পুৰণি অসমত সোণ


Image Description

(১ম খণ্ড)
প্ৰাচীন সভ্যতাত সোণ
সোণ এবিধ ঐতিহ্যপূৰ্ণ ধাতু৷ প্ৰত্মতাত্ত্বিক পণ্ডিতসকলৰ মতে সোণৰ লগত মানুহৰ সম্পৰ্ক অতি প্ৰাচীন৷ পৃথিৱীত সোণৰ অস্তিত্বৰ বিষয়ে নৱপ্ৰস্তৰ যুগৰ মানুহেও জানিছিল৷ পৃথিৱীৰ প্ৰাচীন সভ্যতা সম্পৰ্কে চলোৱা প্ৰত্নতাত্ত্বিক অনুসন্ধানত মিছৰতেই আটাইতকৈ বেছি পৰিমাণৰ সোণ আৱিষ্কাৰ কৰা হৈছে৷

দহ শতিকাৰো আগৰে পৰা সোণৰ ব্যৱহাৰ আছিল৷ ভাৰতৰ আৰ্য্যসকলৰ ধৰ্মগ্ৰন্থ ঋগ্বেদ পৃথিৱীৰ এখন সুপ্ৰাচীন গ্ৰন্থ৷ ৠগ্বেদত সোণৰ প্ৰতিশব্দৰ উল্লেখ আছে৷ এনে প্ৰতিশব্দবোৰৰ ভিতৰত হিৰণ্য, হেম, কৃশন, হৰিতায়শ, ৰুক্স, হাটক, ইত্যাদি উল্লেখযোগ্য৷ গ্ৰিকসকলে সোণক ক্ষুছিয়ছ (xpuseos) অথবা ক্ষুছিয়াছ (xpuseios) বুলিছিল৷

সেইদৰে ৰ’মানসকলৰ লেটিন ভাষাত সোণক ক্ৰাইছছ, ক্ৰাইছন, অ’ৰাম আদি বুলিছিল৷ পাৰস্যত সোণক জৰি, জৰণ্য, জৰ, আদি বুলিছিল৷ পুৰণি ৰুছ ভাষাত য়ালাট’ (zalato), গঠিক ভাষাত গুল্‌থ (gulth), আইছলেণ্ডৰ ভাষাত গুল (gull), জাৰ্মান ভাষাত গ’ল্ড (gold), এংলো ছেক্সন ভাষাত গ’ল্ড, আদি শব্দৰ অৰ্থ সোণ৷

বৰ্তমান ৰসায়নবিজ্ঞানত সোণৰ প্ৰতীক শব্দ Au, প্ৰাচীন লেটিন ভাষাৰ ‘Aurum’ৰ চমু ৰূপ৷ লেটিন ভাষাত ‘Aurum’ৰ শব্দগত অৰ্থ হৈছে ‘জিলিকি থকা’৷ সোণ সদায়ে অম্লান হৈ জিলিকি থাকে কাৰণে সোণৰ এই নাম ৰখা হৈছিল৷

সোণৰ খনি:

পৃথিৱীৰ গৰ্ভত বহু পৰিমাণৰ সোণ সঞ্চিত হৈ আছে৷ ইয়াৰ বহুত সোণৰ কণিকা পানীৰ সোঁতত বাহিৰলৈ ওলাই আহে৷ পানীৰ সোঁতত বাহিৰলৈ ওলাই অহা সোণৰ গুড়িবোৰ নদীৰ বালিত মিহলি হৈ পৰি থাকে৷ মানুহে নানা প্ৰক্ৰিয়াৰে এই সোণ আহৰণ কৰে৷ ভূতত্ত্ববিদসকলৰ মতে পৃথিৱীৰ গৰ্ভত থকা বিৰাট সোণৰ ভাণ্ডাৰৰপৰা এতিয়ালৈকে মাত্ৰ ৫০,০০০ টন ওজনৰ সোণহে আহৰণ কৰা হৈছে৷ তেওঁলোকৰ মতে এতিয়ালৈকে আহৰণ কৰা সোণতকৈ বহু লাখ টন অধিক ওজনৰ সোণ ভূগৰ্ভত আছে৷

ভাৰতৰ দক্ষিণ অংশতে কেইবাটাও সোণৰ খনি আছে৷ এই খনিবোৰৰপৰা কেইবাশতিকা জুৰি মানুহে সোণ আহৰণ কৰি আহিছে৷ ভাৰতৰ সোণৰ খনিৰ ভিতৰত মহীশুৰৰ কোলাৰ সোণৰ খনিয়েই বিখ্যাত৷

২৪ কেৰেট সোণ:

বৰ্তমান সোণৰ বিশুদ্ধতা কেৰেট এককৰদ্বাৰা নিদেৰ্শ কৰা হয়৷ বিশুদ্ধ সোণ চৌবিছ কেৰেটৰ হয়৷ বিশুদ্ধ সোণ বা অসমীয়াত যাক ‘কেঁচা সোণ’ বোলে ই ইমান কোমল আৰু লেতুসেতু যে, তেনে সোণেৰে কোনো অলংকাৰ আদি গঢ়িব নোৱাৰি৷ সেয়েহে কেঁচা সোণক বহু শতিকাৰ আগৰেপৰা ৰূপ, তাম, আদি ধাতুৰে ‘ভাঁজ দিয়া’ প্ৰথা প্ৰচলিত হৈ আহিছে৷ সাধাৰণতে বাইছ কেৰেট সোণেৰেহে বৰ্তমান অংলকাৰ গঢ়া হয়৷ পুৰণি অসমত সোণত ৰূপেৰে ‘ভাঁজ’ দিয়া হৈছিল৷

সোণৰ বিবিধ ব্যৱহাৰ:

পৃথিৱীৰ অভিজাত সম্প্ৰদায়ৰ বহুতে বহু শতিকাৰ আগৰে পৰা ভোজনপাত্ৰ, পানপাত্ৰ সোণ আৰু ৰূপেৰে গঢ়াই লৈছিল৷ কাৰণ সোণৰ পাত্ৰত থকা আহাৰ অথবা ৰূপৰ পাত্ৰত থকা পানীয় কেনেবাকৈ বিষযুক্ত হ’লে তৎক্ষণাৎ ধৰিব পাৰি বুলি বিশ্বাস কৰিছিল৷ সেই কাৰণেই আহোম যুগত অভিজাত সম্প্ৰদায়ে পানীৰ পাত্ৰ ভোগজৰা বা তাওকিন্ প্ৰায়ে ৰূপেৰে গঢ়াই লৈছিল৷ সেই ভোগজৰা বিশেষ দায়িত্বত থকা ‘জৰাধৰা’ লিগিৰিয়েহে চুব পাৰিছিল৷

খ্ৰিষ্ট জন্মৰ বহুকাল আগৰেপৰা সোণ পৃথিৱীত বাণিজ্যৰ মুদ্ৰাৰূপে ব্যৱহৃত হৈ আহিছে৷ ভাৰতত সোণৰ মুদ্ৰাৰ প্ৰচলন বহু কালৰ পুৰণি৷

পুৰণি গ্ৰিছ দেশত সোণৰ মুদ্ৰাৰ প্ৰচলন আছিল৷ পাছে সেই মুদ্ৰা বিশুদ্ধ সোণৰ নাছিল৷ মুদ্ৰা গঢ়া সোণত সেই কালত গ্ৰিছ দেশত শতকৰা কুৰিভাগ ৰূপ মিহলোৱা হৈছিল৷ তেনে মিশ্ৰিত ধাতুক গ্ৰিছ দেশত ‘ইলেকট্ৰাম’ (electrum) বোলা হৈছিল৷

পৃথিৱীৰ বহুত দেশত ব্ৰঞ্জ, পিতল, তাম, আদি ধাতুৰ সামগ্ৰীত সোণপানী চৰাই বা সোণপাতেৰে মেৰিয়াই এইবোৰক সোণৰ সামগ্ৰী যেন কৰি পেলাইছিল৷ তেনে পদ্ধতি ভাৰত তথা অসমতো প্ৰচলিত আছিল৷ অসমত সেই পদ্ধতিক ‘সোণপানী চৰোৱা’ বা সোণৰ ‘মলমা কৰা’ বোলা হৈছিল৷

বহু প্ৰাচীন কালৰে পৰা সোণ ঔষধৰূপেও ব্যৱহৃত হৈ আহিছে৷ ভাৰতত আয়ুৰ্বেদ চিকিৎসাত প্ৰচীন কালৰেপৰা ‘স্বৰ্ণভস্ম’ আৰু ‘স্বৰ্ণঘটিত মকৰধবজ’ ব্যৱহৃত হৈ আহিছে৷ ইয়াৰ উপৰিও ৰাজসিক খাদ্য প্ৰণালীত ভাৰতত অতি পাতল সোণৰ পাতো ব্যৱহৃত হৈ আহিছে৷ মিঠাই, হালোৱা, পোলাও, আদিত ব্যৱহৃত সোণ পাতক বৰ্তমান ‘ভৰক’ অথৱা ‘তৱক’ বোলা হয়৷।

(অহা সংখ্যাত সমাপ্ত)