এলআইছি-ৰ শ্বেয়াৰ বিক্ৰী( IPO) আৰু ‌কালক্ৰমত ইয়াৰ বেচৰকাৰীকৰণৰ মোদী চৰকাৰৰ পদক্ষেপক ৰাষ্ট্ৰবিৰোধী বুলি ক'লে কি অত্যুক্তি কৰা হয়?
নহয়,কাৰণ.... (২)


Image Description

(৮ আগষ্ট সংখ্যাৰ পিছৰ অংশ )

এলআইছি এক্ট,১৯৫৬ৰো ২৭টা সংশোধনী চৰকাৰে অত্যন্ত অগণতান্ত্ৰিক পদ্ধতিৰে যোৱা বাজেটৰ সময়ত বিত্তীয় বিলৰ মাজত অন্তৰ্ভুক্ত কৰি গৃহীত কৰাইছে।এই সংশোধনীবোৰৰ জৰিয়তে অংশৰ বিক্ৰীৰ বাবে চৰকাৰে এটি পৰিবেশ সৃষ্টি কৰিছে। ভাৰতৰ সংবিধানত কি কি বিষয় বিত্তীয় বিলৰ অন্তৰ্ভুক্ত হ'ব পাৰে সেই সম্পৰ্কে কোৱা হৈছে। এইবোৰ হৈছে, চৰকাৰে আৰোপ কৰা ‌কৰ,চৰকাৰী ৰাজহ, চৰকাৰৰ ব্যয়,ঋণ ইত্যাদি ইত্যাদি। এলআইছি আইনৰ ২৭টা সংশোধনীৰ এটাও ইয়াৰ ভিতৰত নপৰে।

এই সংশোধনীবোৰৰ মূল বিষয়কেইটা হৈছে এনে ধৰণৰ:

---এলআইছি-ৰ পুঁজি ২৫০০০কোটি টকালৈ বৃদ্ধি কৰি‌ ২৫০০ কোটি শ্বেয়াৰ ‌(প্ৰতিটো শ্বেয়াৰৰ মূল্য ১০টকাকৈ) বজাৰত বিক্ৰীৰ বাবে এৰি দিয়া হ'ব।

----৫ বছৰৰ ভিতৰত ২৫ শতাংশ শ্বেয়াৰ বিক্ৰী কৰি এলআইছি-ত চৰকাৰী অংশীদাৰিত্ব ৭৫শতাংশলৈ হ্ৰাস কৰা হ'ব। ইয়াৰ পিছত ৫১ শতাংশলৈ হ্ৰাস কৰা হ'ব।

----এলআইছি-ৰ ব'ৰ্ড পুনৰ্গঠন কৰা হ'ব। চেয়াৰমেন CEO হ'ব, চৰকাৰৰ দ্বাৰা নিযুক্ত ডিৰেক্টৰ ইত্যাদি থাকিব।

----এলআইছিক কোম্পানী আইনৰ অধীনত অনা হ'ব।

-----শ্বেয়াৰহল্ডাৰৰ বাৰ্ষিক ‌সাধাৰণ সভাৰ পৰা অডিট'ৰ নিয়োগ কৰা হ'ব।

-----এলআইছি আইনৰ ৪ নং ধাৰাৰ পৰিৱৰ্তন ইত্যাদি ইত্যাদি।

ওপৰোক্ত বিষয়বস্তুৰ এটাও সংবিধানত বিত্তীয় বিলৰ যি সংজ্ঞা দিয়া হৈছে তাৰ আওতাত নপৰে। কিন্তু মোদী চৰকাৰৰ বাবে সংবিধানৰ কোনো মূল্য নাই। চৰকাৰে বিত্তীয় বিলৰ আশ্ৰয় লৈছে একমাত্ৰ এই কাৰণে যে বিত্তীয় বিল ৰাজ্য সভাত পাছ কৰাব নেলাগে আৰু সেয়েহে লোক সভাত শাসক দলৰ সংখ্যাগৰিষ্ঠতাৰ যোগেদি এই দুষ্কাৰ্য সম্পন্ন কৰিব পাৰে।

লোক সভাৰ অধ্যক্ষগৰাকীয়ে আপত্তি কৰিব লাগিছিল।কাৰণ সংবিধানত কোৱা আছে যে বিত্তীয় বিল সম্পৰ্কে অধ্যক্ষৰ সিদ্ধান্তই চূড়ান্ত। পিছে বৰ্তমান অধ্যক্ষৰ ৰাজনৈতিক আনুগত্য সকলোৱেই জানে।মোডী চৰকাৰে তাৰেই সুযোগ লৈছে। লৈছে ক'ৰ'নাকালৰ সুযোগো।মোদী চৰকাৰৰ লক্ষ্য যেনেকৈ অশুভ তেনেকৈ সেই লক্ষ্য অৰ্জনৰ পদ্ধতিও অগণতান্ত্ৰিক আৰু অনৈতিক।ইয়াৰৰ বিৰুদ্ধে ঐক্যবদ্ধ আন্দোলনৰ কোনো বিকল্প নাই।

আচল কাৰণ কি?

যিখিনি কথা‌ আমি তথ্যসহকাৰে আলোচনা কৰিছোঁ তাৰ পৰা এইটো ‌পৰিষ্কাৰ হৈ পৰে যে এলআইছিৰ বিলগ্নীকৰণ আৰু বেচৰকাৰীকৰণৰ কোনো যুক্তিগ্ৰাহ্য আৰ্থিক কাৰণ‌ থাকিব নোৱাৰে।যি ৰাষ্ট্ৰীয়কৃত সংস্থাটোৱে কেন্দ্ৰীয় চৰকাৰক বাৰ্ষিক ২৬৯৭ ‌শতাংশৰো বেছি হাৰত লাভ্যাংশ দি আছে,বছৰি ১০ হেজাৰ কোটি টকাৰো অধিক কৰ দিছে,চৰকাৰক প্ৰায় ২৭ লাখ কোটি ‌টকা বিনিয়োগৰ ধন আগবঢ়াইছে,সেই সংস্থাটোৰ ‌শ্বেয়াৰ বিক্ৰী আৰু শেষত ‌বেচৰকাৰীকৰণে‌‌ ৰাষ্ট্ৰীয় তহবিলক কালক্ৰমে এই বিপুল ‌পৰিমাণৰ ধনৰ পৰা বঞ্চিত কৰিব। সেইটো সাধাৰণ জ্ঞান থকা চৰকাৰে নুবুজাৰ কোনো কাৰণ নাই। তেনেহ"লে জানি-বুজিও চৰকাৰে কিয় দেশৰ বাবে ক্ষতিকাৰক এই‌ পদক্ষেপ লৈছে?

ইয়াৰ দুটা মুখ্য কাৰণ আছে। প্ৰথম কাৰণটো হৈছে, মোদী চৰকাৰৰ নব্যউদাৰবাদী ‌আৰ্থিক নীতিৰ প্ৰতি অন্ধ‌‌ আনুগত্য আৰু দায়বদ্ধতা। এই আৰ্থিক ‌নীতিৰ মূল বিষয়টো হৈছে দেশী-বিদেশী বৃহৎ কৰ্প'ৰেট পুঁজি-নিৰ্ভৰ‌ আৰ্থিক বিকাশ।ইয়াৰ বক্তব্য ‌হৈছে, ব্যক্তিগত খণ্ডৰ দেশী-বিদেশী বৃহৎ পুঁজিৰ পাশৱিক স্পৃহা জগাই নুতুলিলে আৰ্থিক বিকাশৰ দুৱাৰ মুকলি নহয়। পুঁজিৰ তেনে পাশৱিক স্পৃহা জগাই তোলাৰ উপায় হৈছে কৰ্প'ৰেট কৰ হ্ৰাস, তেওঁলোকৰ অনাদায়ী কৰ আৰু বেংক ঋণ ইত্যাদি মাফ কৰা, শ্ৰমিক-কৰ্মচাৰীৰ অধিকাৰ খৰ্ব কৰিবলৈ 'শ্ৰম সংস্কাৰ', ৰাজহুৱা খণ্ডৰ বিলোপ ইত্যাদি পদক্ষেপ।

মোদী চৰকাৰে অত্যন্ত আক্ৰমণাত্মকভাৱে এনে ব্যৱস্থাৱলী কাৰ্য্যকৰী কৰিছে।এই চৰকাৰে কৰ্প'ৰেট কৰ ব্যাপক হাৰত হ্ৰাস কৰিছে।আজি গোটেই বিশ্বৰ ভিতৰতে ভাৰতত কৰ্প'ৰেট কৰ আটাইতকৈ কম।সংসদত যোৱা ২৮ মাৰ্চ,২০২১ তাৰিখে এক লিখিত প্ৰশ্নৰ উত্তৰত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীয়ে জনায় যে ২০১৫-১৬ৰ পৰা ২০১৯-২০ৰ পাচোটা বিত্তীয় বৰ্ষত কৰ্প'ৰেট কৰ ৰেহাই দিয়াৰ ফলত চৰকাৰী কোষাগাৰৰ‌ লোকচান হৈছে ৬ লাখ ৭ হেজাৰ ৫৮৩ কোটি টকাৰো বেছি।

মোদী চৰকাৰে সম্পদ কৰ উঠাই দিছে।এনে নজিৰবিহীন কৰ ৰেহাইৰ উপঢৌকন দিয়া সত্বেও কৰ্প'ৰেট গোষ্ঠীবোৰে‌‌ অবাধে কৰ ফাঁকি দিয়ে।এনে কৰ ফাঁকিৰ পৰিমাণো চৰকাৰী ভাষ্য মতেই ১১ লক্ষ কোটি টকাৰো বেছি হৈছেগৈ। এই পৰ্বতপ্ৰমাণ অনাদায়ী কৰ আদায় কৰাৰ সলনি চৰকাৰে মাফহে কৰে। পৰিণতিত কেন্দ্ৰীয় চৰকাৰৰ বিত্তীয় ঘাটি আজি ক্ৰমবৰ্ধমান হৈ বিশালাকাৰ ৰূপ ধাৰণ কৰিছে।

এই ঘাটি জোৰা মৰাৰ বাবে মোদী চৰকাৰে ৰাজহুৱা খণ্ডৰ লাভজনক প্ৰতিষ্ঠানবোৰ বিক্ৰী কৰিবলৈ উঠি-পৰি লাগিছে।২০২১-২২ৰ কেন্দ্ৰীয় বাজেটত ৰাজহুৱা খণ্ডৰ উদ্যোগ-প্ৰতিষ্ঠানৰ শ্বেয়াৰ বিক্ৰী কৰি ১.৭৫ লাখ কোটি টকা সংগ্ৰহৰ লক্ষ্য ৰখা হৈছে। চৰকাৰে হিচাপ কৰিছে যে এলআইছিৰ শ্বেয়াৰ বিক্ৰীৰ জৰিয়তে ১ লাখ কোটি ‌টকা আহিব।

দ্বিতীয় কাৰণটো হৈছে মতাদৰ্শগত ।বিজেপি‌ চৰকাৰ আৰু দল মতাদৰ্শগতভাৱে ৰাজহুৱা খণ্ডৰ দুৰ্ঘোৰ বিৰোধী আৰু মুক্ত বজাৰ অৰ্থনীতিৰ উগ্ৰ প্ৰৱক্তা।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ১৯৫৬ চনত যেতিয়া জীৱন বীমা শিল্প ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল তেতিয়াও বিজেপিৰ পূৰ্বসূৰী জন সংঘই তীব্ৰ বিৰোধিতা কৰিছিল।বেংক ৰাষ্ট্ৰীয়কৰণৰো এওঁলোকে প্ৰচন্ড বিৰোধিতা কৰিছিল।২০১৪ চনৰ লোক সভা নিৰ্বাচনৰ আগত এক সাক্ষাৎকাৰত ‌নৰেন্দ মোদীয়ে এটি‌ সাক্ষাৎকাৰত‌ কৈছিল যে ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহৰ জন্মই হৈছে মৃত্যুৰ বাবে। কেতিয়া মৰিব সেইটোহে কথা। আৰু কৈছিল যে‌ এইবিলাক হয় বন্ধ কৰি দিব লাগে নাইবা বিক্ৰী কৰি দিব লাগে। প্ৰধানমন্ত্ৰী হৈ তেওঁ সেইটোৱেই কৰিছে। মোদী ডাঙৰীয়াৰ কৰ্প'ৰেট-প্ৰীতিও‌ নজিৰবিহীন।

এনে পৰিস্থিতিত চৰকাৰে অনুসৰণ ‌কৰা নব্যউদাৰবাদী ‌আৰ্থিক নীতি আৰু মতাদৰ্শৰ বিৰুদ্ধে নেৰানেপেৰা যুঁজ নচলাই ৰাষ্ট্ৰীয়কৃত এল আই চি-ক ৰক্ষা কৰিব পৰা নাযাব।ভৰসাৰ কথা এইটোৱেই যে আজি দেশখনত এনে ঐক্যৱদ্ধ সংগ্ৰাম গঢ়ি উঠিব ধৰিছে।কৃষক, শ্ৰমিক, কৰ্মচাৰীৰ ঐক্যৱদ্ধ সংগ্ৰামৰ অগ্ৰগতি ‌বৰ্তমান সময়ৰ এক উল্লেখনীয় বৈশিষ্ট্য। ৰাষ্ট্ৰীয়কৃত সাধাৰণ বীমাত আজি সৰ্বস্তৰৰ কৰ্মচাৰী-বিষয়াৰ ঐক্যৱদ্ধ প্ৰতিবাদ ধৰ্মঘটৰ সৰ্বাত্মক সাফল্য তাৰেই ইংগিতবাহী। সংগ্ৰামৰ এই পথেৰেই পৰাস্ত হ'ব চৰকাৰৰ জাতীয় স্বাৰ্থ বিৰোধী নীতি।মূষ্টিমেয় কিছু দেশী-বিদেশী‌‌ কৰ্প'ৰেটৰ মুনাফাৰ বলিশালত ‌আমি এল আই চি-ৰ দৰে জাতীয় স্বাৰ্থ বাহী ৰাষ্ট্ৰীয়কৃত সংস্থা এটাক বলি হ'বলৈ কোনোপধ্যেই নিদিওঁ। কাৰণ এনে কাৰ্য্য

স্বাধীনতা সংগ্ৰামৰ লক্ষ্য/আদৰ্শৰ প্ৰতি বিশ্বাসঘাতকতা আৰু দেশৰ আৰ্থিক স্বনিৰ্ভৰতাৰ ওপৰত মাধমাৰ...

এল আই চি-ৰ শ্বেয়াৰ ‌বিক্ৰী তথা বেচৰকাৰী কৰণ আৰু ৰাজহুৱা খণ্ডক বিলোপ কৰাৰ যি পদক্ষেপ মোডী ‌চৰকাৰে লৈছে সেয়া ভাৰতৰ মহান স্বাধীনতা সংগ্ৰামৰ লক্ষ্য-আদৰ্শৰ প্ৰতি এক চৰম বিশ্বাসঘাটকতা। আচলতে ৰাজহুৱা খণ্ডটোৱেই হৈছে দেশৰ সাম্ৰাজ্যবাদ-বিৰোধী স্বাধীনতা আন্দোলনৰ এক অভিব্যক্তি আৰু গুৰুত্বপূৰ্ণ ফচল।

১৯৩১ চনত অনুষ্ঠিত ‌ভাৰতীয় জাতীয় কংগ্ৰেছৰ কৰাচী অধিৱেশনত 'পূৰ্ণ স্বৰাজ'ৰ লক্ষ্য পুনৰ দোহাৰি জাতীয় অৰ্থনৈতিক কাৰ্য্যসূচী সম্পৰ্কিত প্ৰস্তাৱত কোৱা হয় যে,"জনগণৰ ওপৰত শোষণৰ অবসান কৰিব লাগিলে ৰাজনৈতিক স্বাধীনতাৰ অন্তৰ্ভুক্ত কৰিব লাগিব কোটি কোটি বুভুক্ষু জনগণৰ প্ৰকৃত অৰ্থনৈতিক স্বাধীনতাৰ বিষয়টো।" কোৱা হয়, ইয়াৰ বাবে 'মূল শিল্পবোৰ আৰু খনিজ ‌সম্পদৰ মালিকানা আৰু নিয়ন্ত্ৰণ ৰাষ্ট্ৰৰ হাতলৈ আনিব লাগিব।'

পৰৱৰ্তীকালত ১৯৩৮ চনত ভাৰতীয় জাতীয় কংগ্ৰেছে (তেতিয়া সুভাষচন্দ্ৰ বসু আছিল কংগ্ৰেছৰ সভাপতি) জৱাহৰলাল নেহৰুক অধ্যক্ষ হিচাপে লৈ এটি জাতীয় পৰিকল্পনা কমিটী গঠণ কৰে আৰু ‌জাতীয় অৰ্থনীতিৰ বিভিন্ন দিশ চালিজাৰি চাই স্বাধীন ভাৰতৰ অৰ্থনৈতিক ৰূপৰেখা কি হ'ব সেই সম্পৰ্কে উক্ত কমিটিক প্ৰতিবেদন দাখিল কৰাৰ দায়িত্ব দিয়ে। স্বাধীনতাৰ প্ৰাককালত ১৯৪৬ চনত কমিটিয়ে প্ৰতিবেদন দাখিল ‌কৰে।উক্ত প্ৰতিবেদনত কোৱা হয়--"Amongst most widely discussed problems of India's post-war economy is the question of nationalisation not only of principal means of production i,e industry & agriculture but also utilities & services like electricity, drainage, water supply, education, health, transport, banking and insurance." বীমা সম্পৰ্কে আৰু সুনিৰ্দিষ্ট ভাবে সেই দলিলখনত কোৱা ‌হয়," Recognition of insurance as a social service will be much fuller and truer under State enterprise,while the mobilisation of its funds will be much better to enable the capital to be found for other development projects more effectively."সংবিধান পৰিষদৰ (Constituent Assembly) সভাত‌১৯৪৮ চনৰ ১২ জানুৱাৰীত ‌এক প্ৰস্তাৱ যোগে কোৱা হয়," This Assembly is of the opinion that steps should be taken as early as possible to initiate legislation to transfer to state ownership control and management of the buisness of insurance."।

ৰাষ্ট্ৰীয়কৃত বীমা শিল্প‌ আৰু সামগ্ৰিক ভাৱে ৰাজহুৱা খণ্ড সেয়েহে আমাৰ স্বাধীনতা সংগ্ৰামৰ সপোন আৰু লক্ষ্য আছিল।কাৰণ তেতিয়া দেশৰ সন্মুখত মূখ্য প্ৰশ্ন আছিল,দুই শতিকা জুৰি বিদেশী ঔপনিৱেশিক ‌আৰু সাম্ৰাজ্যবাদী শাসন-শোষণত‌ জুৰুলা হোৱা এখন দেশৰ স্বনিৰ্ভৰ আৰ্থিক বিকাশ কোন বাটেৰে সম্ভৱপৰ হব? কোন পথেৰে‌ ভাৰতৰ স্বাধীন শিল্পায়নৰ ভেটি নিৰ্মাণ কৰা যাব? ইয়াৰ উত্তৰ সিদিনা আছিল আৰু আজিও হৈছে ৰাজহুৱা খণ্ড।

আজি হয়তো বহুতে আচৰিত হ'ব , কিন্তু সেই সময়ত ভাৰতৰ বৃহত পুজিঁপতিগোষ্ঠীবোৰেও ৰাজহুৱা খণ্ডৰ পোষকতা কৰিছিল।১৯৪৪ আৰু ১৯৪৫ চনত জে আৰ ডি টাটা আৰু ঘনশ্যাম দাস বিৰলাকে‌ ধৰি দেশৰ আঠ গৰাকী আগশাৰীৰ শিল্পপতিয়ে 'A brief Memorandum outlining a plan of economic development of India ' শীৰ্ষক এখন‌ দলিল প্ৰকাশ কৰে‌ দুটা কিস্তিত।ইয়াক 'বোম্বে প্লেন' বা 'টাটা বিৰলা প্লেন' বুলিও কোৱা হয়।এই দলিলখনত তেওঁলোকে আৰ্থিক বিকাশৰ বাবে ৰাজহুৱা খণ্ড গঢ়ি তোলাৰ সপক্ষে মত প্ৰকাশ কৰে। তেওঁলোকে নিশ্চয় সমাজতন্ত্ৰ গঢ়ি তুলিবলৈ ৰাজহুৱা খণ্ড বিচৰা নাছিল।স্বনিৰ্ভৰ পুঁজিবাদী বিকাশ আৰু শিল্পায়নৰ ভেটি নিৰ্মাণৰ বাবেই ৰাজহুৱা খণ্ড বিচাৰিছিল।কাৰণ সেই সময়ত গধুৰ, বুনিয়াদী, আৰু আন্তঃগাথঁনিমূলক ক্ষেত্ৰত শিল্পোদ্যোগ গঢ়ি তুলিবলৈ যি বিশাল পৰিমাণৰ পুজিঁৰ প্ৰয়োজন সেইটো তেওঁলোকৰ নাছিল। দ্বিতীয়তে,এনে ক্ষেত্ৰবোৰত বিনিয়োগ কৰিলে লাভ আহোতে দেৰী হয়। গতিকে তেওঁলোকে এনে ক্ষেত্ৰবোৰত বিনিয়োগৰ বাবে আগ্ৰহী নাছিল। এইবোৰ ৰাজহুৱা খণ্ডত গঢ়ি তোলাৰ দায়িত্ব তেওঁলোকে চৰকাৰৰ হাতত এৰি দিছিল আৰু তাৰ পৰা সুবিধা লৈছিল। সিদিনা স্বাধীন ভাৰতৰ চৰকাৰে শিল্পায়নত সহায়ৰ বাবে প্ৰথমতে আমেৰিকাৰ নেতৃত্বাধীন সাম্ৰাজ্যবাদী দেশবোৰৰ ওচৰ চাপিছিল। কিন্তু প্রত্যাক্ষিত হৈছিল। কাৰণ সাম্ৰাজ্যবাদী দেশবোৰে আশংকা কৰিছিল যে ভাৰত যদি শিল্পায়নৰ যোগেদি নিজৰ ভৰিৰ ওপৰত থিয় হয় তেনেহলে সিহঁতৰ ওপৰত নিৰ্ভৰশীলতা কমি যাব। সিহঁতৰ আশংকা সঠিকেই আছিল। কিন্তু ইতিহাসৰ গতি সেই সময়ত সিহঁতৰ সপক্ষে নাছিল। সেই সময়ত চোভিয়েট ইউনিয়নৰ নেতৃত্বাধীন এটি শক্তিশালী সমাজতান্ত্ৰিক শিৱিৰ গঢ়ি উঠিছিল। আমেৰিকান শিৱিৰৰ দ্বাৰা প্ৰত্যাক্ষিত হৈ নেহেৰুৰ চৰকাৰ সমাজতান্ত্ৰিক শিৱিৰৰ ওচৰ চাপে। সমাজতান্ত্ৰিক দেশবোৰৰ প্ৰযুক্তিগত তথা অন্যান্য সহায় আৰু জনগণৰ কৰ আৰু সঞ্চয়ৰ ধনেৰে আমাৰ দেশত ৰাজহুৱা খণ্ড গঢ়ি উঠে।

এয়াই‌ হৈছে ভাৰতত ৰাজহুৱা খণ্ড গঢ়ি উঠাৰ পটভূমি। দ্বিতীয় পঞ্চৱাৰ্ষিকী পৰিকল্পনাৰ কালচোৱাত ১৯৫৬ চনত সংসদত যি শিল্পসংসংক্ৰান্ত প্ৰস্তাৱ গৃহীত হয় তাত ৰাজহুৱা খণ্ডক অনন্য গুৰুত্ব প্ৰদান কৰা হয়। কোৱা হয়, ৰাজহুৱা খণ্ডই দেশৰ অৰ্থনীতিত আধিপত্য কাৰী (Commanding Heights)ভূমিকা ল'ব লাগিব। এনেকৈ দেশৰ অৰ্থনৈতিক স্বনিৰ্ভৰতা আৰু ‌সাৰ্বভৌমত্বৰ মূলাধাৰ হিচাপে ৰাজহুৱা খণ্ডই এক মহান আৰু গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

এল আই চি-ৰ জন্মও এইটো পৰিপ্ৰেক্ষিতত ।এটি ৰাষ্ট্ৰীয়কৃত প্ৰতিষ্ঠান হিচাপে এল আই চি-য়ে ৰাষ্ট্ৰনিৰ্মাণৰ ক্ষেত্ৰত কি অসামান্য ভূমিকা পালন কৰিছে সেইটো আগতেই উল্লেখ কৰা হৈছে। পুনৰাবৃত্তিৰ প্ৰয়োজন নাই। ৰাষ্ট্ৰীয়কৃত বেংক , বীমা ইত্যাদিয়ে জনগণৰ সঞ্চয় সমবেত কৰি দেশৰ স্বনিৰ্ভৰ শিল্পায়ন আৰু উন্নয়নৰ বাবে পুঁজি যোগান ধৰিছে আৰু আনহাতে ৰাইজৰ ‍সঞ্চয়ৰ নিৰাপত্তা প্ৰদান কৰিছে। এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে ব্যক্তিমালিকানাধীন বীমা আৰু বেংক শিল্পত ৰাইজৰ সঞ্চয়ৰ কোনো নিৰাপত্তা নাছিল। আছিল দুৰ্নীতি আৰু প্ৰতাৰণাৰ অসংখ্য কাহিনী।আজি সেই অন্ধকাৰ অতীতত ঘূৰাই লৈ যোৱাৰ আয়োজন চলিছে।সময় থাকোঁতেই প্ৰতিহত কৰিব লাগিব।পিছত দেৰী হৈ যাব।

শাসকৰ ভন্ডামিৰ মুখা আজি খুলি দিব লাগিব।মুখত 'আত্মনিৰ্ভৰ ভাৰতৰ' শ্ল'গান দিছে। আনহাতে কামত আত্মনিৰ্ভৰতাৰ লাইখুটা ৰাজহুৱা খণ্ডক বিলোপ কৰাৰ ব্যৱস্থা কৰিছে।বীমা, বেংক ‌ইত্যাদিত প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ উৰ্ধসীমা ৭৪ শতাংশ লৈকে বৃদ্ধি কৰি আমাৰ দেশৰ জনগণৰ সঞ্চয়ক মুনাফা লোভী বিদেশী পুঁজিৰ হাতত গতাই দিয়াৰ ব্যৱস্থা কৰিছে।অথচ স্বয়ং বিশ্ববেংকেই ইয়াৰ 'The Growth & Development Commission'ৰ প্ৰতিবেদনত সকিয়াই দিছে,"Our view is that foreign saving is an imperfect substitute for domestic savings including public savings to finance the investment a booming economy requires" "পিছে কা কস্য পৰিবেদনা"। দেশী-বিদেশী কৰ্প'ৰেট পুঁজিৰ প্ৰতি অন্ধ আনুগত্য থকা মোদী চৰকাৰৰ কৰ্ণকুহৰত বিশ্ববেংকৰ এনে সকীয়নীও প্ৰৱেশ কৰিব নোৱাৰে। সেয়েহে ঐক্যৱদ্ধ আন্দোলনৰ ধাৰা চাপৰেৰে প্ৰৱেশ কৰাব লাগিব।নান্য পন্থাঃ।(সমাপ্ত)