বিনিযোগ হিচাপে ক্ৰিপ্ট’কাৰেন্সি আপোনাৰ বাবে সুবিধাজনকনে?


Image Description

[১]

যিদৰে ফে’চবুক আমাৰ বাবে এখন আভাসী মঞ্চ, যাৰ কায়িক অৱস্থিতি নাই, তেনেদৰে ক্ৰিপ্ট’কাৰেন্সি হ’ল এনে এক আভাষী মুদ্ৰা যাক আমি চুই চাব নোৱাৰো৷ কোনো দেশৰ চৰকাৰী মুদ্ৰা নোহোৱা স্বত্বেও মানুহৰ মাজত ই গ্ৰহণযোগ্য হৈ উঠিছে৷ শেহতীয়াভাৱে ক্ৰিপ্ট’কাৰেন্সিৰ জনপ্ৰিয়তা সমাজত বৃদ্ধি পোৱাটো যদি মন কৰিছে অথবা নিজেও আকৰ্ষণ অনুভৱ কৰিছে তেন্তে এই লেখাটোৰ ভিতৰত থকা তথ্যখিনি আপোনাৰ বাবেই৷

বহু বিনিয়োগকাৰীক ক্ৰিপ্ট’কাৰেন্সিয়ে আকৰ্ষণ কৰাৰ মূল কাৰণ কি বুলি যেতিয়া প্ৰশ্ন কৰোঁ তাৰ উত্তৰ পাওঁ– শেহতীয়াভাৱে ইয়াৰ মূল্যৰ উত্থান৷ কিন্তু বিনিয়োগ হিচাবে যেতিয়া আমি কোনো এটা দ্ৰব্যক গ্ৰহণ কৰিম কিছু প্ৰশ্ন আমাৰ ফালৰ পৰা হোৱা উচিত৷

প্ৰথম প্ৰশ্ন হ’ব বিটকইন বা তেনে জাতীয় ক্ৰিপ্ট’কাৰেন্সিৰ মূল্য কিয় বাঢ়িছে? এই প্ৰশ্নটোৰ উত্তৰলৈ যোৱাৰ আগতে আন আন বিনিয়োগৰ ক্ষেত্ৰত কি হয় তালৈ চাওক– বেংকত টকা থলে আপুনি সুদ পায়৷ যদি আপুনি কোনো কোম্পানীৰ শ্বেয়াৰত বিনিয়োগ কৰে তেন্তে মূলতঃ ৰিটাৰ্ন আশা কৰিব সেই কোম্পানীৰ লাভাংশৰ জৰিয়তে৷ ঘৰ সাজি ভাড়ালৈ দিলে ভাড়া লোৱাজনৰ পৰা পোৱা ধন৷ সোণত কৰা বিনিয়োগৰ পৰা? ভৱিষ্যতে সোণত আজিতকৈ অধিক দাম দি কিনিব খোজা গ্ৰাহকৰ ইচ্ছাৰ ওপৰত৷ হয়, আপুনি যিদিনা আপোনাৰ হাতত থকা সোণখিনি বিক্ৰী কৰিবলৈ যাব সেই দিনটোত কিনিব খোজা গ্ৰাহকসকলৰ সামগ্ৰিক ইচ্ছাৰ পৰা নিৰ্ধাৰণ হোৱা নিৰীখটোতেই আপুনি বেচিব পাৰিব৷ অৰ্থাৎ সোণৰ কোনো সুদ, লাভাংশ বা ভাড়া জাতীয় আয়ৰ সম্ভাৱনা নাই৷ ক্ৰিপ্ট’কাৰেন্সিৰ ক্ষেত্ৰতো সোণৰ সূত্ৰটোৱেই খাটে৷ অৰ্থাৎ ইয়াৰ দামৰ উত্থান পতনৰ ক্ষেত্ৰত ভৱিষ্যতৰ কোনো ক্ৰিপ্ট’কাৰেন্সিৰ বিনিয়োগকাৰীয়ে দিবলৈ ইচ্ছুক হ’ব বুলি আজিৰ বিনিয়োগকাৰীসকলৰ সামগ্ৰিক ধাৰণাৰ ওপৰত নিৰ্ভৰশীল৷

এতিয়া এটা প্ৰশ্ন নিশ্চয় আহিব– মানুহ কিয় আশাবাদী ‌ক্ৰিপ্ট’কাৰেন্সিক লৈ? ক্ৰিপ্ট’কাৰেন্সিৰ বিনিয়োগকাৰীসকলে বিশ্বাস কৰে ভৱিষ্যতৰ দিনবোৰ ক্ৰিপ্ট’কাৰেন্সিৰ হ’ব৷ কোনো দেশৰ কাৰেন্সিৰ সীমাবদ্ধতাৰ পৰা মুক্ত হোৱাৰ বাবে ইয়াৰ গ্ৰহণযোগ্যতা বিশ্বব্যাপী হ’ব৷

আপুনিও এনেদৰে ভাবে নেকি? এইটোৱেই আপোনাৰ বিনিয়োগৰ ইচ্ছাৰ প্ৰধান কাৰণ? হয়তো নহয়৷ কোনো বিনিয়োগত মানুহ আকৰ্ষিত হোৱা বা নোহোৱাৰ মূল কাৰণটো বহু সময়ত হৈ পৰে একেবাৰে ওপৰত কৈ অহাৰ দৰে সেই বিনিয়োগ দ্ৰব্যটোৰ শেহতীয়া প্ৰদৰ্শন৷ যদি কোনোবা অত্যাধিক পৰিমাণে লাভৱান হোৱাৰ খবৰ জুইৰ দৰে বিয়পি পৰে মানুহ জপিয়াই পৰে আৰু ইয়াৰ বিপৰীত পৰিস্থিতিত বহু মানুহে কৰি থোৱা বিনিয়োগ বিক্ৰী কৰি চত্ৰভংগ দিয়ে৷ যিটো মানসিকতাক বিনিয়োগত অতি সাম্প্ৰতিকতা পক্ষপাত বুলি কোৱা হয়৷ বহুতৰ ক্ষেত্ৰত এইটোৱেই একমাত্ৰ কাৰণ হৈ পৰে৷

ক্ৰিপ্ট’কাৰেন্সিৰ গ্ৰহণযোগ্যতা ভৱিষ্যতে কি হ’ব তাৰ ভৱিষ্যতবাণী মোৰ দৰে এজন মানুহৰ বাবে সম্ভৱ নহয়৷ মই এইটোও ক’ব নোৱাৰিম যে আপুনি আজি যিটো দামত ক্ৰিপ্ট’কাৰেন্সি কিনিব খুজিছে সেই দাম যথাযথ হয় নে নহয়৷ মই মাত্ৰ ক’ব পাৰিম যে কোনো এখন দেশৰ চৰকাৰে ইয়াক আইন সন্মত বুলি কলেও বেচৰকাৰী ক্ৰিপ্ট’কাৰেন্সিৰ উত্থান দেশখনৰ প্ৰচলিত মুদ্ৰাৰ বাবে সুবিধাজনক নহয়৷ সুবিধাজনক নহয় মুদ্ৰাৰ প্ৰচলনৰ জৰিয়তে দেশৰ অৰ্থ ব্যৱস্থাৰ গ্ৰ’থ আৰু মুদ্ৰাস্ফীতিক প্ৰয়োজন সাপেক্ষে নিয়ন্ত্ৰণ কৰিবলৈ চলোৱা ব্যৱস্থাটোৰ বাবেও৷ সেই ফালৰপৰা আমাৰ ভাৰতত চৰকাৰ ক্ৰিপ্ট’কাৰেন্সিৰ উৎসাহী প্ৰবৰ্তক হোৱাৰ সম্ভাৱনা কম৷ আদালতৰ নীতি নিৰ্দেশনাৰ বাবে হয়তো বন্ধ কৰা বা অবৈধ বুলি ঘোষণা কৰা সম্ভৱ নহ’ব৷

বেংকৰ কামকাজক ৰিজাৰ্ভ বেংক, ইঞ্চুৰেন্স কোম্পানীৰ কামকাজ আই আৰ দি এ, মিউচুৱেল ফাণ্ডৰ কাম কাজ ছেবিয়ে চোৱাচিতা কৰে৷ অৰ্থাৎ সঞ্চয় বা বিনিয়োগ সম্পৰ্কীয় কোম্পানী এটাৰ কাম-কাজ নিয়ন্ত্ৰকৰ চকুৰ আগত থকাটো প্ৰয়োজন৷ কোনো ঠাইত বিনিয়োগ কৰাৰ পূৰ্বে এইটো এটা চাবলগীয়া দিশ৷ কিন্তু ক্ৰিপ্ট’কাৰেন্সিৰ ক্ষেত্ৰত নিয়ন্ত্ৰক বা ৰেগুলেটৰ কোন? আজিৰ তাৰিখত ক্ৰিপ্ট’কাৰেন্সিৰ ক্ষেত্ৰত কোনো চৰকাৰী পৃষ্ঠপোষকতা থকা নিয়ন্ত্ৰক নাই যে কিবা বেমেজালি হ’লে আপুনি অভিযোগ লৈ যাব পাৰিব৷ সেয়ে চৰকাৰে আনিব খোজা ‘Cryptocurrency and Regulation of Official Digital Currency Bill, ২০২১’ নোচোৱালৈকে আমি ক’ব নোৱাৰো ভাৰতত ক্ৰিপ্ট’কাৰেন্সিৰ ভৱিষ্যত কি৷

আপুনি নিশ্চয় লক্ষ্য কৰিছে যে ক্ৰিপ্ট’কাৰেন্সিত অভাৱনীয় উত্থানৰ লগতে পতনো যথেষ্ট হয়৷ ৩০ ৰ পৰা ৫০ শতাংশ লোকচান কম সময়ৰ ভিতৰত হোৱাৰ উদাহৰণ নথকা নহয়৷ সেয়ে যিসকল বিনিয়োগকাৰীয়ে উচ্ছ পৰিমাণৰ ৰিস্ক লোৱাৰ সক্ষমতা ৰাখে কম পৰিমাণৰ বিনিয়োগ তেখেতসকলৰ বাবে গ্ৰহণযোগ্য হ’ব পাৰে৷ সেইখিনি টকাহে ক্ৰিপ্ট’কাৰেন্সিত বিনিয়োগ কৰক যিখিনি শূণ্য হৈ গ’লেও আপোনাৰ কষ্ট নহয়৷ সৰ্বসাধাৰণ মানুহে একমাত্ৰ অত্যধিক লাভৰ আশাত এনে বিনিয়োগৰ কাৰণে তেওঁ কিমান উপযোগী তাক বিবেচনা নকৰাকৈ যথেষ্ট পৰিমাণৰ ধন খটোৱাটো সুবিধাজনক বুলি মই নাভাবো৷

[২]

বিটকইন আৰু ইলন মাস্ক

CoinDCX নামৰ ক্ৰিপ্ট’কাৰেন্সিৰ এক্সচেঞ্জটোৰ মুখ্য কাৰ্য্যবাহী বিষয়া তথা সহ প্ৰতিষ্ঠাপক সুমিত গুপ্তাই ইণ্ডিয়া টুডেক দিয়া সাক্ষাৎকাৰত কৈছে যে ইলন মাস্কৰ দায়িত্ব আছে আৰু ক্ৰিপ্ট’ মাৰ্কেট ‘মেনুপুলেট’ কৰিবলৈ টুইট কৰা উচিত নহয়৷ কোৱা বাহুল্য যে ইলন মাস্ক হ’ল পৃথিৱীৰ আটাইতকৈ বেছি সম্পদশালী ব্যক্তিসকলৰ মাজৰ এজন৷ বিশ্ববিখ্যাত ইলেকট্ৰিক গাড়ী নিৰ্মাতা টেছলাৰ কোম্পানীৰ প্ৰতিষ্ঠাপকসকলৰ ভিতৰত অন্যতম গুৰুত্বপূৰ্ণ ব্যক্তি৷

এতিয়া আমি চাও আহক ইলন মাস্কৰ বিটকইন [আটাইতকৈ বেছি জনপ্ৰিয় ক্ৰিপ্ট’কাৰেন্সি] সম্পৰ্কীয় এটা শেহতীয়া টুইটত কি আছিল৷ ৪ জুন, ২০২১ত এখন মিম [তলত গাঁঠি দিছোঁ], য’ত এগৰাকী যুৱতী আৰু যুবকে সম্পৰ্ক শেষ কৰাৰ কথা কৈছে৷ হেচটেগত লিখিছে বিটকইন৷ চাৰি জুনক বিটকইনৰ মূল্য ৩৮,৯৫৮.৪৯ ডলাৰৰ পৰা ৯ জুনত হৈছেগৈ ৩৩,৫০৪.২৬ ডলাৰ৷ ১৪ শতাংশ ডুবিল৷ অৱশ্যে এই সকলো ইলন মাস্কৰ টুইটৰ বাবেই হোৱা বুলি কোৱা উচিত নহ’ব৷ কিন্তু বিটকইনৰ লগত জড়িত মানুহৰ উদ্বিগন্তা দেখি এইটো নিশ্চয় ক’ব পৰা যায় যে ইয়াৰ বুজন অংশৰ লোকচান মাস্কৰ টুইটৰ বাবে হৈছে৷

৮ ফেব্ৰুৱাৰী ২০২১ত খবৰ আহিছিল ইলন মাস্কৰ নেতৃত্বাধীন কোম্পানী টেছলাই ১.৫ বিলিয়ন ডলাৰ মূল্যৰ বিটকইন কিনিছে৷ আমেৰিকাৰ চিকিঅ’ৰিটি এণ্ড এক্সচেঞ্জ কমিচনত দিয়া তথ্য অনুসৰি তেওঁলোকে দৰ্শোৱা কাৰণটো ঃ 'more flexibility to further diversity and maximize return on our cash'৷ লগতে সেই দিনটোত তেওঁ টুইটত Dogecoin নামৰ ক্ৰিপ্টপ্ট’কাৰেন্সিৰ নামত দুটা টুইট কৰিলে৷ এটাত লিখিলে who let the dog out আৰু আনটোত ১২০ ছেকেণ্ডৰ Dogecoinৰ এটা প্ৰম’চনেল ভিডিঅ’৷ লগতে টেছলাৰ তৰফৰ পৰা এটা বাতৰি আহিল– তেওঁলোকে প্ৰডাক্টৰ বিনিময়ত বিটকইন গ্ৰহণ কৰিবলৈ গৈ আছে৷

বজাৰৰ চৰিত্ৰলৈ লক্ষ্য কৰক৷ ৮ ফেব্ৰুৱাৰী, ২০২১ত বিটকইনৰ মূল্য ৩৮,৪৬১.৬৮ ডলাৰৰ পৰা ২৩ ফেব্ৰুৱাৰী, ২০২১ত হয়গৈ ৫৪,১৮১.৯১ ডলাৰ৷ ৪০.৮৭ শতাংশ উত্থান৷ অলপীয়া পতলৰ পাছত ১৬ এপ্ৰিল, ২০২১ত বিটকইনৰ মূল্য হয়গৈ ৬৩,৩৪৬.৭০ ডলাৰ৷ সৰ্বোচ্ছ৷

২৬ এপ্ৰিল,২০২১ত খবৰ আহিল টেছলাই তেওঁলোকৰ বিটকইনৰ এটা অংশ বিক্ৰী কৰিছে৷ মাস্কে কোৱা অনুসৰি সেয়া তেওঁলোকৰ মুঠ বিটকইনৰ ১০ শতাংশ৷ ফৰ্চুন আলোচনীত শ্বন টুলীয়ে কৰি দেখুওৱা অঙ্ক অনুসৰি ইয়াৰ পাৰ তেওঁলোকে ৫৯ শতাংশ লাভ কৰিলে ৷ লগে লগে বজাৰ এইবাৰ নপৰিল৷ ২৩ মেত ইলন মাস্কৰ টুইট আছিল– টেছলাই তেওঁলোকৰ গাড়ী বিক্ৰীৰ বিপৰীতে বিটকইন গ্ৰহণ কৰাতো পৰিবেশ প্ৰদূষণৰ কথালৈ লক্ষ্য ৰাখি স্থগিত কৰিছে৷ ১৩ মে, ২০২১ৰ বিটকইনৰ মূল্য ৫২,১৪৭.৮২ ডলাৰৰ পৰা ২৪ মেত হয়গৈ ৩৪,২৫৯.৫৫ ডলাৰ৷ ১১ দিনত ৩৪.৩০ শতাংশ মূল্য হ্ৰাস৷

এইখিনিলৈকে আমি কি দেখিলো? ইলম মাস্ক বা তেওঁৰ মালিকাধীন টেছলাই বিটকইন সম্পৰ্কীয় ধনাত্মক বাতৰি প্ৰকাশ কৰিলে বজাৰ অতি উৎসাহী হৈ উঠে আৰু ইয়াৰ বিপৰীত স্থিতিত বজাৰে ঋণাত্মক মানসিকতা প্ৰদৰ্শন কৰে৷ এজন ক্ষুদ্ৰ বিনিয়োগকাৰীৰ বাবে এনে স্থিতি সুবিধাজনক বুলি ক’ব নোৱাৰি। বিনিয়োগৰ ক্ষেত্ৰত৷ প্ৰভাৱশালীজনে কিনি লৈ নিজৰ স্থিতি জাহিৰ কৰিলে সম্পদবিধৰ দাম ওপৰলৈ যাব আৰু তেওঁৰ লাভ হ’ব৷ আৰু তেখেতে এই সম্পদ বিক্ৰী কৰাৰ আগতে বেলেগ বিনিয়োগকাৰীক জনাবলৈ কেতিয়াও নাযায়৷ সেই পৰ্য্যায়ৰ মুৰ্খামি এইটো পৰ্য্যায়ৰ বিনিয়োগকাৰীয়ে কেতিয়াও নকৰে৷ তেওঁ বিক্ৰী কৰিহে নিজৰ স্থিতি ঘোষমা কৰিব৷ এতেকে কোনো এজন আদৰ্শস্থানীয় ব্যক্তিক অন্ধভাৱে অনুসৰণ কৰাও বিনিয়োগত বহু সময়ত বিপজ্জনক৷ বজাৰ নমাৰ পাছতহে আপুনি গম পাব বজাৰে তেনে প্ৰতিক্ৰিয়া কিয় কৰিছে৷ ইলন মাস্ক বা টেছলাৰ ঘোষণাবোৰত ক্ৰিপ্ট’কাৰেন্সিৰ বজাৰে যিদৰে প্ৰতিক্ৰিয়া দেখুৱাইছে ইয়াৰ পৰা এনে লাগে এইখন বজাৰে প্ৰয়োজনীয় গভীৰতা এতিয়াও পোৱা নাই৷

[ইয়াত উল্লেখ কৰা বিটকইনৰ বিভিন্ন সময়ৰ মূল্য Coindeskৰ পৰা লোৱা হৈছে]