বিহপুৰীয়া অঞ্চলৰ সাপ


Image Description

সাপ বিস্ময়, কৌতুহল,ৰহস্যই যেন আবৰি আছে এই সাপ শব্দটোত৷ কেতিয়াৰ পৰা নাজানো, কিন্তু জনা-বুজা হোৱাৰ পৰা এই সাপ নামৰ জীৱবিধৰ ওপৰত এক আকৰ্ষণ অনুভৱ কৰিছিলোঁ৷ আৰু সেই আকৰ্ষণৰ ফলত ইয়াক অধিক জনাৰ চেষ্টা কৰিছিলোঁ৷ বৰ্তমান সময়লৈকে মই ৬ বছৰ সাপ উদ্ধাৰকাৰী হিচাবে লক্ষীমপুৰ জিলাৰ বিহপুৰীয়া অঞ্চলত কাম কৰি আহিছোঁ৷ আৰু ৬ বছৰত প্ৰায় ৪০০০ সাপ উদ্ধাৰ কৰিছোঁ৷

আমি উদ্ধাৰ কৰোঁতে সম্পূৰ্ণ বিজ্ঞানসন্মত পদ্ধতি আৰু বন বিভাগৰ অনুমতি লৈহে বন্যপ্ৰাণী উদ্ধাৰ কৰোঁ। সাপ এটা উদ্ধাৰ কৰাৰ সময়ত আমি সাপটোৰ সুৰক্ষা আৰু মানুহৰ সুৰক্ষা এই দুয়োটা বিষয়ৰ প্ৰতি লক্ষ্য ৰাখোঁ। সাপটো সফলভাৱে উদ্ধাৰ কৰাৰ পাছত যিমান সম্ভৱ সোনকালে বন বিষয়াৰ সহযোগত সাপটোৰ প্ৰাকৃতিক পৰিৱেশত সুস্থ অৱস্থাত মুকলি কৰি দিয়া হয়। এই লেখনিত এই সময়ছোৱাত বিহপুৰীয়া অঞ্চলত পোৱা সাপখিনিৰ কথা উল্লেখ কৰিম৷

বিষ হিচাবত ৩ প্ৰকাৰৰ সাপ পোৱা যায়:
১) বিষাক্ত সাপ
২) সামান্য বিষাক্ত সাপ
৩) অবিষাক্ত সাপ

বিহপুৰীয়া অঞ্চলৰ বিষাক্ত সাপসমূহ:
১) চকৰী ফেঁটী [monocied cobra]
২) গুৱালা, বাকৰাজ, শংকা [banded krait]
৩) ক’লা গুৱালা [black krait]
৪) ক’লা হালধীয়া [pit viper]

বিহপুৰীয়া অঞ্চলৰ সামান্য বিষাক্ত সাপসমূহ:
১) গকুল মেকুৰী চকু সাপ [Thai cat snack, eastern cat snack]
২) মেনী সাপ [rainbow mud snack]

বিহপুৰীয়া অঞ্চলৰ অবিষাক্ত সাপসমূহ:
১) কেঁচু সাপ [blind snack]
২) অজগৰ [Burmese python]
৩) ঢোঁৰা সাপ [checkered Kellback snack]
৪) মোঁচোৰা সাপ [Indian rat snack]
৫) সৌকা গুম, চেঙেলী গুম [Indo-Chinese rat snack]
৬) ধুন্দুলী গুম [copper headed trinket]
৭) বামুণী সাপ [stripped keelback snack]
৮) কাঁড়শলা সাপ, এচাৰি সাপ [Bronzback tree snack]
৯) মাৰলী সাপ [common wolf snack]
১০) খুকুৰি সাপ [kukri snack]