ঐক্যবদ্ধ বিৰোধী প্ৰাৰ্থীৰ পক্ষত জাতীয় পৰিষদৰ ব্যাপক প্ৰচাৰ


Image Description

অসম বিধান সভাৰ পাঁচোটা বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে ৩০ অক্ট'বৰত এই সমষ্টিকেইটাত ভোটগ্ৰহণ কৰা হ'ব। গোসাঁইগাঁও, তামোলপুৰ, ভবানীপুৰ, মৰিয়নী আৰু থাওৰা- এই পাঁচোটা বিধান সভা সমষ্টিৰ উপনিৰ্বাচনৰ প্ৰচাৰ অভিযান ইতিমধ্যে তুংগত উঠিছে। শাসক দলৰ সমানে সমানে বিৰোধী পক্ষইও এই সমষ্টিকেইটাত জোৰদাৰ প্ৰচাৰ চলাইছে।

উল্লেখযোগ্য যে অসম জাতীয় পৰিষদে আৰম্ভণিৰে পৰা এটা সমষ্টিত শাসকীয়পক্ষৰ বিৰুদ্ধে বিৰোধীপক্ষৰ এগৰাকী উমৈহতীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ হকে প্ৰচেষ্টা গ্ৰহণ কৰিছে। ইয়াৰ বাবে সাম্প্ৰদায়িক দলৰ বাদে প্ৰতিটো বিৰোধী ৰাজনৈতিক দলৰে সৈতে জাতীয় পৰিষদে আলোচনা অনুষ্ঠিত কৰে। ইয়াৰ ফলত থাওৰা আৰু মৰিয়নী সমষ্টি দুটাৰ বাহিৰে আন সমষ্টিকেইটাত একোগৰাকী সন্মিলিত বিৰোধী প্ৰাৰ্থী থিয় কৰোৱাটো সম্ভৱ হয়।


ভবানীপুৰ (গাতি)ত লুৰীণজ্যোতি গগৈ

বিৰোধীপক্ষৰ উমৈহতীয়া প্ৰাৰ্থীৰ পক্ষত জনমত গঠনৰ উদ্দেশ্যে ২৩ অক্ট'বৰত ভবানীপুৰ বিধান সভা সমষ্টিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞা প্ৰমুখ্যে কেইবাগৰাকী কেন্দ্ৰীয় নেতাৰ উপস্থিতিত কেইবাখনো ৰাজহুৱা সভাত অংশগ্ৰহণ কৰে।

বাক্সা জিলাৰ গাটিত প্ৰথমখন সভাত ভাষণ প্ৰদান কৰি লুৰীণজ্যোতি গগৈয়ে কয় যে জনবিৰোধী, স্বেচ্ছাচাৰী, সাম্প্ৰদায়িক বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ স্বেচ্ছাচাৰিতা বন্ধ কৰিবলৈ হ'লে বিৰোধী কন্ঠ সবল হ'ব লাগিব। বিৰোধীৰ বিভাজনে স্বেচ্ছাচাৰী শাসকপক্ষক যাতে অধিক শক্তিশালী কৰিব নোৱাৰে সেয়েহে এই উপনিৰ্বাচনত সাম্প্ৰদায়িক দলক বাদ দি এটা সমষ্টিত এজন বিৰোধী প্ৰাৰ্থী নীতি জাতীয় পৰিষদে গ্ৰহণ কৰিছে। এই ক্ষেত্ৰত দুটা সমষ্টিৰ বাহিৰে আন সমষ্টিত সহমতত উপনীত হ'ব পৰাটো যথেষ্ট তাৎপৰ্য্যপূৰ্ণ হিচাপে বিবেচিত হৈছে। এইবাবেই খোদ মুখ্য মন্ত্ৰীগৰাকীয়ে এটা সমষ্টিত দিনটোত চাৰি-পাঁচখনকৈ সভা পাতিব লগা হৈছে। বিজেপি নাইবা সহযোগী দলক ভোট প্ৰদান নকৰিলে সমষ্টিৰ উন্নয়ন নহ'ব বুলি ৰাইজক ভাবুকি দিছে।


ভবানীপুৰ (গাতি) ৰ সভাৰ দৃশ্য

ৰাইজক মুখ্য মন্ত্ৰীৰ ভাবুকিক গুৰুত্ব নিদিবলৈ আহ্বান জনায় লুৰীণজ্যোতি গগৈয়ে কয় যে মুখ্য মন্ত্ৰীয়ে নিজৰ ঘৰৰ ধনেৰে সমষ্টিৰ উন্নয়ন নকৰে। এইয়া ৰাইজৰ কৰৰ পৰা সংগ্ৰহ কৰা ধন। গতিকে ৰাইজৰ ধন ৰাজহুৱা উন্নয়নত খৰচ কৰিবলৈ চৰকাৰ বাধ্য।

সভাত সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয় যে খাদ্য সামগ্ৰী, ৰন্ধন গেছ, পেট্ৰল-ডিজেলকে ধৰি সকলো সামগ্ৰীৰ জুইছাই দামত ৰাইজৰ জীৱন কোঙা হৈ গৈছে। এনে পৰিস্থিতিত ৰাইজক 'ভালে আছেনে' বুলি সোধাটো এক কৌতুকত পৰিণত হৈছে।


ভবানীপুৰ (সৰুপেটা)ত লুৰীণজ্যোতি গগৈ

ইয়াৰ পিছত লুৰীণজ্যোতি গগৈয়ে সৰুপেটা আৰু ভবানীপুৰত দুখন সভাত উদাত্ত ভাষণ প্ৰদান কৰে। লগতে শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰ আৰু 'কা' আন্দোলনৰ শ্বহীদ আব্দুল হালিমৰ ঘৰলৈ গৈ শ্রীগগৈয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ২৪ অক্ট'বৰ দেওবাৰে গোসাঁইগাঁও সমষ্টিত কেইবাখনো বিশাল ৰাজহুৱা সভাত সভাপতি গৰাকীয়ে অংশগ্ৰহণ কৰে। জানিব পৰা মতে ২৫ অক্ট'বৰত তামোলপুৰ আৰু ২৬,২৭ অক্ট'বৰত মৰিয়নী সমষ্টিত কেইবাখনো প্ৰচাৰ সভাত সভাপতিয়ে ভাগ লোৱাৰ কথা।।