মহাকাশত শক্তিশালী ৰঙীন দূৰবীণ


Image Description

আঁতৰত থকা বস্তু এটা অতি ওচৰতে দেখিব পৰাকৈ সঁজোৱা সঁজুলি বিধেই হ’ল দূৰবীণ। দূৰবীণৰ সহায়ত বহু কৌটি বছৰ আগতে নক্ষত্ৰ বা নক্ষত্ৰমণ্ডলৰ অহা আৰু বৰ্তমানেও বিস্তাৰিত হৈ থকা নানান দৈৰ্ঘ্যৰ পোহৰ -তৰংগ নিৰীক্ষণ কৰা হয়।

যিবোৰ দূৰবীণ এনেদৰে সজা হয় যাতে পোহৰবোৰৰ ৰং কি, তৰংগবোৰৰ দৈৰ্ঘ্য কিমান, সেয়াও পৰ্য্যবেক্ষণ আৰু নিৰ্ণয় কৰিব পাৰে, তেনেবোৰেই হ’ল মহাকাশ ৰঙীন দূৰবীণ।

এনে মহাকাশ দূৰবীণ এটা বহু ব্যয়বহুল ৰ'কেটৰ সহায়ত মহাকাশত উৎক্ষেপণ কৰা হয়। ইয়াক মহাকাশৰ নিৰ্দিষ্ট স্থানত অৱস্থান কৰোৱা হয়। তাতে থাকি দূৰবীণটোৱে পৃথিৱীত থকা জ্যোতিৰ্বিজ্ঞানীক অহৰ্নিশে তথ্য প্ৰেৰণ কৰে । নক্ষত্ৰ তথা নক্ষত্ৰমণ্ডলৰ পোহৰ প্ৰেৰণ কৰে।

মহাকাশলৈ দূৰবীণ পঠিওৱাটো আজিৰ কথা নহয় যদিও ই যুগে যুগে নতুন ৰূপ লৈ মানুহৰ মনত প্ৰভাৱ বিস্তাৰ কৰি আহিছে। প্ৰশ্ন উদয় হ’ব পাৰে, সাধাৰণ জনগণৰ কি লাভ হ’ব? একোটা দূৰবীণৰ লগত ভাৰতীয় মুদ্ৰা হিচাপত পয়সত্তৰ হাজাৰ কোটি টকা জড়িত হৈ থাকে।

সাধাৰণ জনগণৰ লাভালাভ মহাকাশ অন্বেষণৰ মূল লক্ষ্য নহয়। সমগ্ৰ পৃথিৱীৰ বিখ্যাত বিজ্ঞান গৱেষণা প্ৰতিষ্ঠান নাছা(NASA)ৰ বিজ্ঞানীয়ে ১৯৯৬ চনতে ৰঙীন মহাকাশ দূৰবীণ এটা সাজিবলৈ পৰিকল্পনা কৰে। ইউৰোপৰ অন্যান্য দেশৰ সহযোগত নাছাই এটা ৰঙীন দূৰবীণ সাঁজি উলিওৱাৰ কাম ২০০৭ চনত সম্পূৰ্ণ কৰে।

নাছাৰ জ্যেষ্ঠ মহাকাশবিজ্ঞানী জেমছ্ এড্উইন ৱেবৰ সন্মানাৰ্থে এই শক্তিশালী ৰঙীন মহাকাশ দূৰবীণটোৰ নাম ৰখা হয় ‘জেমছ ৱেব মহাকাশ দূৰবীণ’। ইয়াৰ সহায়ত বিজ্ঞানীয়ে :

(ক) বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টি-ৰহস্যৰ বিষয়ে জানিবলৈ,

(খ) নক্ষত্ৰ তথা নক্ষত্ৰমণ্ডলৰ পৰা আদিতে আৰু আজিও আহি থকা পোহৰ তৰংগবোৰ পৃথকে পৃথকে জানিবলৈ,

(গ) নক্ষত্ৰ তথা নক্ষত্ৰমণ্ডলৰ গঠন আৰু বিৱৰ্ত্তন সম্পৰ্কে বিশদভাৱে জানিবলৈ আৰু

(ঘ) নক্ষত্ৰক কেন্দ্ৰ কৰি থকা গ্ৰহমণ্ডলীয় পদ্ধতি আৰু ইয়াৰ গঠন সম্পৰ্কে জানিবলৈ আশা ৰাখিছে।

দূৰবীণটো সজোৱাত ব্যৱহাৰ কৰা মূল দাপোণখন উনত্ৰিছ কেৰেট সোণপাতৰ । দাপোণখনৰ ব্যাস ছয় দশমিক পাছ মিটাৰ। ইয়াক প্ৰখৰ সূৰ্য্যৰ কিৰণৰ পৰা সকাহ দিবলৈ দূৰবীণটোত সংযোগ কৰা ঢাকনিখন ২২০ বৰ্গ মিটাৰৰ।

দূৰবীণটোৱে ২২৩ ডিগ্ৰী ছেলছিয়াছত কাম কৰিবলৈ সক্ষম হ’ব। ইয়াক উৎক্ষেপণৰ বাবে উপযুক্ত কৰি তোলা হয় ১৯১৬ চনত। কিছু বিজুতিৰ বাবে আৰু লগতে ক’ভিডকালীন অৱস্থাৰ বাবে ২০২১ চনৰ ২৫ ডিছেম্বৰৰ দিনাখন এৰিয়ান নামৰ ৰ'কেটটোৰ সহায়ত দূৰবীণটো উৎক্ষেপণ কৰা হয়।

সম্পূৰ্ণ এমাহ পাছত ই তাৰ গন্তব্যস্থানত সুকলমে উপনীত হয়। ৬ মাহ পিছত দূৰবীণটোৱে পৃথিৱীত থকা জ্যোৰ্তিবিজ্ঞানীক তথ্য প্ৰেৰণ কৰিবলৈ সমৰ্থবান হ’ব বুলি আশা কৰা হৈছে।

এনেদৰে মহাকাশ ৰঙীন দূৰবীণটোৱে প্ৰায় ১৪ বছৰ কাল সক্ৰিয় হৈ থাকিব বুলিও ধাৰণা কৰা হৈছে। ই এক বৃহৎ সফলতা বুলিয়েই ক’ব লাগিব।।