ভাৰতী টুমুং আৰু বয়নশিল্প


Image Description

কামৰূপ(মহানগৰ) জিলাৰ নিকটৱৰ্তী অঞ্চল ডিমৰীয়া। মহানগৰৰ নিকটৱৰ্তী হ'লেও অঞ্চলটো তেনেই পিছ পৰা। ডিমৰীয়াৰ টোপাতলীৰ বৰ্তমানৰ বাসিন্দা ভাৰতী টুমুং।

সোণাপুৰৰ টেপেচিয়াত জন্ম গ্ৰহণ কৰা ভাৰতী টুমুং প্ৰবীণ ৰংপিৰ লগত বিবাহসূত্ৰে টোপাতলীৰ বাসিন্দা হয় ১৯৯২ চনত।

প্ৰথম অৱস্থাত খেতি-বাতি কৰি সাধাৰণভাৱে চলি আছিল। গাঁৱৰ কৰ্মঠ নাৰী ভাৰতী টুমুং। তেওঁৰ গুণ আছিল, আছিল প্ৰতিভা…। কিবা এটা কৰাৰো বৰ হেঁপাহ আছিল। কিন্তু অনাদৃত ঠাইখনত তেনে কোনো সুবিধা নাছিল।

এবাৰ হঠাৎ গাঁৱত খবৰ ওলাল…গুৱাহাটীৰ খানাপাৰাত বয়ন শিল্পৰ প্ৰশিক্ষণ হ'ব। খা-খবৰ ল'লে ভাৰতীয়ে। অৱশেষত সুযোগ মিলিল।

খানাপাৰাত বিনামূলীয়াকৈ ২১ দিন প্ৰশিক্ষণ লৈ উৎসাহিত হ'ল ভাৰতী । আশাৰ সপোন এটি লৈ ঘৰলৈ উভতি গ'ল। বেলেগ ঠাইৰ বিপৰীতে ঘৰতে নিজাকৈ কাপোৰ ববলৈ সিদ্ধান্ত ল'লে।

প্ৰথম অৱস্থাত দুখন তাঁতশাল গোটাই পাটৰ মেখেলা-চাদৰ বৈ বিক্ৰী কৰিবলৈ আৰম্ভ কৰিলে। দিনে দিনে গ্ৰাহক বাঢ়িবলৈ ধৰিলে। সময় বাগৰাৰ লগে লগে ৰাইজে পাট-কাপোৰৰ লগতে মুগাৰ কাপোৰো বিচৰা হ'ল। ভাৰতী টুমুংৰ উৎসাহ দুগুণে বাঢ়িল…।

গাঁৱলীয়া ঠাই। শিপিনীৰ অভাৱ নাই। গতিকে আৰু দুখন তাঁতশাল গোটাই ল'লে। আৰম্ভ কৰিলে দুখন শালত মুগা আৰু দুখন শালত পাটৰ কাপোৰ ববলৈ…। লাহে লাহে উৎপাদন বাঢ়িল।

ঘৰৰ কাষতে আৰম্ভ কৰিলে এখন দোকান, ১৯৯৯ চনত। নাম ৰাখিলে কাৰ্বি হেমগিৰি বস্ত্ৰালয়। ব্যস্ত হৈ পৰিল স্বামী-স্ত্ৰী দুয়োজন কাপোৰৰ ব্যৱসায়ত। আকৌ স্থানীয় ৰাইজে বিচাৰিলে স্থানীয় কাৰ্বি কাপোৰ। আকৌ সংযোগ কৰিলে আৰু এখন শাল।

আৰম্ভ কৰিলে… স্থানীয় কাৰ্বি সাজপাৰ(জেকেট, ফালি, ধূতি-চুৰিয়া), মেখেলাচাদৰ ইত্যাদিৰ।

মুগা-পাটৰ মূল্য বহু পৰিমাণে বৃদ্ধি হ'ল। পূৰ্বৰ দৰে মুগা-পাট সংগ্ৰহ কৰাৰ ক্ষেত্ৰত জটিলতা আহিল। গতিকে পাট-মূগাৰ কাপোৰ প্ৰস্তুতকৰণ প্ৰক্ৰিয়া বন্ধ কৰিবলৈ বাধ্য হ'ল। বৰ্তমান বিভিন্ন ধৰণৰ কটন কাপোৰৰ উৎপাদন কাৰ্য্য অব্যাহত ৰাখিছে। পত্নীৰ শালত উৎপাদিত কাপোৰেৰে স্বামী ব্যৱসায়ত ব্যস্ত, বিৰতিবিহীনভাৱে।

তেনেকৈয়ে চৰকাৰী চাকৰিৰ অবিহনে চলি আছে পৰিয়ালটি। ভাৰতী টুমুং আৰু প্ৰবীণ ৰংপিৰ অধিক শিক্ষাগত অৰ্হতা নাই। অথচ তেওঁলোকে নিজকে কেতিয়াও নিৰক্ষৰ বুলিও ভৱা নাই। আৰ্থিক দিশত নিজকে দুৰ্বল বুলিও ভবাৰ প্ৰয়োজন নাই। নিজৰ লগতে চলাই আছে শিপিনীৰ পৰিয়াল। তেওঁলোক চৰকাৰমুখী নহয়। নহয় কৰ্ম বিমুখী…।

কাপোৰৰ ব্যৱসায়ৰ লগতে পথাৰ আৰু বাৰীত বতৰৰ খেতি কৰি ব্যস্ত হৈ থাকে। মুঠতে প্ৰবীণ ৰংপিৰ পিতৃ আৰু অবিবাহিত ভগ্নীসহ কৰ্মব্যস্ত এখন সুখৰ সংসাৰ। এখন ভিতৰুৱা গাঁৱৰ বাসিন্দা তেওঁলোক। পৃথিৱীত পৰিচয়বিহীন হ'লেও এক সুকীয়া মৰ্য্যাদাৰে জীৱন নিৰ্বাহ কৰিছে তেওঁলোকে।

কৰ্মৰ দ্বাৰা স্বাভিমানেৰে জীৱন নিৰ্বাহ কৰা ভাৰতী টুমুং আৰু প্ৰবীণ ৰংপি অঞ্চলটোৰ গৌৰৱ। তেওঁলোকৰ সু- স্বাস্থ্য আৰু দীৰ্ঘায়ু জীৱনে বহুজনকে কৰ্ম-প্ৰেৰণাৰ উৎস যোগাব।।