অসমত মুকুতাৰ খেতিৰ সম্ভাৱনা


Image Description

মুকুতা বা মুক্তা (pearl) এবিধ প্ৰাকৃতিক ৰত্ন বুলি গণ্য কৰা হয়।ইয়াক মোলাস্ক প্ৰজাতিৰ এবিধ শামুকৰ দ্বাৰা উৎপন্ন কৰা হয় । মুক্তা হৈছে আমাৰ বাবে উপলব্ধ আটাইতকৈ ধুনীয়া ৰত্ন । ইয়াৰ আশ্চৰ্য্যকৰ নান্দনিক সৌন্দৰ্য্যৰ বাবেই বিশ্বজুৰি জনপ্ৰিয় । এই মুক্তাবোৰ বজাৰত ভাল দামত বিক্ৰী কৰা হয়।

প্ৰশ্ন এতিয়া , এই মুক্তাবোৰ ক'ৰ পৰা আহে ?

প্ৰাকৃতিক মুক্তাবোৰ সাগৰৰ খোলাত পোৱা যায় ।আনহাতে মানুহে বৈজ্ঞানিক পদ্ধতিৰে মুছল প্ৰজাতিৰ শামুকবোৰক কেন্দ্ৰ কৰি মুক্তা গঠন কৰে ।

যেতিয়া মুক্তা গঠনৰ কথা আহে , সাধাৰণতে যি কোনো খোলা মোলাস্কে এক প্ৰকাৰৰ মুক্তা প্ৰস্তুত কৰিব পাৰে । কিন্তু খোলাপৃষ্ঠৰ ভিতৰভাগত মুক্তাৰ আৱৰণ থকা মোলাস্কবোৰে উজ্জ্বল মুক্তা প্ৰস্তুত কৰিব পাৰে।

এই মুক্তাবোৰ কেনেদৰে গঠন হয় ?

সাধাৰণ জৈৱিক প্ৰক্ৰিয়াত কিছুমান মোলাস্ক শামুকৰ খোলাটো গঢ়ি উঠে যি বিশেষ পদ্ধতিৰে (কৰ্ষণেৰে) মুক্তা গঠনৰ আধাৰ হৈ পৰে ।

এটা শামুকৰ গৰ্ভত প্ৰাকৃতিকভাৱে উৎপন্ন হোৱা মুকুতা বা মুক্তাৰ চাহিদা সমগ্ৰ বিশ্বজুৰি অতি উচ্চ মানৰ। সাম্প্ৰতিক সময়ত কৃত্ৰিম পদ্ধতিৰেও মুকুতা উৎপাদন কৰি বিশ্বৰ মুকুতাৰ বজাৰখন দখল কৰিবলৈ সক্ষম হৈছে চীন , জাপান , বাংলাদেশ , ভিয়েটনাম আদি দেশৰ লগতে ভাৰতৰ ৰাজস্থান , কৰ্ণাটক , ঝাৰখণ্ড আদি বিভিন্ন ঠাইৰ বহু উদ্যমী যুৱক-যুৱতীয়ে ।

অসমতো মুকুতাৰ খেতিৰে বহু নিবনুৱা যুৱক-যুৱতী আৰ্থিক দিশত স্বাৱলম্বী হ'ব পাৰে । শেহতীয়াকৈ অসমৰ নগাঁও আৰু চাংসাৰিৰ দুগৰাকী উদ্যমী ব্যক্তিৰ প্ৰচেষ্টাত এই মুকুতাৰ খেতি আৰম্ভ হৈছে ।

সচৰাচৰ বিল , জলাশয় , পুখুৰী, পকী টেংক আদিতো সহজতে পোৱা কাণখোলা শামুক বুটলি আনি বৈজ্ঞানিক পদ্ধতিৰে ভিতৰত এবিধ বিশেষ ধাতু সংস্থাপিত কৰা হয় । সেই শামুকখিনি পুখুৰী, টেংক আদি যি কোনো জলাশয়ত বিশেষ ধৰণে পোহ-পাল কৰা হয় । প্ৰায় আঠ - দহ মাহৰ পিছত এই ধাতুৰ ওপৰত মুকুতাৰ এটা প্ৰলেপ পৰে।

এনে মুকুতা বজাৰত অধিক দামত বিক্ৰী কৰা হয়, যিটো সচৰাচৰ আমি আঙঠি, চেইন আদিত ব্যৱহাৰ কৰোঁ‌ । এই বিজ্ঞানসন্মত পদ্ধতিৰে মুকুতাৰ খেতিৰে স্বাৱলম্বনৰ বাট মোকলাব পাৰি। অসমতো এক নতুন দিশ নিৰ্ধাৰণ কৰিব পৰা যায়।

ভাৰতৰ বহুকেইখন ৰাজ্য, যেনে, বংগ , উৰিষ্যা , ৰাজস্থান , মহাৰাষ্ট্ৰ , তামিলনাডু ইত্যাদিত মুকুতাৰ খেতিৰ প্ৰশিক্ষণৰ প্ৰতিষ্ঠান আছে । এই ৰাজ্যকেইখনৰ চৰকাৰে উদ্যমী বহু যুৱক-যুৱতীক বিনামূলীয়া প্ৰশিক্ষণেৰে মুকুতাৰ খেতিৰে স্বাৱলম্বী কৰি তুলিছে ।

যদি অসম চৰকাৰেও এনে এক প্ৰচেষ্টা হাতত লয় , নিশ্চিতভাৱে নিবনুৱা সমস্যা কিছু পৰিমাণে হ'লেও লাঘব হ'ব।।