মনু সংহিতাৰ বিষয়ে প্ৰাথমিক অনুসন্ধান


Image Description

মনু সংহিতাৰ বিষয়ে অনেকৰ ধাৰণা শুদ্ধ বুলি ক’বলৈ টান৷ ইয়াৰ মূলতে হ’ল যে সংস্কাৰহীনভাৱে জীৱন যাপন কৰাসকলক সংস্কাৰপূৰ্ণ জীৱন যাপন কৰাসকলৰ লগত মনু সংহিতাই সমান স্থান দিয়া নাই৷ এই ধাৰণাৰ লগত ব্ৰাহ্মণ্যবাদৰ সম্পৰ্ক আছে বুলি অনেকৰ দৃঢ় ধাৰণা৷

কিন্তু বৰ্ণবিভাজন অনুসৰি ব্ৰাহ্মণ নামৰ কোনো এটা সম্প্ৰদায় প্ৰথম অৱস্থাত নাছিলেই৷ প্ৰত্যেক বেদৰে একোখন বিধি আছে৷ এই বিধি গদ্যত ৰচনা কৰা৷ ইয়াকে ‘ব্ৰাহ্মণ’ বুলি কয়৷ বেদৰ মন্ত্ৰসমূহ ঋত্বিকে উচ্চাৰণ কৰাৰ পিছত ব্ৰাহ্মণ অনুসৰি যজ্ঞত কোনো বস্তু আহুতি দিয়া হয়৷ ব্ৰাহ্মণ অনুসৰি, অৰ্থাৎ বিধি অনুসৰি আহুতি দিবলৈ সেই কাম শিকাই লোৱা কেইগৰাকীমান সহায়ক থাকে৷ প্ৰথম অৱস্থাত বৰ্ণভেদ নথকাৰ বাবে যি লোকেই এই কাম সঠিকভাৱে কৰিব পাৰিছিল তেনে লোককে শিকাই-বুজাই নিয়োগ কৰা হৈছিল৷

প্ৰথম অৱস্থাত থকা এনে আঠজনমানৰ ভিতৰত আনকি জাৰজ লোকো আছিল৷ বিধি, অথাৰ্ৎ ব্ৰাহ্মণ অনুসৰি কাম কৰা এই সহায়কসকলক চমুকৈ ব্ৰাহ্মণ বুলি কোৱা হ’বলৈ ধৰিলে৷ পৰৱৰ্তীকালত এই সকলে যজ্ঞৰ কাম নকৰাসকলতকৈ বেলেগ মৰ্য্যাদা পাবলৈ ধৰিলে৷ আনকি ব্ৰহ্মক যি জানে সেয়ে ব্ৰাহ্মণ এই সংজ্ঞাও সৃষ্টি কৰা হ’ল৷

স্বাভাৱিকতে এই সহায়কসকলে বেদমন্ত্ৰ অনুসৰি কাম কৰোঁতে কৰোঁতে বেদৰ ওপৰতো এটা অধিকাৰ তেওঁবিলাকে লাভ নকৰাকৈ নাথাকিল৷ বৰ্ণবিভাজন হোৱাৰ সময়ত ব্ৰাহ্মণসকলক প্ৰথম স্থান দিয়া হ’ল৷ কাৰণ তেওঁবিলাকে আন কামৰ পৰিৱৰ্তে বেদমন্ত্ৰ অনুসৰি যজ্ঞৰ কামেই কৰিছিল৷

একেলগে সমষ্টিগতভাৱে থকা মানুহৰ ৰক্ষণাৱেক্ষণৰ বাবে বাহুৱলী আৰু বুদ্ধিমানসকলক ক্ষত্ৰিয় শ্ৰেণীত অন্তভুৰ্ক্ত কৰা হ’ল৷ যিসকল লাগতিয়াল সামগ্ৰীৰ ক্ৰয়-বিক্ৰয়ৰ যোগেদি মানুহৰ প্ৰয়োজন পূৰ্ণ কৰাৰ কামত নিয়োজিত হ’ল তেওঁবিলাকক বৈশ্য বুলি কোৱা হ’ল, অৰ্থাৎ ব্যৱসায়ী, আৰু যিসকল শাৰীৰিক শ্ৰমেৰে সৈতে শস্য উৎপাদনৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত নিযোজিত হ’ল তেওঁবিলাকক শূদ্ৰ বুলি কোৱা হ’ল৷

এনে এটা সময়ো আছিল বুলি কোৱা হয় যে একেটা পৰিয়ালৰ পৰাই কোনোবাজন ব্ৰহ্মণ, কোনোবাজন ক্ষত্ৰিয়, কোনোবাজন বৈশ্য বা কোনোবাজন শূদ্ৰ হোৱাৰ বাট মুকলি হৈ আছিল৷ গতিকে বৰ্ণ বিভাজন মূলতঃ কাম অনুসৰি হৈছিল৷ গীতাত কৃষ্ণৰ মুখেদি কোওৱা হৈছে ‘‘চতুৰ্বণং ময়া সৃষ্টং গুণ-কম বিভাগচঃ’’৷

কিন্তু লাহে লাহে এনে হ’ল যে অন্য কোনো শাৰীৰিক কাম নকৰাকৈ কেৱল বেদ চৰ্চাৰ আৰু হোমৰ যাগযজ্ঞ নিয়ম অনুসৰি কৰাসকল এই আটাইকেউটা শ্ৰেণীতকৈ শ্ৰেষ্ঠ স্বৰূপে মান্য হ’ল আৰু কায়িক শ্ৰম কৰাসকল নীচস্থ বুলি গণ্য হ’বলৈ ধৰিলে৷ তদুপৰি শিক্ষা-দীক্ষাৰ পৰা আৰম্ভ কৰি বেদবিহিত জীৱন-যাপন কৰা ব্ৰাহ্মণসকলক যিদৰে শ্ৰেষ্ঠ জ্ঞান কৰা হ’ল, ব্ৰাহ্মণসকলেও বাকীসকলক তেওঁবিলাকতকৈ হীন জ্ঞান কৰা হ’ল৷ ব্ৰাহ্মণ্যবাদৰ এনেভাৱেই জন্ম হ’ল৷

অনেকেই ভাবে যে মনু সংহিতা এই ব্ৰাহ্মণ্যবাদৰে ফল৷ কিন্তু এই সমগ্ৰ বিষয়টো ভালকৈ বিচাৰ কৰাৰ প্ৰয়োজন আছে৷ কাৰণ মনু সংহিতাৰ ৰচয়িতাই যথাৰ্থতে স্ত্ৰীয়েই হওক বা পুৰুষেই হওক, ব্ৰাহ্মণেই হওক বা অব্ৰাহ্মণেই হওক, সকলোৰে ক্ষেত্ৰত এটা সৎ জীৱন যাপন কৰিবৰ বাবে নিয়ম বান্ধি দিছিল৷ যিবিলাক আনকি ব্ৰাহ্মণেও এনে নিয়ম নামানিছিল তেওঁলোকো শাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল৷ দেখা যায় মনু সংহিতাই সম্প্ৰদায়ৰ ভিত্তিত বা স্ত্ৰী-পুৰুষৰ ভিত্তিত কাকো উচ্চ বা নীচ স্বৰূপে দাঙি ধৰাৰ পৰিৱৰ্তে গুণৰ ভিত্তিতহে উচ্চ-নীচৰ পৰিচয় দাঙি ধৰিছিল৷

গুণহীনজন কোনো ব্ৰাহ্মণ পৰিয়ালৰ হ’লেও তেওঁক দৰাচলতে শূদ্ৰৰ স্থানহে দিয়া হৈছিল৷ আনকি কোনো ব্ৰাহ্মণে যদি নৰহত্যা কৰে তেনে ব্ৰাহ্মণক লগে লগে প্ৰাণদণ্ড দিব লাগে বুলি মনু সংহিতাই নিৰ্দেশ কৰিছিল৷ ঠিক তেনেকৈ গুণগতভাৱে নীচস্থ এজনে গুণগতভাৱে উচ্চ স্তৰৰ এজনক যাতে দুব্যৰ্ৱহাৰ কৰিব নোৱাৰে তাৰো বিধান নিদিয়াকৈ থকা নাছিল৷ এই কথা উল্লেখযোগ্য যে মনু সংহিতাত নাৰীক অপমানসূচক শব্দৰে বুজোৱা হৈছে বুলি কৰা ধাৰণাও যে শুদ্ধ নাছিল সেই কথা বিভিন্ন ঠাইত দিয়া নিৰ্দেশৰ পৰা জনা যায়৷

যদি এয়ে হয় তেনে মনু সংহিতাৰ বিৰুদ্ধে জনসমাজত কিছু ভ্ৰান্ত ধাৰণাৰ সৃষ্টি হ’ল কেনেকৈ? ইয়াৰ মূলতে হ’ল পৰৱৰ্তী কালত গঢ় লোৱা একপক্ষীয় ব্ৰাহ্মণ্যবাদী চিন্তা আৰু কৰ্ম৷ তাৰ মূলতে হ’ল মানৱীয় গুণক সম্প্ৰদায়তকৈ এক প্ৰকাৰ নিম্ন স্তৰলৈ নিয়া৷ বৰ্ণবিভাজন প্ৰথম অৱস্থাত গুণভিত্তিক আছিল যদিও পৰৱৰ্তী কালত বৰ্ণক গুণতকৈ শ্ৰেষ্ঠ স্থান দিয়া হ’ল৷ এতেকে সমাজত বৰ্ণ-বৈষম্য এনেভাৱে বাঢ়ি আহিল যে তথাকথিত শূদ্ৰৰ ঘৰত জন্মলাভ কৰি গুণবান হ’লেও এজন মানুহ ব্ৰাহ্মণৰ সমান হ’ব পৰাটো দূৰতে থাকক ক্ষত্ৰিয় বা বৈশ্যৰ স্থানো তেনে মানুহে নোপোৱা হ’ল৷

এই আটাইবোৰ বিষয় মনু সংহিতাত ভেঁজা দি সৃষ্টি কৰা হ’ল আৰু নিজৰ মতেৰে ব্যাখ্যা কৰি সমাজত প্ৰয়োগ কৰিবলৈ ধৰিলে৷ যদিও জন্মতে সকলোকে সমান বুলি ধৰা হয়, সংস্কাৰৰ নীতি-নিয়ম গ্ৰহণ কৰাৰ পিছতহে মানুহে দ্বিতীয় জন্ম লাভ কৰাৰ দৰে হয়৷ কোৱা হয় ‘‘জন্মেন জায়তে শূদ্ৰঃ সংস্কাৰাৎ দ্বিজ উচ্যতে’’ এই নিৰ্দেশৰ দ্বাৰা পিছলৈ কেৱল ব্ৰাহ্মণৰ পৰিয়ালত জন্ম হোৱা ল’ৰাকহে সংস্কাৰৰ সুবিধা দিয়াৰ ব্যৱস্থা কৰা হ’ল৷ সংস্কাৰ গ্ৰহণৰ চিন স্বৰূপে উত্তৰীয় পিন্ধোৱা হয়৷ এনেভাৱে উত্তৰীয় লোৱাৰ অধিকাৰো ব্ৰাহ্মণৰ ল’ৰাৰহে প্ৰাপ্ত হ’ল৷ সংস্কাৰ গ্ৰহণ কৰাৰ এই নিয়ম ক্ষত্ৰিয় শ্ৰেণীৰ কায়স্থসকলৰ মাজতো প্ৰচলিত হ’ল৷ বাকীসকল তাৰ পৰা বঞ্ছিত হ’ল৷

আনকি এনে নিয়মো প্ৰৱৰ্তিত হ’বলৈ ধৰিলে যে ব্ৰাহ্মণৰ ঘৰত মৃতকৰ শ্ৰাদ্ধাদি এঘাৰ দিনত সম্পন্ন কৰিব পাৰিলেও বাকীসকলৰ ক্ষেত্ৰত এই সময় এমাহলৈ দীঘলীয়া কৰা হ’ল৷ কিন্তু ব্ৰাহ্মণৰ ঘৰত কাম-বন কৰা শূদ্ৰৰ ঘৰত যদি কোনো মানুহৰ মৃত্যু হয় তেনে কৰ্মৰতসকলৰ ক্ষেত্ৰত এই সময় তিনি দিনলৈ হ্ৰাস কৰা হ’ল৷ এনেবোৰ নিয়ম মনু সংহিতালৈ ঠেলি দিয়াৰ ফলত মনু সংহিতা সম্পৰ্কে আধুনিক কালত শিক্ষিত অব্ৰাহ্মণসকলৰ মাজত এক স্বাভাৱিক বিক্ষোভৰ সৃষ্টি হ’ল৷ অনেক ঘৃণনীয় এনে সংস্কাৰ সৃষ্টি কৰাৰ ফল স্বৰূপে সমাজত বৰ্ণ-বৈষম্য গঢ় লৈ উঠিবলৈ ধৰিলে৷

এহাতেদি ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰসকল সংস্কাৰ লাভৰ পৰা বঞ্চিত হ’ল, আনহাতেদি তেওঁবিলাকে তথাকথিত ব্ৰাহ্মণসকলৰ লগত সম্পৰ্ক গঢ়িবলৈ যোৱাটোও অপৰাধ স্বৰূপে গণ্য হ’বলৈ ধৰিলে৷ এই মনোভাৱে সমাজত বৰ্ণবাদ কঠোৰ কৰি তুলিলে৷

সময় সলনি হ’ল৷ আধুনিক শিক্ষা-দীক্ষাই ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ এই সকলোকে সমান স্তৰলৈ লৈ আহিবলৈ ধৰিলে৷ তদুপৰি এনে শিক্ষিতসকলে মনু সংহিতাৰ মূল পাঠ আৰু তাত ঘটোৱা পৰৱৰ্তী কালৰ প্ৰক্ষিপ্তি সম্পৰ্কেও বুজিব পৰা হ’ল৷ অসমত আৰু এটা ডাঙৰ পৰিৱৰ্তন ঘটালে শংকৰদেৱ-প্ৰৱৰ্তিত বৈষ্ণৱ আন্দোলনে৷ এই আন্দোলনে সকলোকে পুৱাৰ পৰা ৰাতিলৈকে জীৱন যাপনৰ প্ৰতিটো স্তৰত স্বাস্থ্যসন্মত সংস্কাৰ বাধ্যতামূলক কৰাৰ বাবে ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্ৰ সকলোকে সমান সংস্কাৰৰ শিক্ষা ‘শৰণ’ৰ যোগেদি দান কৰাৰ ফলত বৰ্ণবাদী দৃষ্টিভংগী বহু পৰিমাণে কমি আহিবলৈ ধৰিলে৷

আধুনিক কালত গান্ধীজীয়ে আনকি সমাজত অস্পৃশ্য বুলি জ্ঞান কৰা ‘চাফাই কৰ্মীসকলকো ‘হৰিজন’ নাম দি সামাজিক স্থান দিয়াৰ ফলত আৰু তেওঁবিলাকেও সকলো ধৰণৰ সমান শিক্ষা লাভ কৰাৰ সুবিধা পোৱাত বৰ্ণবাদৰ চোক কমিবলৈ ধৰিলে৷ প্ৰসংগক্ৰমে এই কথাও স্মৰণীয় যে ইংৰাজসকল অহাৰ পিছত প্ৰৱৰ্তন কৰা নতুন শিক্ষা পদ্ধতিয়ে এই ক্ষেত্ৰত গুৰুত্বপূৰ্ণ বৰঙণি যোগাইছিল৷ তেওঁবিলাকে প্ৰতিষ্ঠা কৰা বিদ্যালয়সমূহত একেখন বেঞ্চতে জাতি, বৰ্ণ, ধৰ্ম, সম্প্ৰদায় নিৰ্বিশেষে সকলো ছাত্ৰ-ছাত্ৰী বহি শিক্ষা লাভ কৰিব পাৰিছিল৷ এই পদ্ধতিটোৱেও মানুহৰ মনৰ পৰা বৰ্ণবাদ আঁতৰোৱাত এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে৷

মই অনুভৱ কৰোঁ কোনো শিক্ষিত, সংস্কৃত, তথাকথিত ব্ৰাহ্মণ কূলত জন্ম লাভ কৰা আধুনিক মানুহে এই বৰ্ণবাদ স্বীকাৰ নকৰে, গ্ৰহণো নকৰে৷ এতিয়া মনু সংহিতাই আমাক শাসন কৰা নাই৷ আমাক শাসন কৰিছে শিক্ষা-দীক্ষাই, পৰিষ্কাৰ-পৰিচ্ছন্নতাই আৰু বিভিন্ন ধৰ্মৰ মাজত ঘটা সংস্কাৰমূলক মনোভাব আৰু কামে৷ মনু সংহিতাৰ নামত বৰ্ণবাদ জীয়াই ৰাখিব খোজাটো এই আধুনিক কালত হ’ব এক প্ৰকাৰ ক’বলৈ গ’লে আফগানিস্তানত ঘটা ‘তালিবানী দুষ্কৰ্মৰ দৰে৷।