ঝুম খেতি: পৰিৱৰ্তন আৰু প্ৰত্যাহ্বান


Image Description

ঝুম খেতি বা স্থানান্তৰ কৃষি হৈছে উত্তৰ-পূব ভাৰত আৰু দক্ষিণ-পুব এছিয়াৰ পাহাৰীয়া মানুহৰ প্রধান জীৱিকা। এই কৃষিত খেতিয়কে খৰালি কালত হাবিৰ কিছু অংশ গছ-বন কাটি জুইৰে পুৰি মুকলি কৰে আৰু সেই ঠাইত ১-২ বছৰৰ বাবে খেতি কৰে। পিছলৈ মাটিৰ উৰ্বৰতা কমি আহিলে সেই মাটিডৰা ১০-১৫ বছৰৰ বাবে এৰি আন এডৰা মাটিত একেদৰে হাবি ভাঙি খেতি কৰে।

এইদৰে ঠাই সলনি কৰি কৰা বাবেই এই খেতিক স্থানান্তৰ কৃষি বোলা হয়। ইংৰাজীত বোলা হয় ‘shifting cultivation’ নাইবা ‘swidden farming’ বা ‘slash and burn cultivation’। এনেকৈ ১০-১৫ ডোখৰ ভিন ভিন ঠাইত খেতি কৰাৰ পাছত পুনৰ প্ৰথমৰ মাটিডৰালৈ ঘূৰি অহা হয়।

এইদৰে একেডোখৰ ঠাইলৈ পুনৰ ঘূৰি আহিবলৈ লগা সময়খিনিক এটা ঝুম চক্ৰ (বা ‘ঝুম চাইক্‌ল্‌’) বোলা হয়। পৰম্পৰাগতভাৱে এনে একোটা ঝুম চক্ৰ প্ৰায় ১০-১৫ বছৰীয়া হোৱা দেখা যায়। এই সময়খিনিত প্ৰথমৰ মাটিডৰাৰ গছ-গছনিবোৰ পুনৰ বাঢ়ি আহে। হাবি পোৰা ছাঁইবোৰেও মাটিডৰা সাৰুৱা কৰি থয়।

এই স্থানান্তৰ কৃষি হৈছে পৃথিৱীৰ প্ৰাচীনতম কৃষি পদ্ধতি। এতিয়াও বিশ্বৰ প্রায় ৫০০-১০০০ নিযুত লোক স্থানান্তৰ কৃষিৰ ওপৰতে নিৰ্ভৰশীল। অকল এছিয়া মহাদেশতে প্রায় ৪০০ নিযুত মানুহে জীৱিকাৰ বাবে স্থানান্তৰ কৃষিৰ ওপৰত ভৰষা কৰে।

এই কৃষি পদ্ধতিক পৃথিৱীৰ বিভিন্ন দেশত বিভিন্ন নামেৰে জনা যায়। যেনে, ইন্দ'নেছিয়াত লাডাং, ম্যানমাৰত তাংনিয়া, মধ্য আমেৰিকাৰ মিল্‌পা, ব্রাজিলত ৰোকা, ইত্যাদি। উত্তৰ-পূব ভাৰত আৰু বাংলাদেশত ইয়াক বোলা হয় ঝুম।

ভাৰতৰ নিতি আয়োগৰ ২০১৮ চনৰ এক প্ৰতিবেদন অনুসৰি উত্তৰ-পূব ভাৰতৰ প্রায় ৮৫০০ বৰ্গ কিমি. ঠাই এতিয়াও ঝুম খেতিৰ অন্তৰ্গত। উত্তৰ-পূবৰ কৃষকে হাজাৰ হাজাৰ বছৰ ধৰি এইদৰে ঝুম খেতি কৰি আহিছে।

ঝুম খেতি কৰা খেতিয়কক ‘ঝুমিয়া’ বুলিও কোৱা হয়। এই ঝুমিয়াসকলে বিভিন্ন থলুৱা, পৰম্পৰাগত কৌশলেৰে কৃষিৰ অনুপযোগী পাহাৰৰ থিয় ঢাল, হাবি-বন আদিত বিভিন্ন প্ৰজাতিৰ শস্যৰ উৎপাদন কৰি অসম্ভৱকো সম্ভৱ কৰি তোলে।

ঝুম খেতিৰ ফলত পাহাৰৰ কিছু গছ-গছনি, হাবি-বন কটা যায় সঁচা, কিন্তু সেই গছ-গছনিৰ অতি সোনকালে পুনৰুত্থানো ঘটে। পৰিত্যক্ত ঝুমভূমিত আপোনা-আপুনি গজি উঠা গছ-গছনিৰ উপৰি এনে ঝুমিয়াসকলে অতিৰিক্তভাৱেও বহুতো গছ ৰোপণ কৰে।

নাগালেণ্ডৰ খনমা নামৰ এখন আংগামী গাঁৱত আমি এক বিশেষ ধৰণৰ ঝুম পদ্ধতি দেখিছিলোঁ। তাত পোৱা অ’ল্ডাৰ (alder; Alnus nepalensis) নামৰ গছবিধ তাৰ ঝুমিয়াসকলে একেবাৰে কাটি নেপেলাই গুৰিৰ পৰা ২-৪ ফুট ওপৰত কাটি দিয়ে। ইয়াৰ ফলত গছজোপা অচিৰেই ডাল-পাতেৰে ভৰি পৰে আৰু বনভূমিৰো শীঘ্ৰে পুনৰুত্থান ঘটে। তাৰোপৰি ঝুম খেতিৰ ফলত যাতে পাহাৰৰ ঢালৰ মাটি খহি নপৰে তাৰ বাবেও তেওঁলোকে কিছুমান থলুৱা ভূ-সংৰক্ষণ পদ্ধতিৰ ব্যৱহাৰ কৰে।

ঝুম খেতিৰ আন এটি উল্লেখনীয় বৈশিষ্ট্য হৈছে মিশ্ৰ শস্যৰ খেতি। সাধাৰণতে একেডৰা ঝুমখেতিত বিভিন্ন প্রজাতিৰ ধান, মাকৈ, দালি, মাহ, মিলেট্‌, আলু, কচু, ছয়াবিন, শাক-পাচলি ইত্যাদিৰ একেলগে খেতি কৰা হয়। ফলত খেতিয়কসকলে ভিন ভিন বতৰত ভিন ভিন শস্য আহৰণ কৰিব পাৰে। তাৰোপৰি এনে মিশ্ৰিত আহাৰৰ পৰা তেওঁলোকে সকলো ধৰণৰ পুষ্টিও লাভ কৰে।

এইদৰে বিভিন্ন প্রজাতিৰ শস্যৰ সানমিহলি খেতি কৰাৰ আন এক সুফলো আছে। যেনে, কেতিয়াবা প্ৰতিকূল বতৰ বা কীট-পতংগৰ আক্রমণত দুই-এবিধ শস্যৰ ক্ষতি সাধন হ’লেও বাকীবোৰ শস্যই কৃষকৰ উৎপাদনৰ ভাৰসাম্য ৰক্ষা কৰে।

ঝুম খেতি কৰা মাটিত কাৰো ব্যক্তিগত স্বত্বাধিকাৰ নাথাকে। হাবি-বন, পাহাৰ-পৰ্বত, নৈ-নিজৰা আদিৰ দৰে ঝুমভূমিবোৰকো সেই ঠাইৰ বাসিন্দাৰ উমৈহতীয়া সম্পদ। সেই ভূমিৰ ব্যৱহাৰসম্পৰ্কীয় সিদ্ধান্তবোৰ হয় উমৈহতীয়া।

এনে কৃষিভূমিবোৰ প্ৰতিটো পৰিয়ালৰ মাজত সদস্যৰ সংখ্যা অনুপাতে এবছৰৰ বাবে ভগাই দিয়া হয়। এই পদ্ধতি অৱলম্বন কৰাৰ ফলত ঝুমিয়া গাঁওবোৰৰ সকলো পৰিয়ালৰ আৰ্থিক অৱস্থা আৰু খাদ্য-সুৰক্ষা প্ৰায় সমান।

যোৱা কেইটামান দশকত উত্তৰ-পূৰ্বাঞ্চলৰ এই ঝুম কৃষি পদ্ধতিত ভালেমান পৰিৱৰ্তন আহিছে। ইয়াৰ আঁৰত জনসংখ্যা বৃদ্ধি, বজাৰকেন্দ্ৰিক অৰ্থনীতি, চৰকাৰী নীতিৰ পৰিৱৰ্তন আদি বহুতো কাৰকে ক্ৰিয়া কৰিছে।

যেনে, জনসংখ্যা বৃদ্ধিৰ ফলত পূৰ্বৰ ১০-২০ বছৰৰ ঝুম চক্ৰবোৰ এতিয়া ৩-৪ বছৰীয়া হৈ পৰিছে। কোনো কোনো ঠাইত এই চক্ৰবোৰ ১-২ বছৰীয়াও হৈ পৰিছে অথবা ঝুম খেতিৰ মাটি স্থায়ী কৃষিভূমিত পৰিণত হৈছে।

ঝুম চক্ৰৰ পৰিসৰ কমি অহা লগে লগে সেই ঝুমভূমিবোৰত গছ-বন গজি উঠিবলৈ পৰ্য্যাপ্ত সময় নোপোৱা হৈছে। ফলত ভূমিক্ষয় বাঢ়িছে আৰু মাটিৰ উৰ্বৰতা কমিছে। আমাৰ ক্ষেত্ৰভিত্তিক অধ্যয়নত কোনো কোনো কৃষকে আমাক জনাইছে যে ঝুমচক্ৰৰ পৰিসৰ কমি অহা হেতুকে কৃষিভূমিত অপতৃণৰ প্ৰকোপো বৃদ্ধি পাইছে।

যোৱা কিছু বছৰত উত্তৰ-পূবৰ বহুতো ঝুমভূমিত বিভিন্ন একক শস্যৰ উদ্যান কৃষি (mono culture plantation) আৰু নগদী শস্যৰ খেতি কৰিবলৈ লোৱা হৈছে। এনে শস্যৰ ভিতৰত চাহপাত, ৰবৰ, ইলাচী, পাম অইল, তামোল আদি প্ৰধান।

এই পৰিঘটনাটো মাথোঁ আমাৰ ইয়াতেই নহয়, বৰং ইন্দ'নেচিয়া, মালেয়েছিয়া, ম্যানমাৰ আদি বিভিন্ন দেশৰ ঝুমভূমিবোৰতো দেখা পোৱা গৈছে।

কিন্তু ঝুম খেতি অস্থায়ী হোৱাৰ বিপৰীতে এনে উদ্যান শস্য আৰু নগদী শস্যৰ বাগানবোৰ হয় দীৰ্ঘম্যাদী। এনে ব্যক্তিগতকৰণৰ ফলত বহুতো দুখীয়া খেতিয়ক হৈছে ভূমিহীন, আৰু তেওঁলোকৰ খাদ্য-সুৰক্ষা হৈ পৰিছে অনিশ্চিত। পৰম্পৰাগতভাৱে ব্যৱহাৰ হৈ অহা উমৈহতীয়া ঝুম ভূমিত স্থায়ী শস্যৰ খেতি আৰম্ভ হোৱাৰ ফলত খেতিয়কসকলে কৃষিৰ বাবে হাবি ভাঙি নতুন কৃষিভূমি মুকলি কৰিবলগীয়া হৈছে। ইয়াৰ ফলত হাবি-বননি ব্যাপক হাৰত ধ্বংস হৈছে।

এনেদৰে ঝুমভূমিৰ এই ব্যক্তিগতকৰণে আৰ্থিক, সামাজিক, প্ৰাকৃতিক বিভিন্ন প্ৰকাৰৰ কুপ্ৰভাৱৰ সৃষ্টি কৰিছে।

ঝুম খেতি কেৱল এক জীৱিকাৰ উপায় বা উৎপাদন পদ্ধতিয়েই নহয়। ই পাহাৰীয়া লোকসকলৰ সামাজিক আৰু সংস্কৃতিক জীৱনৰ লগতো ওতপ্ৰোতভাৱে জড়িত। এই কৃষি-পদ্ধতিৰ স্থায়িত্বৰ ওপৰতে এই ঠাইবোৰৰ অগণন লোকৰ জীৱন-ধাৰণৰ মান, খাদ্য-সুৰক্ষা, স্বাৱলম্বিতা নিৰ্ভৰ কৰিব। লগতে নিৰ্ভৰ কৰিব সেই পাহাৰীয়া অঞ্চলবোৰৰ আৰু আমাৰ সমগ্ৰ পৃথিৱীখনৰে প্ৰাকৃতিক ভাৰসাম্য।

এই কথালৈ চকু ৰাখি চৰকাৰ, আমোলা, সাধাৰণ জনতা সকলোৱে সময় থাকোতেই সজাগ হৈ উঠিব লাগিব।।