চন্দ্ৰৰ মাটিত গজালি ওলাল!


Image Description

১৯৬৯ আৰু ১৯৭২ চনতে আমেৰিকাৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছাই চন্দ্ৰৰ পৰা অলপ মাটি সংগ্ৰহ কৰিছিল৷ তেনে মাটিত এতিয়া বীজৰ পৰা গজালি উলিয়াবলৈ এচাম বিজ্ঞানী সফল হৈছে৷

ফ্ল’ৰিডা বিশ্ববিদ্যালয়ৰ গৱেষকে চন্দ্ৰৰ সামান্য পৰিমাণৰ মাটিতে বীজ ৰোপণ কৰিছিল৷ মাত্ৰ তিনি দিনৰ ভিতৰতে তেনে বীজৰ পৰা গজালি ওলাইছিল!

এই বাতৰিটোৱে বহু আশাৰ জন্ম দিছে৷ চন্দ্ৰৰ মাটিত প্ৰধানকৈ সৰু সৰু শিলগুটিৰ পৰিমাণ বেছি৷ তেনে মাটিত গজালি ওলাব নে নোলায় বিজ্ঞানীৰ সন্দেহ আছিল৷

চন্দ্ৰৰ পৰা অনা মাটিখিনি বহু বছৰ পৰ্য্যৱেক্ষণ কৰাৰ পিছত কেতবোৰ পুষ্টিকৰ ৰাসায়নিক দ্ৰৱ্যৰ মিশ্ৰণত বীজৰ পৰা গজালি ওলাইছে৷

মানুহৰ মহাকাশৰ বিষয়ে জানিবলৈ আগ্ৰহৰ সীমা নাই৷ এতিয়া কেইবাখনো উন্নত দেশে মহাকাশৰ গভীৰ অঞ্চললৈ মহাকাশযান পঠিয়াইছে৷

উদ্দেশ্য হ’ল মহাকাশৰ বিষয়ে অধিক জ্ঞান লাভ কৰাৰ লগতে বিশ্বব্ৰহ্মাণ্ডৰ কৰবাত মানুহৰ দৰে আন জীৱৰ সন্ধান লোৱা৷

মহাকাশ প্ৰতিষ্ঠানবোৰে ইতিমধ্যে আকৌ চন্দ্ৰলৈ মহাকাশযান আৰু মহাকাশযাত্ৰী পঠিয়াবলৈ যো-জা কৰিছে৷

ইতিমধ্যে মঙ্গল গ্ৰহলৈ কেইবাখনো মহাকাশযান গৈ আছে৷ আমাৰ দেশে শুক্ৰ গ্ৰহৰ প্ৰতিও মন দিছে৷ দূৰলৈ যাওঁতে চন্দ্ৰ এটা আস্থান হ’ব পাৰে৷ আৰু সেয়েহে চন্দ্ৰত সৰু-সুৰা শাক-পাচলি গজাব পাৰিলে দূৰৱৰ্তী মহাকাশ যাত্ৰাৰ বাবে বহুখিনি সুচল হ’ব৷

বৰ্তমান গৱেষকসকলে চন্দ্ৰৰ মাটিত যি গজালি ওলাইছে তাৰ ডিএনএৰ গাঁঠনি জানিবলৈ উদগ্ৰীৱ হৈ আছে৷

পৰীক্ষাটোৱে পতিয়ন নিয়াব পাৰিছে যে বিশ্বব্ৰহ্মাণ্ডৰ আন ঠাইতো গছ-গছনিৰ বাবে পবিৱেশ আছে বা নাথাকিলেও তেনে পৰিৱেশ দূৰ ভৱিষ্যতত গঢ়ি তুলিব পৰা যাব৷

পৰীক্ষাটোৱে মানুহৰ চিন্তাত নতুন নতুন দিশ উন্মোচন কৰিছে৷৷