বঙ্গমূলীয় অসমীয়া মুছলমান সমাজ আৰু অসমীয়া জাতীয় সত্তা ২
বঙ্গমূলীয় মুছলমানৰ জাতীয় চেতনা :ইতিহাসৰ বঙ্গ অধ্যায়


Image Description

দ্বাদশ শতিকাৰ পৰাই বঙ্গৰ কৃষকসমাজৰ বৃহত্তৰ অংশটোৱে ইছলামলৈ ধৰ্মান্তৰিত হ’বলৈ আৰম্ভ কৰে । ধৰ্মান্তৰিত কৃষকৰ গৰিষ্ঠ অংশটোৰ গৃহভূমি আছিল অবিভক্ত বঙ্গৰ পূৰ্ব বঙ্গ বুলি খ্যাত অঞ্চলখিনি। বৰ্ণ হিন্দুৰ নিৰ্য্যাতন, অৱমাননাৰ পৰা হাত সাৰিবলৈ ধৰ্মান্তৰিত হ’ল যদিও নৱাব-জমিদাৰ, মাতব্বৰ-দেৱানৰ শাসন আৰু উক্ত শাসনৰ সহযোগী মোল্লাৰ অধীনত জীৱন ধাৰণৰ মানৰ বিশেষ উন্নতি নহ’ল, অৱশ্যে জাত-পাতৰ অমানৱীয় সামাজিক বান্ধোনৰ পৰা মুক্ত হ’ল ।

তেনেকৈয়ে বঙ্গৰ পূব অৰু পশ্চিম অংশ যথাক্ৰমে মুছলমান আৰু হিন্দু সংখ্যাগৰিষ্ঠ অঞ্চলৰূপে পৰিচিত হ’ল । পশ্চিম অংশ, বিশেষকৈ কলকতা চহৰখন জমিদাৰ, উচ্চ বৰ্ণৰ গৃহভূমি বুলিও পৰিচিতি লাভ কৰিলে। ইষ্ট ইণ্ডিয়া ক'ম্পেনীৰ প্ৰশাসনৰ সহযোগী হিচাপে উচ্চবৰ্ণৰ হিন্দু বাঙালী সকলে আত্মপ্ৰকাশ কৰিলে ।

বঙ্গ, বিহাৰ, উৰিষ্যা, বাৰানাসীত ইষ্ট ইণ্ডিয়া ক'ম্পেনীৰ শাসন স্থাপিত হোৱাৰ পাছত ক'ম্পেনীয়ে ভূমি ৰাজহ সংগ্ৰহৰ দিশত মনোনিৱেশ কৰে । প্ৰথমতে বছৰেকীয়া নীলাম ব্যৱস্থাৰ দ্বাৰা ভূমি ৰাজহ সংগ্ৰহৰ চেষ্টা কৰে । কিন্তু এই ব্যৱস্থা ফলপ্ৰসূ নহ’ল। ১৭৯৩ চনত ক'ম্পেনীয়ে চিৰস্থায়ী বন্দোৱস্তিৰ প্ৰৱৰ্তন কৰে । চিৰস্থায়ী বন্দোৱস্তিয়ে বঙ্গকে ধৰি ক'ম্পেনীশাসিত অঞ্চলসমূহত জমিদাৰী ব্যৱস্থাৰ অন্তৰ্গত এক নতুন ভূস্বামী শ্ৰেণীৰ জন্ম হ’ল আৰু এক অসৎ উদ্দেশ্য আগত ৰাখি ক'ম্পেনীয়ে নতুন জমিদাৰী ব্যৱস্থা উচ্চ বৰ্ণৰ অভিজাত হিন্দুসকলৰ হাতত তুলি দিলে ।

ইষ্ট ইণ্ডিয়া ক'ম্পেনীয়ে যিহেতু বঙ্গৰ মুছলমান শাসকৰ লগত সংঘাতলৈ আহি বঙ্গৰ শাসনকৰ্তা হৈছিল, সেয়ে মুছলমান নৱাবৰ বংশ বা অভিজাত মুছলমানৰ লগত তেওঁলোকৰ শত্ৰুতা বহু দিনলৈ থাকি গৈছিল। আৰু সেয়ে ক'ম্পেনীয়ে বঙ্গত সহযোগী শক্তি অভিজাত হিন্দুসকলেই হ’ব পাৰে বুলি হিচাপ কৰি লৈছিল । ১৭৬৮ চনত ল'ৰ্ড ক্লাইভে হেষ্টিংছলৈ পঠিওৱা এখন চিঠিত মত ব্যক্ত কৰিছিল, 'এয়া আপুনি ধ্ৰুৱ সত্য বুলি ধৰি ল'ব পাৰে যে, আমাৰ পৰা যিমানেই ভাল ব্যৱহাৰ নেপাওক কিয়,মুছলমানসকলৰ আমাৰ প্ৰতি তেওঁলোকৰ মনোভাৱৰ কেতিয়াও পৰিৱৰ্তন নহয়।' ইয়াৰ ৪৫ বছৰৰ পাছতো অভিজাত হিন্দু সম্পৰ্কে ক'ম্পেনীৰ একে মনোভাৱ প্ৰতিফলিত হৈছিল ১৮১৩ চনত ছাৰ জন মেলেকমৰ বক্তব্যত, 'আমাৰ প্ৰতি হিন্দু সম্প্ৰদায়ৰ অনুৰক্তি ভাৰতত আমাৰ সাম্ৰাজ্যৰ নিৰাপত্তৰ প্ৰধান কাৰণ ।'

১৮৪৩ চনতো ল'ৰ্ড এলেনবৰ'ৱে লিখিছিল, 'আমাৰ দৃঢ় বিশ্বাস যে, এই (মুছলমান) জাতি আমাৰ প্ৰতি শত্ৰুভাৱাপন্ন আৰু হিন্দুসকলৰ আস্থা অৰ্জন কৰা আমাৰ শাসন নীতিৰ লক্ষ্য।' অসমৰ স্বাধীনতা আন্দোলনৰ অগ্ৰণী সংগঠক দেবেশ্বৰ শৰ্মাই তেওঁৰ আত্মজীৱনী ‘হেৰাই যোৱা দিনবোৰ’ত লিখিছে, 'ভাৰতৰ মূৰজিলিকা মুছলমান পৰিয়ালবিলাকক ১৮৫৭ চনৰ বিদ্ৰোহৰ পাছত এনেদৰে মষিমূৰ কৰা হৈছিল যে তাৰ কোনো শেষ নাথাকিছিল । তেওঁলোকক মষিমূৰ কৰাৰ কাৰণ আছিল তেওঁলোকে যাতে আকৌ বৃটিছৰ বিৰুদ্ধে কোনো বিদ্ৰোহ কৰিব নোৱাৰে ।

'ক'ম্পেনীয়ে নব্যশিক্ষিত বাঙালী হিন্দুক বুজোৱাত সফল হ’ল যে বৃটিছ শক্তিৰ হাতত সাতশ বছৰীয়া মুছলমান শাসনৰ অৱসান ঘটিছে । ইষ্ট ইণ্ডিয়া ক'ম্পেনীৰ পৃষ্ঠপোষকতাত ৰচিত ভাৰতৰ ইতিহাসত বৰ্ণিত হ’ল হিন্দু যুগ, মুছলমান শাসনৰ যুগ, অৰ্থাৎ হিন্দুৰ পৰাধীনতাৰ যুগ আৰু বৃটিছ যুগ, অৰ্থাৎ হিন্দুক মুছলমানৰ পৰধীনতাৰ পৰা মুক্ত কৰা যুগৰ কাহিনী ।

বঙ্কিম চন্দ্ৰৰ আনন্দমঠত হিন্দুৰ উদ্ধাৰকৰ্তা বৃটিছক স্বাগতম জনোৱা আৰু বিধৰ্মী মুছলমনৰ বিতাৰণৰ লক্ষ্য স্থিৰ কৰা হ’ল । ১৭৯২ চনত যেতিয়া শেষ নৱাব টিপু চুলতানক যুদ্ধত হত্যা কৰি তেওঁৰ বংশধৰসকলক বন্দী কৰি ল'ৰ্ড কৰ্ণৱালিছে কলিকতালৈ লৈ আহিছিল, সেই সময়ত কলকতাবাসীয়ে তেওঁক বিপুল অভিনন্দন জনাইছিল আৰু ১৬২ গৰাকী মুখ্যলোকে অভিনন্দন জনাই দিয়া পত্ৰত লিখিছিল, 'Your Lordship entered the enemy’s country with a brave army, and by the ardour of your courage destroyed the enemy’s members in every place, as straw is consumed by fire and by thus humbling his (Tippoo’s) pride accomplished our prayers, the news of which was equally as a draught from the cup of immortality. Your Lordship has secured the safety of our persons, liberty and properties'।

১৮৫৭ চনৰ প্ৰথম স্বাধীনতা আন্দোলনৰ সময়তো কলকতাৰ বাঙালী ভদ্ৰলোকসমাজৰ সহানুভূতি ইষ্ট ইণ্ডিয়া ক'ম্পেনীৰ চৰকাৰৰ প্ৰতিয়েই আছিল । গুণাভিৰাম বৰুৱাৰ চমু জীৱনী এখন লিখিবলৈ গৈ যোগেন্দ্ৰ নাৰায়ণ ভূঞাই লিখিছে, '১৮৫৭ চনৰ চিপাহী বিদ্ৰোহক বঙ্গ দেশৰ বিদ্যাসাগৰ , দেৱেন্দ্ৰনাথ ঠাকুৰ, ভূদেৱ মুখোপধ্যায় আদিয়ে কুসংস্কাৰাচ্ছন্ন চিপাহীসকলৰ অকৃতজ্ঞতাৰ চিন বুলিহে বিবেচনা কৰিছিল ।'

(পৰৱৰ্তী অংশত –হিন্দু ধৰ্মৰ সংস্কাৰ আন্দোলন, বঙালি ভদ্ৰলোক শ্ৰেণীৰ আত্মপ্ৰকাশ)