অসমৰ আলংকাৰিক মৎস্য


Image Description

মাছৰ প্ৰতি মানুহৰ আগ্ৰহ অতীজৰে পৰা আছে৷ কেৱল খাদ্য হিচাপে নহয়, একুৰিয়ামত মাছ পোহাটো পৌৰাণিক প্ৰথা৷

হাতত পোৱা তথ্যমতে দ্বাদশ শতিকাৰ পৰা একুৰিয়ামত মাছ ৰখাৰ কথা জনা যায়৷ সাধাৰণতে ৰং বিৰঙৰ মাছসমূহ আলংকাৰিক মাছ হিচাপে গণ্য কৰা হৈছিল৷ সময়ৰ লগে লগে এই ধাৰণাৰো পৰিৱৰ্তন হ’ব ধৰিলে৷ কেৱল ৰঙীণ মাছেই নহয়, বিভৎস বা কিম্ভূতকিমাকাৰ মাছ এটিও আলংকাৰিক মাছৰ আওতাত সোমাই পৰিল৷

দৰাচলতে মানুহক আকৰ্ষণ কৰিব পৰা সৰু আৰু বৰ সকলো মাছেই আলংকাৰিক হ’ব পাৰে৷ তৎসত্ত্বেও একুৰিয়ামত এটি নিৰ্দিষ্ট জোখতকৈ বৃহৎ আকাৰৰ মাছ ৰখাটো সম্ভৱপৰ নহ’ব পাৰে৷

১৮৫০ চনত পোন প্ৰথমবাৰৰ বাবে লণ্ডন চহৰত মাছৰ একুৰিয়ামৰ প্ৰদৰ্শনী কৰা হৈছিল৷ ১৯৫৯ চনত তাহানিৰ ব'ম্বাইৰ তাৰাপুৰৱালা একুৰিয়ামেই ভাৰতৰ প্ৰথম প্ৰদৰ্শিত একুৰিয়াম৷

অসমত একুৰিয়ামৰ আৰম্ভণি হয় সত্তৰ দশকৰ শেষৰ ফালে৷ একুৰিয়ামৰ লগত জড়িত মাছ আৰু অন্যান্য সামগ্ৰীৰ ব্যৱসায়ে গোটেই বিশ্বজুৰি বহু লোকৰ জীৱিকাৰ পথ মুকলি কৰিছে৷ আনকি আজিৰ দিনত একুৰিয়ামত থকা মাছৰ যোগেদি মনস্তাত্বিক চিকিৎসাও কৰা হয়৷

একুৰিয়ামত মাছ ৰাখি মানুহে তাৰ সৌন্দৰ্য্য উপভোগ কৰে৷ মাছৰ চলন-ফুৰণ আদি লক্ষ্য কৰি মানসিক অৱসাদ দূৰ কৰে৷


গংগাটোপ

গেদগেদি/ ভেহেৰি

চন্দা মাছ

পুঠি মাছ

জৈৱবৈচিত্ৰ্যৰ পীঠস্থান অসমৰ নদ-নদী, খাল-বিল, ডোঙা, পিতনি, জলাহ, পুখুৰী আদিত প্ৰায় তিনিশবিধ প্ৰজাতিৰ মাছ পোৱা যায়৷

তাৰে ভিতৰত পুঠি, দৰিকণা, লাওপুঠি, চন্দা, মোৱা, কোকিলা, টেঙৰা, শিঙৰা, বটিয়া, খলিহনা, পাটীমুতুৰা, গেদগেদী, তোৰা, গঙ্গাটোপ আদিকে কৰি কমপক্ষেও ১১৩ বিধ সৰু-সুৰা থলুৱা মৎস প্ৰজাতিৰ আলংকাৰিক গুণ আছে৷

ৰাণী বটিনা, চন্দা, পুঠি, খলিহনা আদিৰ প্ৰত্যেক বিধৰে প্ৰজাতি অসমত পোৱা যায়৷ সাধাৰণতে এই মাছবোৰ অন্য মাছৰ লগত কোনো প্ৰতিযোগিতা অবিহনে একুৰিয়ামত ৰাখিব পাৰি৷

নদী মাছ বা পাইপ ফিছ অসমত পোৱা এক ধৰণৰ বিশেষ আকৃতিৰ আলংকাৰিক মাছ৷ নলী এডালৰ দৰে দীঘল হোৱা কাৰণে ইয়াক কাণখজুৱা মাছ বুলিও কয়৷

আনহাতে বেজবৰুৱাদেৱৰ বুঢ়ীআইৰ সাধুত পোৱা গেদগেদী মাছ, এবিধ সুন্দৰ আলংকাৰিক আজলী মাছ৷ ইয়াক ধেদাই, ভেহেৰী, কাঞ্চনমতী, ঘুমেখাইটি, খালৈভাঙি আদি বিভিন্ন নামেৰে আমাৰ অসমত জনা যায়৷

গঙ্গাটোপ মাছত থকা এবিধ বিষাক্ত দ্ৰব্যৰ কাৰণে ইয়াক সাধাৰণতে খাদ্য হিচাবে গ্ৰহণ কৰা নহয় যদিও ইয়াৰ আলংকাৰিক মাছ হিচাবে চাহিদা আছে৷ কোকিলা মাছৰ মুখৰ আগভাগ তীক্ষ্ণ ৷ ইয়াৰ এই বিশেষ আকৃতিৰ বাবে মানুহৰ আকৰ্ষণৰ কেন্দ্ৰ হ’ব পাৰে৷

সেইদৰে চেকা মাছ বা চন্দা মাছৰ আকৃতিৰ কিম্ভুতকিমাকাৰ, যাক একুৰিয়াম মাছ হিচাবে ব্যৱহাৰ কৰিব পাৰি৷ আনহাতে শাল, শ'ল, চেঙেলী, চিতল, কান্দুলি আদি মাছো পৈণত আকৃতি পোৱাৰ আগলৈ আলংকাৰিক মাছ হিচাবে সমাদৰ পাই আহিছে৷

আলংকাৰিক মাছ হিচাবে বিবেচিত হোৱা মাছবোৰ একুৰিয়ামৰ বন্ধ পানীত থাকিব পৰা হ’ব লাগিব তথা মাছবোৰে কৃত্ৰিম খাদ্য গ্ৰহণ কৰিলে আলংকাৰিক মাছৰ ব্যৱসায়টো সাৰ্থক হৈ উঠিব৷ তদুপৰি এনে মাছৰ প্ৰজনন কৰাব পৰা হ’ব লাগিব৷

বিদেশত বিশেষকৈ দক্ষিণ পূব এছিয়াৰ দেশসমূহত অসমৰ আলংকাৰিক মাছৰ বিশেষ সমাদৰ আছে৷ কিন্তু সেই অনুপাতে অসমত থলুৱা আলংকাৰিক মাছৰ বিজ্ঞানভিত্তিক ব্যৱসায়টো পূৰ্ণাঙ্গ হৈ উঠা নাই৷।