আধুনিক অসমীয়া সাহিত্যৰ বাটকটীয়া: দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা


Image Description

'অসম মৰিলে আমিও মৰিম।'
অসম আৰু অসমীয়া জাতিক কিমান ভাল পালে এনে এটা সংলাপ মুখ নিসৃত হ'ব বাৰু? সংলাপটো অসম আন্দোলনৰ কালছোৱাত নেতৃত্বকে আদি কৰি প্ৰতিজন অসমীয়াৰ বাবে হৈ পৰিছিল তেজোদ্দীপক, অতি চিনাকি, অতি আদৰৰ। কিন্তু এই অমোঘ বাক্য প্ৰথমবাৰৰ বাবে উচ্চাৰণ কৰা ব্যক্তিজন কোন আছিল সেই কথা হয়তো বহু অসমীয়াই নাজানে।

বৰ্তমান আমাৰ সকলোৰে স্মৃতিত ধূসৰিত হৈ পৰা সেইজনেই আছিল দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা।আৱাহন যুগৰ এক ব্যতিক্ৰমী গল্পকাৰ হোৱাৰ লগতে যিজন আছিল একেধাৰে সমাজ সংস্কাৰক, নাট্যকাৰ,কবি, অভূতপূৰ্ব ধী-শক্তি, কৰ্মপ্ৰেৰণা,দেশ-প্ৰীতি আৰু অসাধাৰণ সাহিত্য প্ৰতিভাৰ অধিকাৰী।

মাত্ৰ একুৰি পোন্ধৰ বছৰৰ বাবে এই পৃথিৱীলৈ ক্ষণিকৰ অতিথি হৈ অহা লক্ষ্মীধৰে দেশৰ ৰাজনীতি, সমাজ সংস্কাৰ, সাহিত্য আৰু সংস্কৃতিৰ কাৰণে যিখিনি অৰিহণা দি গ'ল, সি নিচেই কম বুলিব নোৱাৰি।

অসমীয়া প্ৰগতিবাদী সাহিত্যৰ বাটকটীয়া, অসমীয়া সাহিত্যাকাশৰ এক ক্ষণজন্মা নক্ষত্ৰ স্বৰূপ লক্ষ্মীধৰ শৰ্মাৰ জন্ম ১৮৯৮ (মতভেদে ১৮৯৭)চনৰ ১০ অক্ট'বৰত তেজপুৰৰ বিশ্বনাথ মৌজাৰ ভীৰগাৱঁত।ওচৰৰে পানীভঁৰাল প্ৰাইমাৰী স্কুলত শিক্ষাজীৱনৰ পাতনি মেলি সেই স্কুলৰ পৰাই বৃত্তি পৰীক্ষা দি জলপানি লৈ তেজপুৰ হাইস্কুলত পঢ়িবলৈ আহে। নৱম মান শ্ৰেণীলৈ প্ৰমোচন পাওঁতেই কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাই তেওঁৰ শৈক্ষিক প্ৰতিভা উমান পাই শিক্ষাৰ দায়িত্ব লৈ গুৱাহাটীলৈ আনি কলেজিয়েট স্কুলত নাম লগাই দিয়ে।

তীক্ষ্ণ বুদ্ধিসম্পন্ন মেধাৱী লক্ষ্মীধৰে ১৯১৬ চনত অসমৰ ভিতৰত তৃতীয় আৰু অসম উপত্যকাত প্ৰথম হৈ কুৰিটকীয়া বৃত্তি তথা পদক লাভ কৰি প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হয়।১৯২০ চনত তেওঁ কটন ক'লেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মাই শৈক্ষিক জীৱনত তেওঁৰ অভিভাৱকত্ব লৈ যথেষ্ট সহায় কৰিছিল।

১৯২০ চনত তেওঁ নাগপুৰত বহা ছাত্ৰ সন্মিলনত যোগ দিবলৈ গৈ ছাত্ৰকৰ্মী হিচাপে বহুতৰে দৃষ্টি আকৰ্ষণ কৰে।১৯২১আৰু১৯২২ চনেই লক্ষ্মীধৰৰ জীৱনৰ স্মৰণীয় কাল। সেই সময়ত তেওঁ কলিকতাত এমএ আৰু আইন পঢ়ি আছিল।১৯২১ চনত গান্ধীজী কলিকতালৈ আহি সকলো ডেকাক দেশসেৱাত আত্মনিয়োগ কৰিবলৈ আহ্বান জনোৱাত পোন প্ৰথমে লক্ষ্মীধৰেই ওলাই আহে।

অসমত ১৯২১ৰ আন্দোলন প্ৰকৃততে লক্ষ্মীধৰৰ দৰে ডেকাসকলৰ কাৰ্য্যতৎপৰতাৰ বাবেহে প্ৰৱলতৰ হৈ উঠিছিল।অসমলৈ ঘূৰি আহি তেওঁ তেজপুৰত বৃটিছ সাম্ৰাজ্যবাদী শাসনৰ বিৰুদ্ধে থিয় দিয়ে। সেই সময়ত তেজপুৰত দেখা দিয়া হাইজা মহামাৰীত আক্ৰান্তসকলক নিজৰ জীৱন বিপন্ন কৰিও শুশ্ৰূষা কৰিছিল।

কৈৱৰ্ত গাঁৱত মৃতকৰ সৎকাৰ কৰি ৰক্ষণশীল সমাজৰ অপ্ৰিয় হৈছিল। আন্দোলন শাম কটাত পুনৰ কলিকতালৈ ঘূৰি গৈ এমএ পঢ়ি আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্যত প্ৰথম শ্ৰেণীৰ প্ৰথম হৈ সুখ্যাতিৰে উত্তীৰ্ণ হয়।১৯২৭ চনত তেওঁ দেশভক্ত তৰুণৰাম ফুকনৰ জীয়ৰী প্ৰতিভা দেৱীক বিয়া কৰায়। সেই বছৰতে আইনৰ ডিগ্ৰী লৈ গুৱাহাটীত ওকালতি আৰম্ভ কৰে। বিয়াৰ তিনি বছৰৰ ভিতৰতে তেওঁৰ পত্নীৰ বিয়োগ হয়।

এই সংস্কাৰবাদী চেতনাৰ সাহিত্যিকগৰাকীয়ে 'আৱাহন'ত প্ৰকাশিত গল্পসমূহত সমাজত নাৰীৰ স্থান, নাৰী জীৱনৰ হা-হুতাশ,আশা -আকাংক্ষা, সামাজিক কু-সংস্কাৰ, বিধৱাৰ সমস্যা আদি বিষয়ত গুৰুত্ব আৰোপ কৰি সমসাময়িক সমাজখনৰ প্ৰতি নিজৰ দায়বদ্ধতা প্ৰকাশ কৰিছিল।

লক্ষ্মীধৰ শৰ্মাৰ 'নিৰ্মলা' নামৰ নাটকত বিধৱা বিবাহ প্ৰচলন বিষয়ত তেওঁৰ মতবাদ স্পষ্ট হৈ উঠিছে। সংকীৰ্ণ জাতীয়তাবাদ আৰু সাম্প্ৰদায়িকতাৰ পৰা মুক্ত লক্ষ্মীধৰৰ হিন্দু-মুছলমানৰ সাম্প্ৰদায়িক সম্প্ৰীতিৰ উজ্বল নিদৰ্শন হ'ল তেওঁৰ গল্প 'চিৰাজ'।এই গল্পটোক পৰবৰ্তী সময়ত নটসূৰ্য্য ফণী শৰ্মাই চলচ্চিত্ৰ ৰূপ প্ৰদান কৰিছিল।'

তেখেতৰ 'অনাগতৰ অভিশাপ' 'নামৰ গল্প পুথিখন পুলিচে ঘৰতালাচী কৰোঁতে হেৰাল। তদুপৰি তেওঁ ৰচনা কৰা 'নিষ্ঠা'নামৰ ৰাজনৈতিক উপন্যাস এখন কলিকতাৰ ছপাশালৰ পৰা নোহোৱা হ'ল।

স্বাধীনতা আন্দোলনত যোগদান কৰি তেখেতে কেইবাবাৰো কাৰাবৰণ কৰিছিল।১৯৩৩ চনৰ পৰা যক্ষ্মাৰোগত ভুগি ১৯৩৪ চনৰ ৩ মে' ত শ্বিলঙৰ লাইমুখ্ৰাত তেওঁৰ দেহাৱসান ঘটে।

অ'ত-ত'ত সিচঁৰতি হৈ থকা শৰ্মাৰ বিবিধ ৰচনাক একত্ৰিত কৰি 'নতুন সাহিত্য পৰিষদে' দুটা খণ্ডত প্ৰকাশ কৰিছে। দেশপ্ৰাণ লক্ষ্মীধৰ শৰ্মা ৰচনাৱলী (১ম খণ্ড ) আৰু (২য় খণ্ড)।

'দেশৰ কথা 'নামৰ অসমৰ সমস্যাক লৈ লিখা নাটিকাখনেই তেওঁৰ স্বদেশ প্ৰেমৰ উমান দিয়ে। এই নাটকখনৰ নায়কৰ মুখেদি তেওঁ এঠাইত কোৱাইছে,

'অসম মৰিলে আমিও মৰিম, এই কথা নাপাহৰিবা।'

এই কথাষাৰ কৈছিল যদিও অসমক সৰ্বভাৰতীয় পটভূমিৰ পৰা তেওঁ পৃথকে চোৱা নাছিল। মানুহৰ ভোগতৃষ্ণা আৰু শোষণৰ প্ৰবৃত্তিয়ে যে সভ্যতাৰ সংজ্ঞাকে নিৰ্মূল কৰিছে সেই কথা তেওঁ উপলব্ধি কৰিছিল আৰু তেওঁৰ লিখনিত তাৰ প্ৰতিফলনো ঘটিছিল। তেওঁ আছিল আধুনিক অসমৰ নিৰ্মাতা।

প্ৰশ্ন হয়, লক্ষ্মীধৰক আমি যথাযোগ্য মৰ্য্যাদা দিব পাৰিছোঁনে? যদিও তেওঁৰ সাহিত্যিক অৱদান তাকৰীয়া, কিন্তু ওজনত গধুৰ। মনেপ্ৰাণে স্বদেশক ভালপোৱা লক্ষ্মীধৰৰ প্ৰতি কৃতজ্ঞ দেশবাসীয়ে তেওঁক 'দেশ-প্ৰাণ' উপাধি প্ৰদান কৰিছিল। জীয়াই থকা হ'লে তেওঁৰ প্ৰতিভাই হয়তো অসমীয়া সাহিত্যাকাশক এক আধুনিক ৰূপত উজলাই তুলিলেহেঁতেন!

এইজন মহান অসমপ্ৰেমী, প্ৰগতিবাদৰ সাধক , সমাজ সংস্কাৰক,চিৰ বিপ্লৱীৰ জীৱনাদৰ্শ অসমীয়া ডেকাসকলৰ বাবে চিৰপাথেয় হৈ ৰওক।।