অসমীয়াই অসমীয়াক সহায় কৰক


Image Description

আমি বহু আন্দোলন দেখিলোঁ আৰু কৰিলোঁ৷ একো বুুজি নোপোৱাকৈয়ে আৱেগ ঢালি আমি আন্দোলন কৰি গ’লোঁ, জাতীয়তাবাদ মানিলোঁ৷ সৰ্বসাধাৰণ অসমীয়াই একো নুবুজাকৈয়ে আন্দোলনবোৰ আৰম্ভ হ’ল আৰু একো নুবুজাকৈয়ে কেৱল এটা প্ৰশ্নবোধকেৰে পৰিসমাপ্তি ঘটিল প্ৰায় প্ৰতিটো আন্দোলন৷

আঁৰৰ কথাবোৰ সৰ্বসাধাৰণ অসমীয়াৰ বোধগম্য নহয়৷ পৰিসমাপ্তিত বাঘজৰীডাল ধৰি থকা বহুতৰে মুখাখন খুলিছে৷ বহুতৰে মুনাফাভোগী চৰিত্ৰ সৰ্বসাধাৰণৰ দৃষ্টিগোচৰ হৈছে ৷ কিন্তু অসমীয়াৰ সামগ্ৰিক ছবিখন প্ৰায় একেই ধৰণৰ স্থবিৰতাত পোত গৈ থাকিল বহু আন্দোলনৰ পিছতো ৷

গতিকে স্বাভাৱিকতেই বহু আন্দোলনৰ বহু নিষ্ঠাৱান অনুগামীৰো আনকি এতিয়া আন্দোলনৰ প্ৰতি মোহভঙ্গ ঘটিছে৷ তাৰ পৰিৱৰ্তে জাতিটোৰ উত্তৰণৰ বাবে নতুন নতুন চিন্তা আৰু সম্পৰীক্ষা মূল অৱলম্বন হৈ পৰিছে৷

অসমীয়াৰ ভাগ্যৰেখা সলনি কৰিবলৈ হ’লে প্ৰতিজন অসমীয়াই কঠোৰ শ্ৰম আৰু তীব্ৰ প্ৰতিদ্বন্দিতাত লিপ্ত হ’ব লাগিব৷ অসমীয়াই অসমীয়াক সহায় কৰিব লাগিব৷ আৰ্থিক ভেঁটি টনকিয়াল কৰিব লাগিব৷ অসমীয়া যে এটা কেঁকোৰা জাতি নহয় সেই কথা প্ৰতিপন্ন হ’ব লাগিব৷ তাৰ পিছতহে আহিব আন কথাবোৰ৷ প্ৰথমে ভাত কথা তাৰ পিছতহে ৰাম কথা৷

বাণিজ্যৰ ক্ষেত্ৰত দেখি আহিছোঁ মাৰোৱাৰীসকলে ইজনে সিজনক সহযোগ কৰে৷ সেইদৰে ইজনে সিজনৰ আস্থাভাজন হৈ থাকিবলৈ চেষ্টা কৰে৷ বঙালীসকলৰ ক্ষেত্ৰতো দেখা যায় জাতিটোৰ প্ৰতি তেওঁলোকৰ দায়বদ্ধতা ৷

বৌদ্ধিক-শৈক্ষিক-সাংস্কৃতিক-ভাষিক-বাণিজ্যিক সকলো ক্ষেত্ৰতে বঙালীসকলৰ যি পাৰস্পৰিক সহযোগিতা সেয়া নিশ্চয় শ্ৰদ্ধাৰ পাত্ৰ৷ আমি তেওঁলোকৰ পৰা বহু শিকিবলগীয়া আছে৷ অৰ্থনৈতিক ভেটি সবল নহ’লে আন সকলো কথাই মানুহৰ বাবে গৌণ৷ অসমীয়া, বঙালী, মাৰোৱাৰী, বিহাৰী কোনোৱেই এই ক্ষেত্ৰত ব্যতিক্ৰম নহয়৷

কিন্তু অসমীয়াসকল এটা কথাত আনতকৈ ব্যতিক্ৰম– অসমীয়াই নিজেক অৰ্থনৈতিকভাৱে সমৃদ্ধশালী কৰি তুলিবলৈ সংগ্ৰামী-পৰিশ্ৰমী ব্যাৱসায়িক জীৱন এটা কটাবলৈ প্ৰস্তুত নহয়৷ চাকৰিমুখী অসমীয়াৰ বাবে চাকৰি এটাই জীৱনৰ সফলতাৰ মাপকাঠি ৷ সকলো সন্তুষ্টি যেন চাকৰি এটা প্ৰাপ্তিতেই নিহিত হৈ আছে৷ চাকৰি অবিহনে যেন সকলো মিছা– তেনে এক মনোবৃত্তি সৰ্বত্ৰ বিৰাজমান৷

এনেবোৰ মনোবৃত্তি পৰিহাৰ কৰি সকলো ক্ষেত্ৰতে অসমীয়াই আগ্ৰাসীৰূপ লওক৷ চাকৰি-বাণিজ্য নিৰ্বিশেষে৷ যিসকলে বাণিজ্যৰ ক্ষেত্ৰখনত প্ৰৱেশ কৰিছে তেওঁলোকে সকলোৰে আস্থাভাজন হ’বলৈ চেষ্টা কৰক৷ দুপইচা কম লাভ হ’লেও মানসম্পন্ন সামগ্ৰীৰে বা দক্ষতাৰে গ্ৰাহকৰ অন্তৰ জয় কৰক আৰু বাণিজ্যৰ সম্প্ৰসাৰণ কৰক৷

কষ্টসাধ্য হ’লেও এই ক্ষেত্ৰত ব্যাৱসায়িক স্থায়িত্বৰ সম্ভাৱনা অধিক৷ বেছিভাগ অসমীয়াৰে সহজলভ্য টকাৰ প্ৰতি যি মোহ সি কিন্তু ব্যাৱসায়িক স্থায়িত্ব দিব নোৱাৰে৷ এই ক্ষেত্ৰত অসমীয়াই অসমীয়াক সহায় কৰি অসমীয়াৰ আৰ্থিক ভেটি টনকিয়াল কৰি এক নিদৰ্শন দাঙি ধৰক৷

সৰ্বতোপ্ৰকাৰে নিষ্ঠাবান অসমীয়াসকলক সহযোগ কৰক৷ অৰ্থনৈতিকভাৱে অসমীয়াই আগ্ৰাসী ৰূপ লওক ৷ সমস্যাবোৰ আপোনা-আপুনি সমাধান হ’ব৷ এতিয়া সময় অসমীয়াই এলাহৰ নিহালী ত্যাগ কৰি ব্যৱসায়-বাণিজ্য-উদ্যোগ-চাকৰি আদি সকলো ক্ষেত্ৰতে জপিয়াই পৰাৰ৷।