কেঁচা সামগ্ৰী আৰু উদ্যোগৰ সম্ভাৱনা


Image Description

উদ্যোগৰ বিকাশ আৰু চাকৰিৰ ক্ষেত্ৰখন আমাৰ ইয়াত যিহেতু অতি সীমিত, সেয়েহে কৃষি, উদ্যোগ, ব্যৱসায়, বাণিজ্যৰ উন্নতি অবিহনে, অৰ্থাৎ এইবোৰৰ ওপৰত ভিত্তি কৰি সময় থাকোঁতেই নিজাকৈ কিবা এটা কৰি সংস্থাপন হোৱা আৰু লগতে আন দহজনকো সংস্থাপন দিয়া তথা ৰাজ্যখনৰ অৰ্থনৈতিক উন্নতিত কিছু অৰিহণা দিয়াৰ সময় আহি পৰিছে৷

অৱশ্যে এইখিনিতে এটা কথা সুখবৰ বুলিয়েই ক’ব পাৰি যে অসমখন যিহেতু খনিজ, বনজ, জলজ, কৃষিজাত আৰু প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ এখন চহকী ৰাজ্য, আৰু ভাৰতবৰ্ষত অতি কমেহে এই ধৰণৰ সকলোবোৰ সম্পদেৰে ভৰি থকা এখন ৰাজ্য আছে, সেয়েহে এই সম্পদবোৰৰ ওপৰত ভিত্তি কৰিয়েই বহুতো সৰু-বৰ উদ্যোগ বা ব্যৱসায়-বাণিজ্য আমাৰ ইয়াত আৰম্ভ কৰিব পাৰি৷ এই ক্ষেত্ৰত বৰ্তমান কিছুসংখ্যক শিক্ষিত যুৱক-যুৱতী আৰু মহিলা, চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা ব্যক্তি আদি আগবাঢ়ি আহিছে। যিটো আমাৰ বাবে এক শুভলক্ষণ বুলিয়েই ক’ব পাৰি৷

বৰ্তমান অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত কেনে ধৰণৰ কেঁচা সামগ্ৰী আছে, তাৰ এক আভাস তলৰ তালিকাখনত দিয়া হৈছে৷

অসম তথা উত্তৰ-পূৰ্বাঞ্চলত উপলব্ধ কেইবিধনমান কেঁচা সামগ্ৰী:

সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন বনৌষধি গছ-লতাৰ প্ৰায় ৫০ ভাগ [২,৮৫০ বিধ বনৌষধি] আমাৰ উত্তৰ-পূৰ্বাঞ্চলত পোৱা যায়৷

ইয়াৰে ২৫০-৩০০ বিধ বনৌষধিৰ পৰা বিভিন্ন বনৌষধি উদ্যোগ স্থাপন কৰিব পাৰি৷

ভাৰতবৰ্ষৰ মুঠ ৰবৰ উৎপাদনৰ শতকৰা ৪ ভাগ এই অঞ্চলত উৎপন্ন হয়৷

সমগ্ৰ দেশখনৰ মুঠ মৰাপাট উৎপাদনৰ প্ৰায় ২০ ভাগ এই অঞ্চলত উৎপাদন হয়৷

সমগ্ৰ ভাৰতবৰ্ষৰ মুঠ বাঁহ উৎপাদনৰ শতকৰা ৬৮ ভাগ এই অঞ্চলত উৎপন্ন হয়৷ সমগ্ৰ বিশ্বৰ মুঠ বাঁহ উৎপন্নৰ ৫.৫ শতাংশ এই অঞ্চলতে উৎপন্ন হয়।

আনহাতে বৰ্তমানে দুৰ্লভ হৈ অহা বেঁতৰ ১৪ বিধ বিভিন্ন বেঁত এই অঞ্চলত পোৱা যায়৷

আমাৰ এই অঞ্চলত তৈয়াৰী বিভিন্ন বাঁহ-বেতৰ সামগ্ৰী আৰু হস্তজাত সামগ্ৰী ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ বাণিজ্যিক অনুষ্ঠানে ক্ৰয় কৰাৰ লগতে সেইবোৰৰ বহুখিনি বিদেশলৈ ৰপ্তানি কৰা হয়৷

সমগ্ৰ দেশখনৰ ভিতৰতে সৰ্বাধিক আদা, তেজপাত, কঠাল, ডাঙৰ ইলাচি, আনাৰস এই অঞ্চলতে উৎপন্ন হয়৷

সমগ্ৰ দেশখনৰ মুঠ চাহপাত উৎপাদনৰ ৪৩ শতাংশ কেৱল অসমতেই উৎপাদন হয়৷ অসমত বৰ্তমান ১০৫০খন ফেক্টৰী থকা চাহ বাগিচা আৰু ৯৮,০০০ খন ক্ষুদ্ৰ চাহ বাগিচা আছে৷

অসমত উৎপন্ন হোৱা গোল নেমু, কাজি নেমু, ৰবাব টেঙা, কমলা টেঙা অতি উচ্চ মানৰ ।

অসমত উৎপাদিত পকা অমিতা, লিচু, কঠাল, আনাৰস [মাটিকঠাল], কমলা আদি বিদেশলৈ ৰপ্তানি কৰা হয়৷

অসমত উৎপন্ন হোৱা ভোট জলকীয়া বিশ্বৰ ভিতৰতে সবাতোকৈ জ্বলা জলকীয়া বুলি সাব্যস্ত হৈছে৷ ভৱিষ্যতে এই জলকীয়াৰ পৰা বিভিন্ন ধৰণৰ উদ্যোগ হ’ব পাৰে। ৰপ্তানিৰ বাবে উপযুক্ত সামগ্ৰী প্ৰস্তুত কৰিব পাৰি।

অসমৰ সুগন্ধি আগৰ তেল, লেমন তেল আৰু চিত্ৰনলা তেল অতি উন্নত মানৰ ।ৰপ্তানি কৰা হয়৷

সমগ্ৰ বিশ্বৰ ভিতৰতে মুগা সূতা কেৱল এই অঞ্চলতহে উৎপাদন হয়৷ এই অঞ্চলৰ বিভিন্ন হস্ততাঁত [হেণ্ডলুম] শিল্প অতি উচ্চ মানৰ।

খাৰুৱা তেল, প্ৰাকৃতিক গেছ, কয়লা, চূণশিল এই অঞ্চলৰ আন এক বৈশিষ্ট্য৷

পৰ্য্যটন উদ্যোগৰ উন্নয়নৰ বাবে প্ৰয়োজনীয় বিভিন্ন উপাদান, যেনে, অতি মনোমোহা প্ৰাকৃতিক দৃশ্য, পাহাৰ-পৰ্বত, নৈ-জান-জুৰি, অভয়াৰণ্য, মঠ-মন্দিৰ, পুৰণি কীৰ্তিচিহ্ন আদি এই অঞ্চলত যথেষ্ট আছে৷

ভৱিষ্যতে বিভিন প্লাষ্টিক উদ্যোগৰ বিকাশৰ প্ৰচুৰ সম্ভাৱনা আছে৷।

(লেখকৰ 'অসমত উদ্যোগ স্থাপনৰ প্ৰয়োজনীয়তা' শীৰ্ষক প্ৰৱন্ধৰ সংক্ষিপ্ত ৰূপ)