শুৱালকুছিৰ ৰেচম উদ্যোগ
অতীতৰ পৰা বৰ্তমানলৈ


Image Description

(২)
এইখিনিতে মন কৰিবলগীয়া কথাটো হ’ল আহোম যুগৰ পৰৱৰ্তী কালত শুৱালকুছিত তাঁতশিপিনীৰ উত্থানৰ লগতে বৃহৎ নাওঁৰ যোগেদি কৰা ব্যৱসায়েও মাত্ৰা লাভ কৰে৷

লক্ষ্মীনাথ বেজবৰুৱাদেৱে তেখেতৰ আত্মজীৱনী 'মোৰ জীৱন সোঁৱৰণ'ত তেখেতৰ পৰিয়ালে কি দৰে শুৱালকুছিৰ নাৱেৰে ব্ৰহ্মপুত্ৰই দি শিৱসাগৰ পাইছিল সেয়া উল্লেখ কৰিছে ৷ শুৱালকুছিয়া সাউদে বৃহৎ নাৱেৰে উজনি অসমলৈ মাহ, সৰিয়হ, ধান আদি যোগান ধৰি তাৰ পৰা মুগা পলু অনাটো আছিল এক বছৰেকীয়া ঘটনা৷

সূৰ্যকুমাৰ ভূঞা দেৱৰ দ্বাৰা প্ৰণীত 'লাচিত বৰফুকন' গ্ৰন্থত শুৱালকুছি আৰু ৰামদিয়া [শুৱালকুছিৰ পাশ্বৰ্ৱৰ্তী এলেকা]ত বৃহৎ নাও বনোৱা লোকৰ আস্থান আছিল বুলি উল্লেখ কৰিছে৷ ৰাজ্যখনৰ বিভিন্ন ব্যৱসায়ীয়ে ব্ৰহ্মপুত্ৰইদি বিভিন্ন সামগ্ৰী বৃহৎ বৃহৎ নাৱেৰেই গুৱাহাটী আৰু অন্যান্য প্ৰান্তলৈ কঢ়িওৱাটোৱে আছিল প্ৰথা৷

শুৱালকুছিৰ সাউদবোৰে তেনেদৰে সামগ্ৰী লৈ নদীয়েদি দৰং, নগাওঁ, লক্ষীমপুৰ, ঢকুৱাখানা আদি দূৰ-দূৰণিৰ ঠাইলৈ ব্যৱসায় কৰিবলৈ লৈছিল৷ আৰু সেইবোৰ ঠাইৰ চোমনিৰ পৰা মুগা পলু আনি শুৱালকুছিৰ শিপিনীক মুগা সূতা কাটিবলৈ উৎসাহ যোগাইছিল৷

এই অঞ্চলৰ জীয়ৰী বোৱাৰীয়ে ৰাতিপুৱা সূৰ্য্য উদয় হোৱাৰ আগে আগে মুগা লেটা সিজাই প্ৰাত্যাহিক কামৰ পাছত তাৰ পৰা সূতা কাটি দুপৰীয়ালৈ শেষ কৰা আৰু পিছৰ বেলা নিশাপৰলৈ সেই সূতাৰে [আগদিনা কটাখিনি] কাপোৰ বোৱা যোৱা শতিকাৰ অষ্টম দশকমানলৈ আছিল এক নৈমিত্তিক ঘটনা৷

বৃটিছৰ শাসনকালৰ মধ্যভাগৰ পৰা স্বাধীনতাৰ কালছোৱালৈ ভাৰতৰ অন্যান্য ঠাইৰ দৰে অসমৰ কুটীৰ উদ্যোগবোৰলৈও আহিছিল স্থবিৰতা৷ বৃটিছৰ ঔপনিবেশিক শাসন পদ্ধতি আৰু আগ্ৰাসী নীতিয়ে হস্তশিল্পবোৰক ৰুগ্নপ্ৰায় কৰাৰ উপৰিও তাৰ লগত জড়িত লোকসকলকো অন্যান্য কৰ্মলৈ বিতাড়িত হ'বলে বাধ্য কৰিছিল৷

বিশেষকৈ এই সময়ত পৰম্পৰাগত হস্ততাঁত শিল্পৰ বহু পৰিবৰ্তন লক্ষ্যণীয় হৈ পৰে৷ পুৰণি হাতশালৰ পৰিৱৰ্তে কাঠৰ ফ্ৰেমযুক্ত তাঁতশাল, উৰণীয়া মাকোৰ ব্যৱহাৰে উৎপাদন পদ্ধতিতো পৰিৱৰ্তন আনে৷ বৃটিছৰ কৃপাতে মিলজাত সস্তীয়া কাপোৰৰ পয়োভৰে স্থানীয় শিপিনী-বোবনীক ক্ষতিগ্ৰস্ত কৰাৰ উপৰিও ৰেচম কাপোৰৰ বিকল্প হিচাপে অন্যান্য কাপোৰো বজাৰত উপলব্ধ হ’বলৈ ধৰে৷

সেই সময়তে শুৱালকুছিৰ শিপিনীয়ে লাহে লাহে অন্য জনগোষ্ঠীৰো কাপোৰ ববলৈ আৰম্ভ কৰে৷ এডৱাৰ্ড গেইটৰ অসম বুৰঞ্জীত শুৱালকুছিৰ শিপিনীয়ে চীনৰ কেণ্টনৰ পৰা আমদানীকৃত স্পান চিল্কৰ কাপোৰ বোৱে বুলি উল্লেখ আছে৷ কিন্তু সেই স্পান চিল্কৰ কাপোৰ অন্যঠাইলৈ পঠোৱাৰ তথ্য নাই৷

অধ্যয়নৰ পৰা অনুমান হয় শুৱালকুছিৰ শিপিনীয়ে মেখেলা, চাদৰ, ৰিহা, চেলেং চাদৰ আদি তাঁতশালত বোৱাৰ উপৰিও প্ৰথমবাৰৰ বাবে গাৰোসকলে বিয়াত ব্যৱহাৰ কৰা গাৰো ভূনি সাজ প্ৰস্তুত কৰিবলৈ লয়৷ সেই কাপোৰৰ জনপ্ৰিয়তাই পাছলৈ খাছী সম্পদায়ে পিন্ধা ধাৰা, জেমচেং আদিও বাণিজ্যিকভাৱে উৎপাদন কৰিবলৈ কিছু কিছু শিপিনীক উৎসাহিত কৰে৷

গুণাভিৰাম বৰুৱা প্ৰণীত 'অসম বুৰঞ্জী'ত শুৱালকুছিৰ গন্ধৰ্ব ৰাম মৰলে প্ৰথম মুগাৰ থান [পাঁচ মিটাৰমান দীঘল ফুলবিহীন কাপোৰ] বাণিজ্যিকভাৱে বৈ উলিয়াই বুলি লিপিবদ্ধ কৰিছে৷ প্ৰথম অৱস্থাত দক্ষ শিপিনীয়ে হাতেৰে ফুল বাছি ৰঙীণ সূতাৰে কাপোৰ সজাইছিল যদিও ১৯১৪ চনত পদ্মৰাম বায়নে আগতীয়াকৈ ফুলৰ আৰ্হি প্ৰস্তুত কৰি বাহৰ মিহি কাঠিৰে কাপোৰত ফুল তুলিবলৈ শিপিনীক শিকাইছিল ৷

স্বৰ্গীয় বায়নক এই কামৰ বাবে তাগিদা দিছিল হেনো গাওঁৰে আন এজন ব্যক্তি লক্ষ্মীৰাম ভৰালীয়ে ৷ বৃটিছৰ আমোলত ভাৰতত ক্ৰমান্বয়ে জনপ্ৰিয়তা লাভ কৰা বুলি (Dobbey) আৰু জেকাৰ্ড (Jacquard) যন্ত্ৰই অসম মুলুকতো দেখা দিয়েহি৷ কাপোৰত ফুলবছা কামত ব্যৱহৃত এই যন্ত্ৰই পৰম্পৰাগত তাঁতশালৰ উৎপাদনত আমূল পৰিবৰ্তন আনে৷

চৰকাৰৰ বয়ন বিভাগৰ এগৰাকী বৃটিছ বিষয়াৰ পৰামৰ্শমতে শুৱালকুছিৰ এগৰাকী দক্ষ ব্যক্তি কালিৰাম কাৰিকৰে ঊনৈছ শতিকাৰ তৃতীয় দশকত শুৱালকুছিৰ হস্ততাঁত শালতো উৰণীয়া মাকোকে ধৰি অন্য কিছু আধুনিক সা-সঁজুলি ব্যৱহাৰ কৰিব লয়৷ প্ৰথমাৱস্থাত এনে পদক্ষেপৰ বাবে কাৰিকৰ ডাঙৰীয়াই স্থানীয় ৰাইজৰ বিৰোধীতাৰ সন্মুখীন হৈছিল যদিও পাছলৈ মানুহে উৎপাদনশীলতাৰ কথা অনুধাবন কৰি নতুন পদ্ধতি সহজে আকোঁৱালি লৈছিল৷

এই কাৰ্য্যৰ পাছতে ১৯৩৮ চনত ৰাজ্যখনৰ প্ৰথম শিপিনী সমবায় 'The Assam Co-operative Silk House' শুৱালকুছিত প্ৰতিষ্ঠা হৈছিল৷ এক সময়ত কেবল তাঁতী পৰিয়ালৰ মাজত আৱদ্ধ বয়ন কাৰ্য্যই লাহে লাহে গাওঁখনৰ সকলো অঞ্চললৈ বিয়পিবলৈ ধৰে৷

শুৱালকুছি গাওঁত থকা সোণাৰী, কৈৱৰ্ত, কুমাৰ, ব্ৰাহ্মণ আদি সকলো সম্প্ৰদায়ৰ লোকে শিল্পটোক আঁকোৱালি লোৱাত বস্ত্ৰশিল্পটোৱে অসমৰ ভিতৰতে এক বৃহৎ কুটীৰ উদ্যোগৰ মৰ্য্যাদা পাবলৈ ধৰে৷ শিল্পটোৰ সম্প্ৰসাৰণৰ প্ৰাক্‌ক্ষণতে মহাত্মা গান্ধীয়ে ১৯৪৬ চনৰ ৯ জানুৱাৰী তাৰিখে শুৱালকুছিৰ ভ্ৰমণ কৰি শুৱালকুছিৰ শিপিনীৰ কৰ্ম দক্ষতাৰ শলাগ লয়৷

স্বাধীনতা যুদ্ধৰ মনোবলেৰে উদ্বুদ্ধ শুৱালকুছিবাসীয়ে পৰৱৰ্তী দিনত কুটীৰ উদ্যোগটোৰ লগত আৰু অধিক সংযোজিত হৈ পৰে৷

স্বাধীনোত্তৰ কালৰ ঘটনাক্ৰম শুৱালকুছিৰ ৰেচম শিল্পটোৰ বিকাশত সহায়ক হয়৷ ৰেচম কাপোৰৰ বাণিজ্যিক প্ৰসাৰতালৈ লক্ষ্য ৰাখি পূৰ্বৰ পৰিয়ালকেন্দ্ৰিক তাঁতশিল্পই ক্ৰমান্বয়ে ফেক্টৰীৰ ৰূপ ল’বলৈ ধৰে৷

প্ৰথমতে ১০-১২ ঘৰ তাঁতী পৰিয়ালে চেগাচোৰোগাকৈ তাঁতশালত আৰম্ভ কৰা মজুৰীপ্ৰাপ্ত শিপিনী নিয়োগ কাৰ্য্য এক দশক পাছতে বিস্তাৰিত হৈ পৰে৷

অৰ্থাৎ পৰিয়ালৰ এখন শালৰ ঠাইত এটা পৰিয়ালেই ঘৰতে অন্য শিপিনী কামত ঘটুৱাই বেছিকৈ শালপতা নিয়ম প্ৰবৰ্তিত হ’ব ধৰে৷ ক্ৰমান্বয়ে গাওঁখনলৈ অন্য ঠাইৰ দক্ষ শিপিনীৰ প্ৰব্ৰজন হয় আৰু এচাম তাঁতশাল উদ্যোগী শ্ৰেণী গাওঁখনত উদ্ভৱ হয়৷

এই শ্ৰেণীয়ে অধিক মূলধনৰে নিজৰ অথবা ভাডাঘৰত তাঁতশাল পাতি কুটীৰ উদ্যোগটোক এক নতুন মাত্ৰা প্ৰদান কৰে৷ তাৰেই ফলশ্ৰুতিত ভাৰত চৰকাৰে ১৯৬১ চনত প্ৰকাশ কৰা 'Selected Handicraft of Assam' প্ৰতিবেদনত শুৱালকুছিত থকা তাঁতশালৰ সংখ্যা ১২০০ বুলি উল্লেখ কৰিছিল যদিও ২০০২ চনত ইয়াৰ পৰিমাণ ১৬৭১৭খনলৈ বৃদ্ধি পায়৷

শুৱালকুছিৰ সক্ৰিয় তাঁতশালৰ সংখ্যা [১৯৬১-২০১৬]:

পাটৰ তাঁতশাল ১৩৫৯ (১৯৭১), ২৬৮০(১৯৮১), ৯৭৩৮ (২০০২), ৬৩১২ (২০১৬)।

মুগাৰ তাঁতশাল ৮০৬ (১৯৭১), ঞ৩১৮ (১৯৮১), ২৬৪৫ (২০০২), ১৮৫ (২০১৬)।

টচৰ তাঁতশাল ১৩৮৪ (২০০২), ২৩০৪ (২০১৬)।

মুঠ বিভিন্ন তাঁতশাল ১২০০ (১০৬১), ২১৬৫ (১৯৭১), ২৯৯৮ (১৯৮১), ১৬৭১৭ (২০০২), ১০৩৯৮ (২০১৬)।।

সাধাৰণতে যি কোনো উদ্যোগ এটাৰ সম্প্ৰসাৰণে তাৰ পাৰ্শ্ববৰ্তী অঞ্চললৈ প্ৰভাৱ বিস্তাৰি উদ্যোগটোৰ সুফল-কুফল অঞ্চলটোক দিয়া এক স্বাভাবিক পৰিঘটনা৷ বিগত শতিকাৰ মাজভাগত আৰম্ভ হোৱা শিল্পটোৰ সংবদ্ধৰ্ন প্ৰক্ৰিয়াই প্ৰায় চাৰি দশকৰ ভিতৰতে গাওঁখনৰ ওচৰে-পাজৰে অৱস্থিত কৃষিভিত্তিক গাওঁবোৰকো সামৰি লয়৷

ফল স্বৰূপে, পূব পশ্চিম বংশৰ মৌজাৰ বংশৰ, সৰুলাহ, বৰলাহ, কঁয়াটোল, হালোগাওঁ, বামুন্দী, শিলিগুৰি, সোৱনচাহ, ক্ষেত্ৰি, হাৰদিয়া, বড়হাৰদিয়া, টোক্ৰাদিয়া, গেৰাণ্ট, সানপাৰা আদি অঞ্চলক সামৰি উত্তৰ কামৰূপ জিলাৰ এক বৃহৎ অংশ ৰেচম উদ্যোগটোৰ মৌলিক কাৰ্য্যৰ লগত সাঙোৰ খাই পৰে৷

পূৰ্বতে কেৱল মুগা সূতা প্ৰস্তুত কৰা কামৰ লগত জড়িত থকা বামুন্দী, ৰামদিয়া, হাৰদিয়া আদি অঞ্চলৰ মহিলাসকলে লাহে লাহে তেওঁলোকৰ তাঁতশালতো কপাহী সূতাৰ কাপোৰৰ পৰিৱৰ্তে পাট, মুগা আৰু টচৰৰ কাপোৰৰ উৎপাদন আৰম্ভ কৰে৷ পৰম্পৰাগতভাৱে শুৱালকুছিৰ তাঁতী পৰিয়ালতে আবদ্ধ থকা ৰেচম বয়ন শিল্পই লাহে লাহে গাওঁখনৰ ওচৰে পাজৰে থকা প্ৰায় পোন্ধৰখন গাওঁ সামৰি এক বৃহৎ ৰূপ পায়৷

প্ৰায় এশ বৰ্গ কিল'মিটাৰ সামৰি থকা এই বৃহৎ অঞ্চলকে বৰ্তমান কোৱা হয় বৃহত্তৰ শুৱালকুছিৰ বস্ত্ৰ উদ্যোগ৷ শুৱালকুছিৰ এই দাঁতিকাষৰীয়া অঞ্চলটোবোৰত ৰেচম শালৰ উপস্থিতিৰ কোনো চৰকাৰী তথ্য নাছিল যদিও ২০০২ চনত শুৱালকুছি বুদৰাম মাধবৱ সত্ৰাধিকাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা অসমৰ এজন বিশিষ্ট অৰ্থনীতিবিদ প্ৰয়াত ড॰ প্ৰবীন বৈশ্যই এই অঞ্চলত থকা তাঁতশালৰ কথাও তথ্যভূক্ত কৰিছিল৷ বৃহত্তৰ শুৱালকুছি অঞ্চলৰ তাঁতশাল থকা পৰিয়াল আৰু তাঁতশালৰ সংখ্যা:

গাওঁৰ নাম পৰিয়াল শাল থকা পৰিয়াল মুঠ শাল ৰেচম শালৰ সংখ্যা

গন্ধমৌ ৫২৪ ২০৭ ৫৫৪ ৩৬৮

বংশৰ ১০৩৫ ৬১৯ ১৪৮৬ ১২৬১

সানপাৰা ১৭৬ ১১৯ ১৯৮ ১৯৬

বাথান ১৭৯ ৩৪৯ ১০৫৫ ১০২৪

শ্ৰীহাতী ১৭৯ ১১৪ ৩৫১ ৩৬৪

সৰুলাহ ৩৮৫ ৩২৭ ৯৯৭ ৮৫৭

বৰলাহ ১৭১ ১৪৬ ৩৮৫ ৩১১

কয়াতোল ১১৩ ৮২ ১৮৫ ২১৫

হালোগাওঁ ৪৯৩ ৩৪৯ ৫৩০ ২৮৩

বামুন্দী ১০০৯ ৭৩৯ ১১৫৯ ৪৯৩

শিলিগুৰি ২৫৭ ২১৭ ২৪৪ ১৬৯

হাড়দিয়া ৩৮২ ৩৩৩ ৪০৫ ১৪৩

ৰামদিয়া ২২১২ ১৮৪৫ ৩১৫৯ ১১৮৮

টোক্ৰাদিয়া ২১০ ১৩৮ ১৮৬ ১৪৮

সোবনচাহ ১৪৮ ১২৭ ১৭৬ ১৩৫

শুৱালকুছি ৪০২৩ ২৯৬৮ ১৬৭১৭ ১৬৭১৭

মুঠ ১১৭৯৪ ৮৬৭৯ ২৭৭৮৭ ২৩৮৭২