ৰজাৰ প্ৰকৃত ধৰ্ম


Image Description

‘অসম ৰাজ্য’ত ধর্ম প্ৰচাৰ কৰিবলৈ গৈ যথেষ্ট বাধা-বিঘিনিৰ সন্মুখীন হৈ শংকৰদেৱে কামৰূপলৈ বুলি যাত্ৰা কৰিলে। তেওঁ শুনিছিল যে কামৰূপৰ ৰজা নৰনাৰায়ণ অতি প্ৰজাপৰায়ণ আৰু বিদ্বান লোক। গতিকে ধৰ্ম প্ৰচাৰৰ কাৰণে তাত নিশ্চয় যথেষ্ট সুচল পৰিৱেশ পাব।

পিছে নৰনাৰায়ণৰ ৰাজ্যলৈ আহি শংকৰদেৱে দেখিলে যে ৰজা দুৰ্ঘোৰ শাক্তপন্থী। সকলো ধৰ্মীয় ৰীতি-নীতি বলি-বিধানাদিৰেহে সম্পাদিত কৰে।"দৰং ৰাজবংশাৱলী"তো উল্লেখ আছে কিদৰে কামাখ্যা মন্দিৰৰ উছৰ্গা অনুষ্ঠানত ৰজা নৰনাৰায়ণ আৰু তেওঁৰ ভাতৃ চিলাৰায়ে এসপ্তাহ উপবাসে থাকি যথা সময়ত তিনি লাখ হোমৰ উপৰি এক লাখ জীৱৰ বলিৰে বসুধা ৰাঙলী কৰিছিল।

সেয়েহে এই গোড়া শাক্তপন্থী ৰজাৰ আগত পোনতে দেখা নিদি শংকৰদেৱে কিছুদিন ৰজাৰ ভাতৃ চিলাৰায়ৰ অনুগ্ৰহত বাস কৰা বুলি চৰিত পুথিসমূহত পোৱা যায়।

পিচে দিন বাগৰাৰ লগে লগে অৱধাৰিতভাৱে ৰজাৰ সৈতে গুৰুজনাৰ সাক্ষাৎ হ'ল আৰু শাস্ত্ৰজ্ঞ ৰজাই অচিৰেই গুৰুজনাৰ মোল বুজি পালে। তেওঁ নিশ্চিত হ’ল যে স্বয়ং ভগৱানে তেওঁৰ ৰাজ্যত মনুষ্যৰূপে প্ৰকট হৈছে। গুৰুজনাৰ নিৰ্মল ভক্তি ধৰ্মৰ প্ৰতি আকৃষ্ট হৈ ৰজাই তেৰাত শৰণ ল'বলৈ ইচ্ছা প্ৰকাশ কৰিলে।

গুৰুজনাই পিছে এই কথা পোনছাটেই নাকচ কৰিলে। তেওঁ নৰনাৰায়ণক ক’লে যে ৰজা যিহেতু শক্তিৰ উপাসক আৰু অতদিনে তেনেকৈয়ে পূজা কৰি সুকলমে ৰাজ্য চলাই আহিছে, গতিকে এতিয়া নতুনকৈ ভক্তি ধৰ্ম ল'লে সেই দেৱ-দেৱীগণ অসন্তুষ্ট হ’ব। তেতিয়া তেওঁলোকৰ শাও গুৰুজনাৰ গাতহে লাগিব।

ৰামচৰণ ঠাকুৰ বিৰচিত “গুৰু-চৰিত” পুথিত গুৰুজনাই ৰজা নৰনাৰায়ণক প্ৰশ্ন কৰিছে:

স ছাগ কাটি তুমি দেৱ-দেৱী পূজা।

মুৰ্খৰ স্বভাৱ হেন ভৈলাহা নুবুজা।।

ৰাজনীতি ধৰ্ম তুমি কিমতে এৰিবা।

হৰি ভক্তি কৰি ৰজা কিমতে চর্চিবা।।

পূজা নাপায় দেৱতা সমস্তে দিব শাপ।

আমাতে সিজিব যত আমোচন পাপ।।

এই প্ৰশ্নৰ উত্তৰত ৰজাই ৰাজ্যভাৰ এৰি হ’লেও গুৰুজনাত শৰণ লোৱাৰ ইচ্ছা প্ৰকাশ কৰিলে (“সবাক এৰিয়া আমি ভজিবো কৃষ্ণক”)। তেতিয়া গুৰুজনাই ক'লে যে ৰজাৰ আচল ধৰ্ম হৈছে প্ৰজাৰ হিতাৰ্থে কাম কৰা (‘প্ৰজাৰ চিত্তৰঞ্জন কৰে দেখিয়েই আপোনালোকক ৰজা বোলে’)। সেয়েহে ৰজাই সেই কামতে মনোযোগ দিয়াটোহে উচিত।এইবুলি কৈ গুৰুজনাই ৰজাৰ ওচৰৰ পৰা বিদায় ল'লে।

ইয়াৰ পিছৰ কথাখিনি আমাৰ সকলোৰে জ্ঞাত। ৰজাক শৰণ দিয়াৰ আগতেই গুৰুজনাই তেওঁৰ ইহলীলা সম্বৰণ কৰিলে। গুৰুজনাই প্ৰজাৰ প্ৰতি থকা ৰজাৰ যি দায়িত্বৰ কথা নৰনাৰায়ণক সোঁৱৰাই দিছিল সেয়া আজিও তাহানিৰ সমানেই গুৰুত্বপূৰ্ণ।

ভাৰতীয় দৰ্শন মতে ধৰ্ম হৈছে চাৰি পুৰুষাৰ্থৰ ভিতৰত প্ৰথম আৰু প্ৰধান। তাৰ পিছত আহে বাকী তিনি পুৰুষাৰ্থ, ক্ৰমে অৰ্থ, কাম আৰু মোক্ষ। ইয়াত ‘ধৰ্ম’ শব্দই কেৱল ৰীতি-নীতি বা আস্থা-নিষ্ঠাকে নুবুজায়, লগতে ই মানুহৰ জাগতিক কৰ্তব্য বা দায়িত্বকো সূচায়। সেইফালৰ পৰা চাবলৈ গ'লে ৰজাৰ প্ৰথম আৰু প্ৰধান ধৰ্ম হৈছে প্ৰজাৰ হিত সাধন কৰা।

গতিকে আমি শংকৰদেৱে ৰজা নৰনাৰায়ণক কোৱা কথাষাৰ এই অৰ্থতেই বুজিব লাগিব। তেৰাই নৰনাৰায়ণক ৰজাৰ এই প্ৰজাৰঞ্জন কৰা ধৰ্মৰ কথাহে সোঁৱৰাই দিছিল। ৰজা হিচাবে প্ৰজাৰ সেৱাই হৈছে তেখেতৰ প্ৰধান দায়িত্ব, আৰু সেই পথেদিহে তেওঁ ঈশ্বৰক লাভ কৰিব পাৰিব।

গতিকে প্ৰজাৰ মাজত ভেদ-বিভেদ নকৰি সকলোকে সমান চকুৰে চোৱা আৰু সকলোৰে কল্যাণ কামনা কৰাটোৱেই হৈছে ৰজাৰ প্ৰকৃত ধৰ্ম।

মহাপুৰুষজনাই প্ৰচাৰ কৰা নৱ-বৈষ্ণৱ ধৰ্মটোৱে জাতি-ধৰ্ম নিৰ্বিশেষে সকলো লোককে এক বুলি জ্ঞান কৰাৰ এটি সুন্দৰ ধাৰাৰ প্ৰৱৰ্তন কৰি গৈছে। এই সমতা আৰু ভাতৃত্ববোধৰ ধাৰাটো অসমীয়া লোকগীত-জিকিৰৰ পৰা আৰম্ভ কৰি জ্যোতি-ৰাভা-ভূপেন্দ্ৰ সংগীতৰ মাজেৰে একেৰাহে বৈ আছে আৰু আগলৈও থাকিব।

এই ধাৰাটো সুদূৰ ভৱিষ্যতৰ বুকুলৈকে বোৱাই নিব পৰাটোহে আজি ‘ৰজা-প্ৰজা’ সকলোৰে ধৰ্ম হোৱা উচিত।।