অজাপৰ উদ্যোগত আকৌ কা-বিৰোধী আন্দোলন
গুৱাহাটীৰ ৰাজপথত কা বাতিলৰ দাবী সহস্ৰ জনতাৰ


Image Description

সংসদত কা আইন গৃহীত হোৱাৰ দুবছৰ সম্পূৰ্ণ হোৱাৰ ১১ ডিচেম্বৰৰ দিনটোতে অসম জাতীয় পৰিষদে গুৱাহাটী মহানগৰীত বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰি আকৌ কা-বিৰোধী আন্দোলনৰ সূচনা কৰে৷

দলৰ দহদিনীয়া 'জাতীয় সংকল্প অভিযান'ৰ দ্বিতীয় দিনা ১১ ডিচেম্বৰত সভাপতি লুৰীণজ্যোতি গগৈৰ নেতৃত্বত সহস্ৰাধিক লোকে জাতীয় পৰিষদৰ মুখ্য কাৰ্য্যালয়ৰ পৰা দিছপুৰ অভিমুখে শোভাযাত্ৰা কৰি গৈ জু-ৰোডৰ এআইডিছি কাৰ্য্যালয়ৰ সন্মুখত 'কা' আইনৰ প্ৰতিলিপি দাহ কৰে৷

কা-বিৰোধী শ্ল'গানেৰে চৌপাশ উত্তাল কৰি আগবাঢ়ি যোৱা প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ আৰক্ষীয়ে কেইবাবাৰো চেষ্টা চলায় যদিও প্ৰতিবাদকাৰীসকলে আৰক্ষীৰ বাধা অতিক্ৰম কৰি 'কা আমি নামানো', 'কা আইন বাতিল কৰক' আদি শ্লোগানেৰে অগ্ৰসৰ হয়।

প্ৰতিবাদকাৰীসকলে জাতীয় পৰিষদৰ কাৰ্য্যালয় চৌহদত ক'লা পতাকা উত্তোলন কৰাৰ লগতে ৰাজপথত সমদল কৰোঁতে হাতে হাতে ক'লা পতাকা লৈ বিক্ষোভ প্ৰদৰ্শন কৰে৷

উল্লেখযোগ্য যে ২০১৯ চনৰ ১১ ডিচেম্বৰৰ দিনটোতে ৰাজ্যসভাত নাগৰিকত্ব সংশোধনী আইন চমুকৈ 'কা' গৃহীত হৈছিল৷ লগেলগে অসমত কা বিৰোধী আন্দোলন তীব্রতৰ হৈছিল যদিও ক'ভিড মহামাৰী আৰু দেশজোৰা লকডাউনৰ বাবে আন্দোলন স্তিমিত হৈ পৰিছিল৷ ক'ভিড শাম কটাৰ পিছত বিধান সভা নিৰ্বাচন আৰম্ভ হয় আৰু নিৰ্বাচনী সভাসমূহত বিজেপিয়ে কা-ৰ প্ৰসংগ এৰাই চলি মূলতঃ প্ৰলোভন আৰু সাম্প্ৰদায়িক বিভাজনেৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰে৷

অৱশ্যে কা আইনখন সংসদত গৃহীত হৈছে যদিও চৰকাৰী বিধি প্ৰণয়ন কৰিব নোৱাৰাৰ বাবে আইনখন এতিয়াও প্ৰয়োগ হোৱা নাই৷ নিয়মমতে, সংসদত আইন গৃহীত হোৱাৰ পিছত চৰকাৰে তাৰ বিধি ছমাহৰ ভিতৰত প্ৰণয়ন কৰিব লাগে৷ উক্ত সময়সীমাৰ ভিতৰত বিধি প্ৰণয়ন কৰিব নোৱাৰিলে সংসদৰ পৰা তিনি মাহৰ সময় ল'ব লাগে৷ কাৰ বিধি প্ৰণয়ন কৰিব নোৱাৰি কেন্দ্ৰীয় চৰকাৰে ইতিপূৰ্বে দুবাৰ সংসদৰ পৰা তিনিমাহকৈ মুঠ ছমাহ সময় লৈছে৷ অহা ফেব্ৰুৱাৰী মাহত উক্ত ছমাহ সময় উকলি যাব৷

জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় যে কা আইন জাপি দি কেন্দ্ৰৰ বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰে অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰ ৰচনা কৰিছে৷ এই ষড়যন্ত্ৰ কোনোপধ্যেই মানি ল'ব নোৱাৰি৷ 'কা' আইনৰ পক্ষত থকাসকল অসমীয়া জাতিৰ অস্তিত্ব সুৰক্ষাৰ পক্ষত নাই বুলি উল্লেখ কৰি গগৈয়ে কয় , 'বিজেপিয়ে প্ৰচাৰ চলাইছে যে অসমবাসী ৰাইজে বিজেপিৰ পক্ষত ভোট দি কা-ৰ প্ৰতি সমৰ্থন আগবঢ়াইছে৷ এইয়া সম্পূৰ্ণ মিছা কথা৷ বিজেপিয়ে নিৰ্বাচন জিকিছে প্ৰলোভন-প্ৰতিশ্ৰুতি আৰু সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতি কৰি৷ কা-ৰ প্ৰতি অসমীয়া ৰাইজৰ সমৰ্থন থকা হ'লে ইমান দিনে কেন্দ্ৰীয় চৰকাৰে কা আইনৰ বিধি প্ৰস্তুত কৰাৰ কাম সম্পূৰ্ণ কৰিলেহেঁতেন ৷ বিধি প্ৰণয়ন নকৰাৰ কাৰণ হৈছে প্ৰতিবাদৰ ভয়৷ সেই গতিকে আমি প্ৰতিবাদ অব্যাহত ৰাখিব লাগিব৷' কেন্দ্ৰই কা বাতিল নকৰালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব৷

গগৈয়ে লগতে কয় যে জাতীয় পৰিষদৰ দহদিনীয়া জাতীয় স্বাভিমান যাত্ৰাৰ তৃতীয় দিনা ১২ ডিচেম্বৰত কা-আন্দোলনৰ শ্বহীদ ঈশ্বৰ নায়কৰ জন্মস্থান ওদালগুৰিত দলে 'আত্মবলিদান দিৱস' পালন কৰিব৷ এনেদৰে দৈনিক এটাকৈ কাৰ্যসূচীৰে ১৭ ডিছেম্বৰত মাজুলীত দলৰ প্ৰতিষ্ঠা দিৱস উৎযাপন কৰিব দলে৷ ১৯ ডিছেম্বৰত চৈয়দ আব্দুল মালিকৰ জন্মস্থান নাহৰণিত গল্পসম্ৰাটগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাই সংকল্প অভিযানৰ সামৰণি পৰিব৷।