বানপানী প্ৰতিৰোধৰ বাবে মথাউৰিৰ উপযোগিতা প্ৰাসঙ্গিক হৈ আছেনে?


Image Description

আমি জানো যে এখন নদীত নিজৰ বহন ক্ষমতাতকৈ অত্যধিক পানী আহি পৰিলে দুই পাৰ বাগৰি উপত্যকাটোত বানপানীৰ সৃষ্টি হয়৷ নদীখনত পানীৰ পৰিমাণ অতিৰিক্ত বেছি হ’লে অথবা নদীখনৰ জলস্তৰৰ উচ্চতা বৃদ্ধি হৈ কেইবাদিনো ধৰি নৈখন এনেদৰে বৈ থাকিলে উপত্যকাটোৰ এটা বিস্তৃত অঞ্চল বানপানীত দীৰ্ঘ দিনৰ বাবে বুৰ গৈ থাকে৷

ফলত বান-অধ্যুষিত অঞ্চলটোৰ কৃষিভূমি, আন্তঃগাঠনি, পশুধন আৰু ধন-জনৰ প্ৰভূত ক্ষতি হয়৷ এটা বাৰিষাত তিনি-চাৰিবাৰকৈ এনে বানপানী হ’লে অঞ্চলটোৰ অৰ্থনীতি তেনেই ভাঙি পৰে৷ বছৰি বছৰি তাৰ পুনৰাবৃত্তি হৈ¸থাকিলে এই বানপানী উপদ্ৰুত অঞ্চলবোৰ অৰ্থনীতি, স্বাস্থ্য, যোগাযোগ আদি সকলো দিশৰ পৰা তেনেই জুৰুলা হৈ পৰে৷

এনে বানপানীৰ মোকাবিলা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ‘ৰাষ্ট্ৰীয় বান নিয়ন্ত্ৰণ কাৰ্য্যসূচী’ ৰ যোগেদি ১৯৫৪ চনতে নদীৰ দুয়ো পাৰে মথাউৰি নিৰ্মাণ কৰিবলৈ অনুমোদন জনায়৷ লগতে খহনীয়া প্ৰতিৰোধ ব্যৱস্থা আৰু জল নিষ্কাসন, নলা আদি ব্যৱস্থাৰো অনুমোদন জনাইছিল৷ এই ব্যৱস্থাসমূহ ‘হ্ৰস্ৰম্যাদী ব্যৱস্থা’ হিচাবেহে অনুমোদিত হৈছিল৷ এই ব্যৱস্থাসমূহৰ পাৰদৰ্শিতা আৰু উপযোগিতা অধ্যয়ন কৰি ভৱিষ্যতে ফলপ্ৰসূ বিকল্প দীৰ্ঘম্যাদী ব্যৱস্থাৰ প্ৰস্তাৱ ৰাখিবলৈ ৰাজ্যসমূহক নিৰ্দেশ দিয়া হৈছিল৷ হ্ৰস্ৰম্যাদী ব্যৱস্থা হিচাবে দেশৰ অন্যান্য ৰাজ্যৰ লগতে অসমতো মথাউৰি নিৰ্মাণৰ কাম পূৰ্ণগতিত চলিল৷ বৰ্তমানলৈকে ৪৪৭৩ কি.মি. মথাউৰি নিৰ্মাণ হ’ল৷

বান প্ৰতিৰোধ কৰাত এই হ্ৰস্ৰম্যাদী ব্যৱস্থাসমূহৰ পাৰদৰ্শিতা, পৰ্য্যালোচনা আৰু এটা স্থায়ী বহনক্ষম ব্যৱস্থা উদ্ভাৱনৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে ১৯৭৬ চনত ‘ৰাষ্ট্ৰীয় বাঢ় আয়োগ’ [Rashtriya Barh Ayog] গঠন কৰে৷ ১৯৮০ চনত এই আয়োগৰ প্ৰতিবেদনত উল্লেখ কৰিছিল যে বান প্ৰতিৰোধৰ বাবে মথাউৰি নিৰ্মাণৰ পিছতো বানপানীৰ জলস্তৰ বৃদ্ধি পাই থকাৰ বাবে মথাউৰিবিলাক ওখ আৰু সেই অনুপাতে বহল কৰি যাব লগা হৈছে৷ নদীৰ অৱবাহিকাত বৰষুণৰ পৰিমাণ যদি বৃদ্ধি হোৱাই নাই, তেন্তে বানপানীৰ জলস্তৰ অনবৰতে বাঢ়ি থকাৰ নিৰ্দিষ্ট কাৰণ নিৰ্ণয় কৰি তাৰ প্ৰতিকাৰৰ স্থায়ী ব্যৱস্থা ৰাজ্যসমূহে কৰিব লাগে৷ তেনে এটা বহনক্ষম [sustainable] ব্যৱস্থা নিৰূপণ নোহোৱালৈকে নতুনকৈ মথাউৰি নিৰ্মাণ স্থগিত ৰাখিব লাগে৷

এটা স্থায়ী বহনক্ষম ব্যৱস্থা নিৰূপণৰ বাবে ১৯৭১ চনতে অসম চৰকাৰৰ তদানীন্তন ‘বান নিয়ন্ত্ৰণ’ বিভাগে আৱশ্যকীয় তথ্য সংগ্ৰহৰ বাবে চাৰিটা অনুসন্ধান সংমণ্ডল গঠন কৰে৷ সংমণ্ডলকেইটা আছিল - উজনি অসম, মধ্য অসম, নামনি অসম আৰু কাছাৰ অনুসন্ধান সংমণ্ডল৷

ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ অধীনত ‘ব্ৰহ্মপুত্ৰ ব’ৰ্ড’ গঠন হ’ল ১৯৮১ চনত৷ তেতিয়াৰ পৰা এই অনুসন্ধান সংমণ্ডলকেইটাৰ দায়িত্ব ব্ৰহ্মপুত্ৰ ব’ৰ্ডে ল’লে৷ অৱশ্যে কিছু বছৰৰ পিছত এই সংমণ্ডলকেইটা পুনৰ বান নিয়ন্ত্ৰণ বিভাগক ঘূৰাই দিয়া হয়৷ ব’ৰ্ডক অৰ্পণ কৰা দায়িত্ব অনুসৰি ব’ৰ্ডে নদীসমূহৰ বান প্ৰতিৰোধৰ ‘মাষ্টাৰ প্লেন’ প্ৰস্তুত কৰি অনুমোদনৰ বাবে দাখিল কৰে৷ তাৎপৰ্য্যপূৰ্ণভাৱে ব্ৰহ্মপুত্ৰৰ বান নিয়ন্ত্ৰণৰ বাবে ব’ৰ্ডে ‘দিহাং’ আৰু ‘সোৱণশিৰি’ নদীত নদীবান্ধ নিৰ্মাণৰ বাবে বিস্তৃত প্ৰকল্প প্ৰতিবেদন [DPR] কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট মন্ত্ৰালয়ত দাখিল কৰে৷ প্ৰস্তাৱিত প্ৰকল্প দুটাত আৱশ্যকীয় বান নিয়ন্ত্ৰণ ব্যৱস্থা হিচাবে 'Flood Cushioning'ৰ দিহা কৰা হৈছিল৷

ওপৰৰ কথাখিনিৰ পৰা আমি বুজিব পাৰিছোঁ যে, মথাউৰি নিৰ্মাণ কৰি নদীসমূহৰ গতিপথত আহি পৰা ওপচা পানীখিনি প্ৰতিৰোধ কৰিবলৈ লোৱা ব্যৱস্থাটো একান্তই হ্ৰস্ৰম্যাদী ব্যৱস্থা আছিল৷ স্থায়ী, দীৰ্ঘম্যাদী, বহনক্ষম ব্যৱস্থা এটা নিৰূপণ নোহোৱালৈকে একপ্ৰকাৰ পৰীক্ষামূলক ব্যৱস্থা হিচাবেহে ইয়াৰ আৰম্ভণি হৈছিল ১৯৫৪-৫৫ বৰ্ষতে৷ যি কাৰণতেই নহওক, যোৱা ৬৬ বছৰে আমি বান খহনীয়া প্ৰতিৰোধৰ বাবে বহনক্ষম ব্যৱস্থা এটা নিৰূপণ কৰিবলৈ সক্ষম নহ’লোঁ৷

এতিয়া আহোঁ এই লেখটোৰ শিৰোণামৰ প্ৰসঙ্গলৈ৷ আমি প্ৰায়ে শুনিবলৈ পাওঁ যে বৰ্তমানৰ বান খহনীয়া সমস্যাৰ বাবে নদীৰ দুয়ো পাৰে নিৰ্মাণ কৰা মথাউৰি দুটাই জগৰীয়া৷ মথাউৰি নথকা হ’লে বানপানীৰ লগত উটি-ভাহি অহা পলসখিনি পাৰ বাগৰা পানীৰ লগতে দুই পাৰৰ দ ঠাইলৈ পৰিবাহিত হৈ গৈ এক সাৰুৱা কৃষিভূমিৰ সৃষ্টি কৰিলেহেঁতেন৷ তাকে নহৈ মথাউৰিয়ে আৱদ্ধ কৰা নদীখনৰ গতিপথৰ তলিভাগত বছৰি পলসখিনি জমা হোৱাৰ ফলত নদীৰ তলিখন ওপৰলৈ উঠি আহিছে৷

এইয়া ধেমাজিৰ জীয়াধল নদীৰ দুৰ্দশা। পানী খিনি কেনি ওলাই যাব??

সেয়ে বানপানীৰ জলস্তৰো উদ্ধৰ্গামী হৈ আহি আছে৷ সেই অনুপাতে মথাউৰিকিটা ওখ কৰিব লগা হৈছে৷ কোনো ক্ষেত্ৰত দেখা গৈছে নদীখনৰ তলি মথাউৰিয়ে সুৰক্ষা দিয়া সমতলতকৈ ২-৩ মিটাৰ ওপৰত আছে৷ এনে অৱস্থাত কেনেবাকৈ মথাউৰি ভাঙি বানপানী সোমাই আহিলে বিস্তৰ ক্ষতি হয়৷ বালি পলস পৰি ঘৰ-বাৰী, ৰাস্তা-পদূলি, পথাৰ-বজাৰ বালিত পোত যায়৷ বছৰ বছৰ ধৰি সুৰক্ষা দি অহা মথাউৰিটো এদিনতে ‘খলনায়ক’লৈ ৰূপান্তৰিত হয়৷

বান প্ৰতিৰোধৰ বাবে মথাউৰি নিৰ্মাণৰ বিষয়টো দিনক দিনে বিবদমান হৈ গৈ আছে৷ উৰিষ্যাৰ গেদভৰ্তি নদীবিলাকৰ বান প্ৰতিৰোধৰ বাবে নিৰ্মিত মথাউৰিবিলাক ‘হিতে বিপৰীত’ হোৱাৰ বিষয়ে প্ৰসিদ্ধ লিখক দীনেশ মিশ্ৰ ডাঙৰীয়াই ‘নেশ্যনেল হেৰাল্ড’ নামৰ অনলাইন মেগাজিনত [আগষ্ট, ২০১৯] ত সবিস্তাৰে লিখিছে৷ লিখনিটোৰ শিৰোণাম হ’ল - ‘Debate over using embankments for flood control grows louder’৷

শিৰোণামৰ পৰাই লিখনিটোৰ বিষয়ে আভাস পোৱা যায়৷ একেদৰেই বিহাৰ প্ৰদেশৰ নদীসমূহত নিৰ্মিত মথাউৰিৰ প্ৰতি বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰসিদ্ধ লিখক শ্ৰীমনোজ সিং ডাঙৰীয়াই (Scroll, ৬ অক্ট'বৰ, ২০২০) ৷ তেখেতৰ লেখাটোৰ শিৰোণাম হ’ল ‘Embankments meant to prevent floods in Bihar have caused more damage than good’৷

এই পৰিস্থিতিত আহিব লগা দিনবোৰত আমাৰ ৰাজ্যখনত বান গৰা খহনীয়া সমস্যাই ভয়াৱহ ৰূপ ল’ব৷ পৰ্বতসম গেদীয় বোজাৰ বাবে ব্ৰহ্মপুত্ৰই 'বেণীসদৃশ’ [braided course] ৰ গতিপথ ল’লে৷ ফলত, বানপানীতকৈও গৰা খহনীয়াৰ সমস্যা তীব্ৰতৰ হৈ গৈ আছে৷ দুটা মাটিৰ মথাউৰিৰ মাজেদি বৈ থকা উপনদীবিলাকৰ গতিপথো গেদীয় বোজাৰে ভৰ্তি হৈ ভয়াৱহ সমস্যাৰ সৃষ্টি কৰি গৈ আছে৷

এতিয়া আমি মথাউৰিসমূহক ‘খলনায়ক’ সজাই ‘অৰণ্য ৰোদন’ কৰি থাকিলে পাৰ পাম জানো? বৰ্তমানৰ অৱস্থাত আমি মথাউৰিবোৰ পৰিহাৰ কৰিবও নোৱাৰোঁ৷ তেনে কৰিলে বাঘৰ নেগুৰত ধৰি ঘূৰি থাকি হঠাৎ এৰি দিয়াৰ দৰে অৱস্থা হ’ব৷

ব্ৰহ্মপুত্ৰকে আদি কৰি নদীসমূহৰ মথাউৰিবিলাকৰ স্থিতাৱস্থা বাহাল ৰাখিবই লাগিব৷ দুটা মথাউৰিৰ মাজত আৱদ্ধ নদী এখনৰ গতিপথত গোট খোৱা বালি পলসৰ বাধা আঁতৰাই এটা সুষম গতিপথ তৈয়াৰ কৰি দিব লাগিব যাতে ভৱিষ্যতেও গতিপথত বালি পলস জমা নহয়৷ নদীখনৰ জলপ্ৰবাহৰ গতীয় শক্তিয়ে নদীতে আহি পৰা বালি পলসৰ বোজাটো জলধাৰাৰ লগতে প্ৰবাহিত কৰি মোহনালৈকে লৈ যাব লাগিব৷ আৱশ্যকীয় গতীয় শক্তি বৃদ্ধিৰ বাবে গতিপথৰ প্ৰস্থ নিয়ন্ত্ৰণ কৰি ৰাখিবলৈ দুই পাৰে দুলানি স্পাৰ, গাইড বেংক, গাইড বান্ধ আদিৰ ব্যৱস্থা কৰিব লাগিব৷ অৰ্থাৎ আমি 'river training'ৰ ব্যৱস্থালৈ যাব লাগিব৷ ইয়াৰ যোগেদি নদীৰ তলিখনক আৰু সামগ্ৰিক গতিপথক এটা সুস্থিৰ অৱস্থালৈ [almost REGIME conditions] আনিব পাৰিলে বান খহনীয়া সমস্যাক নিয়ন্ত্ৰিত অৱস্থাত ৰাখিব পৰা যাব৷

মূল সূঁতি ব্ৰহ্মপুত্ৰক এটা নিয়ন্ত্ৰিত গতিপথেৰে বোৱাব পাৰিলে উপনৈবিলাক বহু পৰিমাণে প্ৰবাহিত হ’ব৷ মোৰ ব্যক্তিগত অভিমত হ’ল- মূলসূঁতি ব্ৰহ্মপুত্ৰক এটা নিয়ন্ত্ৰিত গতিপথত বোৱাব পাৰিলে উপনৈবিলাক বহু পৰিমাণে সুস্থিৰ গতিৰে প্ৰবাহিত হ’ব৷ আমি ভাবোঁ 'river training' ৰ গত্যন্তৰ নাই৷ বিশেষজ্ঞসকলে বা কি ভাবে?