ধন আৰু শক্তিৰ অপশাসন


Image Description

কিছুদিনৰ পৰা চৰকাৰখনে অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে৷ চৰকাৰী মাটি বেদখলমুক্ত কৰাৰ নামত সামান্যতমো মানৱীয় দৃষ্টিভঙ্গীৰ আশ্ৰয় লোৱা নাই৷

শেহতীয়াকৈ গুৱাহাটীৰ শিলসাঁকোত যি উচ্ছেদ চলোৱা হৈছে সেয়া একমাত্ৰ ধন আৰু শক্তিৰ অপশাসনৰ উদাহৰণৰ বাহিৰে একো নহয়৷ চৰকাৰী মাটি বেদখল মুক্ত কৰিবলৈ কোনেও আপত্তি নকৰে৷ কিন্তু সেইটো এটা ন্যূনতম প্ৰক্ৰিয়াৰ মাজেদি যোৱা উচিত৷

এখন সচেতন আৰু দায়িত্বশীল চৰকাৰে মানৱীয় দৃষ্টিভঙ্গী কেতিয়াও ভৰিৰে গচকি মোহাৰি পেলাব নোৱাৰে৷ প্ৰচণ্ড ঠাণ্ডাৰ দিনত উচ্ছেদ চলোৱা হৈছিল৷ বয়সিয়াল মানুহৰ প্ৰতি কোনো ধৰণৰ অনুকম্পা দেখুওৱা হোৱা নাই ৷ আনকি পৰীক্ষা দিবলগীয়া শিশুসকলৰ বেলিকাও নিৰ্মম দৃষ্টিভঙ্গী দেখুওৱা হৈছিল৷

বিকল্প ব্যৱস্থা নকৰাকৈ অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত অত্যাচাৰে সীমা চেৰাইছে৷ ন্যূনতম কৰণীয় হিচাবে কিছুদিনৰ কাৰণে খোৱা-বোৱাৰ আৰু থকা ঠাইৰ ব্যৱস্থা নকৰাকৈ মানুহখিনিক ত্ৰাসৰ মাজলৈ ঠেলি দিয়া হৈছে৷ একমাত্ৰ ধন আৰু শক্তিৰ নামত মতলীয়া চৰকাৰ এখনেহে এনে কাম কৰিব পাৰে৷

অসমত বাস কৰা ১৯৭১ চনৰ পিছৰ বিদেশী চিনাক্ত কৰি সেইসকলক বিচাৰৰ বাবে ডিটেন্সন কেম্পত থ'বলৈ ৰাজ্য চৰকাৰখনৰ সাহসৰ অভাৱ৷ বিদেশী চিনাক্তকৰণৰ ট্ৰিবিউনেল নিষ্ক্ৰিয় কৰা হৈছে। তেনেবোৰ দায়িত্ব পালনত নিজৰ ব্যৰ্থতা ঢাকিবলৈকো খিলঞ্জীয়া মানুহখিনিৰ ওপৰতে অত্যাচাৰ আৰম্ভ কৰা হৈছে৷

শিলসাঁকোত থকা অধিকাংশ পৰিয়ালে খাজানা দি আহিছে৷ বৰ্তমানৰ মুখ্য মন্ত্ৰী গুৱাহাটী প্ৰশাসনৰ দায়িত্বত থকাৰ সময়তে তেনেবোৰ খাজানা আদায় কৰা হৈছিল৷ এতিয়া ক্ষমতাৰ ৰাগীত নিজৰ অতীতটোকে মুখ্য মন্ত্ৰীজনে পাহৰি গৈছে৷ ঠিক একেদৰে পাহৰি গৈছে যে নিজে স্বাস্থ্য মন্ত্ৰী হৈ থকাৰ সময়তে হাজাৰ হাজাৰ বাল্যবিবাহৰ আইনবহিৰ্ভূত ঘটনা ঘটিছিল।

আচল কথা হ’ল ৰাজ্যখনত কোনো ধৰণৰ উন্নয়নমূলক কাম-কাজ নাই৷ মাঁথো আদানি-আম্বানী-শ্বাহ পৰিয়ালক অসমৰ মাটি দিছে, বৃহৎ ঠিকা দিছে আৰু সম্পদ দিছে৷ একে সময়তে অসমীয়া ভাষাক সংকোচনৰ মাজলৈ ঠেলিছে৷

কোনো সন্দেহ নাই যে বৰ্তমান চৰকাৰখনৰ লক্ষ্য হৈছে ধনীৰ বিকাশ আৰু দুখীয়াৰ বিনাশ৷ এফালে চৰকাৰখনৰ আইন অমান্যকাৰী মন্ত্ৰীসভাৰ সদস্যই ৰেহাই পাইছে৷ আনফালে অসমীয়া পৰিয়ালে অনাহাৰে দিন-ৰাতি কটাইছে। মন্ত্ৰী সিংঘালে আকাশৰ পৰা সেইয়া উপভোগ কৰিছে।

মানুহৰ প্ৰশ্ন: মন্ত্ৰী-বিধায়কৰ অবৈধ ধন-সম্পত্তিৰ সৰু-বৰ পাহাৰবোৰত বুলড'জাৰ চলোৱাৰ দিন কেতিয়া আহিব? এদিনতো আহিবই।।