সাঁজপানী : উত্তৰ-পূৰ্বাঞ্চলৰ জনজাতিসকলৰ এক ঐতিহ্যপূৰ্ণ সংস্কৃতি


Image Description

উত্তৰ-পূৰ্বাঞ্চল জৈৱিক আৰু নৃগোষ্ঠীয় ভিন্নতাত ভাৰতবৰ্ষৰ ভিতৰতে চহকী৷ এই অঞ্চলৰ মুঠ জনসংখ্যাৰ প্ৰায় ৫৭ শতাংশ লোকেই জনজাতীয় লোক৷ জনজাতি জনসংখ্যা অসমত প্ৰায় ১২ শতাংশ আৰু মিজোৰামত ৯৫ শতাংশ৷

এই জনজাতিসকলৰ নিজৰ নিজৰ সাংস্কৃতিক ঐতিহ্য আছে আৰু এইবোৰ অতি চহকী৷ কিন্তু বৰ্ত্তমান দ্ৰুতগতিত বৃদ্ধি পাব ধৰা নগৰীকৰণ আৰু বনাঞ্চলৰ অবাধ লুণ্ঠনে জনজাতিসকলৰ নিজৰ সাতামপুৰুষীয়া চহকী সম্পদৰ প্ৰতিও ভাবুকি আহিছে৷ জনজাতিসকলৰ সাঁজপানী বনোৱা আৰু খোৱাটো এটা জাতীয় আৰু পৰম্পৰাগত সংস্কৃতি৷ এই সংস্কৃতিৰ লগত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে জৈৱ-বৈচিত্ৰ্য৷

সকলো মাঙ্গলিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠানবোৰত সাঁজপানী ব্যৱহাৰ এক অপৰিহাৰ্য্য বিষয়৷ সাঁজপানী বনাবলৈ নানা ধৰণৰ ঔষধি উদ্ভিদৰ ব্যৱহাৰ হয়৷ জনজাতি ভেদে ঔষধি উদ্ভিদৰ প্ৰজাতি আৰু সংখ্যাও বেলেগ বেলেগ৷

এই পানীয়ক আহোমসকলে সাঁজপানী, বড়োসকলে জু বা বিচি, কাৰ্বিসকলে হৰ বা হৰআলঙ্ক আৰু মিচিংসকলে আপং বুলি কয়৷ মিচিংৰ আপং দুই ধৰণৰ: মগিন আপং [বগাৰঙৰ লাওপানী] আৰু পৰো আপং [ছাই মদ]৷ সাঁজপিঠা আপং বনাবলৈ ব্যৱহাৰ হোৱা এক অপৰিহাৰ্য্য উপকৰণ, অৰ্থাৎ সাজঁপিঠা নহ’লে কোনো আপঙেই প্ৰস্তুত কৰিব নোৱাৰি৷

সাঁজপিঠা প্ৰস্তুত কৰা প্ৰণালী:

সাঁজপিঠা বনাবলৈ আৱশ্যকীয় বনৌষধি উদ্ভিদ কিছুমান হ’ল:

১৷ তিতাবাহকৰ পাত ২৷ জাৰ্মানি বনৰ ফুল ৩৷ কঠালৰ পাত ৪৷ সৰু মানিমুণি ৫৷ বৰ মানিমুণি ৬৷ভেদাইলতাৰ পাত ৭৷ পিপলি ৮৷জালুক ৯৷ মধুৰিআমৰ পাত ১০৷ বিহলঙনি ১১৷ কুঁহিয়াৰ পাত ১২৷ চেনিবনৰ পাত ১৩৷আনাৰসৰ পাত ১৪৷ বিয়নি সাবোটাৰ পাত ১৫৷ পাতিখুন্দাৰ পাত ১৬৷বগাবাহক ১৭৷ শতমূলৰ পাত ১৮৷ তেজপাত ১৯৷ জলকীয়া ২০৷ধপাত তিতাঁ ২১৷ ধাপতিতাৰ পাত ২২৷ যমলাখুটিৰ শিপা ২৩৷লাইজাবৰি ২৫৷ বাম কলমৌ ২৬৷ভুইকোমোৰা, ২৭৷ ভূমিচম্পাৰ শিপা ২৮৷ দোৰণ বন ২৯৷ কপৌ ঢেকীয়া, ৩০৷বেলিপকা ৩১৷ কল পচলা ৩২৷চিলাজিনেলা [এবিধ ঢেকীয়জাতীয় উদ্ভিদ] ৩৩৷চিৰতা ৩৪৷ পচতিয়াৰ পাত ৩৫৷তেজমুৰিৰ পাত ৩৬৷বনজালুক ৩৭৷ গপ্‌চৈ ৩৮৷ভেঁকুৰি তিতা, ৩৯৷সোণ বৰিয়ালৰ পাত ৪০৷টিকনি বৰুৱা ৪১৷মাটিকাদুৰি ৪২৷ আদা ৪৩৷মিঠামৰা ৪৪৷নেফাফু ইত্যাদি।

এই উল্লেখিত উদ্ভিদবোৰ মিচিং সম্প্ৰদায়ৰ লোকসকলে ব্যৱহাৰ কৰে৷ পূৰ্বতে হেনো প্ৰায় ১০০ বিধমান উদ্ভিদৰ ব্যৱহাৰ হৈছিল। কিন্তু এই সংখ্যা দ্ৰুতগতিত হ্ৰাস পোৱাটো জৈৱ-বৈচিত্ৰ্যৰ কাৰণেও এক চিন্তনীয় বিষয় হৈ পৰিছে৷

সাঁজপিঠাক মিচিংসকলে এপোপ বুলি কয়৷ ইয়াত মিচিং লোকসকলে ব্যৱহাৰ কৰা সাঁজপিঠা আৰু সাঁজপানী বা আপং প্ৰস্তুত কৰা প্ৰণালী চমুকৈ বৰ্ণনা কৰা হৈছে৷

প্ৰথমে বনৌষধি গছবোৰ ভালকৈ ধুই কিছু সময় ৰ'দত মেলি দিব লাগে৷ অলপ লেৰেলি যোৱাৰ পিছত কাঠৰ ডাঙৰ খুন্দনাত ভালদৰে খুন্দিব লাগে৷ সাঁজপিঠাৰ কাৰণে প্ৰয়োজন হোৱা চাউল প্ৰথমে অলপ পানীত তিয়াই থ’ব লাগে৷ প্ৰায় ১ ঘণ্টামানৰ পিছত পানীখিনি বাকী বেলেগ এটা পাত্ৰত থ’ব লাগে আৰু পিছত ঢেকী বা খুন্দনাত চাউলখিনি খুন্দি গুড়ি কৰি ল’ব লাগে৷

এতিয়া চাউলল গুড়িৰ লগত খুন্দি থোৱা ঔষধি গছবোৰ ভালকে মিহলাই এই মিশ্ৰণখিনি খুন্দনাত আকৌ এবাৰ খুন্দি ল’ব লাগে৷ এতিয়া খুন্দনাৰ পৰা উলিয়াই এটা বাচনত থৈ সৰু সৰু হাঁহ কণীৰ আকৃতিৰ লাডু বনাব লাগে আৰু বাহিৰত ৰ'দত লাডুবোৰ শুকুৱাব লাগে৷

এইদৰে ৩/৪ দিনমানপিছত জুহালৰ ওপৰত বাঁহৰ চালনি বা পাচিত ওলোমাই থৈ দিব লাগে৷ এইটোৱে সাঁজপিঠা আৰু এই পিঠাই আপং প্ৰস্তুত কৰাত সহায় কৰে৷

আপং বা সাঁজপানী প্ৰস্তুত কৰা প্ৰণালী:

প্ৰথমে ভাত সিজাই কলপাতত মেলি দিয়া হয়৷ সাঁজপিঠা এটা ভাঙি গুড়ি কৰি ভাতৰ লগত ভালদৰে মিহলোৱা হয়৷ ১ কেজি চাউলৰ ভাতত এটা সাঁজপিঠা প্ৰয়োজন হয়৷ এতিয়া ভাতখিনি এটা মাটিৰ কলহত ভৰাই কলহৰ মুখটো কলপাত বা বিহলঙিৰ পতেৰে খোপা দি থ’ব লাগে৷ খোপা দিয়াৰ আগে আগে অলপমান পানী দিব লাগে৷ এইদৰে কলহটো ৭ /৮ দিনমান থৈ দিব লাগে৷ সাঁজপিঠা আৰু ভাতৰ ৰাসায়নিক প্ৰক্ৰিয়াত, কিন্বণ বুলি কয়, সাঁজপানী প্ৰস্তুত হয়৷ মিচিংসকলে ইয়াক মগিন আপং বোলে৷

ছাই মদ বা পৰো আপং বনোৱা পদ্ধতি অলপ বেলেগ৷ ইয়াত কলপাতত মেলি থোৱা সাঁজপিঠা গুড়ি আৰু ভাতৰ মিশ্ৰণৰ লগত ধানখেৰ বা তুঁহ জ্বলাই উলিওৱা ছাইখিনি মিহলি কৰি দিয়া হয়৷ ইয়াৰ পিছত মিশ্ৰণখিনি কলহত ভৰাই অলপ পানী দি কলহৰ মুখত সাঁজপানী বনোৱাৰ দৰে কলপাত বা বিহলঙি পাতৰ সোপা দি ৬/৭ দিনলৈ লৰচৰ কৰিব নোৱাৰাকৈ থৈ দিব লাগে৷ এই সাঁজপানীৰ ৰঙ ছাই বৰণীয়া৷ ইয়াকে ছাই মদ বা পৰো আপং বুলি কোৱা হয়৷ পৰো আপং সকলো সময়ত নবনায়। কেতিয়াবা বিশেষ ধৰণৰ অনুষ্ঠান বা সন্মানীয় অতিথিক সন্মান কৰিবলৈ ছাই মদৰ ব্যৱহাৰ কৰা দেখা যায়৷

সাঁজপানীৰ ঔষধীয় গুণ:

তামিলনাডুৰ ভাৰতীয় শস্য সংশোধনী কাৰিকৰী প্ৰতিষ্ঠান আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ যোৰহাট গৃহবিজ্ঞান মহাবিদ্যালয়ৰ কেইজনমান বিজ্ঞানীৰ সফল প্ৰচেষ্টাত এইটো প্ৰমাণিত হৈছে যে সাঁজপানীত কেইবাটাও গুণসম্পন্ন ৰাসায়নিক পদাৰ্থ থাকে যিবোৰে কিছুমান ৰোগ, যেনে,মধুমেহ, বাতবিষ, হৃদৰোগ, এলজাইমাৰ এইড্ছ ইত্যাদি নানা ৰোগৰ প্ৰতিষেধক হিচাবে কাম কৰে আৰু এনে পদাৰ্থবোৰ সাঁজপিঠা বনাবলৈ ব্যৱহাৰ হোৱা ঔষধি উদ্ভিদৰ গাত থাকে৷

কাৰ্বি জনগোষ্ঠীৰ লোকসকলে তেওঁলোকৰ পানীয় হৰআলঙ্ক পেটচলা আৰু ‘ফেৰিনজাইটিছ’ বেমাৰতো ব্যৱহাৰ কৰে৷ নিৰ্দিষ্ট জোখত হাজপানী খালে স্বাস্থ্যৰ কাৰণে ভাল বুলি বিজ্ঞানীয়ে ক’ব খোজে৷ ছাই মদ বা পৰো আপং মগিন আপংতকৈ বেছি ঔষধীয় গুণবিশিষ্ট পানীয় বুলি কোৱা হয়৷

উপসংহাৰ:

সাঁজপানীৰ কাৰণে প্ৰয়োজন হোৱা ঔষধি গছৰ সংৰক্ষণ কৰিব পাৰিলে জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ হ’ব৷ চৰকাৰে বিলাতী সুৰাৰ অনুমতিপত্ৰ দিয়াতকৈ জনজাতীয় সংস্কৃতিৰ বাহক সাঁজপানী প্ৰস্তুত কৰাসকলক প্ৰোৎসাহিত কৰক আৰু এই লোক সংস্কৃতিত ব্যৱহাৰ হোৱা বনৌষধি উদ্ভিদবিলাকৰ সংৰক্ষণৰ ব্যৱস্থাও কৰক৷ এনে কৰিলে সাতামপুৰুষীয়া সংস্কৃতি আৰু জৈৱ-বৈচিত্ৰ্য দুয়োটাই ৰক্ষা পৰিব৷।