অধিকাৰ আৰু কৰ্তব্য


Image Description

মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণা প্ৰকাশ হোৱাৰ পিছত এই সম্পৰ্কে প্ৰতিক্ৰিয়া জানিবলৈ ১৯৪৭ চনত ৰাষ্ট্ৰসংঘৰ প্ৰথম মানৱ অধিকাৰ আয়োগে এক অনুসন্ধান চলায়৷ ভাৰত তেতিয়া স্বাধীন হোৱা নাই কিন্তু হওঁ হওঁ অৱস্থাত আছে৷

অনুসন্ধানৰ বাবে ইউনেস্ক’ৰ সদস্যভুক্ত দেশৰ লিখক, চিন্তাবিদলৈ এখন প্ৰশ্নাৱলী যুগুত কৰি পঠিয়ালে আৰু এঘাৰগৰাকী বিশেষজ্ঞ হিচাবে তেওঁলোকৰ মতামত বিচাৰিলে৷ এনে কেইগৰাকীমান বিশেষজ্ঞৰ এজন আছিল ভাৰতৰ মোদনদাস কৰমচাঁদ গান্ধী৷

প্ৰাক্‌স্বাধীনতা কালৰ ভাৰতৰ অশান্তিৰ সেই সময়ৰ দিনবোৰত গান্ধী ভাৰতৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰিছে৷ এই পত্ৰৰ উত্তৰ গান্ধীয়ে লিখিবলগীয়া হ’ল চলন্ত ৰেলগাড়ীৰ দবাত বহি৷

১৯৪৭ চনৰ ২৫ মে তাৰিখে ইউনেস্ক’ৰ ডিৰেক্টৰ জেনেৰেল ড॰ জুলিয়ান হাক্সলিক সম্বোধন কৰি লিখা চিঠিখনৰ কেইশাৰীমান আছিল এনে ধৰণৰ:

‘মই মোৰ নিৰক্ষৰ কিন্তু জ্ঞানী মাৰ পৰা শিকিছোঁ যে সকলো ধৰণৰ উপযুক্ত অধিকাৰ ভালদৰে কৰ্তব্য পালনৰ পৰাই লাভ হয়৷ এই মৌলিক বাক্যষাৰীৰ পৰাই সম্ভৱতঃ মানুহে পালন কৰিলগীয়া কৰ্তব্যৰ ধাৰণা যুগুত কৰি ল’ব পাৰি আৰু প্ৰতিটো অধিকাৰৰ লগতেই প্ৰথমেই পালন কৰিবলগীয়া এক অনুৰূপ কৰ্তব্যৰ লগত সহসম্বন্ধও স্থাপন কৰিব পাৰি৷ নহ’লে অধিকাৰ অনাধিকাৰভাৱে হস্তগত কৰাৰ দৰেহে হ’ব...৷’

গান্ধীৰ এইকেইশাৰী বাক্যৰ সাৰমৰ্মই হ’ল অধিকাৰ প্ৰাপ্তিৰ লগতে অধিকাৰৰ যোগ্য হ’বলৈ অনুৰূপ কৰ্তব্য পালনৰ প্ৰতি সাজু হৈ থকা৷ সম্প্ৰতি ৰাজহুৱা চিন্তা চৰ্চাত ভাৰতীয় সংবিধানে স্থান লাভ কৰা দেখা গৈছে৷ ভাৰতীয় সংবিধানতো নাগৰিকৰ বাবে মৌলিক অধিকাৰৰ উল্লেখ আছে৷ এই সংবিধান প্ৰণয়নৰ বহু বছৰ পিছত সংবিধানৰ সংশোধনী ঘটাই ভাৰতীয় নাগৰিকে পাবলগীয়া মৌলিক কৰ্তব্যসমূহৰ বিষয়ে এক অধ্যায় সংযোগ কৰে [চতুৰ্থ খণ্ড]৷

এই সংশোধন যথেষ্ট গুৰুত্ব বহনকাৰী আছিল যদিও সংশোধন কৰা সময়ত দেশৰ নাগৰিকসকলৰ মাজতে স্বাভাৱিকতে দেখা পোৱা আলোচনী বিতৰ্ক আদি বৰকৈ দেখা হোৱা নাছিল৷ ইয়াৰ কাৰণ আছিল সেই সময়ত ভাৰতত চলি থকা আভ্যন্তৰীণ জৰুৰী অৱস্থা৷ এই জৰুৰী অৱস্থা আছিল ১৯৭৫ চনৰ জুনমাহৰ পৰা ১৯৭৭ চনৰ মাৰ্চমাহলৈ৷

সংবিধানত অন্তৰ্ভুক্ত এঘাৰটা মৌলিক কৰ্তব্যৰ ভিতৰৰ দুটা আছিল:

[১] প্ৰাকৃতিক পৰিবেশৰ লগতে বননি, নদী, হ্ৰদ আৰু বনৰীয়া জীৱকুল ৰক্ষা কৰা আৰু শ্ৰীবৃদ্ধি সাধন কৰা৷

[২] বৈজ্ঞানিক মানসিকতা, অনুসন্ধান আৰু সংস্কাৰ আৰু মানৱতাবোধৰ বিকাশ ঘটোৱা৷

সংবিধানত অন্তৰ্ভুক্ত মৌলিক অধিকাৰসমূহৰ বাহিৰেও সভ্যসমাজত নাগৰিকে আন বহু অধিকাৰো লাভ কৰাৰ প্ৰয়োজন৷ উদাহৰণ স্বৰূপে বিভিন্ন শৈক্ষিক, সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক, ৰাজনৈতিক অধিকাৰ৷

একেদৰেই পাৰিৱেশিক অধিকাৰো আন এক অধিকাৰ৷ প্ৰাকৃতিক পৰিৱেশ বিনষ্টকৰণৰ প্ৰভাৱৰ পৰা যথাসম্ভৱ ৰক্ষা কৰা, প্ৰদূষণমুক্ত বায়ু-পানী-মাটি সহজলভ্য হোৱা মানুহৰ এক সাৰ্বজনীন অধিকাৰ৷

ইমানদিনে এইবোৰ বিষয় অৱজ্ঞা কৰি থকাৰ বাবেই আন বহু সমস্যাৰ লগতে জলবায়ু পৰিৱৰ্তনৰ দৰে সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে মানৱজাতি৷ বহুলাংশে এই সমস্যাৰ কাৰণো মানুহৰেই ক্ৰিয়াকলাপ৷

জলবায়ু পৰিৱৰ্তনৰ সমস্যা স্থানীয় সমস্যা নহয়৷ এই সমস্যাই দেশ-প্ৰদেশৰ সীমা নাজানে৷ ই আন্তঃৰাষ্ট্ৰীয় সমস্যা৷ সেয়ে ইয়াৰ সমাধানৰ বাবে প্ৰয়োজন আন্তঃৰাষ্ট্ৰীয় সহমত৷

ইয়াৰ বাবে সময়ে সময়ে বিভিন্ন দেশৰ ৰাষ্ট্ৰনেতা মিলিতও হয়, চুক্তিও স্বাক্ষৰ হয় যদিও নানান কাৰণত ব্যৱস্থা লোৱাৰ বাবে সহমতত উপনীত হোৱাত বিফল হয়৷

জলবায়ু পৰিৱৰ্তনৰ দৰে গোলকীয় সমস্যাৰ উপৰিও ৰাষ্ট্ৰীয় বা স্থানীয় পৰ্য্যায়তো পৰিৱেশসম্পৰ্কীয় সমস্যাই মানুহক বিপদত পেলোৱা আৰম্ভ হৈছে৷

ইয়াৰ কাৰণনো কি সেয়া অজানা হৈ থকা নাই৷ এই বিপদৰ মোকাবিলা কৰিবলৈ সময়ে সময়ে নীতি-নিয়মো প্ৰণয়ন কৰা হয়৷ কিন্তু এনে নীতি-নিয়ম আমাৰ দেশত ভালদৰে পালিত হোৱাৰ উদাহৰণ কম৷ ইয়াৰ প্ৰধান কাৰণ হ’ল অধিকাৰ সম্বন্ধে সচেতনতা থকা স্বত্তেও অধিকাৰৰ লগত জড়িত কৰ্তব্য পালনত সিন্ধান্ত গ্ৰহণ কৰোঁতাসকলৰ লগত নাগৰিকসকলেও প্ৰদৰ্শন কৰা ব্যৰ্থতা৷

উদাহৰণ স্বৰূপে, আজি কেইদিনমান আগতে বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগেৰে চৰকাৰে ‘এবাৰ ব্যৱহাৰ কৰি পেলাই দিয়া প্লাষ্টিক’ৰ প্ৰচলন ৰোধ কৰিবলৈ গ্ৰহণ কৰা নীতি-নিয়ম সদৰি কৰিছিল৷ ইয়াৰ আগতেও এনে ব্যৱস্থা লোৱাৰ সিদ্ধান্ত ঘোষণা কৰাৰ উদাহৰণ আছে৷ কিন্তু আগৰদৰে এইবাৰো কাৰ্য্যক্ষেত্ৰত একো নহ’ল৷

দুদিনমানৰ পিছতে এনে প্লাষ্টিকৰ ব্যৱহাৰ আগৰ দৰেই চলি থাকিল৷ নীতি-নিয়ম ব্যৱস্থা কাৰ্য্যকৰী কৰোঁতাসকলৰ নিৰুদ্বেগ মনোভাৱ ইয়াৰ মুখ্য কাৰণ। লগতে আন এক কাৰণ হ’ল নিৰ্মল পৰিৱেশ অধিকাৰ লাভৰ প্ৰত্যাশীসকলৰ কৰ্তব্য পালনত অনীহা৷ চৰকাৰৰ প্ৰচাৰ কৰা নীতি-নিয়মৰ বিষয়ে জানি-শুনি স্বেচ্ছাই এনে প্লাষ্টিক বৰ্জন কৰা লোকৰ সংখ্যা নাবাঢ়িল৷

বহুতে আকৌ সম্ভাব্য সমাধান আগবঢ়ালে প্লাষ্টিকৰ বিকল্প আগতে প্ৰস্তুত হৈ থাকিব লাগে৷ বহু বিকল্প পদাৰ্থ ব্যৱহাৰ হৈছেই৷ কাগজ এনে বিকল্প পদাৰ্থ বুলি ভবা হয় যদিও ইয়াৰ পৰাও ভৱিষ্যতে আন বিপদ আহিব৷ বেছি কাগজ প্ৰস্তুত হোৱা মানেই বননি ধবংস হোৱা৷

সম্প্ৰতি বিভিন্ন ব্যৱহাৰত মানুহে কাগজকেই বিকল্প হিচাবে লোৱাৰ বাহিৰে কাগজৰ উৎপাদন বাঢ়িব৷ এই প্ৰয়োজন পূৰণাৰ্থে সম্প্ৰতি যি হাৰত বনধবংস হয় তাৰ হিচাব হ’ল– মুঠ নিৰ্বনীকৰণৰ ১৪ শতাংশ৷ কাগজৰ ওপৰত নিৰ্ভৰশীলতা কমাবহে লাগে৷ কাগজৰ আন খৰচতো মিতব্যয়ী হ’ব লাগিব৷

ভোগবাদী প্ৰলোভনৰ বলি হৈ অনিয়ন্ত্ৰিত হাৰত বস্তু ব্যৱহাৰ কৰাৰ প্ৰৱণতাও নিয়ন্ত্ৰণত ৰাখিব লাগিব৷ কিয়নো আমি ব্যৱহাৰ কৰা প্ৰতিটো বস্তুৱেই কিবা নহয় কিবা প্ৰকাৰে প্ৰকৃতিৰ পৰাই আহৰণ কৰা৷ সুৰক্ষিত প্ৰকৃতি লাভ কৰাৰ অধিকাৰ আমাৰ প্ৰাপ্য, কিন্তু ইয়াৰ বাবে অনুৰূপ কৰ্তব্যপালনৰ দায়িত্বও আমাৰেই৷

প্ৰাকৃতিক পৰিৱেশ বিনষ্ট বৰ বেছি নহ’লে আগৰ অৱস্থালৈ ঘূৰি আহিবলৈ প্ৰকৃতিৰ নিজৰে সামৰ্থ থাকেই৷ এই সামৰ্থ্য শক্তিহীন হৈ পৰে যদিহে বিনষ্টকৰণৰ মাত্ৰাই সীমা অতিক্ৰম কৰে৷।