বিজেপি চৰকাৰ!
এইবাৰ পৌৰ কৰৰ মাধমাৰ


Image Description

এইবাৰ গুৱাহাটীৰ লগতে সমগ্ৰ অসমৰে পৌৰ এলেকা অন্তৰ্গত বাসিন্দাসকলে আৰু অধিক পৌৰ কৰ দিবলৈ সাজু হ’ব লাগিব।

ততালিকেই পৌৰ এলেকাৰ বাসিন্দাসকলে নিজৰ সা-সম্পত্তিৰ বিপৰীতে চৰকাৰক অতিৰিক্ত কৰ দিব লাগিব। আৰু এই ক্ষেত্ৰত গুৱাহাটী মহানগৰৰ পৌৰ নিগমে ব্যক্তিগত প্ৰতিষ্ঠানৰ জৰিয়তে নাগৰিকৰ পৰা কৰ সংগ্ৰহৰ ব্যৱস্থা সম্পূৰ্ণ কৰিছে ৷

গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী অশোক সিংঘালে পৌৰ কৰ সংগ্ৰহসম্বন্ধীয় পূৰ্বৰ অলেখ পৰিসংখ্যা দেখুৱাই স্থানীয় জনসাধাৰণৰ কোনো ধৰণৰ আলোচনাত মিলিত হোৱা নাই।

লক্ষ্যণীয় কথাটো হ’ল বিগত পৌৰ নিগম নিৰ্বাচনৰ পূৰ্বে চৰকাৰে গুৱাহাটীৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত এখনি সংকল্প পত্ৰ প্ৰকাশ কৰিছিল আৰু তাত মহানগৰ উন্নয়ন তথা বিকাশ সম্পৰ্কীয় অলেখ আঁচনি যুগুত কৰিছিল। মাষ্টাৰ প্লেন, ষ্ট্ৰীট লাইট আৰু আলোকসজ্জা, ট্ৰেফিক ব্যৱস্থাপনা, পাৰ্কিং আৰু আস্থানৰ সুবিধা, উদ্যান, খেলপথাৰ, ষ্টেডিয়াম প্ৰতিষ্ঠা, কৃত্ৰিম বানমুক্ত চহৰ, প্ৰতিখন চহৰৰ আন্তঃগাঁথনি উন্নয়ন, ভূমি আইন, ২৪×৭ অবিৰত পানী যোগান ইত্যাদি চমকলগা বহুতো আঁচনিৰ কথা সেই সংকল্প পত্ৰত উল্লেখ কৰিছিল।

আজিকোপতি সেই আঁচনিৰাজিৰ দুই-এটিৰ বাদে বাকীবোৰ ধোঁৱাচাঙতে উঠি থাকিল। গুৱাহাটীৰ কৃত্ৰিম বান সমস্যাই হওক, খোৱাপানীৰ ব্যৱস্থাই হওক, আৱৰ্জনা ব্যৱস্থাপনা ব্যৱস্থাই হওক অথবা ষ্ট্ৰীট লাইট আলোকসজ্জাৰ ব্যৱস্থাই হওক তাৰ কোনো স্থায়ী সমাধান নোলাল।

চকুত পৰাবোৰৰ ভিতৰত ৭০/৮০ কোটি টকাৰ ব্যয়সাপেক্ষে স্বয়ংক্ৰিয় ট্ৰেফিক ব্যৱস্থাপনা আৰু উদ্যান নিৰ্মাণতে সংকল্পবোৰ সীমাবদ্ধ থাকিল।

তথাপি ট্ৰেফিক ব্যৱস্থাপনাৰ সুফল ৰাইজে ভোগ কৰাৰ বিপৰীতে যমৰ যান্ত্ৰণাহে ভুগিছে।।

এই ধৰণৰ কষ্ট ভোগ কৰি থকাৰ সময়তে এতিয়া ভূতৰ ওপৰত দানব পৰাদি চৰকাৰে অতিৰিক্ত পৌৰ কৰৰ বোজা পুনৰ ৰাইজৰ ওপৰত জাপি দিয়াৰ দৰে হঠকাৰী সিদ্ধান্ত গ্ৰহণ কৰাটো কিমান যুক্তিসংগত সেয়া বিচাৰ্য্য।

আনকি শাসকীয় পক্ষইৰ বিধায়কে এই সিদ্ধান্তৰ বিৰোধ কৰি কৈছে যে বহিৰাগত প্ৰতিষ্ঠানে কৰ সংগ্ৰহ কৰিলে মহানগৰৰ নাগৰিকে কিডনী বিক্ৰী কৰিবলগীয়া অৱস্থা হ’ব।

চাৰিওফালৰ পৰা কৰ-কাটলৰ বোজাত ইতিমধ্যেই সাধাৰণ ৰাইজ অতিষ্ঠ হৈছে ৷ তাতে আকৌ এই ধৰণৰ সিদ্ধান্তই ৰাইজক যে চৰম কষ্ট দিব তাত কোনো সন্দেহ নাই।

সকলো দেখি-শুনি এষাৰ কথাই মনলৈ আহে - মাধমাৰ মাঁথো মাধমাৰ, মাধমাৰৰ অন্য নাম যেন বিজেপি চৰকাৰ।।