পৃথিৱীৰ সৰ্ববৃহৎ নদী-দ্বীপ মাজুলী?


Image Description

মাজুলী বুলিলেই সততে আমাৰ মনলৈ আহে ল’ৰালিৰ 'কত কিয় বিখ্যাত'ৰূপে খ্যাত ভূগোলৰ প্ৰশ্নটো। পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপৰ নাম মাজুলী বুলি ক'লে বোধহয় আমাৰ জীৱনকালতেই উত্তৰটো ভুল হৈ যাব পাৰে।

সত্ৰনগৰী, বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ, বাৰেৰহণীয়া জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ এই নদীদ্বীপটো যদি পৃথিৱীৰ বুকুৰ পৰা নাইকিয়া হৈ পৰে তেন্তে ভৱিষ্যত প্ৰজন্মৰ বাবে ভূগোলৰ এটা প্ৰশ্নৰ বিষয় মাত্ৰ হৈ ৰ'ৱ মাজুলী।

কথাবোৰ ইমান ৰুক্ষভাৱে কিয় উপস্থাপন কৰিবলৈ লৈছোঁ সেয়া তলৰ তথ্যসমূহ মন কৰিলেই উপলব্ধি হ'ব। শস্য-মাছেৰে নদন -বদন মা লক্ষীৰ ভঁৰাল আছিল বাবে হেনো দ্বীপটোৰ নাম মাজুলী(মা+জুলী)।

আমাৰ অনুভূতিত বিৰাজমান এই সুন্দৰ দ্বীপটো মাত্ৰ এক ভূখণ্ড নহয়, ই হৈছে ১ লাখ ৭০ হাজাৰ (২০১১ লোকপিয়ল মতে) মানুহৰ আৱাস স্থল। ইমানবোৰ মানুহৰ জীৱন-জীৱিকাৰ আশ্ৰয়স্থলী এই দ্বীপটো আমাৰ চকুৰ আগতেই নিঃশেষ হোৱাৰ পথত আগবাঢ়িছে।

১৮৫৩ চনত বৃটিছ বিষয়া এ. জে. মফ'ট মিল'ছ্ চাহাবে লিখা 'অসম ৰিপ'ৰ্ট'ত মাজুলীৰ মাটি-কালি ১,১৪২ বৰ্গ কিল'মিটাৰ বুলি ঠাৱৰ কৰিছিল।ইয়াৰো এক শতিকা আগতে বৃটিছ লিখক জন পিটাৰ ৱাডে মাজুলীৰ মাটি-কালি প্ৰায় ২,৪৮০ বৰ্গ কিল'মিটাৰ বুলি উল্লেখ কৰিছিল। ১৯৫০চনৰ বৰভূঁইকঁপৰ সময়ছোৱাত ভাৰত চৰকাৰৰ জৰীপৰ তথ্য অনুযায়ী মাজুলী প্ৰায় ১,২৫০ বৰ্গ কিল'মিটাৰ অঞ্চলৰ এক বৃহৎ নদীদ্বীপ আছিল।

যোৱা ছয় দশকত দ্বীপটোৰ এক বৃহৎ অংশ খহনীয়াৰ ফলত নদীত জাহ গ'ল। দ্বীপটোৰ হোৱা মুঠ ক্ষয়-ক্ষতিৰ পৰিমাণ চৰকাৰৰ বিভিন্ন বিভাগে ভিন্নভাৱে সময়ে সময়ে উপস্থাপন কৰি আহিছে। কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ উদ্যোগত হোৱা জৰীপমতে মাজুলীৰ মাটি-কালি তলত দিয়া হ'ল:

চৰকাৰী বিভাগ/অনুষ্ঠান মাজুলীৰ মাটি-কালি (বৰ্গ কিমি.)

১) ভাৰত চৰকাৰৰ জৰীপ (২০১১) ৫৮৪

২) ৰাজহ চক্ৰ কাৰ্য্যালয়, মাজুলী ৭৬৪

৩) ব্ৰহ্মপুত্ৰ ব'ৰ্ড (২০১২) ৫২৩

৪) মহকুমা কাৰ্য্যালয়, মাজুলী (২০১০) ৮৭৫

ওপৰৰ তথ্যবোৰৰ পৰা এই কথা নিশ্চিত যে মাজুলীৰ বৰ্তমান সময়ত আকাৰ কিমান সেই ছবিখনেই স্পষ্ট নহয়। গতিকে খহনীয়াই দ্বীপটোৰ কিমান অঞ্চলৰ ক্ষতিসাধন কৰিলে সেই কথা নিৰূপণ কৰিবলৈ উপগ্ৰহৰ সহায়ত লোৱা মানচিত্ৰসমূহেই একমাত্ৰ বিশ্বাসযোগ্য সম্বল।

এতিয়া উপগ্ৰহৰ সহায়ত তৈয়াৰ কৰা মানচিত্ৰৰ জৰিয়তে চাওঁ আহক ব্ৰহ্মপুত্ৰ নদীখনে ১৯৭৫ চনৰ পৰা ২০১৫ চনলৈ দ্বীপটোৰ মাজেৰে কিমান গতিপথ সলনি কৰিলে।

(......মানচিত্ৰ:১.......মানচিত্ৰ:২........মানচিত্ৰ:৩......)

ওপৰৰ মানচিত্ৰসমূহৰ পৰা এই কথা স্পষ্ট যে ১৯৭৫ চনৰ পৰা ২০০০ চনলৈ ব্ৰহ্মপুত্ৰ নদীখনৰ গতিপথ চকুত লগাকৈ সলনি নহ'লেও ২০০০ চনৰ পৰা ২০১৫ চনলৈ নদীখনৰ সোঁত উত্তৰৰ দিশে সলনি হ'বলৈ ধৰিছে আৰু দ্বীপটোৰ সেই অংশসমূহ ক্ৰমে গ্ৰাস কৰিবলৈ আৰম্ভ কৰিছে। ফলত গৰাখহনীয়া ত্বৰান্বিত হৈ নতুন নতুন অঞ্চল নদীত জাহ যাবলৈ ধৰিছ।

২০১৪ চনৰ ৰাজহ বিভাগৰ তথ্য অনুযায়ী মাজুলীৰ বিভিন্ন মৌজাত নিশ্চিহ্ন হোৱা বা নিশ্চিহ্ন হোৱাৰ উপক্ৰম হোৱা গাঁৱৰ সৰ্বমুঠ সংখ্যা এশৰো ওপৰত। তলত বিতংভাৱে এই তথ্য দিয়া হ'ল।

মৌজা নিশ্চিহ্ন হোৱা গাওঁ(সম্পূৰ্ণ/আংশিক)

জাহ যোৱা মাটিৰ পৰিমাণ ( হেক্টৰ)

আঠাগুৰি ৩৪ ২৬,৯৫৫

কমলাবাৰী ১৮ ১৮,৭৫৯

শালমৰা ১৫ ৭,৭৪৮

মাজুলী

(সৰ্বমুঠ) ৬৭/৪০ ৫৩,৪৬২

৬৫খন সত্ৰৰ মাত্ৰ ২২খন সত্ৰহে এতিয়া মাজুলীত বাচি আছে। সত্ৰসমূহৰ বিলুপ্তিয়ে এটা অঞ্চলৰ সাংস্কৃতিক ধাৰাবাহিকতাৰো ইতিহাস বুজায়। মাজুলীৰ মাটি-কালিৰ প্ৰায় এক-তৃতীয়াংশ নদীত জাহ গ'ল । আনহাতে যোৱা ছয় দশকত ইয়াৰ জনসংখ্যা দুগুণৰো অধিক বৃদ্ধি পালে। এনে অৱস্থাত ভূমিৰ উপযোগিতাও সলনি হোৱা পৰিলক্ষিত হৈছে।

উপযোগিতাৰ ফালৰ পৰা

মাজুলীৰ ভূমিসমূহ আঠ ভাগত বিভক্ত কৰিব পাৰি:

পতিত ভূমি,

বালিচৰ,

কৃষিভূমি,

তৃণভূমি,

আৰ্দ্ৰ ভূমি,

জলাশয়,

জংঘল আৰু বসতিভূমি।

এতিয়া চাওঁ আহক ১৯৭৫ চনৰ পৰা ২০১৫ চনলৈ মাজুলীৰ ভূমিসমূহৰ উপযোগিতা কি দৰে সলনি হৈছে। উপগ্ৰহৰ সহায়ত লোৱা ছবিসমূহে ইয়াৰ এক মনোগ্ৰাহী চিত্ৰ পৰিষ্কাৰভাৱে দেখুৱাইছে।

(.......মানচিত্ৰ:৪.......মানচিত্ৰ:৫......মানচিত্ৰ:৬....)

উপগ্ৰহৰ পৰা উপলব্ধ তথ্যমতে ১৯৭৫ চনৰ পৰা ২০১৫ চনলৈ কৃষিভূমি হ্ৰাস পাইছে ৭৯%, ফলত জিলাখনৰ ভিতৰতে ভগনীয়া সমস্যা সৃষ্টি হৈছে।

নদীখনৰ পুৰণি সোঁতসমূহ ক্ৰমে শুকাই যোৱা আৰু নদীখনে গতিপথ সলনি কৰাৰ ফলত ১৪% আৰ্দ্ৰভূমি হ্ৰাস পাইছে আৰু জলাশয় হ্ৰাস পাইছে ৪%।

দ্বীপটোৰ জনসংখ্যা বৃদ্ধি হোৱাৰ ফলত নতুন নতুন অঞ্চল বসতিপূৰ্ণ হৈ পৰিছে,ফলত বসতিভূমি বৃদ্ধি পাইছে প্ৰায় ১০৫%। মাজুলীৰ ক্ৰমাৎ বৃদ্ধি পোৱা জনসংখ্যা আৰু কৃষিভূমিৰ সংকোচনৰ ফলত অহা দহ-পোন্ধৰ বছৰৰ ভিতৰত এক ভয়াবহ প্ৰব্ৰজন সমস্যাৰ বোজা ইয়াৰ চুবুৰীয়া জিলাকেইখনে ভুগিব লাগিব।

বিশ্ব ঐতিহ্য এই দ্বীপটোৰ ৰক্ষাৰ বাবে ২৫০ কোটি টকাৰ আঁচনি ৰূপায়ণ হৈছে, কামো হৈ আছে, কামৰ গাফিলতিৰ অভিযোগ তুলি স্থানীয় ৰাইজে আন্দোলনো কৰিছে। কিন্তু বছৰ বাগৰি যোৱাৰ লগে লগে দ্বীপটোৱে মৃত্যুৰ সৈতেহে যেন যুঁজিছে। আমি দেখিছোঁনে?