সম্ভাৱনাপূৰ্ণ পৰ্য্যটন উদ্যোগ


Image Description

অসমৰ পৰ্য্যটনৰ ওপৰত ভিত্তি কৰি বহুতো ন-পুৰণি উদ্যোগ গঢ়ি তুলিব পাৰি৷ কিয়নো অসমত প্ৰকৃতিয়ে অকৃপণভাৱে হিয়া উজাৰি এনেভাৱে দান কৰিছে যে ইয়াত আছে গভীৰ অৰণ্যভূমি, য’ত শাল, চেগুন, হোলোং, সোণাৰু, পমা, শিশু, উৰিয়াম আদিৰ বাহিৰেও আছে বহু দুষ্প্ৰাপ্য প্ৰজাতিৰ, উদ্ভিদ, ঔষধি গছ-লতা, ফল-ফুল আদি, ব্ৰহ্মপুত্ৰৰ দৰে বিশাল নদী, দিখৌ-দিচাঙৰ দৰে কুল-কুলু সুৰে হৈ থকা বিভিন্ন পাহাৰীয়া নদী-উপনদী, জীয়া ভৰলীৰ দৰে সৰু-সৰু অনেক খৰস্ৰোতা নদী, জান-জুৰি, দীপৰ বিলৰ দৰে বৃহৎ বিল, শিৱসাগৰ, জয়সাগৰৰ দৰে বৃহৎ বৃহৎ পুখুৰী, বিভিন্ন প্ৰজাতিৰ জীৱ-জন্তু, বিশেষকৈ কাজিৰঙা, মানাহ, ওৰাং আদিৰ দৰে অভয়াৰণ্যত থকা পৃথিৱী বিখ্যাত এশিঙিয়া গঁড়, সোণালী বান্দৰ, নল গাহৰি, দল হৰিণা, জহামল, সোণালী মেকুৰী, নাহৰফুটুকী, গোধা ফুটুকী, লতা মাকৰি বাঘ, টুপীমুৰীয়া হনুমান আদি, বিভিন্ন প্ৰজাতিৰ চৰাই-চিৰিকটি [বিশেষভাৱে উল্লেখনীয় চৰাই– ধনেশ পক্ষী, হাড়গিলা, উলূমৰা, দেওহাঁহ আদি], চিৰসেউজ পাহাৰ আৰু সমতল ভূমি, সেউজীয়া চাহ বাগিচাৰ লানি, জাতিংগাৰ দৰে পৰিভ্ৰমী চৰায়ে আত্মহত্যা কৰা বিৰল দৃশ্য, মাজুলীৰ দৰে পৃথিৱীৰ সৰ্ববৃহৎ নদী দ্বীপ, আহোম, কোচ-কছাৰী আদি ৰজাসকলৰ অনেক কীৰ্তিচিহ্ন, এশ বছৰীয়া প্ৰাচীন তৈল-পথাৰ, কামাখ্যা-বশিষ্টৰ দৰে মঠ-মন্দিৰ, হাজোৰ পোৱা মক্কা, শুৱালকুছিৰ তাঁত শিল্প, উজনিৰ সোণালী সূতাৰ মুগা শিল্প আৰু ক’ত যে, এই ধৰণৰ কথাবোৰ লিখি থাকিলে অন্তই নপৰে৷

ইমানবোৰ প্ৰাকৃতিক সৌন্দৰ্য্য, সম্পদ, ঐতিহ্যৰে ভৰপূৰ এখন ৰাজ্যত পৰ্যটকৰ সংখ্যা বছৰেকত [২০১৫] মাত্ৰ ৪৬ লাখ [ইয়াৰে ১৭,৬৩০ জন বিদেশী পৰ্য্যটক]। অথচ সেই একেটা বছৰতে অন্ধ্ৰ প্ৰদেশত ২১ কোটি দেশী আৰু ২ লাখ বিদেশী পৰ্য্যটক, গুজৰাটত ২৭ কোটি দেশী আৰু ২ লাখ বিদেশী পৰ্য্যটক আৰু তামিলনাডুত প্ৰায় ২৫ কোটি দেশী পৰ্য্যটক আৰু প্ৰায় ৪ লাখ বিদেশী পৰ্য্যটকে ৰাজ্যখন ভ্ৰমণ কৰে বা কৰিছিল৷

অৱশ্যে ২০১৭ চনত প্ৰায় ৩৩,০০০জন বিদেশী পৰ্য্যটক অসমলৈ আহিছে৷ বিভিন্ন ৰাজ্যলৈ দেশী আৰু বিদেশী পৰ্য্যটক অহাৰ দৰে আমি আন্তৰিকতাৰে চেষ্টা কৰিলে আমাৰ ইয়ালৈও আৰু বহু পৰ্য্যটক আহিব বুলি আশা কৰিব পাৰি৷

এক সমীক্ষা মতে বৰ্তমান গুৱাহাটী মহানগৰীৰ বিভিন্ন হোটেলত মুঠ ৭,০০০ খন বিছনা থকাৰ বিপৰীতে অহা পাঁচ বছৰৰ ভিতৰত ১০,০০০ বিছনাৰ প্ৰয়োজন হ’ব বুলি কোৱা হৈছে৷ গুৱাহাটীৰ বাহিৰেও তেজপুৰ, শিৱসাগৰ, যোৰহাট, কাজিৰঙা, মানাহ আদিতো নতুন বিছনা অৰ্থাৎ নতুন হোটেলৰ প্ৰয়োজন হ’ব৷ এইটো এটা মাত্ৰ উদাহৰণহে৷

হোটেল-ৰেষ্টুৰেণ্টৰ দৰে পৰ্য্যটন উদ্যোগক ভিত্তি কৰি আন আনুষাঙ্গিক উদ্যোগ বা ব্যৱসায়, যেনে, হস্তজাত, হস্ততাঁত, কুটীৰ উদ্যোগ, সজোৱা সামগ্ৰী আদিৰো চাহিদা বৃদ্ধি হ’ব৷

ইয়াৰে প্ৰয়োজনীয় কেইটামান কথা তলত উল্লেখ কৰা হৈছে:

[১] প্ৰথমেই এইটো কথা উল্লেখ কৰাটো উচিত হ’ব যে এডোখৰ ঠাইৰ প্ৰতি পৰ্য্যটকসকল আকৰ্ষিত হোৱাৰ ক্ষেত্ৰত আন্তঃগাঁথনি উন্নয়নে এক বিশেষ ভূমিকা পালন কৰে ৷

এইবোৰৰ ভিতৰত ঘাইকৈ পথ-ঘাটৰ সুন্দৰ ব্যৱস্থা, আধুনিক প্ৰযুক্তিৰ উপলব্ধ বিদ্যুৎ সেৱা, বিমানবন্দৰ, নদীবন্দৰ, থকা-খোৱাৰ ব্যৱস্থা, বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থা, তথ্য-প্ৰযুক্তি আদিয়েই প্ৰধান৷ আমি এতিয়াৰ পৰা এই ক্ষেত্ৰত সুস্থ চিন্তা-চৰ্চাৰে আগবাঢ়িব পাৰিব লাগিব।

[২] ৰাষ্ট্ৰ সংঘৰ সাধাৰণ পৰিষদে ২০১৭ বৰ্ষতো ‘আন্তৰ্জাতিক বহন ক্ষমতাযুক্ত পৰ্য্যটন বৰ্ষ’ হিচাবে ঘোষণা কৰিছিল ।

এই ঘোষণাৰ মূল উদ্দেশ্য আছিল যে পৰ্য্যটকৰ জৰিয়তে বিশ্বৰ বৈচিত্ৰ্যপূৰ্ণ সভ্যতাবোৰৰৰ সৈতে সকলোকে পৰিচিত কৰাই বিশ্ব ভাতৃত্ববোধৰ সজাগতা সৃষ্টি কৰা। ইতিমধ্যে বিশ্বৰ বহুতো দেশে এই কাৰ্য্যক আদৰণি জনাইছে৷

[৩] তৃতীয়তে, বিশ্ব পৰ্য্যটন সন্থাই প্ৰস্তুত কৰি উলিওৱা কিছুমান সা-সুবিধা, সংকেত, যেনে, প্ৰতি ৫০ কিল'মিটাৰ মূৰে মূৰে পথৰ দাঁতিত থাকিবলগীয়া সা-সুবিধা, পথৰ সংকেত আদি কথাবোৰ যিমান দূৰ পাৰি পালন কৰিব পাৰিলে অসমৰ উদ্যোগত যথেষ্ট উন্নতি হ’ব বুলি ক’ব পাৰি৷

[৪] অৰ্থনৈতিক উন্নয়নৰ সমাধান সূত্ৰৰ অন্বেষণকাৰীয়ে এইটো সিদ্ধান্তত উপনীত হৈছে যে মানুহৰ অন্তৰত থকা প্ৰাণশক্তি আৰু উদ্যমৰ সুপৰিণতিয়েহে পৰ্য্যটন উদ্যোগ সবল কৰিব পাৰে৷

আমাৰ সেয়েহে পৰ্য্যটক উদ্যমশীলতাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব পাৰিলেহে অসমত পৰ্য্যটন উদ্যোগৰ ক্ষিপ্ৰতাৰে বিকাশ সম্ভৱ হ’ব৷

[৫] চৰকাৰেই হওক বা থলুৱা পৰ্য্যটন অনুষ্ঠানসমূহেই হওক, আমি প্ৰত্যেকই আমাৰ ৰাজ্যৰ প্ৰাকৃতিক সৌন্দৰ্য্য, বুৰঞ্জী-ইতিহাস, জীৱ-জন্তু আদিৰ ওপৰত যথেষ্ট প্ৰচাৰ কৰাটো প্ৰয়োজন৷ এইবোৰৰ ভিতৰত দেশ-বিদেশৰ কাকত-আলোচনীত বিভিন্ন প্ৰৱন্ধ-পাতি ফট', বিজ্ঞাপন আদি প্ৰকাশ কৰা, বিভিন্ন মেল-মিটিং, প্ৰদৰ্শনী মেলা আদিও অনুষ্ঠিত কৰা, দেশ-বিদেশৰ ট্ৰেভেল এজেন্সী আদিক লগ ধৰি অসমৰে পৰ্য্যটন উদ্যোগত বিষয় অৱগত কৰোৱা আদি৷

[৬] অসমৰ কলেজৰ ইচ্ছুক ছাত্ৰ-ছাত্ৰীৰ বাবে পৰ্য্যটক বিষয়ত শিক্ষাগ্ৰহণৰ ব্যৱস্থাৰ প্ৰয়োজন আহি পৰিছে।

[৭] কেৰেলা, ছিকিম, হিমাচল প্ৰদেশ বা ছিংগাপুৰ আদিৰ দৰে ঠাইত আৰম্ভ কৰা গ্ৰামীণ পৰ্য্যটন, কৃষি পৰ্য্যটন, বনৌষধি প্ৰয়োগ পৰ্য্যটন, জলপ্ৰবাহ পৰ্য্যটন আদিৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া উচিত৷

[৮] অসম, উত্তৰ-পূৰ্বাঞ্চল আৰু লগতে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এতিয়ালৈকে যিবোৰ দৃষ্টিপত্ৰ ওলাইছে, সেইবোৰৰ ভিত্তিত পৰ্য্যটন বিকাশৰ আঁচনি প্ৰস্তুত কৰিব পাৰি৷

[৯] আমাৰ ইয়াত ব্ৰহ্মপুত্ৰ নদীকে কেন্দ্ৰ কৰি যিমানবোৰ নদী আছে, সেইবোৰ আমি পৰ্য্যটন উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত কামত লগাব পৰা নাই৷ অথচ বিশ্বৰ আটাইবোৰ উন্নত দেশৰ লগতে আমাৰ ভাৰতবৰ্ষত গঙ্গা, যমুনা, কৃষ্ণা, কাবেৰী, নৰ্মদা আদি নদীসমূহ পৰ্য্যটনৰ এক প্ৰয়োজনীয় অঙ্গ হিচাবে ব্যৱহাৰ কৰি অতি লাভবান হৈছে৷

এই ক্ষেত্ৰত প্ৰথমতে আমি গুৱাহাটী মহানগৰৰ কাষেদি বৈ যোৱা ব্ৰহ্মপুত্ৰ নদীতে প্ৰথম বিভিন্ন ধৰণৰ পৰ্য্যটক আকৰ্ষণকাৰী সুবিধাৰ বিকাশ সাধিব পাৰি সেইদৰে শ্ৰীলংকাৰ দৰে চাহ বাগিছাৰ ওপৰত ভিত্তি কৰি পৰ্য্যটন, দুঃসাহসিক পৰ্য্যটন, স্বাস্থ্য পৰ্য্যটন আদিৰ যথেষ্ট সম্ভাৱনা আছে৷

ইয়াৰ লগতে সমগ্ৰ জনসাধাৰণক অসমৰ ‘অতিথি দেৱা ভৱ’ এই কথাফাঁকি পৰ্য্যটকৰ অন্তৰত সুমুৱাই দিব পাৰিব লাগিব৷।

(সংক্ষিপ্ত ৰূপ)