অসমৰ নদ-নদী আৰু জলাশয়


Image Description

অসম এখন নদীপ্ৰধান ৰাজ্য৷ ইয়াত ব্ৰহ্মপুত্ৰ আৰু বৰাক প্ৰমুখ্যে বহুতো সৰু-বৰ নদী, উপনৈ, জলাশয় আদি আছে৷

প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ অসমত প্ৰবাহমান বিভিন্ন নদ-নদীক অসমীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰস্বৰূপ বুলি অভিহিত কৰিব পাৰি৷ ব্ৰহ্মপুত্ৰ হ’ল অসমৰ প্ৰধান নদী৷ যদিও এই নদীৰ নাম তিব্বত, ভাৰতবৰ্ষ আৰু বাংলাদেশত বেলেগ বেলেগ, তথাপি বিশ্বত ব্ৰহ্মপুত্ৰ নামেৰে খ্যাত৷

ব্ৰহ্মপুত্ৰৰ আগলিভাগ চাংপো নৈ। এই নৈৰ উৎপত্তি তিব্বতৰ কৈলাশ পৰ্বতৰ চেমা স্বুংদুং হিমবাহৰ পৰা হৈছে৷ ব্ৰহ্মপুত্ৰৰ বুকুতেই পৃথিৱীৰ সৰ্ববৃহৎ নদীদ্বীপ মাজুলী আৰু ক্ষুদ্ৰতম নদীদ্বীপ উমানন্দৰ লগতে অলেখ সৰু-বৰ চৰ-চাপৰি আছে৷

মাজুলীৰ মাটিকালি ১২৫০ বৰ্গ কিল’মিটাৰ, কিন্তু মাজুলীৰ উৎপত্তি সাধাৰণ চৰ-চাপৰিৰ দৰে নৈৰ পলস পৰি হোৱা নহয়৷ ই হ’ল এক বিশেষ ঘটনাৰ প্ৰবাহত বিছিন্ন হৈ পৰা ভূখণ্ডৰ একাংশহে৷

তেনেদৰে উমানন্দৰ মাটিও কঠিন শিলেৰে গঠিত৷ ব্ৰহ্মপুত্ৰৰ উপনৈসমূহক প্ৰধানকৈ উত্তৰ বাহিনী আৰু দক্ষিণ বাহিনী উপনৈ- এই দুটা প্ৰধান ভাগত ভগাব পাৰি৷

ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী উপনৈসমূহ হ’ল সোৱণশিৰি, বুৰৈ, গাভৰু, মান, চম্পাৱতী, সোণকোষ আদি৷ আনহাতে ইয়াৰ দাক্ষিণ বাহিনী উপনৈসমূহৰ ভিতৰত ডিব্ৰু, দিচাং, দিখৌ জাঁজী আদি উল্লেখযোগ্য৷

অসমৰ আন এখন প্ৰধান নদী হ’ল বৰাক নদী৷ ই মূলতঃ দক্ষিণ অসমৰ মুখ্য নদী৷ মণিপুৰ পাৰ্বত্য অঞ্চলৰ লোকসকল বিশেষকৈ এই নদীৰ ওপৰতে নিৰ্ভৰশীল৷ বৰাইল শ্ৰেণীৰ মুক্ৰু নামৰ ঠাইৰ পৰা এই নদীখনৰ উৎপত্তি হৈছে৷

এই নদীখনৰ দৈৰ্ঘ্য হৈছে ৭০০ কিল’মিটাৰ ৷ বৰাক নৈৰ উপনৈ দুটা ভাগত ভাগ কৰিব পাৰি৷ উত্তৰ পাৰৰ উপনৈসমূহ হ’ল সোণাই নদী, ধলেশ্বৰী, কটাখাল আদি৷ আনহাতে দক্ষিণ পাৰৰ উপনৈসমূহ হ’ল জিৰি, মধুৰা, চিৰি জাতিংগা৷

অসমৰ নদ-নদীসমূহ অৰ্থনৈতিক দিশৰ পৰাও তাৎপৰ্য্যপূৰ্ণ৷ অসমৰ নদ-নদীসমূহে অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰতো ভূমিকা গ্ৰহণ কৰে৷ বিশেষকৈ নৈপৰীয়া লোকসকল নৈৰ উপৰত নিৰ্ভৰ কৰিয়েই জীনৱকা নিৰ্বাহ কৰে৷

বিভিন্ন ধৰণৰ মাল-সামগ্ৰীৰ আমদানি এলানি নৈৰ ওপৰেদি কৰাৰ ফলত বহুতো ক্ষেত্ৰত সা-সুবিধা হৈছে৷ অনাগত দিনত আধুনিক প্ৰযুক্তিবিদ্যা তথা বৈজ্ঞানিক ভিত্তিৰে নদ-নদীসমূহৰ চোৱা-চিতা কৰিলে অসমৰ লোকসকল বেছি লাভৱান হ’ব৷

মীনপালন নৌ পৰিবহণ, আমোদ-প্ৰমোদ আদি কামত নদ-নদীসমূহ ব্যৱহাৰ কৰি অসমৰ অৰ্থনীতি অধিক টনকিয়াল কৰিব পাৰি৷ অসমৰ সৰু-বৰ নৈত পানীৰ দ্বাৰা ভালেমান জলসিঞ্চন আৰু খোৱাপানী যোগান আঁচনিঘ কাৰ্য্যকৰী কৰা হৈছে৷

কিন্তু বৰ্তমান নদীৰ কাম-কাজ যেন সমস্ত আৱৰ্জনা কঢ়িওৱাটোহে৷ গতিকে উপযুক্ত পদ্ধতিৰ জৰিয়তে নদ-নদীসমূহ পৰিষ্কাৰ কৰি ৰাখি প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা কৰাটো সকলোৰে দায়িত্ব৷।