চাহপাতভিত্তিক ব্যৱসায় আৰু উপাৰ্জন
- ড০ সুনীল কুমাৰ শইকীয়া
- /
- September 5, 2021

(১) চাহপাতৰ ব্যৱসায়
ক্ষুদ্ৰ চাহ বাগিচা একোখন স্থাপন কৰিবলৈ সক্ষম নহ’লে প্ৰথম অৱস্থাত চাহপাতৰ সৰুকৈ ব্যৱসায় একোটা আৰম্ভ কৰিব পাৰি৷ এই ক্ষেত্ৰত প্ৰথমে সুচল ঠাইত দোকান একোখনৰে আৰম্ভ কৰিব পাৰি৷ তাৰোপৰি একোখন চাহ বাগান বা পিছলৈ গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ পৰা চাহপাত ক্ৰয় কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন চহৰ-নগৰত বিক্ৰী কৰিব পাৰি৷ ইতিমধ্যে এই ধৰণৰ চাহপাতৰ ব্যৱসায়ত বহু হেজাৰ ব্যক্তি জড়িত হৈ আছে। এই ব্যৱসায়ত আমাৰ থলুৱা যুৱক-যুৱতীয়েও আগবাঢ়িব পাৰে৷
(২) চাহপাতৰ ৰপ্তানি
ওপৰত উল্লেখ কৰা চাহপাতৰ ব্যৱসায় ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কৰাৰ উপৰি ভাৰতৰ বাহিৰৰ দেশলৈ ৰপ্তানি কৰিব পাৰি৷
(৩) চাহপাত পেকেজিং
বাগিচাৰ পৰা চাহপাত ক্ৰয় কৰি বা গুৱাহাটী চাহ নিলাম কেন্দ্ৰৰ পৰা চাহপাত ক্ৰয় কৰি নিজাকৈ পেকেজিং কৰি ব্যৱসায় কৰিব পাৰি৷ অসমত বহুকেইজন যুৱকে মণিপুৰ, মিজোৰাম, দিল্লী, মুম্বাই, হায়দৰাবাদ আদিত এনে ধৰণে চাহপাত পেকেজিং কৰি বিক্ৰী কৰাও দেখিছোঁ৷
(৪) বনৌষধি চাহৰ ব্যৱসায়
অসমত চাহৰ লগত আন কেইবিধমান বনৌষধি উদ্ভিদ বা গছৰ পাত, গুটি, ছাল আদি মিহলি কৰি বনৌষধিক চাহপাত হিচাবে বিক্ৰী কৰাৰ প্ৰচুৰ সম্ভাৱনা আছে৷
(৫) তাৎক্ষণিক চাহ
অলপমান চাহপাত এবিধ বিশেষ ধৰণৰ কাগজৰ মেৰিয়াই তাৎক্ষণিক চাহ পেকেট বনোৱা একোটা উদ্যোগ আৰম্ভ কৰিব পাৰি৷
(৬) টি কোলা, টি টেবলেট, কেণ্ডি আদিৰ উদ্যোগ
তাৎক্ষণিক চাহৰ দৰে টি কোলা বা কোকা-কোলাজাতীয় আৰু চাহৰ টেবলেট বা কেণ্ডি উদ্যোগৰ কথাও চিন্তা কৰিব পাৰি৷
(৭) বডী স্প্ৰে, ডিঅ’ড্ৰেণ্ট আদি
যোৰহাটৰ টোকলাই চাহ গৱেষণা কেন্দ্ৰই ওপৰত উল্লেখ কৰা টি কোলা, টি টেবলেট আদিৰ দৰে আন কেইবিধমান সামগ্ৰী, যেনে, টি ডিঅ’ড্ৰেণ্ট, ব'ডী স্প্ৰে, টি মাউথৱাচ আদি প্ৰচুৰ চাহিদা থকা কেইটামান কৌশলো নতুনকৈ বাহিৰ কৰিছে৷ ইচ্ছুক ব্যক্তিয়ে ওপৰত উল্লেখ কৰা ‘টোকলাই’ অনুষ্ঠানৰ লগত যোগাযোগ কৰিব পাৰে৷
(৮) চাহ শিল্পৰ প্ৰয়োজনীয় সামগ্ৰী তৈয়াৰ কৰা উদ্যোগ
অসমত থকা চাহ বাগিচাসমূহত দৈনন্দিন বহুতো সামগ্ৰীৰ, যেনে, সাৰ, জৈৱ সাৰ, কীটনাশক ঔষধ, কলম কটৰী, ছাতি, এপ্ৰ'ন, টুপী [জাপিজাতীয়] ৱেইং মেচিন, ত্ৰিপাল, ইটা, চিমেণ্ট, চূণ-তেল চাহপাতৰ মোনা আদি ১০১ বিধ বস্তুৰ প্ৰয়োজন হয় আৰু বছৰি ৪৫০-৫০০মান কোটিৰ টকাৰ এই ধৰণৰ সামগ্ৰী ক্ৰয় কৰা হয়৷ এই সামগ্ৰীসমূহ বেছিভাগ পশ্চিম বঙ্গ, দিল্লী, মুম্বাই আদিৰ পৰা ক্ৰয় কৰা হয়৷ আমাৰ থলুৱা উদ্যমী ব্যক্তিয়ে অলপমান চেষ্টা কৰিলে এই ধৰণৰ সামগ্ৰীসমূহ ইয়াতে থলুৱাভাৱে তৈয়াৰ কৰি অসমত বিক্ৰী কৰিব পাৰে৷
(৯) চাহ বাগিচাত প্ৰয়োজনীয় পৰিৱহণ ব্যৱস্থা
বহুতো ক্ষুদ্ৰ চাহ বাগিচাত কেচাঁ চাহপাত পৰিৱহণৰ বাবে [ওচৰৰ চাহ ফেক্টৰীলৈ নিবলৈ] মিনি ট্ৰাক, পিক-আপ ভান আদিৰ প্ৰয়োজন হয়৷ এই ধৰণৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰি বেঙ্কৰ পৰা ঋণ লৈ একোখন মিনি ট্ৰাক [৬-৭ লাখৰ ভিতৰত] বা পিক আপ ভান কিনি ভাড়াত চলাব পাৰি৷ তাৰোপৰি ভৱিষ্যতে চাহপাত পৰিৱহণ কৰা একোটা টেন্সপ’ৰ্ট কোম্পানীও খুলিব পাৰিব৷
(১০) চাহ বাগিচাত বিভিন্ন সামগ্ৰী বিক্ৰী
অসমৰ প্ৰত্যেকজ খন চাহ বাগিচাই প্ৰয়োজনীয় ৰেচনৰ [আটা, চাউল আদিৰ পৰা চূণ-তেল, কোৰ-কটাৰী, ঘৰ সজা সামগ্ৰীলৈকে বিভিন্ন সামগ্ৰী ক্ৰয় কৰে৷ এই ধৰণৰ সামগ্ৰী বিক্ৰীৰ বাবেও খা-খবৰ কৰিব পাৰি বা সেই ধৰণৰ ব্যৱসায়ৰ কথা চিন্তা কৰিব পাৰি৷ বহুতো চাহ বাগিচাত বিজুলী জেনেৰেটৰ, গাড়ী আদিও ভাড়ালৈ দিব পাৰি৷
(১১) মিনি চাহ ফেক্টৰী
আজিকালি আধুনিক প্ৰযুক্তিবিদ্যাৰে স্থাপন কৰা বহুতো নতুন ধৰণৰ সৰু চাহ ফেক্টৰীৰ প্ৰযুক্তি কৌশল বাহিৰ হৈছে৷ ইচ্ছুক উদ্যমী ব্যক্তিয়ে নিজাকৈ বা দুই-চাৰিজন মিলি তেনে ধৰণৰ একোটা মিনি টি ফেক্টৰীৰ কথা চিন্তা কৰিব পাৰে৷
(১২) চাহ বাগিচাৰ মাটিত মাছ [মীন] পাম, গৰু-গাহৰি ফাৰ্ম আদি
অসমৰ প্ৰায়বোৰ ডাঙৰ ডাঙৰ চাহ বাগিচাত বহুতো মাটি অনাহকত পৰি আছে৷ সেই ধৰণৰ পৰি থকা মাটি বাগিচাৰ পৰা দীঘলীয়া লিজত লৈ মীন পাম, হাঁহ-কুকুৰা, গৰু-গাহৰি আদিৰ ফাৰ্ম খোলাৰ কথাটোও চিন্তা কৰিব পাৰি, কল-কমলা আদি ধৰণৰ উদ্যানৰ কথাও ভাবিব পাৰে৷
(১৩) বৃত্তিমুখী স্কুল স্থাপন
একোখন চাহ বাগিচা বা দুই চাৰিখন চাহ বাগিচাৰ মাজত একোখন ব্যক্তিগত স্কুল, বিভিন্ন বৃত্তিৰ স্কুল নতুবা প্ৰশিক্ষণ কেন্দ্ৰ আদিও খোলাৰ কথা চিন্তা-চৰ্চা কৰিব পাৰি৷
(১৪) চাহ পুলিৰ নাৰ্ছাৰী
চাহ বাগিচা স্থাপনৰ বাবে প্ৰয়োজনীয় চাহ পুলিৰ নাৰ্ছাৰীৰ কথা চিন্তা কৰিব পাৰি
(১৫) চাহ পৰ্য্যটন কেন্দ্ৰ
একোখন চাহ বাগিচাক কেন্দ্ৰ কৰি বা কাজিৰঙা, ওৰাং আদি অভয়াৰণ্যৰ ওচৰত থকা ক্ষুদ্ৰ চাহ বাগিচা, নতুবা গুৱাহাটী, নগাঁও, তেজপুৰ, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড় চহৰৰ ওচৰত থকা কোনো চাহ বাগিচাৰ এটা অংশ লিজত লৈ ওচৰৰ কোনো সুচল ঠাইত একোটা চাহ বাগিচা ভিত্তিক পৰ্য্যটন কেন্দ্ৰ খুলিব পাৰি৷ ইতিমধ্যে অসমৰ গুৱাহাটী [সোণাপুৰ], শিলঘাট, বালিপাৰা, যোৰহাট আদিত দুই-এটা কেন্দ্ৰ আৰম্ভ হৈছে যদিও এই ক্ষেত্ৰত আৰু বহুতো সম্ভাৱনা আছে৷
(১৬) চাহবাগিচাভিত্তিক ছাৰ্ভিছং চেণ্টাৰ
চাহ বাগিচাসমূহৰ ফেক্টৰীত বৃহৎ মটৰ, পানী পাম্প, যন্ত্ৰপাতি ছাৰ্ভিছিংবা ৰিপেয়াৰিং কৰা উদ্যোগ একোটাৰ কথাও ভাবিব পাৰি ।তেনে ধৰণৰ উদ্যোগ একোটা পাঠ্যক্ৰম বা প্ৰশিক্ষণ লৈহে, অৰ্থাৎ বিষয়টো খৰচি মাৰি জানিহে এই ধৰণৰ একোটা কেন্দ্ৰ স্থাপন কৰিব পাৰে৷
(১৭) চাহ গছৰ ফাৰ্নিচাৰ
চাহ গছ বা আন তেনে ধৰণৰ গছৰ পৰা চাহ গছ ৯৫/১০০ বছৰীয়া হ’লে সেইবোৰৰ পৰা চকী-টেবুল আন ফাৰ্ণিচাৰ তৈয়াৰ কৰিব পাৰি৷ বিদেশত এই ধৰণৰ ফাৰ্নিচাৰৰ এখন অতি বিশাল বজাৰ আছে৷ আমাৰ উদ্যমী ব্যক্তিয়ে সাহস কৰিলে এনে ধৰণৰ ফাৰ্ণিচাৰ ৰপ্তানিৰ কথা ভাবিব পাৰে৷
(১৮) পেলনীয়া চাহপাতৰ পৰা কেফাইন উদ্যোগ
চাহ বাগিচাসমূহৰ পেলনীয়া চাহপাতৰ পৰা কেফাইন প্ৰস্তুত কৰিব পাৰি৷ এই ধৰণৰ কেফাইন বহুতো দৰৱত কেঁচামাল হিচাবে ব্যৱহাৰ কৰা হয়৷ নলবাৰী চহৰৰ কাষতে থকা উদ্যোগটোৱে এই ধৰণৰ কেফাইন তৈয়াৰ কৰি আছে৷ ইচ্ছুক ব্যক্তিয়ে সেই উদ্যোগৰ লগত কথা-বতৰা পাতি খা-খবৰ ল’ব পাৰে৷
(১৯) চাহ বাগিচাৰ বাবে জৈৱিক সাৰ
অসমৰ বহুতো চাহ বাগিচাই আজিকালি জৈৱিক সাৰ অধিক পৰিমাণে ব্যৱহাৰ কৰিবলৈ লোৱাৰ পৰা অসমত জৈৱিক সাৰ বা ভাৰ্মি কম্পজ উদ্যোগ স্থাপন কৰাৰ কথা চিন্তা কৰিব পাৰি৷