গামোচাত সংযোজন আৰু বিভ্ৰান্তি


Image Description

বহাগলৈ কেইদিনমান মাত্ৰ বাকী থকা অৱস্থাত অসমৰ শিপিনীয়ে তাঁতশালত সপোন ৰচিবলৈ যো-জা চলোৱাৰ মাজতে গামোচাক লৈ হঠাতে এক উত্তেজনাই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ বিয়পি পৰিল৷

প্ৰতিক্ৰিয়াৰ চোক দেখি যেনিবা উদ্যোক্তাসকলে আনৰ ওপৰত দোষ ঠেলি হ’লেও ক্ষমা খুজিলে, বিতৰ্কৰ অৱসান ঘটালে আৰু ভৱিষ্যতে এনে নহয় বুলিও আশ্বাস প্ৰদান কৰিলে৷

প্ৰতিক্ৰিয়াৰ ইতিবাচক লক্ষণীয় দিশটো আছিল যে অসমীয়াৰ লগতে অসমৰ বাঙালীয়েও একেটা সুৰতে প্ৰতিবাদ কৰিলে, আৰু এই কাৰণেই হয়তো ক্ষমা খোজা কামটো ত্বৰাণ্বিত হ’ল৷

গামোচাই অসমীয়াৰ সংস্কৃতিৰ বৰমজিয়াত আসন গ্ৰহণ কৰি আহিছে৷ সাংস্কৃতিক পৰিচয়সম্পন্ন ভমকাফুলীয়া গামোচা আনৰ নাই৷ তাৰবাবে অসমীয়াই গৌৰৱ কৰিব পাৰে৷ অসমীয়াৰ দৰে নহ'লেও গামোচাৰ বিকল্প সাংস্কৃতিক পৰিচয়সম্পন্ন বস্ত্ৰ আনৰো আছে৷

বাঙালীৰ উত্তৰীয় এক সন্মান যঁচা গলবস্ত্ৰ৷ বৈদিক যুগৰ পৰাই উত্তৰীয়ৰ প্ৰচলন হৈ আহিছে বাবে ই সন্মানৰ গলবস্ত্ৰলৈ ৰূপান্তৰিত হৈছে৷ মহাভাৰততো উত্তৰীয়ৰ উল্লেখ আছে৷ ভাৰতৰ প্ৰায় সকলো জাতিৰ পুৰোহিত শ্ৰেণীয়ে পুজাৰ সময়ত উত্তৰীয় বস্ত্ৰ এখন সাধাৰণতে গাত মেৰিয়াই লয়৷ পুৰুষ মহিলা উভয়ে উত্তৰীয় ব্যৱহাৰ কৰে৷

বৌদ্ধসকলেও উত্তৰীয় ব্যৱহাৰ কৰে৷ উত্তৰীয়ৰ দৰেই অসমীয়াৰ চেলেংখন আছে৷ ব্যয় বহন কৰিব পৰাসকলে যাঁচিব পৰা আন এবিধ অসমীয়া বস্ত্ৰ হৈছে এৰী চাদৰ ৷ চেনেহ আৰু সন্মান যঁচা বস্ত্ৰ বিভিন্ন জাতিৰ ভিন্ন ভিন্ন৷

বড়োসকলৰ আৰনাই তেনে এবিধ বস্ত্ৰ ৷ নেপালীসকলে তেওঁলোকৰ সুকীয়া চানেকিৰ টুপীটোৰে আনক সন্মান জনায়৷ আমাৰ খগেন মহন্তৰ মূৰত শোভা পাইছিল নেপালৰ ৰজাই সন্মান যঁচা নেপালী টুপীটোৱে, যাক জীৱনৰ শেষলৈকে পিন্ধি খগেন মহন্তই নেপালীৰ সন্মানক মূৰত তুলি ৰাখিছিল৷

ভাৰতৰ বিভিন্ন স্থানত পাগুৰীৰো তেনে ভূমিকা আছে৷ মহিলাৰ শ্ব’লেও সম্প্ৰতি সন্মান প্ৰদানৰ সম্পদত পৰিণত হৈছে৷ চেনেহ বা সন্মান যঁচা এই সাংস্কৃতিক সামগ্ৰীসমূহৰ নিজৰ মাজত কোনো বিৰোধ নাই৷ বৰঞ্চ দেখা যায় যে আৰনাই আৰু গামোচা বা কেতিয়াবা গামোচা আৰু উত্তৰীয় উভয়কে যাঁচি সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰা হয়, এনে ব্যৱস্থাক সংশ্লিষ্ট সকলো পক্ষই আদৰি লয়৷

কেইটামান দশকৰ আগলৈকে সভাই সমিতিয়ে অতিথিক ফুলৰ মালাৰেই আদৰা হৈছিল বা সম্বৰ্ধনা জনোৱা হৈছিল৷ এই পৰম্পৰা সম্প্ৰতি বিলুপ্ত হৈছে৷ সম্ভৱতঃ নবৈ দশকৰ আৰম্ভণিতে গামোচাই ফুলৰ মালাক অপসাৰিত কৰে৷ গামোচা ধৰ্ম, ভাষা, জাতিৰ উৰ্ধত মান ধৰাৰ, সন্মান প্ৰদানৰ সুকীয়া পৰিচয় লাভ কৰিলে তেতিয়াৰে পৰা৷

গামোচা কেৱল সাংস্কৃতিক পৰিচয়েই হৈ থকা নাই৷ চহকী ইতিহাস, শিপিনীৰ সপোন বছা ভমকাফুলীয়া গামোচাই জাতীয় পৰিচয় গ্ৰহণ কৰিছে৷ আহোমসকল অসমত প্ৰৱেশ কৰি ইয়াৰ স্থানীয় জনগোষ্ঠীৰ বহু সম্পদক আঁকোৱালি লৈছিল, পাছলৈ সেইবোৰ অসম আৰু অসমীয়াৰ সম্পদলৈ পৰিণত হৈছিল৷ চুতীয়াসকলে আহোমক বহু সম্পদ দিছিল, তাৰ ভিতৰত গামোচাও আছিল৷

ব্যৱহাৰ আৰু বিৱৰ্তনৰ মাজেদি আঠবিধ গামোচা সৃষ্টি হ’ল৷ পানী গামোচা, কঁকাল বন্ধা, মূৰত মৰা, তিয়নি ইত্যদি৷ অসমীয়া শিপিনীৰ হাতত পৰি ৰঙালী বিহুত গামোচাই চেনেহৰ বিহুৱানৰ ৰূপ লৈ প্ৰিয়জনৰ মূৰৰ শোভা বঢ়াই আহিছে৷ বিনিময়ত বিহুৱতী চেনেহীৰ খোপাত কপৌফুল গুজি দিয়ে বিহুৱা ডেকাই৷

সেয়ে গামোচা সকলো ধৰণৰ সংকীৰ্ণতাৰ উৰ্ধত সকলোৰে গ্ৰহণযোগ্য৷ অসমৰ জোৱাই মাৰ্কিন মহাকাশচাৰী মাইক ফিঙ্কে গামোচাক অন্তৰীক্ষলৈ কঢ়িয়াই নিয়া, অসমীয়া ডেকা হেদায়েৎ আলীয়ে এণ্টাৰ্কটিকাত উৰুৱা সমগ্ৰ বিশ্বই দেখিছে৷ বিশিষ্ট বুদ্ধিজীৱী তথা সমাজ কৰ্মী যোগেন্দ্ৰ যাদৱৰ ডিঙিত প্ৰায়ে গামোচাই শোভা বৰ্ধন কৰি থাকে৷

যোৱা সময়ৰ দিল্লীৰ এবছৰ ওপৰকাল ধৰি চলা কৃষক আন্দোলনৰ সময়ত অসমৰ কৃষক প্ৰতিনিধিয়ে প্ৰায় দুহেজাৰ গামোচাৰে অৱস্থানৰত কৃষক নেতাসকলক গমোচা পিন্ধাই আন্দোলনটোৰ প্ৰতি সহমৰ্মিতা প্ৰদৰ্শন কৰিছিল৷

অলপতে কেৰালাৰ ত্ৰিচুৰত অনুষ্ঠিত সৰ্বভাৰতীয় কৃষক সন্মিলনত আমি নিজে এহেজাৰ গামোচাৰে প্ৰতি গৰাকী প্ৰতিনিধিক মান ধৰিছিলোঁ৷ অসমৰ গামোচা ল'বলৈ ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰতিনিধিসকলৰ মাজত কি যে হেতাওপৰা! প্ৰতিনিধি সভাত প্ৰায় সকলোৰে ডিঙিত গামোচাই শোভা বঢ়াইছিল৷

আজিৰ পৰা পাঁচ বছৰ পূৰ্বে সুদুৰ বিহাৰৰ ভিতৰুৱা অঞ্চলৰ এখন বিয়াত বৰযাত্ৰী হৈ এক অভাৱনীয় দৃশ্যত পুলকিত হৈ পৰিছিলোঁ৷ প্ৰায় চাৰিশ বৰযাত্ৰীক কাইনাঘৰীয়াই বিবাহমণ্ডপত প্ৰৱেশৰ সময়ত অসমীয়া গামোচাৰে আদৰা সেই দৃশ্য আৰু গামোচা সম্পৰ্কে বিহাৰৰ সেই ভিতৰুৱা গাঁৱৰ মানুহৰ আগ্ৰহ জীৱনত কেতিয়াও পাহৰিব নোৱাৰিম৷

জীৱিকাৰ সন্ধানত অসমত থকা বিহাৰৰ লোকে গামোচাক প্ৰদেশখনলৈ কঢ়িয়াই নিয়া বুলি আমাক জানিবলৈ দিয়া হৈছিল৷ চিত্তাকৰ্ষক কথাটো আছিল যে বিহাৰৰ মানুহখিনিয়ে দক্ষিণ ভাৰতৰ পাৱাৰলুমত তৈয়াৰ কৰা আৰু অসমৰ শিপিনীয়ে তৈয়াৰ কৰা গামোচাৰ পাৰ্থক্যৰ কথা বুজে আৰু অসমৰ শিপিনীয়ে বোৱা গামোচাৰেহে বৰযাত্ৰীক আদৰে৷

গামোচাক আজি সকলোৱে আদৰি লৈছে৷ ব্ৰহ্মপুত্ৰ উত্যকাত বাস কৰা সকলো জনগোষ্ঠীয়ে গামোচাক উমৈহতীয়াকৈ আদৰি লৈছে৷ ব্ৰহ্মপুত্ৰ উপত্যকাত গামোচাৰ যেনে আদৰ, বৰাক উপত্যকাতো গামোচাই তেনে সঁহাৰি লাভ কৰিছে৷ কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিত গামোচাৰে আদৰণি জনোৱা, বিশিষ্টজনক সন্মান জনোৱা আমি নিজে প্ৰত্যক্ষ কৰিছোঁ৷

অসমীয়া গামোচা আৰু বাঙালী গামোচাৰ সংযোজনৰ নামত যিখনক বাঙালী গামোচা বুলি দাঙি ধৰা হ’ল, সেই ডিজাইনৰ গামোচাৰ জাতীয় পৰিচয় বোলোতে একো নাই৷ কিছুৱে এইখনক উত্তৰীয় বুলি ক'ব বিচাৰিলেও জনালোকে ইয়াক উত্তৰীয় বুলি গ্ৰহণ নকৰে৷

বজাৰত সহজে উপলদ্ধ এইবিধ তিয়নি গামোচা বিহাৰত খুবেই জনপ্ৰিয়৷ বিহাৰৰ পৰাই আহি ই অসম আৰু বংগতো জনপ্ৰিয়তা অৰ্জন কৰিছে ইয়াৰ ব্যাৱহাৰিক উপযোগিতাৰ বাবে৷ এইবিধ গামোচাৰ তৈয়াৰ হয় পাৱাৰলুমত, সেয়ে কোনো শিপিনীৰ প্ৰাণৰ পৰশ প্ৰকাশ পোৱাৰ অৱকাশ ইয়াত নাই৷ সভা-সমিতিত এইবিধ গামোচাৰ জৰিয়তে সন্মান যঁচা নহয়৷

দুৰ্ভাগ্যজনকভাৱে কোনোবা উচ্চাকাংক্ষীৰ হাতত ই বাঙালী জাতীয় প্ৰতীক হৈ পৰে৷ ঐতিহ্যৰ জ্ঞান নথকা এচামে ইয়াৰ মাজত আৱিষ্কাৰ কৰে সম্প্ৰীতিৰ বান্ধোন৷

অসমৰ গামোচাই যত সকলো মানুহক এক কৰিছে, তাত আঁচ থকা ডিজাইনৰ গামোচাক বাঙালীৰ গামোচাৰ ৰূপ দি বাঙালী আৰু অসমীয়া উভয়কে উপলুঙা কৰাৰ কিবা অৰ্থ আছে জানো? নে নতুন কিবা আৱিষ্কাৰৰ প্ৰশংসা বুটলিবলৈ হাবিয়াস কাৰোবাৰ? হিতে বিপৰীত হোৱাত সেয়া আনৰ পৰা লোৱা আৰ্হি বুলি কৈ আনলৈ দোষ ঠেলাৰ অপচেষ্টা চলাইছে৷

গামোচা-বিতৰ্কৰ মাজতে আন এক প্ৰসংগ উত্থাপিত হৈছে৷ সেয়া হৈছে ‘বাংলাভাষী অসমীয়া’ প্ৰসংগ৷ অসমৰ বাঙালীৰ অসমীয়া পৰিচয় সৃষ্টি কৰিবলৈকে ‘বাংলাভাষী অসমীয়া’ অভিধা এটা প্ৰচলন কৰিবলৈ মাজে মাজে কিছুলোকে চেষ্টা চলাই আহিছে৷ ভাষা ভিত্তিক জাতিৰ সংজ্ঞাক সলনি কৰি জাতিক ধৰ্মৰ লগত সাঙুৰি দিব বিচৰাসকলৰ বাবেহে এয়া গ্ৰহণযোগ্য৷

অসমৰ বাঙালীয়ে নিজস্ব পৰিচয়ৰে মৰ্য্যাদাসহকাৰে বসবাস কৰিলে অসমীয়াৰো মৰ্য্যাদা বাঢ়ে, অন্যাথা অসমীয়াক প্ৰভুত্ববাদী বুলি দোষাৰোপ কৰাৰ সুযোগ থাকি যায়৷ বৰ্তমান এই ক্ষেত্ৰত কোনো অসুবিধাও সৃষ্টি হোৱা নাই৷

তেনে অৱস্থাত অসমৰ বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত বাঙালীসকল অসুৰক্ষিত যেন ধাৰণা সৃষ্টি কৰা ‘বাংলাভাষী অসমীয়া’ৰ অস্বাভাৱিক অভিধাই বাহিৰত অসমীয়াৰ প্ৰতি বিৰূপ মনোভাৱহে সৃষ্টি কৰিব৷ সেয়ে বৰ্তমানৰ গামোচা ফিউচনৰ মুকলি বিৰোধিতা কৰিছে অসমৰ বাঙলীয়ে।

চমক, কৃত্ৰিমতা, তথাকথিত ফিউচনৰ স্থান জাতীয় সংস্কৃতি বা পৰিচয়ত থাকিব নোৱাৰে৷ গামোচাক ঠেক দলীয় ৰাজনীতি, বিভেদৰ ৰাজনীতিলৈ ঠেলি নপঠিয়াব৷ ফিউচনৰে বিভ্ৰান্তিৰ সৃষ্টি নকৰিব৷।