ইংৰাজীত স্কুলীয়া শিক্ষা


Image Description

নতুন শিক্ষা নীতি সম্পৰ্কত বহু বিষয়ত বহু সংগঠন আৰু ব্যক্তিৰ অমত প্ৰকাশ পাইছিল। কিন্ত্ত এটা বিষয়ত দ্বিমত নাছিল। স্কুলীয়া শিক্ষা মাতৃভাষাৰ মাধ্যমত হোৱা উচিত।

প্ৰধান মন্ত্ৰী এখোপ চৰিল। অসমত ক'লে ইঞ্জিনীয়াৰিং আৰু মেডিকেল শিক্ষাৰ পাঠদানো অসমীয়াত হ'ব। বাঃ বাঃ দিলোঁ।

গৃহ মন্ত্ৰীয়েও একে সুৰতে কৈ আছে। মাতৃভাষাত পঢ়িবলৈ কৈছে। মাতৃভাষা জীৱনত পাহৰিব নালাগে। ক'ৰবাত আঞ্চলিক ভাষাতে ইঞ্জিনীয়াৰিং আৰু মেডিকেলৰ পাঠদান হ'ব। ইত্যাদি। আকৌ বাঃ বাঃ।

কিন্ত্ত অসমৰ মুখ্য মন্ত্ৰীৰ মত প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ বিপৰীত। তাতোকৈ ডাঙৰ কথা শিক্ষা নীতিৰ বিপৰীত। স্কুলত বিজ্ঞান আৰু গণিত ইংৰাজীত পঢ়িব লাগিব।

ভাবটো এনে ধৰণৰ: ছাত্ৰই মোডীৰ ইঞ্জিনীয়াৰিং আৰু মেডিকেল অসমীয়াত পঢ়ক। স্কুলত ইংৰাজীত পঢ়ক। কোনো যুক্তি নাই। গাৰ বল মাথোঁন।

বিবুধিত পৰিছে ছাত্ৰ-ছাত্ৰী, অভিভাৱক। মন্ত্ৰী-বিধায়কৰ সন্তান কোনো সমস্যাত নপৰে।

এটাই বিষম ফল হ'ব। বহুতে স্কুল এৰিব। যিসকলৰ ওপৰত জাপি দিয়া হৈছে, তেনে ছাত্ৰ-ছাত্ৰীয়ে ঘৰুৱা শিক্ষক ল'ব নোৱাৰে। ধন নাই। সাঁথৰটো হ'ল যে 'ভাল' ইংৰাজী স্কুলত পঢ়া সকলোৰে ঘৰুৱা শিক্ষকৰ দৰকাৰ হয়। তেনে ঘৰুৱা শিক্ষকৰ সৰহখিনি আকৌ অসমীয়া মাধ্যমৰ!

মুখ্য মন্ত্ৰীৰ প্ৰতি প্ৰধান মন্ত্ৰী আৰু গৃহ মন্ত্ৰীৰ কিবা দুৰ্বলতা আছে নেকি বাৰু?