দক্ষিণ কোৰিয়াৰ খাদ্য-ব্যৱসায়ী শ্বিন আৰু ’থলগিৰি’ৰ চাউল


Image Description

কিছুদিনৰ আগতে ’থলগিৰি’লৈ শ্বিন আহিছিল৷ দক্ষিণ কোৰিয়াৰ যুৱক শ্বিনে যোৱা প্ৰায় ১৮ বছৰ ধৰি গুৰগাঁৱত ’কিম-শ্বিন ফাইন ফুড’ নামৰ ক'ম্পেনী এটা গঠন কৰি কোৰিয়ান খাদ্যৰ ব্যৱসায় চলাই আছে৷ অনুজ বন্ধু গৌতমে বহুদিনৰ পৰা মোক শ্বিনৰ কথা কৈ আছিল৷ সিদিনা তেৱেঁই শ্বিনক ’থলগিৰি’লৈ লৈ আনিছিল৷

শ্বিনে আমাৰ পৰা কেইবাবিধো থলুৱা চাউল নিছিল৷ খাই চাবলৈ৷ ভঙা ভঙা ইংংলিছত শ্বিনে সুধিছিল: 'Could you send this ethnic rice to Gurgaon in large scale? Regularly?'

মই পাৰিম বুলি কৈছিলোঁ৷

দুদিনমানৰ পিছত শ্বিনৰ ফ'ন আহিল: কেইবাবিধো অসমীয়া চাউল তেওঁলৈ পঠিয়াব লাগে৷ বেছি বেছিকৈ৷ লগতে ক’লে: 'I will settle the payment in advance.'

শ্বিনৰ আগ্ৰহৰ প্ৰতি সন্মান জনাই যোৱা সপ্তাহত গুৰগাঁৱৰ কোৰিয়ান ফুড ষ্ট’ৰলৈ তিনিবিধ থলুৱা চাউলৰ তিনিটা টোপোলা পঠালোঁ৷

আগৰে পৰা কৈ আহিছোঁ: আমাৰ চাউলকে ধৰি সকলোবোৰ পৰম্পৰাগত খাদ্য-সামগ্ৰীৰে বিশাল বজাৰ এখন আছে৷ কেৱল ঘৰুৱা বজাৰখনেই নহয়; আন্তঃৰাষ্ট্ৰীয় বজাৰ এখনো আছে৷

সেইদিনা শ্বিনে কৈছিল যে আমাৰ দৰে কোৰিয়াৰ মানুহৰো প্ৰধান খাদ্য চাউল বা ভাত৷ ভাৰতৰ অন্য ৰাজ্যৰ লগত নিমিলিলেও দক্ষিণ -পূব এছিয়াৰ বহুকেইখন দেশৰ খাদ্যৰ সৈতে আমাৰ খাদ্যৰ বহুখিনি মিল আছে৷ ম্যানমাৰ, জাপান আদিৰ পৰা অহা পৰ্য্যটকে ’থলগিৰি’ৰ মাছ-টেঙা, হাঁহ-কোমোৰাৰ জোল টকালি পাৰি চুঁচি-বাচি খোৱা দেখিছোঁ৷

পশ্চিমীয়া বা বাহিৰৰ বিভিন্ন খাদ্যৰ আগ্ৰাসনৰ সময়ত আমাৰ খাদ্যক স্বকীয়তাৰে যথোপযুক্তভাৱে আগবঢ়াই নিয়াৰ ওপৰতে অসমৰ থলুৱা অৰ্থনীতিৰ ভৱিষ্যত বহু পৰিমাণে নিৰ্ভৰ কৰিছে৷

গুৱাহাটীৰ লতাশিলত সৰুকৈ হ’লেও পুৱাৰ পৰা সন্ধিয়ালৈকে কেৱল থলুৱা পৰম্পৰাগত খাদ্য পাব পৰাকৈ প্ৰথমখন পূৰ্ণাংগ থলুৱা খাদ্যৰ ৰেস্তোৰাঁ ’থলগিৰিৰ আখল’ মুকলি কৰি আমি অতিকৈ আনন্দিত৷ আমাৰ পৰম্পৰাগত খাদ্যৰ প্ৰতি দেশ-বিদেশৰ পৰ্য্যটকৰ আগ্ৰহ দেখি আমি আপ্লুত৷।