আছুৰ সভাপতিৰ পদক্ষেপ
- নিজা প্ৰতিবেদক
- /
- December 11th, 2022

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীদীপাংক কুমাৰ নাথে দায়িত্বৰ পৰা অব্যাহতি লৈছে৷ নিত্তান্তই ব্যক্তিগত আৰু ঘৰুৱা কাৰণত অব্যাহতি ঘোষণা কৰিছে৷ এই বিষয়ে আন কোনো ব্যাখ্যাৰ কোনো অৱকাশ নাই৷
প্ৰাক্তন সভাপতি শ্ৰীনাথে সাম্প্ৰতিক অসম বুৰঞ্জীত গ্ৰহণ কৰা এটা নিৰ্দিষ্ট ভূমিকাৰ বাবে পৰিচিত হৈ থাকিব৷ কেন্দ্ৰীয় চৰকাৰে অসম চুক্তি উলংঘা কৰি অসমৰ জনসাধাৰণ ওপৰত কা আইনখন জাপি দিছিল৷ একে সময়তে অসমৰ কেইবাখনো জিলাৰ পৰা কাৰ্য্যকৰী হৈ থকা ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা প্ৰত্যাহাৰ কৰিছিল৷ এই দুয়োটা পদক্ষেপ বিজেপি চৰকাৰৰ অসমৰ প্ৰতি কৰা ঘোৰ অন্যায়ৰ উদাহৰণ হৈ ৰ’ব৷
কা আইনখনৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাই প্ৰতিবাদৰ কাৰ্য্যসূচী সাব্যস্ত কৰে৷ আছুৰ সভাপতি হিচাবে শ্ৰীনাথ আৰু সাধাৰণ সম্পাদক হিচাবে শ্ৰীলুৰীণজ্যোতি গগৈয়ে কা বিৰোধী প্ৰতিবাদ সবল কৰি তুলিছিল৷ প্ৰতিবাদৰ বিভিন্ন সভা-সমিতিত জনসাধাৰণৰ ফালৰ পৰা এটা নতুন ৰাজনৈতিক শক্তিৰ প্ৰয়োজনীয়তা উত্থাপিত হৈছিল৷
স্বাভাৱিকতে নতুন ৰাজনৈতিক শক্তিটোৰ আধাৰ আঞ্চলিকতাবাদৰ সপক্ষে চাৰিওফালে দাবী উঠিছিল৷ ১৯৮৫ চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত সদৌ অসম ছাত্ৰ সন্থাৰ পৃষ্ঠপোষকতাত অসম গণ পৰিষদ গঠন হৈছিল৷ ৰাইজৰ আশা আছিল যে অসম গণ পৰিষদে অসম চুক্তিখন ৰূপায়িত কৰিব আৰু অসমৰ খিলঞ্জীয়া মানুহৰ বাবে সাংবিধানিক ৰক্ষাকৱচ আদায় কৰিব৷
১৯৮৫ আৰু ১৯৯৬ চনত দুবাৰকৈ শাসনৰ দায়িত্ব পোৱাৰ পিছতো অগপ দলৰ সীমাহীন ব্যৰ্থতা ইতিহাসৰ পাতত ৰৈ গ’ল৷ অগপ দলে অসম জনসাধাৰণক প্ৰতাৰণা কৰিলে৷ বৰ্তমান অগপ দল হিচাবে বিজেপিৰ এলাগী সংগী৷
সেইবাবেই কা আন্দোলনৰ সময়ত এটা নতুন আঞ্চলিক শক্তিৰ স্বাভাৱিক প্ৰয়োজনীয়তা উত্থাপিত হৈছিল৷ ইয়াৰ গুৰি ধৰিছিল ছাত্ৰ সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে৷ নতুন আঞ্চলিক শক্তিটো আছুৰ কাৰ্য্যনিৰ্বাহকৰ সৰ্বসন্মত সিদ্ধান্ত অনুসৰি গঠন হয়৷
শ্ৰীলুৰীণজ্যোতি গগৈয়ে আছুৰ পৰা অব্যাহতি লৈ অসম জাতীয় পৰিষদৰ সভাপতিৰ দায়িত্ব ল’লে৷ শ্ৰীদীপাংক কুমাৰ নাথ আছুৰ সভাপতি হিচাবে দুলীয়াজান অধিবেশনত পুনৰ নিৰ্বাচিত হয়৷
নতুন আঞ্চলিক দল অসম জাতীয় পৰিষদ গঠনত শ্ৰীদীপাংক কুমাৰ নাথৰ অৰিহণা অনস্বীকাৰ্য্য৷ শ্ৰীনাথে ভৱিষ্যতৰ কাৰ্য্যপন্থা নিজেই ঠাৱৰ কৰিব৷ কিন্তু আঞ্চলিকতাবাদক পুনৰ জীৱিত কৰিবলৈ শ্ৰীনাথে যি আহ্বান জনাইছিল সেই আহ্বান মেজীৰ জুইত কা আইনখন জাপি দিয়াৰ দৰে নিশ্চয় নিজৰ মনতে অনুৰণিত হৈ ৰ’ব৷ শ্ৰীনাথৰ জন্মস্থানৰ বৃহৎ অঞ্চলটোৰ বাবে নতুন ৰাজনৈতিক নেতৃত্বৰ প্ৰয়োজনীয়তাও অনস্বীকাৰ্য্য৷
শ্ৰীনাথৰ নেতৃত্বত ছাত্ৰ সন্থাৰ সংবিধান ব্যাপকভাৱে সলনি হৈছিল৷ ৪০ বছৰৰ উদ্ধৰ্ত আছুৰ বিষয়ববীয়া হ’ব নোৱাৰে৷ জিলাসমূহৰ নতুন কমিটী গঠনত এইটো প্ৰযোজ্য হৈছে৷ সেইদৰে আছুৰ কাৰ্য্যকাল কোনো পৰিস্থিতিতে ৩ বছৰৰ বেছি হ’ব নোৱাৰে৷ এইটোও এটা আদৰণীয় কথা৷
আছুলৈ নতুন নেতৃত্বৰ সমাগম হোৱা উচিত৷ সেইটো সকলোৱে বিচাৰে৷ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হ’ল যে শ্ৰীনাথে নতুন নেতৃত্বৰ বাবে বাট মুকলি কৰি দিলে৷ নিজে সন্মানসহকাৰে অব্যাহতি লৈ হাতে-কামে কৰি দেখুৱালে৷ শেষ বিচাৰত একোজন নেতৃস্থানীয় ব্যক্তিক বিশ্লেষণ কৰা হয় ব্যক্তিজনে সমাজৰ বাবে এৰি থৈ যোৱা আদশৰ্নীয় উদাহৰণৰ মাজত৷ আন কোনো মাপকাঠিয়ে সহায় নকৰে৷৷