গভীৰ সংকটত অসমৰ চাহ উদ্যোগ


Image Description

এই.……চা…ই!
চাই……গৰম….!
পুৱা ৪/৪-৩০ বজাৰ পৰাই ৰেলৰ দবাত ইজনৰ পিছত সিজন চাহ বিক্ৰেতাৰ অহা-যোৱা। কেৱল ৰেলৰ দবাতেইতো নহয়, আজিকালি মহানগৰীৰ বাটে-ঘাটে , অফিছ-কাছাৰী সকলোতে পিঠিত চাহৰ পাত্ৰ লৈ চাহ বিক্ৰী কৰা দেখা যায়।

সঁচাকৈয়ে, ৰাতিপুৱা শুই উঠিয়ে চাহ একাপ নোখোৱাকৈ দিনটোৰ আৰম্ভণি কৰিব পাৰি জানো? সতেজ গৰম চাহ একাপে সাজু হোৱা দিনটোৰ বাবে শৰীৰৰ লগতে মনটোকো উজ্জীৱিত কৰে।

ঘৰলৈ অহা আলহী-অতিথিকো আমি চাহ একাপেৰে আপ্যায়ন নকৰো জানো?ৰেলৰ চাহ বিক্ৰেতাকে আদি কৰি ফুটপাথ, ৰেস্তোৰাঁ, নতুনকৈ মহানগৰীত দৃষ্টিগোচৰ হোৱা আধুনিক টি-ষ্টলসমূহলৈকে ,চাহক কেন্দ্ৰ কৰিয়েই গঢ়ি উঠিছে ক্ষুদ্ৰ/বৃহৎ বহুতো উদ্যোগ। মুঠৰ ওপৰত কোৱা বাহুল্য মাত্ৰ যে আমাৰ দৈনন্দিন জীৱনত চাহ অপৰিহাৰ্য্য।

অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ ভিতৰত চাহ অন্যতম । পৃথিৱীৰ বৃহত্তম চাহ উৎপাদনকাৰী দেশ হিচাপে ভাৰতৰ স্থান চীনৰ পিছতে।ভাৰতে ৰপ্তানি বাণিজ্যিৰ যোগেদি যি বৈদেশিক মুদ্ৰা অৰ্জন কৰে, তাৰে এক বুজন অংশ আহে চাহ উদ্যোগৰ পৰা।মুঠতে ভাৰতৰ অৰ্থনীতিৰ বুনিয়াদ নিৰ্মাণত চাহৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে।

ভাৰতত সৰ্বমুঠ যিমান চাহ উৎপন্ন হয় তাৰ শতকৰা পছপন্ন ভাগ উৎপাদন কৰে কেৱল অসমে।অসমত বৰ্তমান উৎপন্ন হোৱা চাহৰ পৰিমাণ প্ৰায় ৬৫৩ মিলিয়ন কিল'গ্ৰাম। তাৰ পিছতে পশ্চিম বংগ, তামিলনাডু, কেৰেলা, ত্ৰিপুৰা, অৰুণাচল প্ৰদেশ, হিমাচল প্ৰদেশ, কৰ্ণাটক, ছিকিম, নাগালেণ্ড, মেঘালয়, বিহাৰ, উৰিষ্যা।

২০২১ চনত অৱশ্যে পশ্চিম বংগই সৰ্বাধিক উৎপাদন কৰিছিল। অসমৰ স্থান আছিল দ্বিতীয়। কিন্তু এইটো অনস্বীকাৰ্য্য যে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা আৰম্ভ কৰি বৃহৎ চাহ উদ্যোগলৈকে সকলোবোৰে ভাৰতৰ অৰ্থনীতি টনকিয়াল কৰাত এক অনবদ্য অৱদান আগবঢ়াইছে। এই উদ্যোগটোৱে হাজাৰ হাজাৰ বনুৱা তথা শিক্ষিত থলুৱা লোকৰ সংস্থাপনেৰে অসমৰ নিবনুৱা সমস্যা সমাধানতো কম অৰিহণা যোগোৱা নাই!

বৰ্তমান একাপ চাহৰ নূনতম বজাৰ মূ্ল্য ১০ টকা। কিন্তু এই একাপ চাহকে অনাগত দিনত আমি যদি ১০০ টকা দৰত কিনি খাব লগা হয় তেন্তে ভাবকচোন!এই দিন যে সমাগত তাৰ আগলি বতৰা আমি ইতিমধ্যেই পাইছোঁ।

কিয়নো চাহ উদ্যোগ বৰ্তমান গভীৰ সংকটৰ সন্মুখীন হৈছে।

তাৰ কাৰণসমূহ হ'ল:

(১) প্ৰতিকূল বতৰ বা ভূ-পৃষ্ঠত জলবায়ুৰ সঘনাই হোৱা পৰিবৱৰ্তন।

(২) বিদ্যুতৰ নাটনি বা অনিয়মিত সৰবৰাহ।

(৩) প্ৰাকৃতিক পেট্ৰ'লিয়াম গেছৰ অত্যধিক মূল্যবৃদ্ধি।

(৪) কীটনাশকত ১৮ ৰ পৰা ২৮% লৈ জিএছটি বৃদ্ধি।

(৫)ইউৰিয়া, আধুনিক জৈৱিক দ্ৰব্যৰ চাহিদা অনুপাতে অভাৱ অথবা এই দ্ৰব্যসমূহৰ ক'লা বজাৰ।

(৬) ৰাহি ধনৰ অভাৱত ১০০ বছৰীয়া পুৰণি চাহ গছসমূহ উঘালি নতুনকৈ গছপুলি ৰোপণত ব্যৰ্থতা লগতে চাহগুটি/পুলিৰ চ'ৰা দাম।

(৭) কলঘৰ বা ফেক্ট'ৰী এটা চলাবলৈ প্ৰদূষণ নিয়ন্ত্ৰণ অনুজ্ঞাপত্ৰকে আদি কৰি যিবোৰ সন্মতিপত্ৰৰ প্ৰয়োজন সেইবোৰ পোৱাত চৰকাৰী কাৰ্য্যালয়ত ৰঙা ফিটাৰ মেৰপাক অথবা সেইবোৰৰ অত্যধিক মাছুল বৃদ্ধি।

উল্লিখিত কাৰণসমূহৰ বাবেই বৰ্তমান অসমৰ চাহ উদ্যোগে অন্তকালৰ অন্তিম শয্যাত পৰি দীৰ্ঘশ্বাস ল'বলগীয়া হৈছে।

চৰকাৰ ভোট বেংক সৃষ্টি কৰাত নিমগ্ন। কোনে চিন্তা কৰিব? লাহে লাহে চাহৰ উৎপাদন মূল্যবৃদ্ধি পাব। ইতিমধ্যে আকাশলংঘী হৈছেই।

নিলাম বজাৰত মূল্যবৃদ্ধি হ'ব ;গতিকে মুকলি বজাৰত আমাৰ কি দশা হ'ব? ফল স্বৰূপে বজাৰ দখল কৰিব চীন , শ্ৰীলংকা, কেনিয়া আদি দেশসমূহে। আমাক প্ৰকৃতিয়ে মুক্তহস্তে দান কৰা সম্পদবিধ লাহে লাহে বিলুপ্ত হ'ব অসমৰ পৰা।

চাহ বাগিচাবোৰ গৰু-ছাগলীৰ চৰণীয়া পথাৰ হ'ব। শুকান পুখুৰী চাহ বাগিচাকে আদি কৰি আন বহুকেইখন বাগিচাৰ অৱস্হা এনে হৈছেই।

অসমৰ প্ৰকৃতিপ্ৰদত্ত এই মূল্যবান সম্পদবিধক সময় থাকোঁতেই ৰক্ষণাবেক্ষণ দি জীয়াই ৰখাটো চৰকাৰৰ কৰ্তব্যৰ ভিতৰত নপৰেনে??

৯৮৬৪০৮৬৩২২