অসমৰ ‘পাম অইল’ খেতি আৰু ইয়াৰ পৰিৱেশৰ ওপৰত প্ৰভাৱ


Image Description

পাম অইল খেতি কিছুদিনৰ পৰা এক চৰ্চাৰ বিষয় হৈ পৰিছে৷ পাম অইল খেতিৰ বিভিন্ন দিশ আলোচনা কৰাৰ আগতে ইয়াৰ বৈজ্ঞানিক দিশ কিছু আলোচনা কৰা যাওক৷ পাম অইল খেতিক ইয়াক চমুকৈ পাম খেতি বুলি ইয়াত উল্লেখ কৰিছোঁ৷

পাম অইল খেতিৰ বৈজ্ঞানিক নাম হ’ল– ইলিছ গিনেন্‌চিচ [Elaeis guineensis] আৰু ই এৰিকেছি [Arecaceae] গোত্ৰৰ অন্তৰ্গত৷ ই ঘাইকৈ পশ্চিম আৰু দক্ষিণ পশ্চিম আফ্ৰিকাৰ থলুৱা উদ্ভিদ৷

পাম অইল বুলি ক’লে সাধাৰণতে দুই ধৰণৰ তেল পোৱা যায়– এটা পাম অইল আৰু আনটো পাম কাৰ্ণেল অইল ৷ সাধাৰণতে পাম অইল স্বাস্থ্যৰ কাৰণে ভাল আৰু পাম কাৰ্ণেল অইলত অতিৰিক্ত আৰু অপকাৰী ক্ল'ৰেষ্ট্ৰেল থাকে৷

উন্নয়নশীল দেশবোৰে দৈনন্দিন ব্যৱহাৰৰ কাৰণে পাম অইল আমদানি কৰে৷ তুলনামূলকভাৱে সৰিয়হ বা সূৰ্য্যমুখী তেলতকৈ ই স্বাস্থ্যসন্মত৷ ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ আৰু ভিটামিন ই পোৱা যায়৷ সৰিয়হ আৰু সূৰ্য্যমুখী ফুলৰ পৰা পোৱা তেলে দেশৰ জনসাধাৰণ চাহিদা পূৰণ কৰিব নোৱাৰাৰ কাৰণে ইন্দোনেচিয়া আৰু মালয়েছিয়াৰ পৰা পাম তেল আমদানি কৰা হয়৷

ভাৰতবৰ্ষত পাম তেল খেতি সাধাৰণতে অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, কৰ্ণাটক, তামিলনাডু, ওডিছা, অসম, মিজোৰাম, অৰুণাচল প্ৰদেশ, বিহাৰ আৰু মধ্যপ্ৰদেশ৷ ২০২১ চনৰ ১৮ আগষ্ট ভাৰত চৰকাৰে পাম তেলৰ এখন জাতীয় আঁচনি লয়।

এতিয়া প্ৰশ্ন হয় যদি পাম তেল ইমানেই স্বাস্থ্যপ্ৰদ আৰু উপকাৰী বুলি গণ্য কৰা হয়, তেনেহ’লে এই খেতিৰ ওপৰত বৰ্ত্তমান বিতৰ্কৰ সূত্ৰপাত কিয় হ’ব লাগে৷ ইয়াক বিতংকৈ আলোচনা কৰাৰ থল আছে৷

পাম খেতি জৈৱবৈচিত্ৰ্যতাৰ প্ৰতি ভাবুকি হৈ পৰিছে৷ পাম খেতি সাধাৰণতে ক্ৰান্তীয় অঞ্চলত হয় আৰু ক্ৰান্তীয় অঞ্চলবোৰ জৈৱবৈচিত্ৰ্যতাত অতি চহকী৷ কিন্তু আন্তৰ্জাতিক সংস্হাৰ মতে পাম খেতিৰ কাৰণে ১৯৩টা বিপদাপন্ন প্ৰজাতি ইতিমধ্যে বিলুপ্তিৰ পথলৈ আগবাঢ়িছে৷

বিশেষজ্ঞৰ মতে যি মাটিত পাম খেতি কৰা হয় সেই মাটিৰ উৰ্বৰা শক্তি নাইকিয়া হয়৷ পাম গছবোৰে কাষৰ মাটিৰ পৰা খনিজাত পদাৰ্থ, আৰু সকলো ধৰণৰ পুষ্টিকৰ খাদ্যবোৰ শোষণ কৰে আৰু ফলত কাষৰ অন্যান্য সকলো উদ্ভিদৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়৷ যদি গছ-গছনি নাথাকে, সেই ঠাইত জীৱ-জন্তু বাস কৰিব নোৱাৰে৷

পাম খেতি কৰাৰ কাৰণে প্ৰথমে গছ-গছনি কাটি, মাটি পৰিষ্কাৰ কৰি ল’ব লাগে৷ পাম খেতিৰ কাৰণে যথেষ্ট পৰিমাণে পানীৰ প্ৰয়োজন হয়৷ পাম খেতিয়ে ভূ-তল জলচক্ৰৰ [ground water cycle)প্ৰভাৱান্বিত কৰে আৰু ইয়াৰ ফলত সঘনাই বানপানী বা খৰাং হোৱাৰ আশাংকা থাকে৷

এটা পাম গছক দিনে প্ৰায় ২০০ লিটাৰ পানীৰ প্ৰয়োজন হয়৷ ২০২১ চনৰ ১২ ছেপ্তেম্বৰত 'ডাক্কান হেৰ'ল্ড' বাতৰিকাকতত প্ৰকাশ পোৱা মতে অসমত বৰ্ত্তমান গোৱালপাৰা, কামৰূপ আৰু বঙাইগাও জিলাত পাম খেতি কৰা হয়৷ কেন্দ্ৰীয় চৰকাৰে বিশেষ আঁচনিৰ যোগেদি ইতিমধ্যেই উত্তৰ-পূৰ্বাঞ্চল, অন্দামান আৰু নিকোবৰৰ কাৰণে ১১,০৪০ কৌটি টকাৰ অনুমোদন দিছে৷

পাঁচ বছৰৰ ভিতৰত ১০ লাখ হেক্টৰ ভূমিত এইখেতি কৰাৰ আঁচনি প্ৰস্তুত কৰিছে৷ কৃষকৰ কোনো ধৰণৰ বৈজ্ঞানিক দৃষ্টিভঙ্গী নথকাৰ কাৰণে আৰু ক্ষন্তেকীয়া লাভৰ আশাত এনে ধৰণৰ স্থানান্তৰিত খেতিৰ প্ৰতি আগ্ৰহী হোৱাত পৰিবেশ বিজ্ঞানী চিন্তিত হৈ পৰিছে৷

কাৰণ উত্তৰ-পূৰ্বাঞ্চল হৈছে পৃথিৱীৰ ভিতৰত এটা অন্যতম চহকী জৈৱবৈচিত্ৰতাৰ অঞ্চল৷ পাম খেতিয়ে এই চহকী জৈৱবৈচিত্ৰ্যতাক সমূলি নষ্ট কৰিব৷ জীৱ-জন্তু চৰাই আদিৰ খাদ্যৰ অভাৱ হ’ব৷ চৰাই বা জীৱ-জন্তুৱে পাম গছৰ গুটি খাব নোৱাৰে । ফলত খাদ্যৰ সন্ধানত কাষৰীয়া অঞ্চলবোৰলৈ বনৰীয়া জীৱ-জন্তুবোৰ আগবাঢ়ি যাব৷

মানুহ আৰু জন্তুৰ মাজত সংঘাতৰ সৃষ্টি হ’ব৷ জলবায়ু পৰিৱৰ্তনৰ কাৰণে উত্তৰ -পূৰ্বাঞ্চলৰ জলবায়ু ইতিমধ্যে অনিয়মীয়া হৈছেই৷ বেছি ভাগ শুকান হৈ থাকে৷ কেৱল দুই-তিনিমাহ বৰষুণ হয়৷ গতিকে বছৰৰ শুকান দিনবোৰত ভূগৰ্ভৰ পৰা পানী উলিয়াই খেতিত প্ৰয়োগ কৰা হয় যাৰ ফলত ভূগৰ্ভৰ জলপৃষ্ঠৰ ওপৰত প্ৰভাৱ পৰিব৷

অনিয়মীয়া বৰষুণৰ কাৰণে বিশেষকৈ নৱেম্বৰৰ পৰা মাৰ্চলৈকে ব'ৰৱেলৰ সহায়ত পানীৰ ব্যৱস্থা কৰা হয়৷ বিশেষজ্ঞৰ মতে পাম খেতি ঝুম খেতিতকৈ বেছি বেয়া৷

যিহেতু পাম খেতি এক ধান্য খেতি, সেই কাৰণে পাম গছৰ মাজে মাজে অন্য কোনো খেতি কৰিব পৰা নাযায়৷ তদুপৰি পাম খেতিৰ কাৰণে যথেষ্ট পৰিমাণে ৰাসায়নিক সাৰ আৰু কীটনাশক ঔষধ ব্যৱহাৰ কৰা হয়৷ এই বিষাক্ত পদাৰ্থবোৰ নামনিলৈ বৈ আহি নদ-নদীত মিলিত পানী বিষাক্ত কৰে যিটোৱে জলজ উদ্ভিদ বা প্ৰাণীৰ কাৰণে ভয়াবহ হ’ব পাৰে৷

মুঠৰ ওপৰত পাম খেতিয়ে পৰিৱেশ বিনষ্ট কৰাৰ আশংকা বেছি৷ আত্মনিৰ্ভৰ অৰ্থ এইটোও নহয় যি কোনো পৰিবেশ অনুকুল নোহোৱা খেতি এটাৰ প্ৰতি আকৰ্ষিত হোৱাটো৷ আমি সাৱধান হৈ থকা ভাল যাতে বহুৰাষ্ট্ৰীয় ক'ম্পেনীৰ হাতোৰাত আমি আৱদ্ধ হৈ নপৰো৷

শ্ৰীলঙ্কাকে আদি কৰি পৃথিৱীৰ অন্যান্য উন্নত দেশবোৰত এই খেতিৰ প্ৰতি প্ৰতিবদ্ধ আৰোপ কৰিছে৷ কেৰেলাতো এই খেতি বন্ধ কৰা হৈছে৷ অন্য য'তেই বন্ধ হওক সেইটো আমাৰ লক্ষ্য নহয়, আমাৰ এতিয়া আশংকা হৈছে যে উত্তৰ-পূৰ্বাঞ্চলৰ চহকী জৈৱবৈচিত্ৰ্যতা কোনো বহুৰাষ্ট্ৰীয় ক'ম্পেনীৰ গ্ৰাসলৈ যাব নেকি৷

উত্তৰ-পূৰ্বাঞ্চলত প্ৰায় ৭০ শতাংশ মানুহেই জনজাতি । তেওঁলোকৰ সৰলতাক সুযোগ লৈ কেন্দ্ৰই নতুন কিবা ফান্দ পাতিছে যদি ই ভৱিষ্যতে এক ভয়ংকৰ অৱস্থাৰ সৃষ্টি কৰিব ইয়াত সন্দেহ নাই৷ অসমত এনে পৰিবেশ প্ৰতিকূলে যোৱা খেতিৰ বিৰুদ্ধে এতিয়ালৈকে কোনো ধৰণৰ গণ আন্দোলন হোৱা নাই সেইটোহে অতি চিন্তনীয় হৈ পৰিছে৷।