আত্মনিয়োগৰ সপোনক বাস্তৱ ৰূপ দিয়া ছোৱালীগৰাকী


Image Description

বশিষ্ঠৰ শান্তি সাধনা আশ্ৰমত কাঠফুলা খেতিৰ প্ৰশিক্ষণ লৈ ঘৰতে উৎপাদন কৰি বিক্ৰীৰ ব্যৱস্থাৰে নিজৰ পঢ়াৰ খৰচ নিজেই উলিয়াব বিচাৰিছিল কণমানি মালামণি হাজৰিকাই।

সেয়া ১৯৯৩ চনৰ কথা।

তেতিয়া তেওঁ দশম শ্ৰেণীৰ ছাত্ৰী। ঘৰুৱা অৱস্থা টনকিয়াল নহয়। তথাপি পঢ়িবই লাগিব, খৰচো উলিয়াব লাগিব। ভাগ্যক ধিয়াই বহি থাকিলেও নহ'ব। গতিকে আৰম্ভ কৰিলে তেওঁ জীৱন সংগ্ৰাম…।

প্ৰথম অৱস্থাত সম্পৰ্কীয় বায়েক দীপ্তি তামুলীসহ প্ৰশিক্ষণ লৈ ঘৰতে উৎপাদন কৰা কাঠফুলা বিক্ৰী কৰিবলৈ ল'লে, পৰিয়াল-পৰিজন তথা পৰিচিতসকলৰ মাজত। কণমানিদুজনীৰ কামক বহুতে উৎসাহ যোগালে।

উৎসাহকে মূলধন হিচাপে লৈ অধিক উৎপাদনৰ পৰিকল্পনা কৰিলে। কিন্তু টকা? ধাৰ লৈ ডাঙৰকৈ ব্যৱসায় কৰাৰ চিন্তা কৰাৰ বেলিকা মালামণি অকলশৰীয়া হৈ পৰিল। স্বাভিমানী ছোৱালীগৰাকীয়ে কাৰো ওচৰত হাত নাপাতি আত্মপ্ৰত্যয়েৰে চৰকাৰৰ পৰা ঋণ পোৱাৰ বয়সলৈ অপেক্ষা কৰিলে।

১৮ বছৰ বয়স হোৱাৰ লগে লগে ১৯৯৭ চনত 'প্ৰধান মন্ত্ৰী ৰোজগাৰ যোজনা'ৰ পৰা এক লাখ টকাৰ ঋণ লৈ কাঠফুলাৰ খেতি ডাঙৰকৈ আৰম্ভ কৰি নিজৰ পঢ়াৰ খৰচ উলিওৱাৰ লগতে ঋণৰ কিস্তি পৰিশোধত ব্যস্ত হৈ পৰিল মালামণি।

কিন্তু মাৰ্চ মাহৰ পৰা ছেপ্তেম্বৰ মাহলৈকে বতৰৰ বাবে কাঠফুলাৰ উৎপাদন সম্ভৱ নহয়। তথাপি সময়মতে ঋণৰ কিস্তি পৰিশোধ কৰিবই লাগিব। বিমোৰত পৰিল তেওঁ। ঋণৰ কিস্তি পৰিশোধৰ বিকল্প উপায় বিচাৰি মালামণিয়ে কৃষি বিভাগত ফল-মূল তথা খাদ্য সংৰক্ষণৰ প্ৰশিক্ষণ লৈ আচাৰ, চৰবত, জাম-জেলী আদি বনাই বহু পৰিশ্ৰমৰ মাজেৰে ঘৰে ঘৰে, দোকানে দোকানে বিক্ৰী কৰি পঢ়াৰ খৰচ আৰু ঋণৰ কিস্তি পৰিশোধ কৰিবলৈ ধৰিলে।

সমনীয়াসকলে ৰঙীন জীৱনৰ সপোন খেদি মচগুল হৈ থকা সময়ত জীৱন সংগ্ৰামী মালামণি ব্যস্ত সমস্যা সমাধানত। নিজৰ সমস্যা সমাধানত যুঁজি থকা অৱস্থাতে কিছুদিন অসুস্থ হৈ থকা দেউতাকে ১৯৯৭ চনৰ ২০ অক্ট'বৰৰ দিনা ইহ সংসাৰ ত্যাগ কৰে। হঠাৎ তেওঁৰ জীৱনলৈ নামি আহে এক ডাঙৰ দুৰ্য্যোগ।

নিজৰ অসহায়-নিসহায় অৱস্থাক সৰোগত কৰি ধৈৰ্য্য আৰু সাহসেৰে এজন নিৰ্ভৰযোগ্য সন্তানৰ দৰে মাতৃৰ কাষত থিয় দি থাকিল মালামণি। হাজাৰ বাধাবিঘিনিৰ মাজেৰে নিজৰ মনৰ দৃঢ়তা অক্ষুণ্ণ ৰাখি ১৯৯৮ চনত স্নাতক ডিগ্ৰী লাভ কৰিলে।

১৯৯৩ চনৰ পৰা অবিৰতভাৱে কৰি থকা কাঠফুলা খেতিৰ পৰিৱৰ্তে ২০০৪ চনত তেওঁ আৰম্ভ কৰিলে বিভিন্ন ঠাইৰ নিবনুৱাক প্ৰশিক্ষণ দি তেওঁলোকৰ দ্বাৰা স্থানীয়ভাৱে উৎপাদিত কাঠফুলা সংগ্ৰহ কৰি আনি নিৰ্দিষ্ট নিয়মেৰে সংৰক্ষণ কৰাৰ লগতে বাণিজ্যিক ব্যৱস্থাৰে নিবনুৱাক আৰ্থিকভাৱে সকাহ দিয়াৰ কাম।

হয়তো নিজৰ অভিজ্ঞতাৰে আনৰো আৰ্থিক অৱস্থা চাবলৈ শিকিছিল, বুজিছিল, উপলব্ধি কৰিছিল তেওঁ।

কাঠফুলা প্ৰশিক্ষণৰ লগতে সমান্তৰালকৈ মালামণিয়ে ফল-মূল আৰু খাদ্য সংৰক্ষণ তথা বিক্ৰীৰ ব্যৱস্থা অব্যাহত ৰাখিছে। বৰ্তমান তেওঁ এগৰাকী সফল ব্যৱসায়ী হিচাপে এখন বজাৰ পাবলৈকো সক্ষম হৈছে। সময়ে সময়ে ৰাজ্যৰ ভিতৰে বাহিৰে বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা প্ৰদৰ্শনীত অংশ গ্ৰহণ কৰি নিজৰ সামগ্ৰী বিক্ৰী ব্যৱস্থাত সমাদৰ লাভ কৰি আহিছে।

উল্লেখনীয় যে ২০০৫ চনত মালামণিয়ে 'নাৰিকল উন্নয়ন বৰ্ড'ত প্ৰশিক্ষণ লৈ নাৰিকলৰ তেল, আচাৰ, জাম-জেলি আদি প্ৰস্তুত কৰি নিজে বিক্ৰী কৰাৰ বাহিৰেও 'নাৰিকল উন্নয়ন বৰ্ড' তথা অন্যান্য বিভাগৰ সহযোগত বিভিন্ন ঠাইত প্ৰশিক্ষণ দি আহিছে।

মালামণিৰ কৰ্মই ধৰ্ম। লক ডাউনৰ মাজত তেওঁৰ নিত্য প্ৰয়োজনীয় মিঠাতেলৰ নাটনি হোৱাত নিজেই সৰিয়হ সংগ্ৰহ কৰি মিঠাতেল উৎপাদনৰ ব্যৱস্থাৰে ব্যৱসায় চলাবলৈ ল'লে।

কৰ্ম উদ্যোগী মালামণি লক ডাউনৰ সময়ছোৱাত হতাশাত ভোগা নাছিল। তেওঁ অনলাইন যোগে যোগানকাৰীক প্ৰশিক্ষণ দি তেওঁলোকে ঠাইতে উৎপাদন কৰা সামগ্ৰীসমূহ সম্ভৱপৰ সংৰক্ষণৰ ব্যৱস্থাৰে নিজে সংগ্ৰহ কৰি আনি ব্যৱসায় অব্যাহত ৰাখিছিল। উপকৃত হৈছিল তেওঁৰ যোগানকাৰীসকল।

মালামণিয়ে যেন অসমৰ সকলো থলুৱা খাদ্য সামগ্ৰীকে আচাৰৰ সামগ্ৰী কৰি ল'লে। বিশেষকৈ বাঁহ গাঁজৰ ০৫ বিধ, ভূত জলকীয়াৰ ০২ বিধ, ঔ টেঙাৰ ০২ বিধ, আমৰ ০২ বিধ, জলফাইৰ ০২ বিধ, কণ-জলকীয়া, পকা জলকীয়া, কেঁচা জলকীয়া, ফিৰিংগী জলকীয়া, বগৰী, কলডিল, থেকেৰা, মিহলি আচাৰ, বেঙেনাৰ মিঠা আচাৰ, নহৰু, কৰ্দৈ, নেমু, তিতাকেৰেলা, অৰুণাচলৰ কিউবিকৰ মিঠা আৰু টেঙা আচাৰ, কেঁচা হালধিৰ আচাৰ ইত্যাদিৰে মুঠ ৩৮ বিধ আচাৰ প্ৰস্তুত কৰি ব্যৱসায় চলাই আছে।

তেওঁৰ প্ৰতিটো কামতে আৰম্ভণিৰ পৰা মাতৃ দেবীকা হাজৰিকাই সোঁহাত স্বৰূপ হৈ সহায়ৰ হাত আগবঢ়াই আহিছে। এই ক্ষেত্ৰত তেওঁৰ স্বামীৰো অৱদান, সহযোগিতা আৰু উদাৰতাক তেওঁ গভীৰভাৱে কৃতজ্ঞতা জনায়।

নিজৰ উৎপাদন প্ৰতিভাৰ দক্ষতাৰে মালামণিয়ে ২০০৮ চনত ইজিপ্তত অনুষ্ঠিত আন্তঃ ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত অংশগ্ৰহণৰ সুবিধা লাভ কৰে। একে বছৰতে 'এমএছএমই' (micro small & mediam enterprises)এ প্ৰদান কৰা বছৰৰ শ্ৰেষ্ঠ মহিলা উদ্যোগী হিচাপেও ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে।

২০১২ চনত নাৰিকল উন্নয়ন বৰ্ডে আগবঢ়োৱা ' Best coconut processing unit managed by women..' ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰে।

২০০৩ চনত নৃপেন কুমাৰ নাথৰ লগত বিবাহ পাশত আৱদ্ধ হৈ এটি সন্তানসহ মাতৃক লৈ পৰিয়াল চলাই থকা মালামণিয়ে ১০ গৰাকী মহিলা, ০২ গৰাকী পুৰুষ কৰ্মচাৰী আৰু ২২ জন যোগানকাৰীৰে মুঠ ৩২ জনৰ পৰিয়াল চলাই আছে।

দশম শ্ৰেণীতে আত্মসংস্থাপনৰ চিন্তা মনলৈ অহা আৰু তাক বাস্তৱত ৰূপ দিবলৈ সকলো বাধাবিঘিনি নেওচি আপ্ৰাণ চেষ্টাৰে লক্ষ্যত উপনীত হোৱা মালামণি হাজৰিকাৰ উদাহৰণ সঁচাকৈয়ে বিৰল। তেওঁ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ুৰে কৰ্মঠ হৈ সদায় আৰ্তজনৰ বন্ধু হৈ থাকক।।