সংৰক্ষণ জাতীয় দায়িত্ব


Image Description

অসমৰ জনজীৱনত খোজৰ চিন এৰি যোৱা প্ৰয়াত নৃপেন গোস্বামী আৰু প্ৰয়াত নীলপৱন বৰুৱালৈ আমাৰ শ্ৰদ্ধাঞ্জলি যাচিলোঁ।

এটা গুৰুত্বপূর্ণ বিষয়ত মনোযোগ দিয়াৰ সময় পাৰ হৈছে। জনজীৱন চহকী কৰা ব্যক্তিৰ সম্পদসমূহ সংৰক্ষণৰ গুৰুত্ব আমাৰ উপলব্ধি হোৱা নাই।

ৰাজ্যখনৰ বহুতো চহকী মনৰ ব্যক্তিৰ সমলবোৰ সময়ত ৰাখি থোৱা হোৱা নাই। পৰিয়ালবোৰত থকা ছপা কামবোৰেই একমাত্ৰ সমল নহয়। পৰিয়ালৰ ফালৰ পৰা উলিয়াওৱা স্মৃতিগ্ৰন্থবোৰেই নতুন প্ৰজন্মৰ বাবে চানেকি হ'ব নোৱাৰে।

টোকা বহী, একোটা মুহূৰ্তৰ চিন্তা, ডায়েৰী, পৰিকল্পনা সকলো সমল। সৌৰভ চলিহা দেশৰ এগৰাকী শ্ৰেষ্ঠ গল্পকাৰ আছিল। নতুন প্ৰজন্মই নাজানে। তাতে আকৌ শকত-আবত দামী সংকলনবোৰে পদচিহ্ন পুথিভঁৰালতে সুমুৱাই থ'লে। আৰু অনেক উদাহৰণ ওলাব।

ৰাজ্যখনৰ বহুতো পদচিহ্ন সংৰক্ষণৰ ব্যৱস্থা লোৱা নহ’ল। এতিয়াও কামত হাত দিব লাগিব। চৰকাৰৰ চিন্তাত এনে প্ৰয়োজনীয়তা ফুটি উঠা নাই। ব্যক্তিগত খণ্ডত এনে উদ্যোগ ল'ব পাৰি। কামবোৰেই জাতিটোৰ ইতিহাস ৰচনাত উৎস হৈ পৰিব।।