শুৱালকুছিৰ ৰেচম উদ্যোগ
অতীতৰ পৰা বৰ্তমানলৈ


Image Description

(৩, শেষাংশ)
২০১১ চনৰ লোকপিয়লৰ তথ্যমতে শুৱালকুছিৰ তিনিখন পঞ্চায়তৰ অন্তৰ্ভুক্ত মুঠ জনসংখ্যা মাত্ৰ ২৭১১০ গৰাকী৷ এই জনসংখ্যাৰ এক বুজন অংশ [প্ৰায় ৯০ শতাংশ] বস্ত্ৰ উদ্যোগৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত ৷ তালিকাত বস্ত্ৰ উদ্যোগটোৰ লগত বিভিন্ন ধৰণে জড়িত হৈ থকা লোকৰ সংখ্যা দেখুওৱা হৈছে [অৱশ্যে এই তালিকাত বিক্ৰী ব্যৱস্থাৰ লগত জড়িত লোকক ধৰা হোৱা নাই]।

প্ৰথমাৱস্থাত শালবোৱা কামৰ লগত জড়িত মানুহখিনি উদ্যোগী-সংগঠক হ'বলৈ ধৰে৷

কেন্দ্ৰীয় চৰকাৰৰ ১৯৯১ চনৰ উদাৰ নীতিয়ে বেংকৰ ঋণদান কাৰ্য্যকে ধৰি অন্যান্য কিছু নিয়মৰ সালসলনি কৰে। ই শুৱালকুছিৰ নৱ-প্ৰজন্মকো পৰম্পৰাগত শিল্পটোলৈ আকৰ্ষিত কৰে৷

অসমৰ অন্যান্য কুটীৰ উদ্যোগৰ তুলনাত শুৱালকুছিৰ এই বৈশিষ্ট্য অনন্য ৷ অসম আন্দোলনৰ উত্তৰোত্তৰ কালৰ বদ্ধিৰ্ত জাতীয় চেতনা আৰু মূলধনৰ সুচলতাই এচামক কম আয়াসতে বেছি শাল পাতিবলৈ উদ্বুদ্ধ কৰে৷

সমান্তৰালভাৱে নামনি অসমত বড়ো আন্দোলনৰ গইনা লৈ সেই ঠাইৰ দক্ষ শিপিনীৰ উদ্যোগটোলৈ আগমন ঘটে। ফেক্টৰীত তাঁতশালৰ কলেৱৰ কম আয়াসতে বৃদ্ধি কৰিবলৈ সুযোগ দিয়ে৷ মূলধন-শ্ৰমিকৰ যোগানে তাঁতশালৰ সংখ্যা বৃদ্ধি কৰাৰ লগতে নতুন উদ্যোগীৰ উদ্যোমিতাৰ বাবে পুৰণি ফুলৰ আৰ্হি, ৰং আদিৰো পৰিবৰ্তন ঘটালে৷

তালিকাত শুৱালকুছিৰ বস্ত্ৰ শিল্পত জড়িত লোকৰ তথ্য [১৯৭১-২০১৬]

১৯৭১ ১৯৮১ ২০০২ ২০১৬

ৰেচম শাল থকা পৰিয়াল ১০৭৭ ১৪৭৮ ২৯৬৮ ৩৭১২

পৰিয়ালৰ গড় শাল ৫.৬৩ ২.৮০

নিয়োজিত লোক ৩৩৯২৪

শালৰ উদ্যোগী ৪৭১৫

প্ৰব্ৰজিত শিপিনী ১৩৮২৭

স্থানীয় শিপিনী ৫৩৪১

সহায়কাৰী [যোগালী] ৭৭৭০

সূতা কাটোঁতা আৰু অন্যান্য আনুসংগিক কাম ২২৭১

শতিকাজুৰি সীমিত গণ্ডীত আবদ্ধ কুটিৰ উদ্যোগটোৱে ১৯৯০-২০০০ চনৰ কালছোৱাত এক নতুন ৰূপ পালে৷ মাত্ৰ শুৱালকুছিতে ১৯৮১ চনৰ ২৯৯৮খন তাঁতশালৰ পৰা ২০০২ চনত তাঁতশালৰ সংখ্যা ১৬৭১৭খনলৈ বৃদ্ধি পালে৷ বৃহৎ মাত্ৰাৰ ৰেচমশালৰ উপস্থিতিয়ে গাঁওখনলৈ অন্যান্য ঠাইৰ পৰা অহা শিপিনী-যোগালীৰ সংখ্যা বঢ়ায়৷

সূতাকটাৰ পৰা কাপোৰ বৈ অসমৰ চুকে-কোণে পাট-মুগাৰ কাপোৰ বিক্ৰীলৈ দায়িত্ব বহন কৰা শুৱালকুছিবাসীয়ে মজুৰিভিত্তিক কামৰ মানুহ নিযুক্তি দিবলৈ আৰম্ভ কৰিলে৷

কুৰি শতিকাৰ শেষৰ দুটা দশকৰ পৰা একৈশ শতিকাৰ প্ৰথম দশকলৈ সংবৰ্ধনৰ মাত্ৰাৰ দিশৰ পৰা থলুৱা শিল্পটোৰ বাবে সোণালী যুগ যদিও কুটীৰ শিল্পটোক এক বেলেগ মাত্ৰালৈ যায় এই সময়খিনিতে৷

বৃহৎ মাত্ৰাৰ ৰেচম বস্ত্ৰ উৎপাদনে যিদৰে বাহিৰৰ লোকক শিল্পটোৰ থলুৱা জ্ঞান অৰ্জন কৰিবলৈ সুযোগ দিলে, সেইদৰে বস্ত্ৰৰ বিক্ৰী ব্যৱস্থাতো অনাশুৱালকুছিৰ লোকক সংযোজিত হোৱাৰ পথ মুকলি কৰিলে৷ নতুন আৰ্থিক ব্যৱস্থাই মধ্যবিত্ত শ্ৰেণীৰ ক্ৰয় ক্ষমতা পৰিবৰ্তনৰ উপৰিও গ্ৰাহকৰ দৃষ্টিভংগীৰো ৰূপ সলালে৷

শুৱালকুছিত উৎপাদিত পাট-মুগা বস্ত্ৰৰ ৰং, আৰ্হিৰ আধুনিকীকৰণে গ্ৰাহকৰ চাহিদা বৃদ্ধি কৰাৰ ফলত গুৱহাটীকে ধৰি অসমৰ অন্যান্য নগৰ চহৰতো শুৱালকুছিৰ ৰেচম কাপোৰৰ বৃহৎ বৃহৎ বিক্ৰী বিপনী স্থাপন হ’ল৷ লাভখোৰ বণিক গোষ্ঠীৰ হাতলৈ নিশব্দে আঁতৰি গ’ল স্থানীয় ব্যৱসায়ীৰ ৰেচম বস্ত্ৰ ব্যৱসায়৷

স্থানীয় লোকৰ শালত শিপিনীৰ পৰিৱৰ্তে শ্ৰমিকেৰে শালৰ শিপিনী নিযুক্তি দিয়া কাৰ্য্যই গাওঁখনৰ আৰ্থ-সামাজিক অৱস্থাৰো আমূল পৰিৱৰ্তন ঘটালে৷ শুৱালকুছিৰ জীয়ৰী-বোৱাৰীয়ে মুগাসূতা কাটি আত্মনিৰ্ভৰশীল হোৱাৰ পৰিৱৰ্তে বজাৰৰ পৰা কেঁচাসূতা ক্ৰয় কৰি ফেক্টৰী চলোৱাৰ প্ৰথা প্ৰৱৰ্তিত হ’বলৈ ধৰিলে৷ মূগা সূতাৰে ঠাই ল'লে বহিৰাজ্যৰ পৰা আমদানীকৃত টছৰ সূতাই৷

তালিকাত ২০০২ চনত শুৱালকুছিত কিদৰে মুগাৰ শালৰ পৰিৱৰ্তে টছৰ শালৰ পৰিমাণ বাঢ়িছে সেয়া পৰিস্ফুট হৈছে৷ গাওঁখনত তাতঁশালৰ সংখ্যা বৃদ্ধিয়ে শালত ব্যৱহৃত সকলো কেঁচা সামগ্ৰীৰে চাহিদা বৃদ্ধি কৰাত লাহে লাহে এইবোৰৰো দাম অত্যধিক বৃদ্ধি হ’বলৈ আৰম্ভ হয়৷

বিশেষকৈ কৰ্ণাটকৰ পৰা আমদানি পাটসূতাৰ দামবৃদ্ধিয়ে যোৱা কেইবছৰত পৰিস্থিতি অতি জটিল কৰি তুলিছে৷

আহোম যুগৰ পৰাই শুৱালকুছিত স্থানীয়কৰণ হোৱা ৰেচম বস্ত্ৰ উদ্যোগৰ জীৱনপঞ্জীত যোৱা তিনিদশক নিমিত্ত যদিও এই সময়খিনিত উদ্ভৱ হোৱা পৰিস্থিতি সুদুৰপ্ৰসাৰী৷ বিশেষকৈ প্ৰব্ৰজনকাৰী শিপিনী-বোৱনীৰ শেহতীয়া উভতনি যাত্ৰাই পৰিস্থিতি ভয়াৱহ কৰি তুলিছে৷

মজুৰীভিত্তিক শিপিনীৰ নিয়োগে বস্ত্ৰ উৎপাদনৰ মাত্ৰা বঢ়াইছিল যদিও স্থানীয় লোকক বয়ন শিল্পৰ মূল কাৰ্য্যৰ পৰা আঁতৰাই পঠিয়ালে৷ অপ্ৰিয় হ’লেও সত্য যে গাওঁখনৰ মুঠ শিপিনীৰ ২০-২৫ শতাংশহে বৰ্তমান স্থানীয় শিপিনী৷

বয়ন শিল্পৰ মূল কামৰ প্ৰতি স্থানীয় লোকৰ অনীহা আৰু অজ্ঞানতাই গাওঁবাসীক পৰনিৰ্ভৰ কৰি তুলিছে৷ বিভিন্ন কাৰণত প্ৰব্ৰজিত লোকৰ নিজৰ নিজৰ ঠাইলৈ পুনৰ গমনে গাওঁখনত শিল্প স্থানীয়কৰণ বৈশিষ্ট্যৰ প্ৰতি ভয়াবহতা নমাই আনিছে৷

ক্ৰমান্বয়ে কমি অহা শিপিনীৰ বাবে যোৱা দুই-তিনি দশকত বৃদ্ধি পোৱা ফেক্টৰীসমূহত তাঁতশালৰ সংখ্যা কমিছে৷ পৰিস্থিতি এনেকুৱা যে স্থানীয় ৰাইজ পুনৰ বয়নবৃত্তিলৈ উভতি যোৱাৰো অৱকাশ নাই৷ মূলতঃ শিল্পটোৰ বাবে ই এক ভয়াৱহ সমস্যা হৈ পৰিছে৷

কোৱা বাহুল্য যে প্ৰায় ত্ৰিশ-চল্লিছ হাজাৰ লোকৰ জীৱন নিৰ্বাহৰ উৎস শুৱাকুছিৰ পাট-মুগা কাপোৰৰ উদ্যোগ দেখাত বৃহৎ হ’লেও ইয়াৰ লগত জড়িত সমস্যাবোৰ পৰিসৰ যথেষ্ট সীমিত৷ এক নিৰ্দিষ্ট ভৌগলিক স্থানত পৰিয়ালভিত্তিকভাৱে কৰা এই উৎপাদন এক নিৰ্দিষ্ট গণ্ডীত আবদ্ধ ৷ এক বিস্তৃত কৌশলৰ দ্বাৰা শুৱালকুছিৰ সমস্যাসমূহ অতি সহজে উদ্‌ঘাটন কৰি সমাধানৰ দিশে আগবঢ়ালেই কুটিৰ উদ্যোগটো পৰৱৰ্ত্তী এশ বছৰমানলৈ নিকপকপীয়া কৰিব পাৰি৷ কিন্তু এক আশাহত পৰিৱেশ আৰু সঠিক অভিভাৱকৰ অভাৱত উদ্যোগটো ক্ৰমান্বয়ে নিঃশেষ হোৱাৰ উপক্ৰম হৈছে৷

শুৱালকুছি শিপিনী-উদ্যোগীৰ প্ৰধান সমস্যা হ’ল কেঁচা সূতাকে ধৰি উদ্যোগটোৰ অন্যান্য কেঁচা সমাগ্ৰীৰ অতিপাত মূল্যবৃদ্ধি৷ বিশেষকৈ পাট সূতা, মুগা সূতা, টছৰ সূতাৰ দাম বৃদ্ধিয়ে উদ্যোগটোৰ লগত জড়িত সৰু বৰ সকলো শিপিনী-সংগঠককে শংকিত কৰি তুলিছে৷

এচাম মধ্যভোগীৰ সাধু কৰ্ম আৰু চৰকাৰৰ অমনোযোগিতাৰ বাবেই কেঁচা সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে ক্ৰমাৎ ভয়াৱহ ৰূপ ধাৰণ কৰিছে৷ শেহতীয়াভাৱে হস্ততাঁত শিল্পৰ প্ৰায়ভাগ কেঁচা সামগ্ৰীতে পণ্য আৰু সেৱাকৰ [জিএছটিৰ] প্ৰয়োগে পৰিস্থিতি আৰু ভয়াৱহ কৰি তুলিছে৷

শুনিবলৈ আচহুৱা যেন লাগিলেও একৈছ শতিকাৰ এই সময়তো শুৱালকুছিত ব্যৱহৃত পাট সূতা, টছৰ সূতা আদিৰ টোপোলাত ব্ৰেণ্ড থকিলেও কোনো লিখিত মূল্য নাই!

ৰাজ্যখনৰ যোগান আৰু পৰিমাপ বিভাগে আজিলৈ এই বিষয়ত কিয় চকু মুদি আছে সেয়া আশ্চৰ্য্যৰ কথা৷ ইচ্ছা কৰিলে এই বিভাগটোয়ে টোপোলাবোৰত লিখিত মূল্য বাধ্যতামূলক কৰিলে ৰাতিটোৰ ভিতৰতে এচামে পাঁচশ-হাজাৰ টকা বৃদ্ধি কৰা অনৈতিক কাৰ্য্য বন্ধ হ'ব৷

অবশ্যে কেঁচা সূতাৰ দামবৃদ্ধি সমস্যাৰ দীৰ্ঘকালীন সমাধান কৰিবলৈ ৰাজ্যখনৰ হস্ততাঁত বিভাগ, বস্ত্ৰ আৰু ৰেচম বিভাগ, উদ্যোগ বিভাগৰ এক সমন্বিত ব্যৱস্থাৰ অতি প্ৰয়োজন আছে৷ যোৱা ২০১৮ চনত অসম চৰকাৰে আৰ্টফেডৰ যোগেদি শুৱালকুছিত স্থাপন কৰা সূতা বেংকৰ জৰিয়তে বিশ শতাংশ ৰেহাইত কেঁচা সূতাৰ যোগান ধৰিছে যদিও এই আঁচনিয়ে এতিয়াও গাঁওখনৰ সকলো লোকক সামৰি ল'ব পৰা নাই৷

উদ্যোগটোৰ অতি সংবেদনশীল অংশ হ’ল এখন দুখন তাঁতশালেৰে পেট প্ৰবৰ্তাই থকা শিপিনী-বোৱনীসকল৷ তাৰ লগতে তাঁতশিল্পৰ আনুসংগিক কাম কৰি থকা সকলৰো আৰ্থসামাজিক অৱস্থা অতি দুখ লগা৷ চৰকাৰে অতি শীঘ্ৰে এই শ্ৰেণীৰ লোক সকলক সকাহ দিয়াৰ ব্যৱস্থা কৰিলে উদ্যোগটোলৈ অহা শংকাৰ কলীয়া ডাৱৰ কিছু স্তিমিত হ'ব৷

এই ক্ষেত্ৰত অৱশ্যে শুৱালকুছিৰ শিল্পক অন্তঃকৰণেৰে ভাল পোৱা লোক সকলোৰে কিছু কৰণীয় আছে৷ চৰকাৰৰ পৰা বিনামূলীয়া, ৰেহাই সামগ্ৰী পোৱাৰ দৌৰত যাতে প্ৰকৃত হিতাধীকাৰীসকল বাদ নপৰে তাৰ ব্যৱস্থা শুৱালকুছিৰ সচেতন মহলে কৰিব লাগিব৷

গাঁওখনৰ থলুৱা উদ্যোগটোৰ সমস্যাসমূহৰ স্থায়ী সমাধানৰ বাবে সংশ্লিষ্ট বিভাগবোৰে যুদ্ধকালীন ক্ষিপ্ৰতাৰে কাম নকৰিলে অদূৰ ভবিষ্যতে পৰিস্থিতি চম্ভলা সহজ নহ'ব৷

শিল্পটোৰ অন্য এক সহজে উত্তৰ নোলোৱা সমস্যা হৈছে দক্ষ শ্ৰমিকৰ অভাৱ৷ স্থানীয় লোকৰ মালিক হোৱাৰ প্ৰৱণতা[বয়ন শিল্পৰ মূল কামত জড়িত নহৈ উদ্যোগী হোৱাৰ প্ৰৱণতা] আৰু মানৱ সম্পদ পৰিচালনাৰ আধুনিক জ্ঞানৰ অভাৱে থলুৱা শিল্পটোক সংকুচিত কৰাত বহুখিনি অৰিহণা যোগাইছে৷

হস্ততাঁতৰ দৰে সীমিত যন্ত্ৰপাতিৰে চলা শ্ৰমকেন্দ্ৰিক শিল্প এটাত শ্ৰমৰ প্ৰয়োজনীয়তা সদায় বেছি৷ কিন্তু বৰ্তমানৰ নৱ প্ৰজন্মৰ শাৰীৰিক কৰ্মৰ প্ৰতি অনীহাৰ যি মানসিকতা সেয়া শুৱালকুছি ডেকা-যুৱক-যুৱতীৰ ক্ষেত্ৰতো অস্বাভাৱিক নহয়৷ অন্যহাতে কুটিৰ শিল্পটোক যন্ত্ৰচালিত কৰিব গ'লেও ঐতিহ্যগত বৈশিষ্ট্য আৰু নিয়োগ সৃষ্টিৰ ক্ষমতা হেৰুৱাৰ পুৰামাত্ৰাই সম্ভাৱনা আছে৷ কিন্তু বাস্তৱ পৰিস্থিতিৰ তাগিদাত বয়ন শিল্পৰ কিছু কৰ্মত যন্ত্ৰ প্ৰয়োগ অতি প্ৰয়োজনীয় হৈ পৰিছে৷

কিয়নো কিছুমান আনুসংগিক কামত যন্ত্ৰৰ সীমিত প্ৰয়োগে শ্ৰম সমস্যা কিছু দূৰলৈ লাঘব কৰা উপৰিও শ্ৰমৰ উৎপাদনশীলতাও বৃদ্ধি কৰিব৷ বিদ্যুৎচালিত শালৰ ব্যৱহাৰে গাঁওখনৰ ঐতিহ্যমণ্ডিত শিল্পটোক সমূলঞ্চে ধংস কৰিব বুলি ভবা ধাৰণা অমূলক নহয়৷ কিন্তু পৰিস্থিতিৰ তাগিদাত তাঁতশালৰ বৰ্তমানৰ আৰ্হি [যিটো প্ৰায় শতিকা পুৰণি] পৰিৱৰ্তন অতি প্ৰয়োজন৷।

শুৱালকুছি ৰেচম বস্ত্ৰই ভৌগলিক নিৰ্দেশক লাভ নকৰাত নকল ব্যৱসায়ীক ৰোধ কৰাত সমস্যা হৈ আছে৷ অসম চৰকাৰে ভৌগলিক নিদেৰ্শকৰ বাবে কিছু পদক্ষেপ ২০১৩ চনতে গ্ৰহণ কৰিছিল যদিও বিষয়টো এতিয়াও চৰকাৰী ফাইলতে আবদ্ধ হৈ আছে৷ পাট-মূগা শিল্পৰ বাস্তৱ পৰিস্থিতিৰ অনুধাৱন কৰি তাক প্ৰতিযোগিতামূলক পৰিৱেশত উজ্জীৱিত কৰি ৰাখিবলৈ আধুনিক ধ্যান-ধাৰণাৰ অতি প্ৰয়োজন৷

কিছু ক্ষেত্ৰত পৰম্পৰাগত পুৰণিকলীয়া চিন্তা-ধাৰা আৰু চৰকাৰী বিভাগৰসমূহৰ কুম্ভকৰ্ণৰ নিদ্ৰাই শিল্পটোৰ বাবে এক স্থৱিৰ পৰিবেশৰ সৃষ্টি কৰিছে৷ শুৱালকুছিৰ বস্ত্ৰশিল্পক পুনৰ উজ্জীৱিত কৰিবলৈ এনে স্থবিৰ পৰিবেশক সামূহিক পদক্ষেপেৰে প্ৰতিহত কৰিবই লাগিব অন্যথাই কালৰ বুকুত শিল্পটোৰ বৰ্তমানৰ স্বৰূপ হেৰাই যাবলৈ বেছি দিন নালাগিব৷ শুৱালকুছি বাসীয়ে তেনে দিন শিল্পটোৰ ক্ষেত্ৰত কেতিয়াও আহিব নিদিব বুলি গোটেই অসমবাসী গভীৰ আশাবাদী৷।