উত্তৰ-পূৰ্বাঞ্চলত কম বৰষুণে অসমত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাইছে


Image Description

'গ্ৰীষ্মকালৰ অন্তত বৰ্ষাকাল আৰম্ভ হয়। বৰ্ষাকালত আকাশত সূৰ্য্যৰ ৰশ্মি বিচিত্ৰ ৰূপত প্ৰকাশিত হয় । তীৰবেগী বতাহৰ প্ৰবল শব্দত কাৰো মাত-বোল নুশুনা হয় । সমগ্ৰ আকাশখনি মেঘেৰে ঢাক খাই থাকে । মেঘে মেঘে হোৱা সংঘৰ্ষত উৎপন্ন হোৱা বিজুলীয়ে সকলোৰে চকু ছাট মাৰি ধৰে । চন্দ্ৰ , সূৰ্য্য, নক্ষত্ৰৰাজি আকাশত হেৰাই যায় । বছৰৰ আঠ মাহ সময়ত সূৰ্য্যৰ তাপে আহৰণ কৰা জলীয় ভাপখিনি বাৰিষাকালতেই সূৰ্য্যই এৰি দিয়ে । মুখলধাৰে হোৱা বৰষুণৰ পানীয়ে পৃথিৱী ধুৱাই নিয়ে , খলা-বমা একাকাৰ কৰি তোলে ।' শুকমুনিয়ে পৰীক্ষিত ৰজাক জীৱন সম্পৰ্কে বুজাবলৈ গৈ বাৰিষা ঋতুৰ বৰ্ণনা কাব্যিক ৰূপত আগবঢ়াইছিল। গদ্যৰ ৰূপত ওপৰত দিয়া হ'ল।

এই বৰ্ণনাৰ সাৱলীল শাব্দিক চিত্ৰন মহাপুৰুষ শংকৰদেৱে তেখেতৰ অন্যতম সৃষ্টিৰাজি ঘ"দশম"ত বিৰচিত "বৰ্ষা বৰ্ণনা"ত কৰি গৈছিল। অসমীয়া সাহিত্যত লিপিবদ্ধ বাৰিষাৰ এই বৰ্ণনা বোধকৰো আটাইতকৈ পুৰণি তথা গুৰুজনাৰ নিজৰ অনুভৱৰ কাব্যিক প্ৰতিফলন। ১৫ শতিকাৰ অসমৰ বৰ্ষাকালৰ চিত্ৰখন প্ৰতিফলন ঘটোৱা এক সমল হিচাবেহে ইয়াক উল্লেখ কৰা হ'ল।

এতিয়া যোৱা ডেৰ শতিকাত হোৱা বৃষ্টিপাতৰ তাৰতম্যৰ ছবিখন চাওঁ। ভাৰতৰ বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুযায়ী অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ১৮৭০ চনৰ পৰা ২০১৬ চনলৈ প্ৰায় প্ৰতিটো দশকত ০.৭৪ মিলিমিটাৰকৈ বৰষুণ হ্ৰাস পাইছে। এই তথ্য যদি আমি ১৯৮১ চনৰ পৰা ২০১৬ চনলৈ বিশ্লেষণ কৰোঁ, তেন্তে প্ৰতিটো দশকত প্ৰায় ৫.৯৫ মিলিমিটাৰকৈ হ্ৰাস পাইছে।

উত্তৰ-পূৰ্বাঞ্চলৰ ১৮৭১ চনৰ পৰা ২০১৬ চনলৈ প্ৰতিবছৰে হোৱা বৰষুণৰ শতাংশ বিচ্যুতি দণ্ডচিত্ৰৰ সহায়েৰে তলৰ ছবিত দেখুৱা হৈছে। সহজ ভাষাৰে বুজিবলৈ হ'লে সেউজীয়া ৰঙেৰে দেখুওৱা দণ্ডসমূহ অধিক বৰষুণ হোৱা বছৰ, নীলা ৰঙেৰে দেখুওৱা দণ্ডসমূহ স্বাভাৱিক বৰষুণ হোৱা বছৰ আৰু ৰঙা ৰঙেৰে দেখুৱা দণ্ডসমূহ স্বাভাৱিকতকৈ কম বৰষুণ হোৱা বছৰ। তলৰ ছবিখনত ৰঙা ৰঙৰ আধিক্যই বতৰৰ পৰিৱৰ্তন কোনফালে ধাৱমান হৈছে তাকে সূচাইছে।

মুঠতে যোৱা তিনি-চাৰি দশকত পৰিৱেশৰ ওপৰত বিস্তৰ ঋণাত্মক প্ৰভাৱ পৰিছে। অতিবৃষ্টি বা হঠাৎ হোৱা মুষলধাৰ বৰষুণৰ মাত্ৰাও বাঢ়িছে প্ৰায় ৫ শতাংশ।

জুনৰ পৰা ছেপ্তেম্বৰলৈ হোৱা বৰষুণৰ সৰহভাগ জুলাই মাহৰ কেইটামান দিনৰ ভিতৰতে হোৱা বাবে অসমে প্ৰতিবছৰে বানপানীত জীয়াতু ভুগিব লগা হয়।

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে যুগুতোৱা তথ্য অনুযায়ী অসমৰ নদী কাষৰীয়া ১৭খন জিলাৰ ৭ শতাংশ ভূমি, মানে প্ৰায় ৪ লাখ হেক্টৰ অঞ্চল ১৯৫৪ চনৰ পৰা ২০১৫ চনলৈ নদীত জাহ গ'ল। গৰাখহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰ নদীখন কিছু কিছু ঠাইত প্ৰায় ১৫ কিল'মিটাৰ পর্য্যন্ত বহল হৈ পৰিছে। সময়ে সময়ে হৈ থকা নদীখনৰ জৰীপৰ তথ্যই এই কথাৰ প্ৰমাণ দিছে।

কেন্দ্ৰীয় জল সম্পদ মন্ত্ৰীয়ে ২০১৯ বৰ্ষত লোক সভাত উত্থাপিত এক প্ৰশ্নৰ উত্তৰত জনায় যে কেৱল বিগত ৫ বছৰত গৰাখহনীয়াৰ ফলত অসমত ভূমিহীন হোৱা মানুহৰ সংখ্যা প্ৰায় ৮৭ হাজাৰ। ইয়াৰ ১৮ হাজাৰ মৰিগাঁও জিলাৰ, ১১ হাজাৰ জন মাজুলীৰ আৰু ন হাজাৰ কামৰূপ জিলাৰ। গৰাখহনীয়াত সৰ্বাধিক ভূমি জাহযোৱা জিলাখনেই হ'ল মাজুলী। তাৰ পিছত ক্ৰমে স্থান পাইছে বৰপেটা,কামৰূপ,ধুবু্ৰী আৰু ডিব্ৰুগড় জিলা। এইদৰে হোৱা ভূমি সংকোচনে অসমক খাদ্যবস্তুৰ বাবে আৰু অধিক পৰনিৰ্ভৰশীল কৰি তুলিব।

বৰষুণৰ তাৰতম্যতাৰ ফলত, আৰ্দ্ৰ জলবায়ু নিৰ্ভৰশীল চাহ উদ্যোগো বিপদাপন্ন হৈছে। ২০২১ চনৰ জুন মাহৰ পৰা আজিৰ তাৰিখলৈ অসমত স্বাভাৱিক বৰষুণৰ তুলনাত প্ৰায় ২১ শতাংশ কম বৰষুণ হৈছে। উজনি অসমৰ গোলাঘাট জিলা খৰাং প্ৰভাৱিত হৈছে। ক'ৰ'না অতিমাৰীৰ ফলত যোৱা বছৰত অসমৰ চাহপাত উৎপাদন দহ লাখ কুইন্টল হ্ৰাস পাইছে। এই বছৰ খৰাং বতৰৰ বাবে চাহপাতৰ উৎপাদন আঠ লাখ কুইন্টল পৰ্য্যন্ত হ্ৰাস হ'ব বুলি ঠাৱৰ কৰা হৈছে।

বৰষুণ আৰু তাপমাত্ৰাৰ তাৰতম্যই অসমৰ পাট-মুগা বস্ত্ৰ উদ্যোগলৈ শংকা আনিছে। অসমৰ প্ৰায় ১ লাখ ৮৫ হাজাৰ পৰিয়ালৰ জীৱিকা এই উদ্যোগৰ ওপৰত নিৰ্ভৰশীল। ইয়াৰে ৬০ শতাংশ মহিলা।কেন্দ্ৰীয় মুগা-এৰি গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ তথ্য অনুযায়ী মুগা পলুৰ বাবে অনুকুল তাপমান হ'ল ২৫-২৭ ডিগ্ৰি ছেলছিয়াছ আৰু আৰ্দ্ৰতা ৭৫-৮৫ শতাংশ। বছৰি গঢ়ে ৩০-৩৫ শতাংশ পলু বিভিন্ন ৰোগত আক্ৰান্ত হৈ মৰে। কিন্তু তাপমান বৃদ্ধি আৰু বৰষুণৰ অভাৱত এই মৃত্যুৰ হাৰ ৮০ শতাংশ পৰ্য্যন্ত হয়।

ইতিমধ্যে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ উদ্যোগত প্ৰতিকূল পৰিৱেশত জীয়াই থাকিব পৰা এক সহনশীল মুগা পলুৰ কৃত্ৰিমভাৱে জীন-প্ৰযুক্তিৰ সহায়ত জন্ম দিবলৈ গৱেষণা আৰম্ভ কৰিছে।

২০২১ চনৰ জুন মাহৰ পৰা আজিৰ তাৰিখলৈ অভাৱনীয় হাৰত বৰষুণ হ্ৰাস পাইছে। ইয়াৰ ভিতৰত বঙাইগাঁও, ধুবুৰী,নগাঁৱত বৰষুণ অধিক হ্ৰাস পাইছে। দুই -এক জিলাৰ বাহিৰে অসমৰ সকলো জিলাতে বৰষুণৰ মাত্ৰা স্বাভাৱিকতকৈ অতি কম হৈছে (তলত এই বিচ্যুতি দেখুৱা হৈছে)।

অসমৰ সমাজ জীৱনৰ সকলো স্তৰকে চুই যোৱা পৰিৱেশৰ এই দ্ৰুত অৱনতিৰ বিপদ ঘন্টা শুনিও-নুশুনা হৈ থকাৰ দিন ওকলিল। আমি প্ৰতিদিনে সকলো কৰ্মতে পৰিৱেশ হানি নকৰা কামৰ প্ৰতিহে সচেতন হ'বলৈ হ'ল।এতিয়া প্ৰতিটো বস্তুৰ মূল্যায়ন বস্তুটো উৎপাদন কৰোঁতে কিমান কার্বন নির্গমন হ'ল (ইয়াক কাৰ্বন-পদাংক ,carbon foot print বোলে) তাৰেই কৰা হয়।

গতিকে ভবিষ্যতৰ দিনবোৰ সুৰক্ষিত কৰিবলৈ, আপোনাৰ ল'ৰা-ছোৱালীলৈ সাঁচি যোৱা ধন হ'ব আপুনি নিজৰ জীৱনকালত কিমান কম কাৰ্বন-পদাংকযুক্ত সামগ্ৰী ব্যৱহাৰ কৰিছে। লগতে যি কোনো চৰকাৰী-বেচৰকাৰী জলবায়ু বিনষ্টকাৰী হঠকাৰী সিদ্ধান্তৰ প্ৰতি উদাসীন হোৱাৰ পৰিৱৰ্তে জনজাগৰণকাৰী সচেতনতা বৃদ্ধি কৰাটোও হ'ব আমাৰ নৈতিক দায়িত্ব।