চক্ৰান্ত আৰু আত্মসমৰ্পণ


Image Description

শেহতীয়াকৈ তামিলনাডু বিজেপিৰ মুৰব্বী কে আন্নামালায়ে চৰকাৰী ভাষা সম্পৰ্কীয় সংসদীয় সমিতিত দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহৰ দ্বাৰা ঘোষিত হিন্দী ভাষা সম্প্ৰসাৰণৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে।

আন্নামালায়ে স্পষ্ট ভাষাত কৈছে, ভাৰতীয় হিচাপে পৰিচয় দিবলৈ হিন্দী শিকাৰ প্ৰয়োজন নাই। দক্ষিণ ভাৰতৰ স্বাধীনোত্তৰ সামাজিক-ৰাজনৈতিক ইতিহাসত হিন্দীভাষিক আধিপত্যবাদবিৰোধী এই সংগ্ৰামখনৰ এক বিশেষ গুৰুত্ব আছে। দল, আদৰ্শ নিৰ্বিশেষে তামিলনাডুকে আদি কৰি কেউখন প্ৰদেশৰ নেতাসকলে সদায় কেন্দ্ৰৰ হিন্দীভাষিকআধিপত্যবাদৰ বিৰোধিতা কৰি আহিছে।

তামিলনাডুতো ক্ষমতাৰ ৰাজনীতি আছে। তামিলনাডুৰ ৩৯ খন আসনৰো দিল্লীৰ চৰকাৰ ভঙা-পতাৰ অংকত গুৰুত্ব আছে। তাৰ পাছতো নিজৰ কেন্দ্ৰীয় নেতৃত্বৰ সিদ্ধান্তৰ বিৰোধিতা কৰাৰ এই সাহসৰ উৎস দল,আদৰ্শ নিৰ্বিশেষে তামিলনাডুৰ ৰাজনীতিকৰ অন্তৰত থকা নিৰ্ভেজাল জাতিপ্ৰেম। আন্নামালায়ৰ স্পষ্ট বক্তব্যত সেই চিন্তাই অনুৰণিত হৈছে।

গ্ৰুপিঙৰ সময়ত গোপীনাথ বৰদলৈ, ভীমবৰ দেউৰীয়ে সাহসিকতাৰে দিল্লীৰ নেতৃত্বৰ সিদ্ধান্তৰ বিৰোধিতা বাবে পূব পাকিস্তানৰ সলনি আজি অসম ভাৰতৰ অংগৰাজ্য। সেই সময়ৰ দিল্লীৰ সিদ্ধান্তৰ বিপৰীতে সাহসিকতাৰে যুক্তিনিষ্ঠভাৱে অসম আৰু অসমীয়াৰ মত উত্থাপন কৰি গোপীনাথ বৰদলৈয়ে অসমক ভাৰতৰ অংশ কৰাত সফল হৈছিল।

সেই সময়ত গোপীনাথ বৰদলৈয়ে আজিৰ নেতাৰ দৰে নিজৰ ৰাজনৈতিক লাভালাভৰ কথা ভাবি মৌন হৈ থাকিলে হয়তো অসমৰ ইতিহাস, ভূগোল - সকলো সলনি হৈ গ'লহেঁতেন। মনত প্ৰশ্ন হয়, আন্নামালায়ৰ দৰে সাহস আজিৰ অসম বিজেপিৰ কোনো নেতাৰ আছেনে?

গোপীনাথ বৰদলৈৰ দৰে অসমৰ বৰ্তমানৰ মুখ্য মন্ত্ৰীগৰাকীয়ে কেন্দ্ৰৰ ভাষিক আধিপত্যবাদ সম্প্ৰসাৰণৰ এই ভুল সিদ্ধান্তৰবিৰোধিতা কৰিব পাৰিবনে? কেন্দ্ৰক বিলুপ্ত হোৱাৰ পথত থকা উত্তৰ পূবৰ ৭০-৮০ টা ভাষাৰ সংৰক্ষণৰ বাবে পদক্ষেপ গ্ৰহণৰ আহ্বান জনোৱাৰ সাহস কৰিব পাৰিবনে?

অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিটো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ স্বকীয় ভাষা, সংস্কৃতি বিপদাপন্ন হোৱা আজিৰ প্ৰেক্ষাপটত সঁচাকৈ হিন্দী ভাষাৰ সম্প্ৰসাৰণৰ এই কুচকাৱাজ বাস্তৱসন্মত নে?

সময়ে সময়ে বিভিন্ন সমীক্ষাই প্ৰকাশ কৰিছে, উত্তৰ পূৰ্বাঞ্চলৰ কেইবাটাও ভাষাৰ ভৱিষ্যত আজি সংকটৰ গৰাহত। তাৰ মাজতেই এই ভাষাসমূহৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ বিপৰীতে যদি হিন্দীৰ দৰে এই ভূমিত অচিনাকি আৰু আত্মীয়তা নথকা ভাষা এটা জাপি দিবলৈ চৰকাৰীভাৱে প্ৰচেষ্টা চলোৱা হয়, প্ৰত্যেকটো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ ভৱিষ্যত ই যে অন্ধকাৰ কৰি তুলিব সেয়া নিশ্চিত।

এই সমগ্ৰ ঘটনাক্ৰমৰ পাছত মূল কথাটো হৈছে, দিল্লীৰ ভুল সিদ্ধান্তৰ, ভুল পদক্ষেপক যেতিয়ালৈ চকুত চকু থৈ ভুল বুলি কোৱাৰ সাহস অসমৰ নেতাৰ নহ'ব; যেতিয়ালৈ দিল্লীৰ কথাত উঠা-বহা কৰাৰ পৰম্পৰা চলি থাকিব - প্ৰতি মুহূৰ্তত নিজ ভূমিত সংখ্যা, অধিকাৰ আৰু প্ৰভুত্ব কমিঅহা অসমীয়াৰ কফিনত দিল্লীৰ গজাল মৰাৰ কাৰচাজি চলি থাকিব।

আশা কৰোঁ জাতিপ্ৰেম, জাতীয় দায়বদ্ধতাৰ দৰে বিষয়সমূহ অপ্ৰয়োজনীয় বুলি বিবেচনা কৰা অসমৰ নেতাসকলে নিজৰ ব্যক্তিগত লাভালাভৰ অংকৰ সলনি এই বিষয়সমূহতো সবল স্থিতি গ্ৰহণ কৰাৰ সাহস দেখুৱাব। অন্যথা দিল্লীৰ অসমবিৰোধী চক্ৰান্ত আৰু অসমৰ নেতাৰ আত্মসমৰ্পণৰ এই পৰম্পৰা এইদৰেই অব্যাহত থাকিব।।