কাতি বিহু
ধাননি পথাৰত জ্বলে আশাৰ বন্তি


Image Description

বৃহত্তৰ অসমীয়া সমাজখনে পৰম্পৰাগতভাৱে পালন কৰি অহা তিনিওটা আদৰৰ বিহু মূলতঃ কৃষিভিত্তিক । বসন্ত কালত পালন কৰা ব'হাগ বিহু বা ৰঙালী বিহু । বৰষুণৰ আগমনে ক্ৰমে জীপাল কৰি অনা ভূমিত কৃষিকৰ্ম সম্পাদনৰ বাবে প্ৰস্তুত হোৱা এক অনন্য উৎসৱ। কাতি বিহু বা কঙালী বিহু ক্ৰমে উদং হৈ অহা ভঁৰাল পুনৰ পূৰণ কৰাৰ আন্তৰিক আশাৰ এক গহীন উৎসৱ। আনহাতে মাঘ বিহু বা ভোগালী বিহু হ'ল পথাৰৰ শইছ চপাই আনি ভঁৰাল ভৰাই পৰিতৃপ্তি লাভৰ এক আনন্দমুখৰ উৎসৱ।

এই তিনিওটা জাতীয় উৎসৱকে প্ৰকৃতিৰ সৈতে মিলি অসমীয়া ৰাইজে উমৈহতীয়া জীৱন যাপন কৰাৰ পোনপটীয়া প্ৰতিফলন বুলি ক'ব পাৰি।

পথাৰেই চহা ৰাইজৰ প্ৰাণ,খেতিয়কৰ মান। এই পথাৰকেই সজাই-পৰাই প্ৰস্তুত কৰাটোৱেই হৈছে খেতিয়ক ৰাইজৰ মুখ্য কাম। ব্ৰহ্মপুত্ৰ নদী আৰু ইয়াৰ সৰু-বৰ উপনদী বিল -খালে উপত্যকাটোৰ ভূমিভাগক প্ৰাকৃতিকভাৱেই বিশেষ উৎপাদনক্ষম কৰি ৰাখিছে। সাৰুৱা পথাৰতেই আকৌ সুস্বাদু শাক আৰু মাছ। সেয়েহে অসমীয়া মানুহৰ পথাৰমুৱা মন। পথাৰেই শ্ৰম,আশা আৰু আনন্দৰ আধাৰ। জাতি-ধৰ্মনিৰ্বিশেষে পথাৰতেই মানুহৰ কৰ্মময় সমাহাৰ, সমন্বয় । তাতেই শিপা মেলি ঠন ধৰি অসমীয়া সংস্কৃতিয়ে সময়ৰ গতিত আজিৰ ৰূপ পৰিগ্ৰহণ কৰিছে।

কাতি বিহু আহিন মাহৰ শেষৰ দিনা পালন কৰা উৎসৱ। আড়ম্বৰ এই বিহুত অসমীয়া ৰাইজে নাম কীৰ্ত্তন, তুলসী ৰোপণ আৰু প্ৰতিপালন,ঘৰে-পথাৰে বন্তি প্ৰজ্জ্বলন আদি অতি আন্তৰিকতাৰে সম্পাদন কৰে। এই বিহুৰ প্ৰধান উপাদান হৈছে থোক ধৰিবলৈ লোৱা ধাননি পথাৰত বন্তি(মিঠাতেলৰ চাকি) প্ৰজ্জ্বলন।

এন্ধাৰ আঁতৰাই পোহৰ বিলোৱাৰ পৱিত্ৰ প্ৰতীক এই বন্তিয়ে ধাননি পথাৰৰ পৰিৱেশত অন্য এক ভূমিকা পালন কৰে। আচলতে উৎপাদনমুখী পথাৰত অন্ধবিশ্বাসৰ স্থান নাই।পথাৰত মাটিৰ বিজ্ঞান, বংশানুক্ৰমে চলি অহা শস্যৰ বিজ্ঞান। ওপৰে ওপৰে চালে বহু কথাই অন্ধবিশ্বাস যেন লাগিলেও তাৰ অন্তৰ্নিহিত লক্ষ্য আৰু কর্ম পদ্ধতিত নিহিত থাকে যুক্তি আৰু পৰম্পৰাগত বিজ্ঞানৰ উপাদান।

আমি সকলোৱে জানো যে বন্তিৰ মৃদু পোহৰে দৃষ্টিনন্দন পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে পোক -পৰুৱাকো আকৰ্ষণ কৰে। ধাননি পথাৰত জ্বলোৱা বন্তিয়ে অসংখ্য পোক-পৰুৱাক ধ্বংস কৰি শস্যডৰাৰ উপকাৰ সাধন কৰে। সেইদৰে অন্য কিছুমান উপায় অৱলম্বন কৰিও কৃষকে পথাৰৰ শস্যক সুৰক্ষা দিয়াৰ চেষ্টা কৰে। পচতীয়া গছৰ ডাল ধানৰ মাজত গুঁজি দি বা মাৰিৰে মৃত কেঁকোৰা বিন্ধাই পথাৰত আঁৰি দি কৃষকে ধাননি পথাৰত পোক-পতঙ্গ নিয়ন্ত্ৰণৰ চেষ্টা কৰে।

এনেদৰে লক্ষ্য কৰিলে দেখা যায় যে প্ৰতিটো নিভাঁজ লোক উৎসৱতে সাধাৰণ ৰাইজে পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত কিছু ইতিবাচক পদক্ষেপ লয়। অৱশ্যে কিছু ক্ষেত্ৰত অন্ধবিশ্বাসৰ ৱশৱৰ্তী হৈও কিছু কাম নকৰা নহয়। অন্ধবিশ্বাসৰ চামনি আঁতৰাই দীৰ্ঘকাল চলি অহা লোক উৎসৱৰ শাহটো বিচাৰিলে স্থান আৰু কালৰ পৰিপ্ৰেক্ষিতত যুক্তিসংগত বহু কথাৰ উমান নিশ্চয় পোৱা যাব। কাতি বিহুৰ বন্তিগছেও আমাৰ পূৰ্বপুৰুষে বংশানুক্ৰমে পালি অহা কিছু ধনাত্মক ৰীতিৰে ইংগিত দিব।।