বায়ু প্ৰদূষণৰ ভয়াৱহ ৰূপ


Image Description

কিছুমান কথা আমি জানিও নজনাৰ দৰে৷ আমি আটায়ে জানো যে শ্বাস লওঁতে আমি যি বায়ু গ্ৰহণ কৰি আছোঁ, সেয়া বিশুদ্ধ বায়ু নহয় আৰু আমি গ্ৰহণ কৰা বায়ুখিনি বিভিন্ন প্ৰদূষকেৰে মিশ্ৰিত হৈ আছে৷ এই প্ৰদূষকবোৰে আমাৰ শৰীৰৰ কি কি ক্ষতি কৰিছে অথবা ভৱিষ্যতে ক্ষতি কৰিব, সেই বিষয়ে কিছু কথা আমি জানো, সৰহভাগ কথাই আমি নাজানো অথবা জানিবলৈ যত্নও নকৰোঁ৷

বিশ্ব স্বাস্থ্য সংস্থাৰ এক সাম্প্ৰতিক প্ৰতিবেদন অনুযায়ী পৃথিৱীৰ শতকৰা ৯৯ভাগ মানুহেই বিশুদ্ধ বায়ু সেৱন কৰিবলৈ পোৱা নাই৷ ২০০১ চনৰ ৩১ অক্ট’বৰৰ পৰা ১৩ নৱেম্বৰলৈ স্কটলেণ্ডৰ গ্লাছগ’ত হোৱা ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় সন্মিলনত বিশ্বৰ মাতৃসকলৰ সংগঠন কেইটমানে বায়ু প্ৰদূষণৰ পৰা আমাৰ শিশুহঁতক ৰক্ষা কৰিবলৈ এক হৃদয়বিদাৰক আহবান জনাইছিল৷ মাতৃসকলৰ আবেদনখনৰ মূল কথাখিনি আছিল এনে ধৰণৰ:

‘পৃথিৱীৰ কোটী কোটী পিতৃ-মাতৃৰ হৈ আমি এই কাতৰ আহবান জনাইছোঁ– আমাৰ অতি মৰমৰ ল’ৰা-ছোৱালীহঁতৰ হৈ এই আহবান ৷ ফছিলজাত ইন্ধনৰ দহনৰ পৰা ওলোৱা বিষাক্ত প্ৰদূষকবোৰে প্ৰতি মূহুৰ্ততে আমাৰ সতি-সন্ততিৰ দেহত বিষ ঢালিছে৷ এই প্ৰদূষকবোৰৰ পৰাই পৃথিৱী সন্মুখীন হৈছে অতি ভয়াৱহ জলবায়ু পৰিৱৰ্তনৰ আৰু আমি থাকিব পৰা সৌৰজগতৰ একমাত্ৰ গ্ৰহ, পৃথিৱীখনকে ই ধবংস কৰিবলৈ ওলাইছে৷

ফছিল ইন্ধনৰ দহনৰ ফলত আৰু অনিয়ন্ত্ৰিত বনজুইৰ পৰা ওলোৱা প্ৰদূষকবোৰে কণ কণ শিশুৰ শৰীৰৰ ভিতৰত অৱস্থান কৰিছে আৰু সিহঁতৰ হাঁওফাঁও, মগজু আৰু হৃৎপিণ্ডৰ অন্তৰ্ভাগত সোমাই বহি লৈছে আৰু সিহঁতৰ স্বাভাৱিক বিকাশত প্ৰতিবন্ধকৰ সৃষ্টি কৰিছে৷

জন্মতেই বহু শিশুৱে লগত লৈ আহিছে শ্বাস-প্ৰশ্বাসৰ বিভিন্ন বিকাৰ, কেন্সাৰ আৰু কত বেমাৰ৷ পৃথিৱীলৈ অহাৰ আগতেই মাতৃগৰ্ভতে বায়ু-প্ৰদূষকবোৰৰ আক্ৰমণৰ লক্ষ্য হৈছে হাজাৰ হাজাৰ শিশু৷

বায়ু প্ৰদূষণে সৃষ্টি কৰা দূষিত পৰিৱেশত আমাৰ ল’ৰা-ছোৱালীবোৰে জন্মৰ পৰাই বিভিন্ন মানসিক সমস্যাত ভুগিব লগা হৈছে৷ এশ কোটী শিশুৱে জলবায়ু পৰিৱৰ্তনৰ কুপ্ৰভাৱৰ সন্মুখীন হৈছে৷ আফ্ৰিকা-এছিয়াৰ শিশুসকলেই আটাইতকৈ বেছিকৈ এই বিপদৰ মুখামুখি হ’বলগা হৈছে৷

... আমি সেইবাবে ৰাষ্ট্ৰসংঘৰ এই সন্মিলনক অনুৰোধ জনাব খুজিছোঁ যে আমাৰ শিশুসকলক বচাওক, সিহঁতৰ ভৱিষ্যতক নিৰাপত্তা দিয়ক৷

আমাৰ ল’ৰা-ছোৱালীক যেতিয়াই মৰমত সাবটি ধৰোঁ, মনলৈ আহে সিহঁতৰ কিমান অপকাৰ আমি দিনৌ কৰি আছোঁ৷ শিশুসকলেই হ’ল পৃথিৱীৰ ভৱিষ্যত, কিন্তু এই ভৱিষ্যতৰ আমিয়েই শত্ৰুতা কৰিছো৷...’

মৰ্মস্পৰ্শী আবেদন আছিল এই মাতৃসকলৰ৷ বায়ু প্ৰদূষণৰ সমস্যাই গোটেই পৃথিৱীতে মাৰাত্মক ৰূপ ধাৰণ কৰিছে চকুৰে নেদেখা, বায়ুমণ্ডলত ওপঙি ঘূৰি ফুৰা প্ৰদূষণৰ কণিকাবোৰে৷ যিমানেই ক্ষুদ্ৰ হয়, সিমানেই সিহঁত হৈ পৰে অধিক মাৰাত্মক৷

অতি বিপদজনক কণিকা-প্ৰদূষকৰ ভিতৰত দুবিধ অতিশয় ভয়াবহ:

[ক] পিএম ১০ [PM10] যিবিলাকৰ আকাৰ দহ মাইক্ৰণ বা তাতোকৈ কম [এক মাইক্ৰণ হ’ল এক মিটাৰৰ এক নিযুত ভাগৰ এভাগ] আৰু [খ] পিএম ২.৫ [PM 2.5], যিবিলাকৰ আকাৰ ২.৫ মাইক্ৰণতকৈও কম [পিএম হ’ল ‘পাৰ্টিকুলেট মেটাৰ’, অৰ্থাৎ কণিকা-পদাৰ্থ]৷

অতি ক্ষুদ্ৰ এই কণিকাবোৰ আমি চকুৰে নেদেখা আৰু আটাইতকৈ ডাঙৰ কথাটো হ’ল, আমাৰ শৰীৰত প্ৰৱেশ কৰাত এই ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকাবোৰক বাধা দিব নোৱাৰোঁ৷ এইবিলাক কণিকাই অতি সহজতে আমাৰ নাকৰ ভিতৰেৰে শ্বাসনলী পাৰ হৈ হাওঁফাওঁ পায়গৈ আৰু তাতে জমা হৈ হাঁওফাঁওৰ বিভিন্ন ৰোগৰ কাৰক হৈ পৰে আৰু কণ কণ শিশুবিলাকৰ হাঁওফাঁও আৰু শ্বাসতন্ত্ৰৰ স্বাভাৱিক বিকাশত বাধাৰ সৃষ্টি কৰে৷

তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল অতিশয় ক্ষুদ্ৰ কণিকাবোৰ হাঁওফাঁওতে আবদ্ধ হৈ নাথাকে, হাঁওফাঁওৰ বেৰা পাৰ হৈ সিহঁতে প্ৰৱেশ কৰে তেজৰ সোঁতত আৰু সিহঁতৰ বিষময় প্ৰভাৱ মগজুকে ধৰি শৰীৰৰ প্ৰতিটো অংগলৈ প্ৰসাৰিত কৰি তোলে৷ সিহঁতে মাতৃগৰ্ভতে শিশুৰ মগজু, হৃৎপিণ্ড আদি গুৰুত্বপূৰ্ণ অংগবোৰৰ স্বাভাৱিক বিকাশত বাধাৰ প্ৰাচীৰ থিয় কৰায়৷

চকুৰে নমনা অতি ক্ষুদ্ৰ কণিকা-প্ৰদূষকবোৰ বায়ুলৈ আহে যান-বাহনৰ ধোঁৱাৰ পৰা, কলকাৰখানাৰ পৰা নিৰ্গত হোৱা ধোঁৱাৰ পৰা, বিভিন্ন নিৰ্মাণ কাৰ্য্যৰ পৰা আৰু অন্যান্য উৎসৰ পৰা৷

বিশ্ব স্বাস্থ্য সংস্থাৰ শেহতীয়া প্ৰতিবেদন অনুযায়ী ২০১৯ চনত সমগ্ৰ বিশ্বতে প্ৰায় চাৰি নিযুত লোকে প্ৰাণ হেৰুৱায় এই ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা-প্ৰদূষকবোৰৰ বাবে৷

নিচেই ক্ষুদ্ৰ পিএম ২.৫ প্ৰদূষকবোৰে সৃষ্টি কৰিবপৰা গুৰুতৰ স্বাস্থ্য সমস্যাৰ ভিতৰত আছে– ষ্ট্ৰ’ক [বিভিন্ন প্ৰকাৰৰ], হৃৎযন্ত্ৰৰ বিভিন্ন অসুখ, হাঁওফাঁওৰ কৰ্কটৰোগ, শ্বাসতন্ত্ৰৰ নানা অসুখ, মানসিক বিকাৰ, ডায়েবেটিছ আৰু সংশ্লিষ্ট অসুখসমূহ, শিশুৰ ক্ষেত্ৰত স্বাভাৱিক বিকাশ ব্যাহত হোৱাৰ বিভিন্ন উপসৰ্গ, ইত্যাদি৷

জলবায়ু পৰিৱৰ্তনৰ বিষয়ে এতিয়া সৰহভাগ মানুহ কিছু হ’লেও সজাগ হৈছে [যদিও একো কৰিব পৰা নাই], কিন্তু সমান্তৰালভাৱে বাঢ়ি অহা বায়ু প্ৰদূষণৰ বিষয়ে আমি সৰহভাগেই বিশেষ একো নাজানো অথবা জানিবলৈ যত্নও কৰা নাই৷

কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিবেশ মন্ত্ৰণালয়ৰ প্ৰতিবেদন অনুযায়ী অসমত গুৱাহাটী, শিলচৰ, নগাঁও, শিৱসাগৰ আৰু নলবাৰী এনেকুৱা কেইখনমান নগৰ/মহানগৰ য’ত বায়ু প্ৰদূষণে নিৰ্ধাৰিত সীমা অতিক্ৰম কৰিছে আৰু আমাৰ স্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে৷

চৰকাৰীভাৱে সমস্যাটোৰ নিয়ন্ত্ৰণৰ বাবে কিছুমান ব্যৱস্থা গ্ৰহণৰ কথা কোৱা হৈছে, কিন্তু চৰকাৰী ব্যৱস্থাসমূহৰ সৰহভাগ কাগজৰ পাততে থাকে৷ আঁচনি প্ৰস্তুত কৰোঁতে কৰোঁতেই বছৰবোৰ গৈ থাকে নতুন নতুন সমস্যাৰ সৃষ্টি কৰি৷ নাগৰিকসকল সষ্টম নহ’লে সমস্যাবোৰ একেই ৰৈ যাব৷৷