ৰাষ্ট্ৰ সংঘৰ জলবায়ু পৰিৱৰ্তন মহাসভা: কিছু আলোচনা


Image Description

প্ৰতি বছৰৰ দৰে এইবাৰো ২৭ সংখ্যক ৰাষ্ট্ৰ সংঘৰ জলবায়ু পৰিৱৰ্তন মহাসভা ( COP-27, Countries of Participating) অনুষ্ঠিত হৈছে। যোৱা বছৰত স্কটলেণ্ডৰ গ্লাছগ' চহৰত মহাসভাখন অনুষ্ঠিত হোৱাৰ বিপৰীতে এইবাৰ উক্ত সভা অনুষ্ঠিত হৈছে মৰুৰ দেশ ইজিপ্তৰ শাৰ্ম-আল্-শ্বেইখ্ চহৰত।

৬ নৱেম্বৰৰ পৰা চলি থকা মহাসভাখনত সমগ্ৰ বিশ্বৰে ১৯০খন ৰাষ্ট্ৰৰ বিশ্বপ্ৰতিনিধিয়ে ভাগ লৈছে। বিগত কিছু মাহত জলবায়ু পৰিৱৰ্তনজনিত প্ৰভাৱসমূহ আমাৰ ভালদৰে দৃষ্টিগোচৰ হৈছেই। যুদ্ধ তথা অৰ্থনৈতিক অস্থিৰতাত বিপৰ্য্যস্ত বিশ্বৰ ক্ৰমবৰ্ধমান জলবায়ু পৰিৱৰ্তনৰ নেতিবাচক প্ৰভাৱৰ সতে মোকাবিলা কৰাৰ উদ্দেশ্যে অনুষ্ঠিত হৈ অহা এই সন্মিলনৰ সামগ্ৰিক সিদ্ধান্তৰাজিয়ে জলবায়ু সুস্থিৰতাৰ দিশত অত্যন্ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি বিবেচিত হৈ আহিছে।

এইবাৰৰ সন্মিলনখনতো জলবায়ু পৰিৱৰ্তন সংক্ৰান্তীয় গুৰু কাৰণসমূহ, যেনে, পাকিস্তান, নাইজেৰিয়াৰ প্ৰলয়ংকাৰী বানপানী, আফ্ৰিকা, যুক্তৰাষ্ট্ৰৰ পশ্চিমাঞ্চলৰ তীব্ৰ খৰাং পৰিস্থিতি, ইউৰোপীয় দেশসমূহত সৃষ্টি হোৱা তীব্ৰ বনজুই, আৰবীয় উপমহাদেশসমূহত সৃষ্ট ঘূৰ্ণী বতাহ, গোলকীয় উষ্ণতা বৃদ্ধি ইত্যাদি বিষয়বোৰৰ সম্পৰ্কে আলোচনা হৈছে।

ৰাষ্ট্ৰ সংঘৰ সচিব প্ৰধান এন্ট’নিয় গাটেৰেছে চিন্তা প্ৰকাশ কৰি কৈছে যে প্ৰতিবেদনৰাজিৰ জৰিয়তে জলবায়ু পৰিৱৰ্তনৰ এক বৰ অসন্তোষজনক প্ৰতিচ্ছবি স্পষ্ট হৈছে । COP27 সন্মিলনৰ জৰিয়তে এই ক্ষেত্ৰত অতি দ্ৰুত তথা সাহসী পদক্ষেপ গ্ৰহণ কৰিব লাগিব ৷ অন্যথা বিশ্বব্যাপী এই জলবায়ু পৰিৱৰ্তনৰ যুদ্ধত হয়তো আমি জয়ী হ’ম নতুবা আমি নিচিহ্ন হৈ যাম।

সঁচাকৈয়ে, সুনিৰ্দিষ্টভাৱে এই যুঁজখনৰ অৰ্থ হৈছে চলিত শতিকাৰ শেষৰফাললৈকে গোলকীয় উষ্ণতা ১.৫ ডিগ্ৰী ছেলছিয়াছত সীমিত ৰখাৰ দৰে জটিল প্ৰত্যাহ্বান । কাজেই ২০৩০ বৰ্ষৰ ভিতৰত সেউজগৃহ গেছ নিৰ্গমনৰ পৰিমাণ ৪৫% পৰ্য্যন্ত হ্ৰাস কৰিব লাগিব ।

বিগত বৰ্ষৰ সন্মিলনতো ( COP26 - Glasgow ) বহু ধৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।কাৰ্বন নিৰ্গমন হ্ৰাসৰ ক্ষেত্ৰত কয়লাৰ ব্যৱহাৰ হ্ৰাস, ২০৩০ বৰ্ষৰ ভিতৰত বন ধ্বংসযজ্ঞ হ্ৰাসকৰণ, মিথেন গেছ নিৰ্গমন হ্ৰাসকৰণ ইত্যাদি কেতবোৰ উল্লেখযোগ্য সিদ্ধান্ত আছিল।

কিন্তু দুখজনকভাৱে বিশ্বৰ দেশবোৰৰ চৰকাৰে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ ক্ষেত্ৰত বৰ বেছি অগ্ৰগতি লাভ কৰিব পৰা নাই। ৰাষ্ট্ৰ সংঘই এই ক্ষেত্ৰত তীব্ৰ সমাধানসূচক চিন্তা-চৰ্চা আগবঢ়াবলৈ সকলো সদস্য দেশসমূহৰ প্ৰতিনিধিবৰ্গক আহ্বান জনাইছে।

তথাপি আশা কৰোঁ, বিশ্বৰ সৰ্বোচ্চ তথা সবাতোকৈ প্ৰয়োজনীয় এই বিশ্ব জলবায়ু মহাসভাখনৰ গুৰুত্বই পৃথিৱীৰ জলবায়ু পৰিৱৰ্তন হ্ৰাসৰ দিশত নিতান্তই অৰিহণা যোগাব।।