেম্বৰত এখন সংবাদমেলৰ আয়োজন কৰি দলৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে লগতে দক্ষতা বিকাশ বিভাগৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ পদত্যাগো দাবী কৰে৷ গগৈৰ মতে, ব্যক্তিগত খণ্ডত চাকৰি দিবলৈ আচলতে চৰকাৰী উদ্যোগৰ প্ৰয়োজন নাই৷ যিসমূহ ক'ম্পেনী বা প্ৰতিষ্ঠানক চাকৰি দিবলৈ নিয়োগ মেলালৈ মাতি নিয়া হৈছে, সেইসমূহে আগৰে পৰাই নিজা নিজা উদ্যোগত প্ৰয়োজনীয় চাকৰি দিয়েই আছে৷ চৰকাৰে কৃতিত্ব তেতিয়াহে দাবী কৰিব পাৰিলেহেঁতেন যদিহে ৰাজ্যৰ বাহিৰৰ বা বৃহৎ কৰ্প’ৰেট ক'ম্পেনীক মাতি আনি অসমৰ নিবনুৱাক চাকৰি দিয়াব পাৰিলেহেঁতেন ৷ সেয়ে নিয়োগ মেলা পতাৰ নামত ৰাজহুৱা ধনৰ শৰাধ কৰি চমক সৃষ্টিৰ বাহিৰে চৰকাৰে আন একো কৰা নাই৷

দলৰ সম্পাদক চিত্তৰঞ্জন বসুমতাৰী, প্ৰিন্স ফাইজুল হক, প্ৰচাৰ সম্পাদক জিয়াউৰ ৰহমান আৰু কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য শিশিৰ কলিতা উপস্থিত থকা সংবাদ মেলখনত গগৈয়ে কয় যে চৰকাৰী নিয়োগ মেলাত হাজাৰ হাজাৰ নিবনুৱাৰ উপস্থিতিয়ে প্ৰমাণ কৰিলে যে কেন্দ্ৰ আৰু ৰাজ্য উভয় চৰকাৰে নিয়োগ সৃষ্টিৰ নামত কোটি কোটি টকা খৰচ কৰি থকা সত্ত্বেও ৰাজ্যৰ নিবনুৱা সমস্যা সমাধান কৰিব পৰা নাই৷

আনহাতে নিবনুৱাক সংস্থাপনৰ বাট দেখুৱাবলৈ কেইবাহাজাৰ কোটি টকা ব্যয় সাপেক্ষে ৰূপায়ণ কৰি থকা প্ৰধান মন্ত্ৰী কৌশল বিকাশ যোজনা আঁচনি আৰু অসম দক্ষ্তা বিকাশ অভিযান শোচনীয়ভাৱে ব্যৰ্থ হৈছে৷ গতিকে উক্ত আঁচনি আৰু অভিযানৰ নামত এতিয়ালৈকে কিমান টকা খৰচ কৰা হ’ল, কোন প্ৰতিষ্ঠানক কিমান টকা আদায় বা আৱন্টন দিয়া হ’ল, উক্ত আঁচনিৰ অধীনত কিমান নিবনুৱাক প্ৰশিক্ষণ প্ৰদান কৰা হ’ল আৰু তাৰে কিমান সংখ্যক সংস্থাপিত হ’ল – এই সমগ্ৰ তথ্যসম্বলিত শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈ গগৈয়ে দাবী উত্থাপন কৰে৷

তেওঁ কয়, 'নিয়োগ মেলাৰ ব্যৰ্থতাই প্ৰমাণ কৰিলে যে নিবনুৱা যুৱক-যুৱতীৰ দক্ষতা বৃদ্ধি আৰু সংস্থাপনৰ নামত যোৱা ৭ বছৰৰো অধিক সময় কেন্দ্ৰীয় আৰু অসম চৰকাৰে উক্ত আঁচনি ৰূপায়ণৰ নামত কেৱল নাটকহে কৰি আহিছে। অসমৰ নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগ সম্পূৰ্ণৰূপে বিফল হৈছে। বৰ্তমান সেই বগা হাতীসদৃশ বিভাগক ৰাজ্য চৰকাৰে ১লাখ চাকৰি দিয়াৰ ভুৱা প্ৰতিশ্ৰুতি ঢাকিবলৈ ব্যৱহাৰ কৰি বাৰুকৈয়ে মুখ থেকেচা খাইছে।

এনে ধৰণৰ নাটক কৰি সহজ সৰল অসমীয়া ৰাইজক আভুৱা ভাৰিবলৈ চৰকাৰে কোটি কোটি ৰাজহুৱা ধনৰ শৰাধ কৰি আহিছে।'

অসমৰ মুখ্য মন্ত্ৰীয়ে চলিত বৰ্ষৰ ২০ জুলাইৰ দিনা অসম বিধান সভাৰ বাজেট অধিৱেশনত ‘গণি গণি এক লাখ চাকৰি দিম’ বুলি কৰা ঘোষণালৈ আঙুলিয়াই দি জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে বিজেপি দলে বিগত বিধান সভা নিৰ্বাচনৰ দলীয় ইস্তাহাৰত পাঁচ বছৰত দুই লাখ আৰু ২০২২ চনৰ ৩১ মাৰ্চৰ ভিতৰত এক লাখ চৰকাৰী চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিল৷

তদুপৰি পাঁচ বছৰত ব্যক্তিগত খণ্ডত ৮ লাখ চাকৰি দিয়াৰ প্ৰতিশ্ৰুতিও ইস্তাহাৰত উল্লেখ কৰাৰ প্ৰসংগ উনুকিয়াই গগৈয়ে কয়, 'উক্ত প্ৰতিশ্ৰুতিমৰ্মে এতিয়ালৈকে চৰকাৰী আৰু বেচৰকাৰী উভয় খন্ডত চৰকাৰে কিমান চাকৰি দিলে সেয়া আমি দাবী কৰা স্বেতপত্ৰখনত বৰ্ণনা কৰক৷'

চাকৰি প্ৰাৰ্থীৰ ‘বায়’ডাটা’ক অপমান কৰাৰ দৰে দুৰ্ভাগ্যজনক ঘটনা কালি সংঘটিত হোৱাটো লজ্জাজনক বুলি উল্লেখ কৰি গগৈয়ে কয় যে নিজৰ বায়'ডাটাখনৰ সৈতে শিক্ষিত যুৱক-যুৱতীসকলৰ আৱেগ জড়িত থাকে৷ তেওঁলোকৰ সেই আৱেগক অপমান কৰাটো অক্ষমণীয় অপৰাধ৷ উক্ত অপৰাধ কৰি অসমৰ ২০ লক্ষাধিক পঞ্জীকৃত নিবনুৱাক অপমান কৰা চৰকাৰখনৰ মুৰব্বীগৰাকীয়ে সেই কাৰণেই ক্ষমা খুজিব লাগে আৰু ব্যৰ্থ বিভাগটোৰ মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰিব লাগে৷

গগৈয়ে লগতে কয় যে নিয়োগ মেলা অনুষ্ঠিত কৰাৰ অন্তৰালত সঁচাকৈয়ে নিবনুৱাক সকাহ দিয়া নে কিছুমান ইভেন্ট মেনেজমেন্ট ক'ম্পেনী বা প্ৰতিষ্ঠানক ধনী কৰা সেইটোও বিচাৰ্য্য বিষয়৷ নিয়োগ মেলা অনুষ্ঠিত কৰাত কোনকেইটা ইভেন্ট মেনেজমেন্ট ক'ম্পেনীক দায়িত্ব দিয়া হৈছিল আৰু তাৰ মালিক কোন সেই তথ্যও ৰাজহুৱা কৰিবলৈ গগৈয়ে দাবী জনায়৷

তেওঁ লগতে অসমৰ চৰকাৰী খণ্ডৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বা ব্যক্তিগত খণ্ডৰ সকলো চাকৰি স্থানীয় যুৱক-যুৱতীৰ বাবে সংৰক্ষণ কৰাৰ অৰ্থে আইন প্ৰণয়ন কৰিবলৈ দাবী উত্থাপন কৰে৷