‘আৰ্দ্ৰভূমি’– প্ৰকৃতিৰ বৃক্ক


Image Description

বৰ্তমান সময়ত বিশ্বৰ সকলো ঠাইতে প্ৰকৃতি তথা পৰিৱেশ সম্পৰ্কে সচেতনতা গঢ়ি উঠা দেখা গৈছে, যাৰ ফলত পূৰ্বতে আলোচনা নোহোৱা বহুতো বিষয়ে পাঠ্যক্ৰমতো স্থান পাইছে৷ প্ৰকৃতি হৈছে এক অকৃত্ৰিম বা মৌলিক অৱস্থা যি জীৱকুলৰ সৈতে আন্তঃসম্পৰ্কিত আৰু আন্তঃনিৰ্ভৰশীল৷

এই প্ৰকৃতি বিভিন্ন উপাদান তথা সমলেৰে পৰিপূৰ্ণ৷ প্ৰকৃতিৰ উক্ত সমলসমূহ একো একোটা পৰিস্থিতিতন্ত্ৰ সৃষ্টি আৰু পৰিচালনা কৰে যাৰ বাবে সমগ্ৰ বিশ্বখন এক নিৰ্দিষ্ট গতিবিধিত বৰ্তি আছে৷

মাটি হৈছে প্ৰকৃতিৰ এক প্ৰধান উপাদান৷ জলবায়ু অৰ্থাৎ উষ্ণতা, বতাহ, বৰষুণ ইত্যাদিয়ে ভৌতিক, ৰাসায়নিক নতুবা জৈৱ-ৰাসায়নিক প্ৰক্ৰিয়াৰে মাটিৰ ওপৰত প্ৰভাৱ পেলায়৷ এনে প্ৰভাৱৰ ফল স্বৰূপে বিভিন্ন বৈশিষ্ট্যযুক্ত মাটি বা ভূমিৰ উৎপত্তি হয়৷

ইয়াৰ অন্যতম ভাগ হৈছে আৰ্দ্ৰভূমি ( ‘Wetlands’)৷

সংজ্ঞানুসৰি আৰ্দ্ৰভূমি হৈছে স্থায়ী অথবা ঋতুগতভাৱে পানীৰে পৰিপূৰ্ণ এক নিদ্দিৰ্ষ্ট এলেকা যিয়ে পৰিস্থিতিতন্ত্ৰৰ বিশেষ ভূমিকা পালন কৰি আহিছে৷ মূলতে জল তথা জলসম্পদৰ সংৰক্ষণৰ ক্ষেত্ৰত আৰ্দ্ৰভূমিৰ গুৰুত্ব অপৰিসীম৷

ভাৰতকে ধৰি বিশ্বৰ প্ৰতিখন দেশতেই অনেক সৰু-বৰ আৰ্দ্ৰভূমি যেনে, খাল-বিল, জলাহ, পিতনি, জান-জুৰি আছে৷ এই আৰ্দ্ৰভূমিসমূহ আটাইতকৈ চহকী আৰু উৎপাদনক্ষম সম্পদ যাক জীৱকুলৰ ৰক্ষাকৱচ আখ্যা দিব পাৰি৷

জনবিশ্বাস অনুসৰি পৃথিৱীত সৃষ্টি হোৱা কিছুমান পৰিঘটনা প্ৰকৃতিয়ে আত্মৰক্ষাৰ বাবে নিজেই সৃষ্টি কৰে৷ ঠিক একেদৰে এই কথাও বিশ্বাসৰ আওতালৈ আহে যে পৰিবেশৰ কিছুমান তন্ত্ৰই প্ৰকৃতিক ৰক্ষা কৰি আহিছে৷ উদাহৰণ স্বৰূপে, প্ৰকৃতিৰ বুকুত বিস্তৃতভাৱে সিচঁৰিত হৈ থকা আৰ্দ্ৰভূমি সমূহ৷ যিদৰে অৰণ্যক প্ৰকৃতিৰ হাঁওফাঁও বোলা হয়, সেইদৰে আৰ্দ্ৰভূমিক প্ৰকৃতিৰ বৃক্ক, অৰ্থাৎ কিডনি আখ্যা দিয়া হয়৷

ইয়াৰ অন্তৰালত কেইবাটাও বিশেষ কাৰণ নিহিত হৈ আছে৷

দৰাচলতে মানৱদেহত বৃক্কৰ যিদৰে প্ৰধান কাম তেজ শোধন কৰি অপ্ৰয়োজনীয় পদাৰ্থক দেহৰ বাহিৰ কৰা, ঠিক সেইদৰে আৰ্দ্ৰভূমিয়ে প্ৰকৃতিৰ বিভিন্ন তন্ত্ৰৰ শোধন প্ৰক্ৰিয়াত প্ৰধান ভূমিকা গ্ৰহণ কৰে৷ চমুকৈ, আৰ্দ্ৰভূমি প্ৰাকৃতিক পৰিশোধন যন্ত্ৰ স্বৰূপ, যিয়ে সমগ্ৰ পৰিস্থিতিতন্ত্ৰৰ শোধন কৰি জীৱকুলৰ বসবাসৰ উপযোগী কৰি তোলে৷ সেয়ে ইয়াক প্ৰকৃতিৰ বৃক্ক বোলা হয়৷

একো একোটা আৰ্দ্ৰভূমি এলেকাক নিৰ্ভৰ কৰি বনজ সম্পদৰ লগতে বন্যপ্ৰাণী, যেনে, বিভিন্ন প্ৰজাতিৰ চৰাই-চিলনী শৰালি হাঁহ, ডাউক, মাছৰোকা, হাড়গিলা, পানীকাউৰী, অন্য সৰীসৃপ, ভিন্ন প্ৰজাতিৰ পোক-পতংগ, পখিলা আদি জীয়াই থাকে৷ এই আৰ্দ্ৰভূমিসমূহ মাছৰ প্ৰাকৃতিক উৎস৷

নদীৰ লগত সংযোগ হৈ থকা জলাশয়বোৰ নদীত থকা মাছৰ বংশবৃদ্ধিৰ উৎকৃষ্ট ঠাই৷ ইয়াৰ পৰাই মাছৰ পোনাৰ দৈহিক বিকাশ ঘটি অন্য জলস্তৰলৈ বিস্তাৰ ঘটে আৰু মাছৰ প্ৰাচুৰ্য্য বৰ্তি থাকে৷

আৰ্দ্ৰভূমিসমূহত থকা থলুৱা উদ্ভিদসমূহে জলচৰ প্ৰাণীক খাদ্যৰ যোগান ধৰাৰ লগতে পানীভাগ পৰিষ্কাৰ কৰি ৰখাত সহয় কৰে৷ ইয়াৰে কিছুমান উদ্ভিদ ঔষধি গুণসম্পন্ন৷ নল, খাগৰি, পাটিদৈ ইত্যাদিৰে প্ৰস্তুত কৰা সামগ্ৰীয়ে মানুহৰ দৈনন্দিন জীৱনত সহায়ক হোৱাৰ লগতে ব্যাৱসায়িক দিশৰ পৰাও থলুৱা বাসিন্দাক সকাহ দিছে৷

এইসমূহ আৰ্দ্ৰভূমিয়ে একোটা অঞ্চলৰ পৰিস্থিতিতন্ত্ৰক সুচাৰুৰূপে পৰিচালনা কৰাত প্ৰধান ভূমিকা পালন কৰিছে৷ পানী তথা বায়ু পৰিশোধনৰ দ্বাৰা স্বাস্থ্যকৰ জলবায়ু আৰু নিৰ্মল পানী যোগানৰ পৰা আৰম্ভ কৰি থলুৱা অথবা পৰিভ্ৰমী চৰাইৰ লগতে মাছৰ বংশবৃদ্ধিৰ বাবে উপযুক্ত পৰিৱেশ প্ৰদান, জল সংৰক্ষণৰ জৰিয়তে একোটা এলেকাক সম্ভাব্য জলসংকটৰ পৰা ৰক্ষা কৰালৈকে এই আৰ্দ্ৰভূমিসমূহে অপৰিহাৰ্য্য ভূমিকা পালন কৰিছে৷

আধুনিক জীৱনশৈলী তথা নগৰীকৰণে বৰ্তমান সময়ত কেৱল আৰ্দ্ৰভূমিয়েই নহয়, সমগ্ৰ পৰিস্থিতিতন্ত্ৰ তথা জৈৱবৈচিত্ৰ্যলৈ ভাবুকি কঢ়িয়াই আনিছে৷

জলাশয় পুতি ঘৰ-দুৱাৰ অথবা কাৰখানা নিৰ্মাণ, অপৰিকল্পিতভাৱে ৰাস্তা-ঘাট, দলং নিৰ্মাণ, বনাঞ্চল, পাহাৰ ধবংস আৰু মানৱবৰ্জিত আৱৰ্জনাৰ বাবে আৰ্দ্ৰভূমিসমূহ ক্ৰমান্বয়ে নিচিহ্ন হৈ আহিছে৷

ৰাসায়নিক কীটনাশক সাৰ বা কাৰখানাৰ বৰ্জিত দ্ৰব্য, প্লাষ্টিজাতীয় সামগ্ৰীসমূহ বিভিন্ন জলাধাৰত পেলোৱাৰ বাবে এনেবোৰ ঠাইত বৰ্তি থকা উদ্ভিদ আৰু প্ৰাণীকুল ধবংসৰ গৰাহলৈ গতি কৰিছে৷ পানীৰ গুণাগুণ নষ্ট হোৱাৰ লগতে প্ৰাকৃতিক পৰিৱেশৰ ভাৰসাম্যৰ প্ৰতি ভাবুকি সৃষ্টি কৰা আচহুৱা অপতৃণৰো জন্ম হয়৷

এনেবোৰ কাৰণত জলাশয়ৰ পৰিশোধন শক্তি কমি যায় যাৰ বাবে ভূ-গৰ্ভত প্ৰকৃতিৰ বুকুত থকা বিষাক্ত পদাৰ্থৰ পৰিমাণ বৃদ্ধি পায়৷ ফল স্বৰূপে, জলভাগ ব্যৱহাৰৰ অনুপযোগী হৈ পৰে আৰু মাটিৰ উৰ্বৰতাও কমি যায়৷

আনুষঙ্গিকআৱে মাছৰ স্বাভাৱিক বৃদ্ধি ব্যাহত হয়, পশু-পক্ষীৰ বৃদ্ধিতো নেতিবাচক প্ৰভাৱ পেলায়৷ বিশেষকৈ পৰিভ্ৰমী চৰাইৰ সংখ্যা কমি যায় আৰু এনে চৰায়ে নিয়ন্ত্ৰিত কৰা কীট-পতংগৰ সংখ্যা বৃদ্ধি পায়, যাৰ ফলত খেতি পথাৰৰ অনিষ্ট সাধন হয়৷

সেয়ে, সুচাৰুৰূপে পৰিচালিত এক সুন্দৰ পৰিস্থিতিতন্ত্ৰ নিমিষতে ধবংস হৈ যোৱাৰ পৰা ৰক্ষা কৰিবলৈ হ’লে বিভিন্ন ঠাইত বৰ্তি থকা এই আৰ্দ্ৰভূমিসমূহ সংৰক্ষণ কৰাটো সাম্প্ৰতিককালত সকলোৰে এক অন্যতম গুৰুত্বপূৰ্ণ দায়িত্ব৷ যিহেতু প্ৰকৃতিয়েই জীয়াই থকাৰ আধাৰ সেয়ে প্ৰকৃতিত সহযোজন আৰু নিৰ্ভৰশীলতা অতিকৈ প্ৰয়োজনীয়৷

শৰীৰৰ অন্যতম প্ৰধান অংগ বৃক্কৰ অৱস্থা বিফল হৈ পৰিলে যিদৰে অন্য অংগইও কাৰ্য্যক্ষমতা হেৰুৱাই, ঠিক সেইদৰে প্ৰকৃতিৰ পৰিশোধন যন্ত্ৰ আৰ্দ্ৰভূমিৰ বিফলতাই সমগ্ৰ পৰিস্থিতিতন্ত্ৰৰ ভাৰসাম্যতা নষ্ট কৰি তুলিব পাৰে৷

সেয়ে জীৱশ্ৰেষ্ঠ মানুহে নিজৰ শ্ৰেষ্ঠতাৰ পৰিচয় দি প্ৰকৃতিৰ প্ৰতি দায়িত্ববোধ প্ৰদান কৰা উচিত৷।