জলবায়ু পৰিবৰ্তন: জনসাধাৰণৰ ওপৰত প্ৰভাৱ আৰু জনসাধাৰণৰ কৰ্তব্য


Image Description

[দ্বিতীয় খণ্ড, ৭৪ সংখ্যাৰ পৰা]
পাৰিৱেশিক আন্দোলন
ৰাষ্ট্ৰসংঘৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত জলবায়ু পৰিবৰ্তন প্ৰতিৰোধৰ উদ্দেশ্যে এনেবোৰ প্ৰচেষ্টা চলি থকাৰ লগে লগে বিভিন্ন দেশত, জলবায়ু পৰিবৰ্তনৰ বাবে আহি পৰা সমস্যা সমাধানৰ লক্ষ্যত অনেক পৰিৱেশ আৰু প্ৰকৃতি সংৰক্ষণকাৰী সংগঠনে গণ আন্দোলন আৰম্ভ কৰিছে৷

সমস্যাবোৰৰ প্ৰেক্ষাপট বিভিন্ন হ’লেও এই আন্দোলনৰ মূল দিশকেইটা হ’ল– পৰিৱেশ সুৰক্ষা, তৃণমূল গণতন্ত্ৰ, সামাজিক ন্যায়, আৰু অহিংসা৷ বজাৰসৰ্বস্ব অৰ্থনীতিৰ দ্বাৰা অন্ধভাৱে পৰিচালিত উন্নত দেশসমূহে প্ৰকৃতি আৰু পৰিৱেশৰ ওপৰত চলাই অহা দুষ্কাৰ্য্যই এই চাৰিওটা দিশ সম্পূৰ্ণভাৱে ধবংস কৰিছে৷

বিশ্ববিদ্যালয়ৰ ভূমিকা

চুইডেনৰ যুৱ জলবায়ু কৰ্মী গ্ৰে’টা থুনবাৰ্গে সদ্যসমাপ্ত COP-27ত অংশগ্ৰহণ কৰাৰ পৰা বিৰত থকাৰ সিদ্ধান্ত লয়৷ এই সম্পৰ্কে থুনবাৰ্গে কয় যে,

‘The COPs are mainly used as an opportunity for leaders and people in power to get attention, using many different kinds of greenwashing.'

এনে এক নিৰাশাজনক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত, উল্লেখ কৰি অহা চাৰিওটি দিশত জনসাধাৰণক সচেতন কৰাৰ বিশেষ প্ৰয়োজন আছে৷ কাৰণ ৰাইজৰ নিৰ্বাচিত চৰকাৰ আৰু চৰকাৰী আমোলাই নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবেই হওক অথবা অজ্ঞানতাৰ কাৰণেই হওক, এনে সিদ্ধান্ত লয় বা নীতি-নিৰ্দেশনা প্ৰস্তুত কৰি ৰূপায়ণ কৰে, যি পৰিৱেশ প্ৰদূষণ, প্ৰাকৃতিক দুৰ্য্যোগ [বানপানী, গৰাখহনীয়া, ভূমিস্খলন, ইত্যাদি], জীৱ প্ৰজাতিৰ বিলুপ্তি আৰু ফলশ্ৰুতিত সাধাৰণ ৰাইজৰ সামাজিক, অৰ্থনৈতিক আৰু জনস্বাস্থ্যলৈ বিৰাট ক্ষতি আৰু ভাবুকি আনে৷

সেয়েহে জনসাধাৰণ মাজত পৰিৱেশ, প্ৰকৃতি, জলবায়ু পৰিবৰ্তন এই আটাইবোৰ দিশ সম্পৰ্কে তেওঁলোকৰ ধ্যান-ধাৰণা, অভিজ্ঞতা, অভিজ্ঞতাভিত্তিক অভিমত আৰু সমস্যা সমাধানৰ সূত্ৰ সম্পৰ্কে ব্যাপক সজাগতা সৃষ্টি কৰাটো অতি গুৰুত্বপূৰ্ণ৷ এইখিনিতে উল্লেখযোগ্য যে আমেৰিকাৰ য়ে’ল বিশ্ববিদ্যালয়ৰ পৰিৱেশবিজ্ঞান বিভাগে ‘Yale Program on Climate Change’ শীৰ্ষক এক ক্ষেত্ৰভিত্তিক গৱেষণাৰ জৰিয়তে আমেৰিকাৰ বিভিন্ন ৰাজ্যৰ জনসাধাৰণ আৰু ৰাজনৈতিক নেতাসকলৰ পৰিৱেশ, প্ৰকৃতি, জলবায়ু পৰিৱৰ্তন, ইত্যাদি সম্পৰ্কে মতামত, ধ্যান-ধাৰণা আৰহণ কৰিছে৷

এই অধ্যয়নৰ প্ৰধান উদ্দেশ্য ৰাজনৈতিক নেতৃত্বক প্ৰকৃতি, পৰিৱেশ, জলবায়ু পৰিৱৰ্তন সম্পৰ্কে সচেতন কৰা৷

প্ৰকৃতভাৱে জ্ঞাত আৰু সচেতন নাগৰিক আৰু জননেতাই বিজ্ঞানসন্মত প্ৰকৃতি-পৰিৱেশ আৰু জনসাধাৰণৰ ক্ষতিসাধন কৰিব নোৱৰা নীতি-নিৰ্ধাৰণ কৰাৰ বাবে সক্ষম কৰাটোৱেই য়ে'ল জলবায়ু পৰিৱৰ্তন কাৰ্য্যক্ৰমৰ মুখ্য উদ্দেশ্য৷ জলবায়ু পৰিৱৰ্তন প্ৰতিৰোধৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়ৰ এনে গুৰুত্বপূৰ্ণ ভূমিকা মন কৰিবলগীয়া৷

এই সন্দৰ্ভত বিখ্যাত সমাজবিজ্ঞানী এসময়ৰ নতুন দিল্লীস্থিত অশোকা বিশ্ববিদ্যালয়ৰ অধ্যাপক শিৱ বিশ্বনাথনে তেওঁৰ গ্ৰন্থ 'Carnival for Science'ত কৰা মন্তব্য উল্লেখযোগ্য:

‘One must emphsize that the new directions in the philosophy and sociology of science came not from academia but from the questions raised by grass-roots movements.’

আমাৰ দেশৰ বিভিন্ন পৰিৱেশ আন্দোলনৰ আলোচনাৰ পৰিপ্ৰেক্ষিতত বিশ্বনাথনে এই মন্তব্য কৰিছিল৷

ইক' পঞ্চায়তৰ ধাৰণা

হাতী-মানুহৰ সংঘাত, বানপানী, গৰাখহনীয়াৰ সমস্যা, নামনি সোৱণশিৰি নদীবান্ধ প্ৰকল্প ইত্যাদি পাৰিৱেশিক সমস্যাবোৰ আৰু জলবায়ু পৰিৱৰ্তনৰ পৰিঘটনা বিছিন্ন নহয়৷ ২০২২ চনৰ 'Intergovermental Panel on Climate Change'এ প্ৰকাশ কৰা সুদীৰ্ঘ প্ৰতিবেদনত পৃথিৱীৰ কেওঁখন মহাদেশত জলবায়ু পৰিৱৰ্তনৰ ফলত আহি পৰা এই সমূহ পাৰিৱেশিক সমস্যাক সমাজ ব্যৱস্থাৰ সৈতে সংযুক্ত কৰি কেনে ধৰণে জলবায়ু পৰিৱৰ্তনৰ দৰে ব্যাপক পৰিঘটনাৰ সৈতে মোকাবিলা কৰিব পাৰি, এই বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হৈছে৷

অসম আৰু আমাৰ দেশৰ আন সকলো ৰাজ্যতে তৃণমূল পৰ্য্যায়ত ৰাইজৰ ধ্যান-ধাৰণা [জলবায়ু পৰিৱৰ্তন সম্পৰ্কে], বুজিবলৈ এক সংগঠিত প্ৰচেষ্টাৰ প্ৰয়োজন আছে৷ আমাৰ ৰাজনৈতিক দলসমূহে প্ৰতিখন নিৰ্বাচনী ইস্তাহাৰত দলৰ পৰিৱেশ আৰু প্ৰকৃতি সম্পৰ্কে থকা দায়বদ্ধাতাৰ কথা দোহাৰে ৷ কিন্তু এই দায়বদ্ধতা কি বিজ্ঞানসন্মত পদ্ধতিৰ জৰিয়তে কাৰ্য্যকৰী কৰিব পাৰি এই বিষয়ে সাধাৰণতে কোনো স্পষ্টছৱি পোৱা নাযায় ৷

এই ক্ষেত্ৰত তৃণমূল পৰ্য্যায়ত জলবায়ু পৰিবৰ্তন আৰু ইয়াৰ সৈতে জড়িত আন সকলো পাৰিৱেশিক আৰু প্ৰকৃতিসম্পৰ্কীয় ধ্যান-ধাৰণা আৰু সমস্যা উপশম আৰু সমাধানৰ উদ্দেশ্যে থকা ৰাইজৰ প্ৰত্যক্ষ অভিজ্ঞতাভিত্তিক জনমত আহৰণ কৰা আৰু সুষ্ঠ জনমত তৈয়াৰ কৰিবলৈ ‘ইক’ পঞ্চায়ত’ গঠনৰ চিন্তা কৰাৰ অৱকাশ আছে৷

শেষত পৰিস্হিতিৰ ভয়াবহতাৰ ধাৰণা দিবলৈ এখন গুৰুত্বপূৰ্ণ প্ৰতিবেদনৰ কিছু কথা দাঙি ধৰিলোঁ।

'Most projections of climate change presume that future changes—greenhouse gas emissions, temperature increases and effects such as sea level rise– will happen incrementally. A given amount of emission will lead to a given amount of temperature increase that will lead to a given amount of smooth incremental sea level rise. However, the geological record for the climate reflects instances where a relatively small change in one element of climate led to abrupt changes in the system as a whole. In other words, pushing global temperature past certain thresholds could trigger abrupt, unpredictable and potentially irreversible changes that have massively disruptive and large-scale impacts. At that point, even if we do not add any additional CO2 to the atmosphere, potentially unstoppable processes are set in motion. We can think of this as sudden climate brake and steering failure where the problem and its consequences are no longer something we can control.'

-- Report by the American Association for the Advancement of Science, the world’s largest general Scientific Society 2014

[সমাপ্ত]