সাংবিধানিক ৰক্ষাকৱচ


Image Description

[৪, শেষাংশ]
সাংবিধানিক ৰক্ষাকৱচৰ কমিটীখনে মাটিৰ বেলিকাও কেইবাটাও পৰামৰ্শ আগবঢ়াইছে৷

[১] পোন প্ৰথমেই কমিটীখনে স্পষ্টভাষাত ইতিমধ্যে প্ৰচলিত আইনৰ অধীনতে মাটিসম্পৰ্কীয় অধিকাৰ সংজ্ঞা অনুসৰি অসমীয়া মানুহৰ হাততে সীমাবদ্ধ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে৷ মাটিসম্পৰ্কীয় অধিকাৰৰ লগতে ৰাজনৈতিক অধিকাৰ সুৰক্ষিত নকৰিলে ৬ নম্বৰ দফা ৰূপায়ণ অৰ্থহীন হৈ ৰ’ব৷

[২] জনজাতীয় বেল্ট আৰু ব্ল'কৰ উপৰিও সংজ্ঞা অনুসৰি অসমীয়া মানুহৰ বাবে সুকীয়াকৈ ৰাখিব পৰা অঞ্চলবোৰ চিনাক্ত কৰিবলৈ কমিটীখনে পৰামৰ্শ আগবঢ়াইছে৷ অৱশ্যে নগৰ অঞ্চলত ভাৰতবৰ্ষৰ যি কোনো নাগৰিকে যাতে মাটি কিনা-বেচা কৰিব পাৰে সেই ব্যৱস্থাও অব্যাহত ৰখাৰ পৰামৰ্শ দিছে৷

[৩] ৰাজ্য চৰকাৰে ৰাজ্যখনৰ কৃষিৰ বাবে থকা মাটিৰ পৰিমাণ যাতে টুটি নাহে সেই বিষয়ে শীঘ্ৰে ব্যৱস্থা হাতত লোৱা উচিত৷ কৃষিৰ বাবে থকা মাটি অ-কৃষি কামত যাতে ব্যৱহাৰ নহয় সেইটো ৰাজ্য চৰকাৰে সুনিশ্চিত কৰা উচিত৷

[৪] এই সন্দৰ্ভতে ৰাজ্য চৰকাৰে কৃষিৰ বাবে থকা মাটি অ-কৃষি কামতো ব্যৱহাৰ কৰিবলৈ প্ৰচলিত আইনে দিয়া সুবিধা প্ৰত্যাহাৰ কৰা উচিত৷

[৫] ক্ষুদ্ৰ চাহ খেতিয়ে যোৱা ৩০ বছৰে ৰাজ্যখনত বিপ্লৱৰ সূচনা কৰিছে৷ বহু ডেকা ল’ৰাই নিজৰ উপাৰ্জনৰ পথ বাছি লৈছে৷ ৰাজ্য চৰকাৰে অসমীয়া মানুহে যাতে নিজৰ মাটি আনলৈ হস্তান্তৰ কৰিব নালাগে সেই উদ্দেশ্য আগত ৰাখি কৃষিৰ লগতে উদ্যান শস্য, মীনপালন আৰু পশুপালনত আত্মনিয়োগ কৰিবলৈ বিভিন্ন আঁচনি হাতত লোৱা উচিত৷

[৬] ৰাজ্যখনত মাটিসম্পৰ্কীয় তথ্যপাতি অতি বিসংগতিপূৰ্ণ। ৰাজ্য চৰকাৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত তথ্যপাতিসমূহ উন্নীত কৰিবলৈ আৰু শুদ্ধ কৰিবলৈ ব্যৱস্থা হাতত লোৱা উচিত৷

[৭] অসমীয়া মানুহক পট্টা দিবলৈ ৰাজ্য চৰকাৰে সময় নিৰ্দ্ধাৰিত কাৰ্য্যসূচী হাতত লোৱা উচিত৷ কেইবা দশকজুৰি বসবাস কৰি থকা অসমীয়া মানুহৰ মাটিসম্পৰ্কীয় তথ্যপাতি নাথাকিলেও পট্টা দিয়াৰ ব্যৱস্থা হাতত লোৱা উচিত৷

[৮] বনাঞ্চলৰ মাটি বেদখল কৰাটো এটা অপৰাধ হিচাবে গণ্য কৰিব লাগে আৰু বৰ্তমানৰ পিতনিত, পিজিআৰ আৰু ভিজিআৰত [চৰণীয়া পথাৰত] থকা অবৈধ বেদখল শীঘ্ৰে উচ্ছেদ কৰা উচিত৷

(৯) এখন বিশেষ আঁচনি যোগে চৰ অঞ্চল জৰীপ কৰাৰ ব্যৱস্থা হাতত লোৱা উচিত৷ নতুনকৈ সৃষ্টি হোৱা চৰবোৰত গৰাখহনীয়াত উচ্ছেদিত লোকক সংস্থাপিত কৰা উচিত৷

[১০] চৰকাৰৰ অনুমতি নোহোৱাকৈ চাহ খেতিৰ বাবে থকা মাটি হস্তান্তৰকৰণত আইনগত বাধা থকা উচিত৷

[১১] ২০১৮ চনৰ ব্ৰহ্ম কমিটীৰ পৰামৰ্শৱলী কাৰ্য্যকৰী কৰিবলৈকো কমিটীয়ে ৰাজ্য চৰকাৰক আহবান জনাইছে৷ লগতে জনজাতীয় বেল্ট আৰু ব্ল'কৰ মাটি ৰাজধানী উন্নয়ন অঞ্চলত অন্তৰ্ভুক্ত নকৰিবলৈকো কমিটীয়ে পৰামৰ্শ দিছে৷

সাংবিধানক ৰক্ষাকৱচ সম্পৰ্কীয় এই চাৰিটা চমু প্ৰৱন্ধত মূল পৰামৰ্শৱলী দাঙি ধৰা হৈছে৷ আটাইকেইটা পঢ়ি উঠি যি কোনো এজন পাঠকে উপলব্ধি কৰিব যে ৰাজ্য চৰকাৰে বহুখিনি কাম নিজাববীয়াকৈ হাতত ল’ব পাৰে৷

ৰাজ্য সভা, লোক সভা, বিধান সভা আৰু স্থানীয় নিকায়সমূহত অসমীয়া মানুহৰ বাবে আসন সংৰক্ষণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে সাংবিধানিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব৷ সেইদৰে চাকৰি-বাকৰিত আশী শতাংশ বা এশ শতাংশ আসন সুকীয়াকৈ অসমীয়া মানুহৰ বাবে ৰাখিবলৈকো সংবিধানত নতুন দফা অন্তৰ্ভুক্ত কৰিব লাগিব৷

এনেবোৰ কাম হাতত লোৱাৰ দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ৷ তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে অসমীয়া মানুহৰ সংজ্ঞাটো গ্ৰহণ কৰিব লাগিব৷

কিন্তু অসমীয়া মানুহৰ সংজ্ঞাটোত অ-সাংবিধানিক বা অসুবিধাজনক কোনো কথা নাই৷ অসম চুক্তি অনুসৰি সংজ্ঞাটো নিৰ্দ্ধাৰিত হৈছে৷ আচলতে ক’বলৈ গ’লে ৰাজ্য চৰকাৰে নিজেই সংজ্ঞাটো গ্ৰহণ কৰি কেতবোৰ ব্যৱস্থা আগবঢ়াই নিব পাৰে৷

এইখিনিতে উল্লেখযোগ্য যে অসম চুক্তিৰ আধাৰতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন উন্নীত কৰা হৈছে৷ উচ্চতম ন্যায়ালয়ে অসম চুক্তিক মান্যতা দিছে৷ সেয়েহে অসমীয়া মানুহৰ সংজ্ঞা গ্ৰহণযোগ্য নোহোৱাৰ কোনো অজুহাত থাকিব নোৱাৰে৷

চাৰিওটা প্ৰৱন্ধতে এইটো স্পষ্টভাৱে ওলাই পৰিছে যে ভাষা-সংস্কৃতি-মাটি বিষয়ত ৰাজ্য চৰকাৰৰ কৰণীয় বেছি৷ বহু কাম কৰিবলৈ ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ অনুমতি লোৱাৰ কোনো প্ৰয়োজনেই নাই৷ অসম বিধান সভাই ভাষা-সংস্কৃতি-মাটি বিষয়ত নিজে আইন প্ৰণয়ন কৰিব পাৰে৷

আচল কথাটো হ’ল অসম চুক্তিখনৰ ৰূপায়ণত ৰাজ্য চৰকাৰৰ কোনো আগ্ৰহ নাই৷ ৰাজনৈতিক ইচ্ছাৰ অভাৱ৷ তাকে ঢাকিবলৈ এতিয়া আকৌ নতুনকৈ আলোচনাৰ পাতনি মেলিছে৷ ই একেবাৰে অৰ্থহীন কথা৷৷

[সাংবিধানিক ৰক্ষাকৱচৰ কমিটীখনে কেতবোৰ বিষয়ত বিতং কাৰ্য্যকৰী প্ৰস্তাৱ আগবঢ়াইছে৷ সেইবোৰৰ লগত কোনো নীতিবিষয়ক কথা জড়িত নাই৷ সেইবাবে তেনেবোৰ প্ৰস্তাৱ প্ৰৱন্ধকেইটাত সাঙুৰি লোৱা হোৱা নাই৷ ]

[সমাপ্ত]